< সামসঙ্গীত 108 >
1 ১ হে ঈশ্বৰ, মোৰ মন সুস্থিৰ; মোৰ মন সুস্থিৰ আছে; মই গীত গাম; মোৰ প্ৰাণেৰে সৈতে প্ৰশংসাৰ গানৰ সুৰ তুলিম।
Ee Mungu, moyo wangu u thabiti; nitaimba, naam, nitaimba sifa pia kwa moyo mkuu.
2 ২ হে নেবল আৰু বীণা, সাৰ পোৱা; মই প্ৰভাতক জগাম।
Amka, kinanda na kinubi; nitaamka alfajiri.
3 ৩ হে যিহোৱা, জাতি সমূহৰ মাজত মই তোমাৰ ধন্যবাদ কৰিম। তেওঁলোকৰ মাজত তোমাৰ প্ৰশংসাৰ গান কৰিম।
Nitakushukuru wewe, Yahwe, kati ya watu; nitakuimbia sifa kati ya mataifa.
4 ৪ কিয়নো তোমাৰ গভীৰ প্রেম আকাশমণ্ডলতকৈয়ো উচ্চ; তোমাৰ বিশ্ৱস্ততা মেঘ পর্যন্ত ব্যাপ্ত।
Kwa maana uaminifu wa agano lako ni mkuu juu ya mbingu; na uaminifu wako wafika mawinguni.
5 ৫ হে ঈশ্বৰ, আকাশমণ্ডলৰ ওপৰলৈকে তুমি উন্নত হোৱা; গোটেই পৃথিৱীৰ ওপৰত তোমাৰ গৌৰৱ হওক।
Ee Mungu, uinuliwe, juu ya mbingu, na utukufu wako utukuke juu ya nchi.
6 ৬ তুমি যি সকলক ভালপোৱা, তেওঁলোকে যেন উদ্ধাৰ পায়, তোমাৰ সোঁ হাতেৰে আমাক উদ্ধাৰ কৰা, আৰু মোক উত্তৰ দিয়া।
Ili kwamba wale uwapendao waokolewe, utuokoe sisi kwa mkono wako wa kuume na unijibu.
7 ৭ ঈশ্বৰে নিজৰ পবিত্ৰতাত প্রতিজ্ঞা কৰিলে, “মই আনন্দেৰে সৈতে চিখিম ভাগ বাঁটি দিম, চুক্কোতৰ উপত্যকাৰ জৰীপ কৰি ভাগ কৰি দিম।
Mungu ameongea katika utakatifu wake; “Nitashangilia; nitaigawanya Shekemu na nitalipima bonde la Sukothi.
8 ৮ গিলিয়দ মোৰেই, মনচিও মোৰেই; ইফ্ৰয়িম মোৰ শিৰোৰক্ষক; যিহূদা মোৰ বিচাৰদণ্ড;
Gileadi ni yangu, na manase ni yangu; Ephraimu ni nguvu ya kichwa changu; Yuda ni fimbo yangu ya kifalme.
9 ৯ মোৱাব মোৰ প্ৰক্ষালন-পাত্ৰ; ইদোমৰ ওপৰলৈ মই মোৰ জোতা নিক্ষেপ কৰিম; পলেষ্টিয়াৰ ওপৰত মই বিজয়ৰ উচ্চ-ধ্বনি কৰিম।”
Moabu ni bakuli langu la kunawia; nitatupa kiatu changu juu ya Edomu; nitapaza sauti katika ushindi kwa ajili ya Filisti.
10 ১০ কোনে মোক সেই শক্তিশালী নগৰৰ ভিতৰলৈ লৈ যাব? কোনে ইদোমলৈকে মোক পথ দেখুৱাই লৈ যাব?
Ni nani atakaye nipeleka kwenye mji imara? Ni nani atakayeniongoza mpaka Edomu?”
11 ১১ হে ঈশ্বৰ, তুমি আমাক জানো ত্যাগ কৰা নাই? আমাৰ সৈন্যসকলৰ লগত যুদ্ধলৈ তুমিতো পুনৰ নোযোৱা।
Ee Mungu, sio wewe uliyetukataa? Hauendi vitani na jeshi letu.
12 ১২ শত্ৰুৰ বিৰুদ্ধে তুমি আমাক সহায় কৰ; কিয়নো মানুহৰ সাহার্য বৃথা।
Utupe msaada dhidi ya adui yetu, maana msaada wa wanadamu ni bure.
13 ১৩ ঈশ্বৰৰ সহায়ত আমি সাহসেৰে কাৰ্য কৰিম; কিয়নো আমাৰ শত্ৰুবোৰক তেৱেঁই ভৰিৰে গচকিব।
Tutashinda kwa msaada wa Mungu; atawakanyaga kwa adui zetu.