< সামসঙ্গীত 107 >
1 ১ যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়; কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে!
Alleluja. Confitemini Domino, quoniam bonus, quoniam in sæculum misericordia ejus.
2 ২ যিহোৱাৰ মুক্ত লোকসকলে এই কথা কওঁক, যি সকলক তেওঁ শত্রুৰ হাতৰ পৰা মুক্ত কৰিলে,
Dicant qui redempti sunt a Domino, quos redemit de manu inimici, et de regionibus congregavit eos,
3 ৩ যি সকলক তেওঁ নানা দেশৰ পৰা গোট খোৱালে, পূৱ-পশ্চিম আৰু উত্তৰ-দক্ষিণৰ পৰা গোটালে।
a solis ortu, et occasu, ab aquilone, et mari.
4 ৪ তেওঁলোকে মৰুভূমিৰ নিৰ্জন পথত ভ্ৰমি ফুৰিছিল, তেওঁলোকে কোনো বসতিৰ নগৰ বিচাৰি নাপালে।
Erraverunt in solitudine, in inaquoso; viam civitatis habitaculi non invenerunt.
5 ৫ তেওঁলোক ক্ষুধিত আৰু তৃষ্ণার্ত হ’ল; তেওঁলোকৰ প্ৰাণ শ্রান্ত হৈ মূর্ছিত হ’ল।
Esurientes et sitientes, anima eorum in ipsis defecit.
6 ৬ তেতিয়া তেওঁলোকে সঙ্কটত পৰি যিহোৱাৰ আগত কাতৰোক্তি কৰিলে; তাতে ক্লেশৰ পৰা তেওঁ তেওঁলোকক উদ্ধাৰ কৰিলে।
Et clamaverunt ad Dominum cum tribularentur, et de necessitatibus eorum eripuit eos;
7 ৭ তেওঁ পোন বাটেদি তেওঁলোকক গমন কৰালে; যাতে তেওঁলোকে গৈ কোনো বসতি নগৰ পাব পাৰে।
et deduxit eos in viam rectam, ut irent in civitatem habitationis.
8 ৮ মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে তেওঁলোকে তেওঁৰ প্ৰশংসা কৰক।
Confiteantur Domino misericordiæ ejus, et mirabilia ejus filiis hominum.
9 ৯ কিয়নো তেওঁ পিপাসিত প্ৰাণক তৃপ্ত কৰে; আৰু ক্ষুধাতুৰ প্ৰাণক উত্তম দ্ৰব্যেৰে পূৰ কৰে।
Quia satiavit animam inanem, et animam esurientem satiavit bonis.
10 ১০ কোনো লোক অন্ধকাৰ আৰু মৃত্যুচ্ছায়াৰ মাজত বহিছিল; সেই বন্দীসকলে দুখত আৰু লোহাৰ শিকলিৰ বন্ধনত কষ্ট পাইছিল।
Sedentes in tenebris et umbra mortis; vinctos in mendicitate et ferro.
11 ১১ কাৰণ তেওঁলোকে যিহোৱাৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল; সৰ্ব্বোপৰি জনাৰ পৰামৰ্শক তেওঁলোকে তুচ্ছ জ্ঞান কৰিলে।
Quia exacerbaverunt eloquia Dei, et consilium Altissimi irritaverunt.
12 ১২ সেই বাবেই তেওঁ কঠোৰ পৰিশ্ৰম দি তেওঁলোকৰ হৃদয়ক অৱনত কৰিলে; তেওঁলোক পতিত হ’ল আৰু সহায় কৰিবলৈ কোনো নাছিল।
Et humiliatum est in laboribus cor eorum; infirmati sunt, nec fuit qui adjuvaret.
13 ১৩ তেতিয়া সঙ্কটৰ কালত তেওঁলোকে যিহোৱাৰ আগত ক্রন্দন কৰিলে; তেওঁ তেওঁলোকক কষ্টৰ পৰা ৰক্ষা কৰিলে।
Et clamaverunt ad Dominum cum tribularentur; et de necessitatibus eorum liberavit eos.
14 ১৪ তেওঁ তেওঁলোকক আন্ধকাৰ আৰু মৃত্যুচ্ছায়াৰ পৰা বাহিৰ কৰি আনিলে; তেওঁলোকৰ শিকলিৰ বন্ধন চিঙি পেলালে।
Et eduxit eos de tenebris et umbra mortis, et vincula eorum dirupit.
