< সামসঙ্গীত 106 >
1 ১ তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা! তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়; কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে।
Yin Olúwa! Ẹ fi ìyìn fún Olúwa, nítorí tí ó ṣeun. Ẹ fi ọpẹ́ fún Olúwa nítorí tí ó ṣeun, nítorí tí ìfẹ́ rẹ̀ dúró láéláé.
2 ২ কোনে যিহোৱাৰ মহৎ কাৰ্যবোৰ বৰ্ণনা কৰিব পাৰে? কোনে তেওঁৰ সকলো প্ৰশংসা প্ৰকাশ কৰিব পাৰে?
Ta ni ó lè ròyìn iṣẹ́ agbára Olúwa, ta ní lè sọ nípa ìyìn rẹ̀?
3 ৩ ধন্য সেই লোকসকল, যি সকলে ন্যায় কার্য কৰে আৰু সকলো সময়তে ধৰ্মাচৰণ কৰে।
Ìbùkún ni fún àwọn tí ń pa ìdájọ́ mọ́? Ẹni tí n ṣe ohun tí ó tọ́.
4 ৪ হে যিহোৱা, তোমাৰ লোকসকলৰ প্রতি তুমি মৰম প্রকাশ কৰাৰ সময়ত মোকো সোঁৱৰণ কৰিবা; তেওঁলোকক উদ্ধাৰ কৰাৰ সময়ত মোকো সহায় কৰিবা।
Rántí mi, Olúwa, nígbà tí o bá fi ojúrere rẹ hàn, wá sí ìhà mi nígbà tí ìwọ bá gbà wọ́n,
5 ৫ যাতে ময়ো যেন তোমাৰ মনোনীত লোকসকলৰ উন্নতি দেখা পাওঁ, তোমাৰ জাতিৰ আনন্দত আনন্দিত হওঁ, আৰু তোমাৰ অধিকাৰৰ সৈতে গৌৰৱ কৰিব পাৰোঁ।
kí èmi kí ó lè jẹ ìgbádùn àlàáfíà àwọn tí ìwọ ti yàn, kí èmi kí ó sì darapọ̀ mọ́ àwọn ènìyàn, ìní rẹ láti jọ yìn ọ́ lógo.
6 ৬ আমাৰ পূর্বপুৰুষসকলৰ দৰে আমিও পাপ কৰিলোঁ; আমি অধর্ম কৰিলোঁ, দুষ্টতাৰ কার্য কৰিলোঁ।
Àwa ti dẹ́ṣẹ̀ gẹ́gẹ́ bí àwọn baba wa ti ṣe, àwa ti ṣe ohun tí kò dá a, a sì ti hùwà búburú.
7 ৭ মিচৰত থকাৰ সময়ত আমাৰ পূর্বপুৰুষসকলে তোমাৰ আচৰিত কার্যবোৰৰ মান্যতা নিদিলে; তোমাৰ প্ৰচুৰ প্রেমৰ কথাও সোঁৱৰণ নকৰিলে; বৰং তেওঁলোকে সমুদ্ৰৰ তীৰত চূফ সাগৰৰ দাঁতিত সর্বোপৰি জনাৰ বিৰুদ্ধাচৰণ কৰিলে।
Nígbà tí àwọn baba wa wà ní Ejibiti, iṣẹ́ ìyanu rẹ kò yé wọn, wọn kò rántí ọ̀pọ̀lọpọ̀ àánú rẹ, gẹ́gẹ́ bí wọ́n ṣe ṣọ̀tẹ̀ sí ọ níbi Òkun, àní níbi Òkun Pupa.
8 ৮ তথাপিও তেওঁ নিজৰ নামৰ অর্থে তেওঁলোকক উদ্ধাৰ কৰিলে, যাতে তেওঁ নিজৰ পৰাক্ৰম প্ৰকাশ কৰিব পাৰে।
Ṣùgbọ́n o gbà wọ́n là nítorí orúkọ rẹ láti jẹ́ kí agbára ńlá rẹ di mí mọ̀.
9 ৯ তেওঁৰ ধমকিত চূফ সাগৰ শুকাই গ’ল; তেওঁ তেওঁলোকক মৰুভূমিৰ মাজেদি যোৱাৰ দৰে অগাধ জলৰ মাজেদি গমন কৰালে।
O bá Òkun Pupa wí, ó sì gbẹ; o sì mú wọn la ìbú já bí aginjù.
