< সামসঙ্গীত 108 >
1 ১ হে ঈশ্বৰ, মোৰ মন সুস্থিৰ; মোৰ মন সুস্থিৰ আছে; মই গীত গাম; মোৰ প্ৰাণেৰে সৈতে প্ৰশংসাৰ গানৰ সুৰ তুলিম।
Ein Lied, ein Psalm Davids. Mein Herz ist getrost, o Gott:
2 ২ হে নেবল আৰু বীণা, সাৰ পোৱা; মই প্ৰভাতক জগাম।
Wacht auf, Harfe und Zither: ich will das Morgenrot wecken!
3 ৩ হে যিহোৱা, জাতি সমূহৰ মাজত মই তোমাৰ ধন্যবাদ কৰিম। তেওঁলোকৰ মাজত তোমাৰ প্ৰশংসাৰ গান কৰিম।
Ich will dich preisen unter den Völkern, o HERR, und dir lobsingen unter den Völkerschaften!
4 ৪ কিয়নো তোমাৰ গভীৰ প্রেম আকাশমণ্ডলতকৈয়ো উচ্চ; তোমাৰ বিশ্ৱস্ততা মেঘ পর্যন্ত ব্যাপ্ত।
Denn groß bis über den Himmel hinaus ist deine Gnade, und bis an die Wolken geht deine Treue.
5 ৫ হে ঈশ্বৰ, আকাশমণ্ডলৰ ওপৰলৈকে তুমি উন্নত হোৱা; গোটেই পৃথিৱীৰ ওপৰত তোমাৰ গৌৰৱ হওক।
Erhebe dich über den Himmel hinaus, o Gott, und über die ganze Erde (verbreite sich) deine Herrlichkeit!
6 ৬ তুমি যি সকলক ভালপোৱা, তেওঁলোকে যেন উদ্ধাৰ পায়, তোমাৰ সোঁ হাতেৰে আমাক উদ্ধাৰ কৰা, আৰু মোক উত্তৰ দিয়া।
Daß deine Geliebten gerettet werden, hilf uns mit deiner Rechten, erhör’ uns!
7 ৭ ঈশ্বৰে নিজৰ পবিত্ৰতাত প্রতিজ্ঞা কৰিলে, “মই আনন্দেৰে সৈতে চিখিম ভাগ বাঁটি দিম, চুক্কোতৰ উপত্যকাৰ জৰীপ কৰি ভাগ কৰি দিম।
Gott hat in seiner Heiligkeit gesprochen: »(Als Sieger) will ich frohlocken, will Sichem verteilen und das Tal von Sukkoth (als Beutestück) vermessen.
8 ৮ গিলিয়দ মোৰেই, মনচিও মোৰেই; ইফ্ৰয়িম মোৰ শিৰোৰক্ষক; যিহূদা মোৰ বিচাৰদণ্ড;
Mein ist Gilead, mein auch Manasse, und Ephraim ist meines Hauptes Schutzwehr, Juda mein Herrscherstab.
9 ৯ মোৱাব মোৰ প্ৰক্ষালন-পাত্ৰ; ইদোমৰ ওপৰলৈ মই মোৰ জোতা নিক্ষেপ কৰিম; পলেষ্টিয়াৰ ওপৰত মই বিজয়ৰ উচ্চ-ধ্বনি কৰিম।”
Moab (dagegen) ist mein Waschbecken, auf Edom werf’ ich meinen Schuh; über das Philisterland will (als Sieger) ich jauchzen.«
10 ১০ কোনে মোক সেই শক্তিশালী নগৰৰ ভিতৰলৈ লৈ যাব? কোনে ইদোমলৈকে মোক পথ দেখুৱাই লৈ যাব?
Wer führt mich hin zur festen Stadt, wer geleitet mich bis Edom?
11 ১১ হে ঈশ্বৰ, তুমি আমাক জানো ত্যাগ কৰা নাই? আমাৰ সৈন্যসকলৰ লগত যুদ্ধলৈ তুমিতো পুনৰ নোযোৱা।
Hast nicht du uns, o Gott, verworfen und ziehst nicht aus, o Gott, mit unsern Heeren?
12 ১২ শত্ৰুৰ বিৰুদ্ধে তুমি আমাক সহায় কৰ; কিয়নো মানুহৰ সাহার্য বৃথা।
O schaffe uns Hilfe gegen den Feind! Denn nichtig ist Menschenhilfe.
13 ১৩ ঈশ্বৰৰ সহায়ত আমি সাহসেৰে কাৰ্য কৰিম; কিয়নো আমাৰ শত্ৰুবোৰক তেৱেঁই ভৰিৰে গচকিব।
Mit Gott werden wir Taten vollführen, und er wird unsre Bedränger zertreten.