15 ১৫ মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে লোকসকলে তেওঁৰ প্ৰশংসা কৰক।
Confiteantur Domino misericordiæ ejus, et mirabilia ejus filiis hominum.
16 ১৬ তেওঁ পিতলৰ দুৱাৰবোৰ ভাঙি পেলালে; আৰু লোহাৰ ডাংবোৰ কাটি পেলালে।
Quia contrivit portas æreas, et vectes ferreos confregit.
17 ১৭ যি সকল নিৰ্ব্বোধ, তেওঁলোকে নিজৰ বিদ্রোহৰ কাৰণে আৰু অপৰাধৰ কাৰণে যাতনা ভোগিলে।
Suscepit eos de via iniquitatis eorum; propter injustitias enim suas humiliati sunt.
18 ১৮ তেওঁলোকে সকলো খোৱা বস্তুকে ঘিণ কৰিলে; তেওঁলোক মৃত্যুদ্বাৰৰ ওচৰলৈ চাপি গ’ল।
Omnem escam abominata est anima eorum, et appropinquaverunt usque ad portas mortis.
19 ১৯ সঙ্কটৰ কালত তেওঁলোকে যিহোৱাৰ আগত ক্রন্দন কৰিলে; তেওঁ তেওঁলোকক ক্লেশৰ পৰা উদ্ধাৰ কৰে।
Et clamaverunt ad Dominum cum tribularentur, et de necessitatibus eorum liberavit eos.
20 ২০ তেওঁ নিজ বাক্য পঠাই তেওঁলোকক সুস্থ কৰিলে; তেওঁ বিনাশৰ পৰা তেওঁলোকক ৰক্ষা কৰিলে।
Misit verbum suum, et sanavit eos, et eripuit eos de interitionibus eorum.
21 ২১ মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে তেওঁলোকে তেওঁৰ প্ৰশংসা কৰক।
Confiteantur Domino misericordiæ ejus, et mirabilia ejus filiis hominum.
22 ২২ তেওঁলোকে ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰক; আনন্দ গীতেৰে তেওঁৰ কৰ্মৰাজিৰ বৰ্ণনা কৰক।
Et sacrificent sacrificium laudis, et annuntient opera ejus in exsultatione.
23 ২৩ যিসকলে জাহাজত উঠি সাগৰত অহা-যোৱা কৰে, আৰু মহা জল সমূহৰ ওপৰেদি ব্যৱসায় কৰে,
Qui descendunt mare in navibus, facientes operationem in aquis multis:
24 ২৪ তেওঁলোকে যিহোৱাৰ কাৰ্যবোৰ দেখে, গভীৰ জলত তেওঁৰ আচৰিত কার্যবোৰ দেখে।
ipsi viderunt opera Domini, et mirabilia ejus in profundo.
25 ২৫ তেওঁৰ আজ্ঞাৰ দ্বাৰাই প্ৰচণ্ড ধুমুহা হ’ল; তাতে সাগৰৰ ঢৌবোৰ ওফন্দি উঠে;
Dixit, et stetit spiritus procellæ, et exaltati sunt fluctus ejus.
26 ২৬ ঢৌবোৰ বহু ওপৰলৈ উঠে, পুনৰ বহু গভীৰলৈ নামি আহে; বিপদৰ কালত তেওঁলোকৰ প্ৰাণ ভয়তে দ্ৰৱ হৈ যায়।
Ascendunt usque ad cælos, et descendunt usque ad abyssos; anima eorum in malis tabescebat.
27 ২৭ মতলীয়া মানুহৰ দৰে তেওঁলোকে ঢলংপলং কৰে; তেওঁলোকৰ সকলো বুদ্ধি নাইকিয়া হয়।
Turbati sunt, et moti sunt sicut ebrius, et omnis sapientia eorum devorata est.
28 ২৮ সঙ্কটৰ কালত তেওঁলোকে যিহোৱাৰ ওচৰত ক্রন্দন কৰে, তাতে তেওঁ তেওঁলোকক ক্লেশৰ পৰা উদ্ধাৰ কৰে।
Et clamaverunt ad Dominum cum tribularentur; et de necessitatibus eorum eduxit eos.
29 ২৯ তেওঁ ধুমুহাক প্রশমিত কৰে, তাৰ ঢৌবোৰক শান্ত কৰে।
Et statuit procellam ejus in auram, et siluerunt fluctus ejus.
