< সামসঙ্গীত 107 >

1 যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়; কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে!
Ku yi godiya ga Ubangiji, gama nagari ne shi; ƙaunarsa madawwamiya ce har abada.
2 যিহোৱাৰ মুক্ত লোকসকলে এই কথা কওঁক, যি সকলক তেওঁ শত্রুৰ হাতৰ পৰা মুক্ত কৰিলে,
Bari fansassu na Ubangiji su faɗa wannan, su da aka fansa daga hannun maƙiyi,
3 যি সকলক তেওঁ নানা দেশৰ পৰা গোট খোৱালে, পূৱ-পশ্চিম আৰু উত্তৰ-দক্ষিণৰ পৰা গোটালে।
su da ya tattara daga ƙasashe, daga gabas da yamma, daga arewa da kudu.
4 তেওঁলোকে মৰুভূমিৰ নিৰ্জন পথত ভ্ৰমি ফুৰিছিল, তেওঁলোকে কোনো বসতিৰ নগৰ বিচাৰি নাপালে।
Waɗansu sun yi ta yawo a jejin hamada, ba su sami hanya zuwa birnin da za su zauna ba.
5 তেওঁলোক ক্ষুধিত আৰু তৃষ্ণার্ত হ’ল; তেওঁলোকৰ প্ৰাণ শ্রান্ত হৈ মূর্ছিত হ’ল।
Sun ji yunwa da ƙishirwa, suka kuma fid da zuciya.
6 তেতিয়া তেওঁলোকে সঙ্কটত পৰি যিহোৱাৰ আগত কাতৰোক্তি কৰিলে; তাতে ক্লেশৰ পৰা তেওঁ তেওঁলোকক উদ্ধাৰ কৰিলে।
Sa’an nan suka yi kuka ga Ubangiji cikin wahalarsu, ya kuma cece su daga damuwarsu.
7 তেওঁ পোন বাটেদি তেওঁলোকক গমন কৰালে; যাতে তেওঁলোকে গৈ কোনো বসতি নগৰ পাব পাৰে।
Ya bishe su ta miƙaƙƙiyar hanya zuwa birnin da za su zauna.
8 মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে তেওঁলোকে তেওঁৰ প্ৰশংসা কৰক।
Bari su yi godiya ga Ubangiji saboda ƙaunarsa marar ƙarewa da kuma ayyukansa masu banmamaki saboda mutane,
9 কিয়নো তেওঁ পিপাসিত প্ৰাণক তৃপ্ত কৰে; আৰু ক্ষুধাতুৰ প্ৰাণক উত্তম দ্ৰব্যেৰে পূৰ কৰে।
gama yana shayar da masu ƙishirwa yana kuma ƙosar da mayunwata da abubuwa masu kyau.
10 ১০ কোনো লোক অন্ধকাৰ আৰু মৃত্যুচ্ছায়াৰ মাজত বহিছিল; সেই বন্দীসকলে দুখত আৰু লোহাৰ শিকলিৰ বন্ধনত কষ্ট পাইছিল।
Waɗansu sun zauna a cikin duhu da kuma zurfin ɓacin rai,’yan kurkuku suna wahala cikin sarƙoƙin ƙarfe,
11 ১১ কাৰণ তেওঁলোকে যিহোৱাৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল; সৰ্ব্বোপৰি জনাৰ পৰামৰ্শক তেওঁলোকে তুচ্ছ জ্ঞান কৰিলে।
gama sun yi tayarwa a kan maganar Allah suka ƙi shawarar Mafi Ɗaukaka.
12 ১২ সেই বাবেই তেওঁ কঠোৰ পৰিশ্ৰম দি তেওঁলোকৰ হৃদয়ক অৱনত কৰিলে; তেওঁলোক পতিত হ’ল আৰু সহায় কৰিবলৈ কোনো নাছিল।
Saboda haka ya ba da su ga aiki mai wuya; suka yi tuntuɓe, kuma ba mai taimako.
13 ১৩ তেতিয়া সঙ্কটৰ কালত তেওঁলোকে যিহোৱাৰ আগত ক্রন্দন কৰিলে; তেওঁ তেওঁলোকক কষ্টৰ পৰা ৰক্ষা কৰিলে।
Sa’an nan suka yi kuka ga Ubangiji cikin wahalarsu, ya kuwa cece su daga damuwarsu.
14 ১৪ তেওঁ তেওঁলোকক আন্ধকাৰ আৰু মৃত্যুচ্ছায়াৰ পৰা বাহিৰ কৰি আনিলে; তেওঁলোকৰ শিকলিৰ বন্ধন চিঙি পেলালে।
Ya fitar da su daga duhu da zurfin ɓaci rai ya tsintsinke sarƙoƙinsu.
