< সামসঙ্গীত 113 >

1 তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। হে যিহোৱাৰ দাসবোৰ, প্ৰশংসা কৰা; যিহোৱাৰ নামৰ প্ৰশংসা কৰা।
Halelujah. Chvalte služebníci Hospodinovi, chvalte jméno Hospodinovo.
2 এতিয়াৰ পৰা অনন্ত কাললৈকে যিহোৱাৰ নাম ধন্য হওক।
Budiž jméno Hospodinovo požehnáno od tohoto času až na věky.
3 সূৰ্যৰ উদয়স্থানৰ পৰা অস্তস্থান পর্যন্ত যিহোৱাৰ নাম প্ৰশংসিত হওঁক।
Od východu slunce až do západu jeho chváleno buď jméno Hospodinovo.
4 যিহোৱা সর্বজাতিৰ ওপৰত উন্নত; তেওঁৰ গৌৰৱ আকাশ-মণ্ডলতকৈয়ো ওখ।
Vyvýšenť jest nade všecky národy Hospodin, a nad nebesa sláva jeho.
5 আমাৰ ঈশ্বৰ যিহোৱাৰ তুল্য কোন আছে? যি জনাৰ আসন আকাশৰ ওপৰত সমাহীন,
Kdo jest rovný Hospodinu Bohu našemu, kterýž vysoko bydlí?
6 যি জনাই নত হৈ আকাশ-মণ্ডল আৰু পৃথিৱীলৈ দৃষ্টিপাত কৰে;
Kterýž snižuje se, aby všecko spatřoval, což jest na nebi i na zemi.
7 তেওঁ ধুলিৰ পৰা দুখীয়াক উঠায়, সাৰৰ দ’মৰ পৰা দীনহীনক তোলে,
Vyzdvihuje z prachu nuzného, a z hnoje vyvyšuje chudého,
8 যাতে তেওঁ প্ৰধানসকলৰ লগত তেওঁলোকক বহুৱাব পাৰে, নিজৰ লোক সকলৰ প্ৰধানসকলৰ লগত বহুৱাব পাৰে।
Aby jej posadil s knížaty, s knížaty lidu svého.
9 তেওঁ বন্ধ্যা মহিলাক সুখী মাতৃ কৰি পৰিয়াল দান কৰে। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
Kterýž vzdělává neplodnou v čeled, a matku veselící se z dítek. Halelujah.

< সামসঙ্গীত 113 >