30 ৩০ সাগৰ শান্ত হোৱাৰ কাৰণে তেওঁলোকে আনন্দ কৰে; তেওঁ তেওঁলোকক লক্ষ্যৰ বন্দৰলৈ লৈ যায়।
Et lætati sunt quia siluerunt; et deduxit eos in portum voluntatis eorum.
31 ৩১ মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে তেওঁলোকে তেওঁৰ প্ৰশংসা কৰক।
Confiteantur Domino misericordiæ ejus, et mirabilia ejus filiis hominum.
32 ৩২ সমাজৰ মাজত তেওঁলোকে তেওঁৰ গৌৰৱ-কীৰ্ত্তন কৰক, বৃদ্ধসকলৰ সভাত তেওঁৰ প্ৰশংসা কৰক।
Et exaltent eum in ecclesia plebis, et in cathedra seniorum laudent eum.
33 ৩৩ নদীবোৰক তেওঁ মৰুভূমিলৈ, জলৰ ভুমুকবোৰক তেওঁ শুকান ভূমিলৈ পৰিণত কৰে;
Posuit flumina in desertum, et exitus aquarum in sitim;
34 ৩৪ তেওঁ ফলৱান দেশক লোণাময় অনুর্বৰ ভূমি কৰে, সেই ঠাইৰ নিবাসীসকলৰ দুষ্টতাৰ কাৰণে তেওঁ এই সকলো কৰে।
terram fructiferam in salsuginem, a malitia inhabitantium in ea.
35 ৩৫ তেওঁ মৰুভূমিক জলাশয়লৈ, শুকান ঠাইবোৰক জলৰ ভুমুকলৈ পৰিণত কৰে।
Posuit desertum in stagna aquarum, et terram sine aqua in exitus aquarum.
36 ৩৬ ক্ষুধাতুৰ লোকসকলক তেওঁ তাত বসতি কৰায়; তেওঁলোকে তাত নগৰ স্থাপন কৰে।
Et collocavit illic esurientes, et constituerunt civitatem habitationis:
37 ৩৭ তেওঁলোকে পথাৰত বীজ সিঁচে, দ্ৰাক্ষালতা ৰোৱে, আৰু প্রচুৰ ফল চপায়।
et seminaverunt agros et plantaverunt vineas, et fecerunt fructum nativitatis.
38 ৩৮ তেওঁ তেওঁলোকক আশীৰ্ব্বাদ কৰে আৰু তেওঁলোক সংখ্যাত অতিশয় বৃদ্ধি পায়; তেওঁ তেওঁলোকৰ পশুধনবোৰক হ্রাস হবলৈ নিদিয়ে।
Et benedixit eis, et multiplicati sunt nimis; et jumenta eorum non minoravit.
39 ৩৯ উপদ্ৰৱ, বিপদ আৰু শোকত পুনৰ তেওঁলোক সংখ্যাত হ্রাস পায়, তেওঁলোকৰ নীহ অৱস্থা হ’য়।
Et pauci facti sunt et vexati sunt, a tribulatione malorum et dolore.
40 ৪০ তেওঁ উচ্চপদৰ লোকসকলৰ ওপৰত অপমান বৰষায়, পথহীন মৰুভূমিৰ মাজত তেওঁলোকক ভ্ৰমণ কৰায়;
Effusa est contemptio super principes: et errare fecit eos in invio, et non in via.
41 ৪১ কিন্তু তেওঁ দৰিদ্ৰক দুখৰ পৰা তুলি আনি উচ্চ পদত স্থাপন কৰে, আৰু মেৰ-ছাগৰ জাকৰ নিচিনাকৈ তেওঁৰ পৰিয়ালৰ যত্ন লয়।
Et adjuvit pauperem de inopia, et posuit sicut oves familias.
42 ৪২ তাকে দেখি ধাৰ্মিক লোকে আনন্দ কৰে, কিন্তু সকলো অধৰ্মকাৰীয়ে নিজৰ মুখ বন্ধ কৰে।
Videbunt recti, et lætabuntur; et omnis iniquitas oppilabit os suum.
43 ৪৩ যি জন জ্ঞানী, তেওঁ এই সকলো কথালৈ মনোযোগ দিয়ক, যিহোৱাৰ বিশ্বস্ত প্রেমৰ বিষয়ে ধ্যান কৰক।
Quis sapiens, et custodiet hæc, et intelliget misericordias Domini?