< সামসঙ্গীত 109 >
1 ১ হে মোৰ প্ৰশংসাৰ যোগ্য ঈশ্বৰ, তুমি নিজম দি নাথাকিবা;
“For the leader of the music. A psalm of David.” O God of my praise! be not silent!
2 ২ কিয়নো দুষ্ট আৰু ছলনাকাৰী লোকে মোৰ বিৰুদ্ধে মুখ মেলিছে; তেওঁলোকে মিছলীয়া জিভাৰে মোৰ বিৰুদ্ধে কথা কৈছে।
For the mouths of the wicked and the deceitful are opened against me; They speak against me with a lying tongue.
3 ৩ তেওঁলোকে মোক ঘৃণনীয় কথা কৈ আগুৰি ধৰিছে; বিনা কাৰণতে মোক আক্রমণ কৰিছে।
They assault me on every side with words of hatred; They fight against me without a cause.
4 ৪ মোৰ প্ৰেমৰ পৰিবর্তে তেওঁলোকে মোৰ বিৰুদ্ধে শত্ৰুতা কৰিছে; কিন্তু মই হ’লে তেওঁলোকৰ বাবে প্ৰাৰ্থনাত লাগি থাকোঁ।
For my love they are my adversaries: But I give myself unto prayer.
5 ৫ মই কৰা উপকাৰৰ সলনি তেওঁলোকে মোলৈ অপকাৰ কৰিলে; মোৰ প্ৰেমৰ সলনি মোক ঘৃণা কৰিলে।
They repay me evil for good, And hatred for love.
6 ৬ “তুমি তেওঁলোকৰ ওপৰত দুষ্ট বিচাৰক নিযুক্ত কৰা; বিপক্ষ তেওঁলোকৰ সোঁহাতে থিয় হওঁক।
Set thou a wicked man over him, And let an adversary stand at his right hand!
7 ৭ বিচাৰৰ সময়ত তেওঁলোকক দোষী সাব্যস্ত কৰা হওঁক; তেওঁলোকৰ প্ৰাৰ্থনা পাপৰূপে গণিত হওঁক।
When he is judged, may he be condemned, And may his prayer be a crime!
8 ৮ তেওঁলোকৰ আয়ুস চুটি হওঁক; অন্য লোকে তেওঁলোকৰ পদবী লৈ লওঁক।
May his days be few, And another take his office!
9 ৯ তেওঁলোকৰ সন্তানবোৰ অনাথ হওঁক; তেওঁলোকৰ ভার্যাবোৰ বিধৱা হওঁক।
May his children be fatherless, And his wife a widow!
10 ১০ তেওঁলোকৰ সন্তানবোৰে পথে পথে ভিক্ষা কৰি ফুৰক, উচ্ছন্ন বাসস্থানৰ পৰা দূৰলৈ গৈ আহাৰ বিচাৰি ফুৰক।
May his children be vagabonds and beggars, And from their ruined dwellings seek their bread!
11 ১১ মহাজনে তেওঁলোকৰ সৰ্ব্বস্ব লৈ যাওক; বিদেশীবোৰে তেওঁলোকৰ শ্ৰমৰ ফল লুটি নিয়ক।
May a creditor seize on all that he hath, And a stranger plunder his substance!
12 ১২ তেওঁলোকলৈ দয়া কৰোঁতা কোনো নহওক; তেওঁলোকৰ অনাথ সন্তানবোৰৰ প্রতি কৃপা কৰিবলৈ কোনো নাথাকক।
May there be none to show him compassion, And none to pity his fatherless children!
13 ১৩ তেওঁলোকৰ ভাবী বংশ উচ্ছন্ন হওক; দ্বিতীয় পুৰুষতে তেওঁৰ নাম লুপ্ত হওক!
May his posterity be cut off; In the next generation may his name be blotted out!
14 ১৪ তেওঁলোকৰ পিতৃবিলাকৰ অধৰ্মৰ কথা যিহোৱাৰ সোঁৱৰণত থাকক; তেওঁলোকৰ মাতৃসকলৰ পাপ মোচন কৰা নহওঁক।
May the iniquity of his fathers be remembered by the LORD, And may the sin of his mother never be blotted out!
15 ১৫ সকলো সময়তে সেইবোৰ যিহোৱাৰ সন্মুখত থাকক, আৰু পৃথিৱীৰ পৰা তেওঁলোকৰ স্মৃতি লুপ্ত হওঁক।
May they be before the LORD continually; And may he cut off their memory from the earth!
16 ১৬ কাৰণ তেওঁলোকে কেতিয়াও দয়া দেখুৱাৰ কথা মনলৈ নানে, কিন্তু দুখী, দৰিদ্র আৰু হতাশগ্রস্ত লোকসকলক বধ কৰিবৰ কাৰণে তাড়না কৰে।
Because he remembered not to show pity, But persecuted the afflicted and the poor man, And sought the death of the broken-hearted.