15 ১৫ মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে লোকসকলে তেওঁৰ প্ৰশংসা কৰক।
Bari su yi godiya ga Ubangiji saboda ƙaunarsa marar ƙarewa da kuma ayyukansa masu banmamaki saboda mutane,
16 ১৬ তেওঁ পিতলৰ দুৱাৰবোৰ ভাঙি পেলালে; আৰু লোহাৰ ডাংবোৰ কাটি পেলালে।
gama ya farfashe ƙofofin tagulla ya kuma ragargaza ƙyamaren ƙarfe.
17 ১৭ যি সকল নিৰ্ব্বোধ, তেওঁলোকে নিজৰ বিদ্রোহৰ কাৰণে আৰু অপৰাধৰ কাৰণে যাতনা ভোগিলে।
Waɗansu suka zama wawaye ta wurin hanyoyinsu na tayarwa suka kuwa sha wahala saboda laifofinsu.
18 ১৮ তেওঁলোকে সকলো খোৱা বস্তুকে ঘিণ কৰিলে; তেওঁলোক মৃত্যুদ্বাৰৰ ওচৰলৈ চাপি গ’ল।
Ba su so su ga abinci ba suka kuwa kai bakin mutuwa.
19 ১৯ সঙ্কটৰ কালত তেওঁলোকে যিহোৱাৰ আগত ক্রন্দন কৰিলে; তেওঁ তেওঁলোকক ক্লেশৰ পৰা উদ্ধাৰ কৰে।
Sa’an nan suka yi kuka ga Ubangiji cikin wahalarsu, ya kuwa cece su daga damuwarsu.
20 ২০ তেওঁ নিজ বাক্য পঠাই তেওঁলোকক সুস্থ কৰিলে; তেওঁ বিনাশৰ পৰা তেওঁলোকক ৰক্ষা কৰিলে।
Ya ba da umarninsa ya kuma warkar da su ya kuɓutar da su daga kabari.
21 ২১ মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে তেওঁলোকে তেওঁৰ প্ৰশংসা কৰক।
Bari su yi godiya ga Ubangiji saboda ƙaunarsa marar ƙarewa da kuma ayyukansa masu banmamaki saboda mutane.
22 ২২ তেওঁলোকে ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰক; আনন্দ গীতেৰে তেওঁৰ কৰ্মৰাজিৰ বৰ্ণনা কৰক।
Bari su miƙa hadaya ta godiya su kuma ba da labarin ayyukansa da waƙoƙin farin ciki.
23 ২৩ যিসকলে জাহাজত উঠি সাগৰত অহা-যোৱা কৰে, আৰু মহা জল সমূহৰ ওপৰেদি ব্যৱসায় কৰে,
Waɗansu suka yi tafiya a teku cikin jiragen ruwa; su’yan kasuwa ne a manyan ruwaye.
24 ২৪ তেওঁলোকে যিহোৱাৰ কাৰ্যবোৰ দেখে, গভীৰ জলত তেওঁৰ আচৰিত কার্যবোৰ দেখে।
Sun ga ayyukan Ubangiji, ayyukansa masu banmamaki a cikin zurfin teku.
25 ২৫ তেওঁৰ আজ্ঞাৰ দ্বাৰাই প্ৰচণ্ড ধুমুহা হ’ল; তাতে সাগৰৰ ঢৌবোৰ ওফন্দি উঠে;
Gama ya yi magana ya kuma sa iska mai ƙarfi ta tashi ya ɗaga raƙuman ruwa sama.
26 ২৬ ঢৌবোৰ বহু ওপৰলৈ উঠে, পুনৰ বহু গভীৰলৈ নামি আহে; বিপদৰ কালত তেওঁলোকৰ প্ৰাণ ভয়তে দ্ৰৱ হৈ যায়।
Suka hau zuwa sammai suka kuma tsinduma cikin zurfafa; a cikin azabarsu sai ƙarfin halinsu ya karai.
27 ২৭ মতলীয়া মানুহৰ দৰে তেওঁলোকে ঢলংপলং কৰে; তেওঁলোকৰ সকলো বুদ্ধি নাইকিয়া হয়।
Suka yi tangaɗi suna tuntuɓe kamar bugaggu; suka kuma kai ga ƙarshen dabararsu.
28 ২৮ সঙ্কটৰ কালত তেওঁলোকে যিহোৱাৰ ওচৰত ক্রন্দন কৰে, তাতে তেওঁ তেওঁলোকক ক্লেশৰ পৰা উদ্ধাৰ কৰে।
Sai suka yi kuka ga Ubangiji cikin wahalarsu, ya kuwa fitar da su daga damuwarsu.
29 ২৯ তেওঁ ধুমুহাক প্রশমিত কৰে, তাৰ ঢৌবোৰক শান্ত কৰে।
Ya kwantar da hadiri suka yi tsit; raƙuman ruwan teku suka yi shiru.
