< সামসঙ্গীত 111 >
1 ১ তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা! মই সমস্ত মনেৰে যিহোৱাৰ ধন্যবাদ কৰিম; ধাৰ্মিকসকলৰ সভাত আৰু মণ্ডলীৰ মাজত প্ৰশংসা কৰিম।
Jeg vil prise Herren af ganske Hjerte i de oprigtiges Raad og i Menigheden.
2 ২ যিহোৱাৰ কাৰ্যবোৰ মহৎ; যিসকল তাত আনন্দিত হয়, তেওঁলোকে সেইবোৰ ধ্যান কৰে।
Herrens Gerninger ere store, de blive søgte af alle dem, som have Lyst til dem.
3 ৩ তেওঁৰ কাৰ্য গৌৰৱ আৰু মহিমাৰে পৰিপূর্ণ; তেওঁৰ ধাৰ্মিকতা চিৰকাললৈকে থাকে।
Hans Værk er Majestæt og Herlighed, og hans Retfærdighed bestaar alle Tider.
4 ৪ তেওঁ নিজৰ আচৰিত কাৰ্যবোৰ স্মৰণীয় কৰিলে; যিহোৱা কৃপাময় আৰু দয়ালু।
Han beskikkede en Ihukommelse om sine underfulde Gerninger; naadig og barmhjertig er Herren.
5 ৫ তেওঁৰ ভক্তসকলক তেওঁ আহাৰ যোগায়; নিজে স্থাপন কৰা নিয়মটি তেওঁ চিৰকাললৈকে সোঁৱৰণ কৰিব।
Han har givet dem Spise, som frygte ham, han kommer evindelig sin Pagt i Hu.
6 ৬ অন্যান্য জাতিবোৰৰ আধিপত্য নিজৰ লোকসকলক দি তেওঁ নিজৰ কাৰ্যৰ শক্তি তেওঁলোকক দেখুৱালে।
Han har ladet sine Gerningers Kraft forkynde for sit Folk, idet han har givet dem Hedningernes Arv.
7 ৭ তেওঁৰ হাতৰ কাৰ্যবোৰ বিশ্বস্ত আৰু ন্যায়পূর্ণ; তেওঁৰ সকলো বিধি বিশ্বাসযোগ্য।
Hans Hænders Gerninger ere Sandhed og Ret, alle hans Befalinger ere trofaste.
8 ৮ সেইবোৰ অনন্ত কাললৈকে অলৰ; সেইবোৰ বিশ্ৱস্ততা আৰু সততাৰে সৈতে স্থাপন কৰা হৈছে।
De ere grundfaste altid og evindelig, de ere satte i Sandhed og Oprigtighed.
9 ৯ নিজৰ লোকসকলৰ কাৰণে তেওঁ মুক্তি পঠাই দিলে; তেওঁ আজ্ঞা দি অনন্ত কালৰ কাৰণে নিজৰ নিয়ম স্থাপন কৰিলে; তেওঁৰ নাম পবিত্ৰ আৰু ভয়ঙ্কৰ।
Han sendte sit Folk Forløsning, han stiftede sin Pagt for evigt; hans Navn er helligt og forfærdeligt.
10 ১০ যিহোৱালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ; যিসকলে তেওঁৰ আজ্ঞা অনুসাৰে কাৰ্য কৰে, তেওঁলোকে সুবুদ্ধি পায়; তেওঁৰ প্ৰশংসা অনন্ত কাললৈকে থাকে।
Herrens Frygt er Visdoms Begyndelse, en god Klogskab hos alle dem, som gøre derefter; hans Pris bestaar altid.