17 ১৭ তেওঁলোকে শাও দিবলৈ ভাল পায়; সেই শাও তেওঁলোকৰ ওপৰলৈকে আহঁক। তেওঁলোকে আশীৰ্ব্বাদ ঘৃণা কৰে; সেয়ে আশীর্বাদ তেওঁলোকৰ পৰা দূৰ হওঁক।
As he loved cursing, let it come upon him; As he delighted not in blessing, let it be far from him!
18 ১৮ তেওঁলোকে শাওক নিজৰ বস্ত্ৰৰ দৰে পিন্ধিলে; সেয়ে পানীৰ নিচিনাকৈ তেওঁলোকৰ অন্তৰত প্রৱেশ কৰিলে, তেওঁলোকৰ অস্থিবোৰে তেলৰ নিচিনাকৈ শুহি ল’লে।
May he be clothed with cursing as with a garment; May it enter like water into his bowels, And like oil into his bones!
19 ১৯ সেই শাৱে চাদৰৰ দৰে তেওঁলোকক ঢাকি ৰাখক; কঁকালত সদায় বন্ধা টঙালিৰ নিচিনা বান্ধি ৰাখক।”
May it be to him like the robe that covereth him, Like the girdle with which he is constantly girded!
20 ২০ মোৰ যি বিৰোধীবিলাকে মোৰ বিৰুদ্ধে বেয়া কথা কয়, তেওঁলোকে যিহোৱাৰ পৰা যেন এই প্ৰতিফল পায়।
May this be the wages of mine adversaries from the LORD, And of them that speak evil against me!
21 ২১ কিন্তু হে মোৰ প্রভু যিহোৱা, তোমাৰ নামৰ অর্থে মোৰ পক্ষে দয়া ব্যৱহাৰ কৰা; কিয়নো তোমাৰ মঙ্গলময় অসীম প্রেমেৰে মঙ্গলময়, এতেকে মোক উদ্ধাৰ কৰা।
But do thou, O LORD, my God! take part with me, For thine own name's sake! Because great is thy mercy, O deliver me!
22 ২২ কিয়নো মই দুখী আৰু দৰিদ্ৰ; মোৰ ভিতৰৰ অন্তৰখন বিন্ধিছে।
For I am afflicted and needy, And my heart is wounded within me.
23 ২৩ আবেলিৰ ছাঁৰ নিচিনাকৈ মই নোহোৱা হৈ গৈছো; কাকতি ফৰিঙৰ নিচিনাকৈ মোক উড়ুৱাই নিয়া হৈছে।
I am going like a shadow; I am driven away as the locust.
24 ২৪ লঘোন দিয়াৰ কাৰণে মোৰ আঁঠু দুটা দুৰ্ব্বল হৈছে; মোৰ শৰীৰ ক্ষীণ হৈ শুকাই গৈছে।
My knees totter from fasting, And my flesh faileth of fatness.
25 ২৫ মোৰ বিৰোধীসকলৰ ওচৰত মই নিন্দাৰ পাত্র হৈছোঁ; মোক দেখিলেই তেওঁলোকে মূৰ জোকাৰে।
I am a reproach to my enemies; They gaze at me; they shake their heads.
26 ২৬ হে মোৰ ঈশ্বৰ যিহোৱা! মোক সহায় কৰা, তোমাৰ দয়া অনুসাৰে মোক ৰক্ষা কৰা;
Help me, O LORD, my God! O save me, according to thy mercy!
27 ২৭ তেওঁলোকে জানক যে, এয়ে তোমাৰ হাত; হে যিহোৱা, তুমিয়েই এই সকলো কার্য কৰিলা।
That they may know that this is thy hand; That thou, O Lord! hast done it!
28 ২৮ তেওঁলোকে শাও দিয়ক, কিন্তু তুমি হ’লে আশীৰ্ব্বাদ কৰিবা; তেওঁলোকে উঠিলে লজ্জিত হ’ব; কিন্তু তোমাৰ দাস আনন্দিত হ’ব।
Let them curse, but do thou bless! When they arise, let them be put to shame; But let thy servant rejoice!
29 ২৯ মোৰ বিৰোধীবোৰে অপমানৰ বস্ত্রাবৰণ পৰিধান কৰক; চাদৰৰ নিচিনাকৈ তেওঁলোকে নিজৰ লাজক মেৰিয়াই থাকক।
May my enemies be clothed with ignominy; May they be covered with their shame, as with a mantle!
30 ৩০ মই নিজ মুখেৰে অতিশয় ৰূপে যিহোৱাৰ ধন্যবাদ কৰিম; লোক সমূহৰ মাজত মই তেওঁৰ প্ৰশংসা কৰিম;
I will earnestly praise the LORD with my lips; In the midst of the multitude I will praise him.
31 ৩১ যিজন অভাৱী, তেওঁ সেইজনক সহায় কৰে; মৃত্যুদণ্ডৰ ৰায়ৰ পৰা তেওঁৰ প্ৰাণ ৰক্ষা কৰে।
For he standeth at the right hand of the poor, To save him from those who would condemn him.