30 ৩০ সাগৰ শান্ত হোৱাৰ কাৰণে তেওঁলোকে আনন্দ কৰে; তেওঁ তেওঁলোকক লক্ষ্যৰ বন্দৰলৈ লৈ যায়।
Suka yi murna sa’ad da wuri ya kwanta, ya kuma bishe su zuwa inda suka so su kai.
31 ৩১ মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে তেওঁলোকে তেওঁৰ প্ৰশংসা কৰক।
Bari su yi godiya ga Ubangiji saboda ƙaunarsa marar ƙarewa da kuma ayyukansa masu banmamaki saboda mutane.
32 ৩২ সমাজৰ মাজত তেওঁলোকে তেওঁৰ গৌৰৱ-কীৰ্ত্তন কৰক, বৃদ্ধসকলৰ সভাত তেওঁৰ প্ৰশংসা কৰক।
Bari su ɗaukaka shi cikin taron mutane su kuma yabe shi cikin taron dattawa.
33 ৩৩ নদীবোৰক তেওঁ মৰুভূমিলৈ, জলৰ ভুমুকবোৰক তেওঁ শুকান ভূমিলৈ পৰিণত কৰে;
Ya mai da koguna suka zama hamada, maɓulɓulai masu gudu suka zama ƙasa mai ƙishirwa,
34 ৩৪ তেওঁ ফলৱান দেশক লোণাময় অনুর্বৰ ভূমি কৰে, সেই ঠাইৰ নিবাসীসকলৰ দুষ্টতাৰ কাৰণে তেওঁ এই সকলো কৰে।
ƙasa mai amfani kuma suka zama gishiri marar amfani, saboda muguntar waɗanda suka zauna a can.
35 ৩৫ তেওঁ মৰুভূমিক জলাশয়লৈ, শুকান ঠাইবোৰক জলৰ ভুমুকলৈ পৰিণত কৰে।
Ya mai da hamada ya zama tafkunan ruwa busasshiyar ƙasa kuma zuwa maɓulɓulai masu gudu;
36 ৩৬ ক্ষুধাতুৰ লোকসকলক তেওঁ তাত বসতি কৰায়; তেওঁলোকে তাত নগৰ স্থাপন কৰে।
a can ya kai mayunwata su yi zama, ya kuma samo birnin da za su zauna.
37 ৩৭ তেওঁলোকে পথাৰত বীজ সিঁচে, দ্ৰাক্ষালতা ৰোৱে, আৰু প্রচুৰ ফল চপায়।
Suka yi shuka a gonaki suka dasa inabi suka kuma girbe amfani gona;
38 ৩৮ তেওঁ তেওঁলোকক আশীৰ্ব্বাদ কৰে আৰু তেওঁলোক সংখ্যাত অতিশয় বৃদ্ধি পায়; তেওঁ তেওঁলোকৰ পশুধনবোৰক হ্রাস হবলৈ নিদিয়ে।
ya albarkace su, yawansu kuma ya ƙaru, bai kuwa bar garkunansu suka ragu ba.
39 ৩৯ উপদ্ৰৱ, বিপদ আৰু শোকত পুনৰ তেওঁলোক সংখ্যাত হ্রাস পায়, তেওঁলোকৰ নীহ অৱস্থা হ’য়।
Sa’an nan yawansu ya ragu, aka kuma ƙasƙantar da su ta wurin danniya, bala’i da kuma baƙin ciki;
40 ৪০ তেওঁ উচ্চপদৰ লোকসকলৰ ওপৰত অপমান বৰষায়, পথহীন মৰুভূমিৰ মাজত তেওঁলোকক ভ্ৰমণ কৰায়;
shi da yake kawo reni a kan manyan mutane ya sa suka yi ta yawo a cikin jejin da ba hanya.
41 ৪১ কিন্তু তেওঁ দৰিদ্ৰক দুখৰ পৰা তুলি আনি উচ্চ পদত স্থাপন কৰে, আৰু মেৰ-ছাগৰ জাকৰ নিচিনাকৈ তেওঁৰ পৰিয়ালৰ যত্ন লয়।
Amma ya fid da mabukata daga wahalarsu ya kuma ƙara iyalansu da tumakinsu.
42 ৪২ তাকে দেখি ধাৰ্মিক লোকে আনন্দ কৰে, কিন্তু সকলো অধৰ্মকাৰীয়ে নিজৰ মুখ বন্ধ কৰে।
Masu yin gaskiya suka gani suka yi farin ciki amma dukan mugaye suka rufe bakunansu.
43 ৪৩ যি জন জ্ঞানী, তেওঁ এই সকলো কথালৈ মনোযোগ দিয়ক, যিহোৱাৰ বিশ্বস্ত প্রেমৰ বিষয়ে ধ্যান কৰক।
Duk mai hikima, bari yă ji waɗannan abubuwa yă kuma lura da ƙauna mai girma ta Ubangiji.

< সামসঙ্গীত 107 >