10 ১০ এইদৰে তেওঁ তেওঁলোকক ঘৃণাকাৰীবোৰৰ হাতৰ পৰা ৰক্ষা কৰিলে, শত্ৰুৰ হাতৰ পৰা তেওঁলোকক মুক্ত কৰিলে।
O gbà wọ́n là kúrò lọ́wọ́ àwọn ọ̀tá wọn, láti ọwọ́ ọ̀tá ni o ti gbà wọ́n.
11 ১১ জল সমূহে তেওঁলোকৰ শত্রুবোৰক ঢাকিলে, এজনো বাচি নাথাকিল।
Omi ya lu àwọn ọ̀tá wọn; bẹ́ẹ̀ ni kò sí èyí tí ó yè nínú wọn.
12 ১২ তেতিয়া তেওঁলোকে যিহোৱাৰ বাক্যত বিশ্বাস কৰিলে; তেওঁৰ প্ৰশংসাৰ গান কৰিলে।
Nígbà náà wọn gba ìpinnu rẹ gbọ́ wọ́n sì kọrin ìyìn rẹ.
13 ১৩ কিন্তু তেওঁৰ কার্যবোৰৰ কথা তেওঁলোকে শীঘ্ৰেই পাহৰিলে; তেওঁলোকে তেওঁৰ পৰামৰ্শলৈ বাট নাচালে;
Ṣùgbọ́n wọn kò pẹ́ gbàgbé ohun tí o ṣe wọn kò sí dúró gba ìmọ̀ràn rẹ.
14 ১৪ কিন্তু মৰুপ্রান্তৰত তেওঁলোকে অতিশয় লোভ কৰিলে, মৰুভূমিত ঈশ্বৰক পৰীক্ষা কৰিলে।
Nínú aginjù ni wọ́n tí ṣe ìfẹ́kúfẹ̀ẹ́, nínú aṣálẹ̀, wọ́n dán Ọlọ́run wò.
15 ১৫ তেওঁলোকে যিহকে বিচাৰিলে, তেওঁ তাকে তেওঁলোকক দিলে; কিন্তু তেওঁলোকৰ মাজলৈ পঠাই দিলে এক ক্ষয়ৰূপ ৰোগ।
Nígbà náà, ó fún wọn ní ohun tí wọ́n béèrè fún ṣùgbọ́n ó rán àìsàn búburú sí wọn.
16 ১৬ তেওঁলোকে ছাউনিত থকাৰ সময়ত মোচি, আৰু যিহোৱাৰ পবিত্ৰ লোক হাৰোণক ঈৰ্ষা কৰিলে।
Nínú ibùdó ni wọ́n ṣe ìlara Mose pẹ̀lú Aaroni, ẹni tí ó jẹ́ mímọ́ sí Olúwa.
17 ১৭ পৃথিৱীয়ে মুখ খুলি দাথনক গ্ৰাস কৰিলে আৰু অবীৰামৰ দলক ঢাকি পেলালে।
Ilẹ̀ la ẹnu ó sì gbé Datani mì ó bo ẹgbẹ́ Abiramu mọ́lẹ̀.
18 ১৮ তেওঁলোকৰ দলৰ মাজত জুই জ্বলিল। অগ্নিশিখাই দুষ্ট লোকসকল দগ্ধ কৰিলে।
Ọwọ́ iná yọ ní ẹgbẹ́ àwọn ọmọ-ẹ̀yìn rẹ̀; iná jo àwọn ènìyàn búburú.
19 ১৯ তেওঁলোকে হোৰেব পাহাৰত এটা দামুৰি সাজিলে, আৰু সাঁচত ঢলা মূর্তিৰ পূজা কৰিলে।
Ní Horebu wọ́n ṣe ẹgbọrọ màlúù wọ́n sì sin òrìṣà tí a ṣe láti ara irin.
20 ২০ এইদৰে তেওঁলোকে ঘাঁহ খোৱা গৰুৰ মুৰ্ত্তিৰে সৈতে ঈশ্বৰৰ গৌৰৱ সলনি কৰিলে।
Wọ́n pa ògo wọn dà sí àwòrán màlúù, tí ń jẹ koríko.
21 ২১ তেওঁলোকৰ উদ্ধাৰকর্তা ঈশ্বৰক তেওঁলোকে পাহৰি গ’ল, যি জনাই মিচৰত অনেক মহৎ কাৰ্য কৰিছিল;
Wọ́n gbàgbé Ọlọ́run, ẹni tí ó gbà wọ́n ẹni tí ó ti ṣe ohun ńlá ní Ejibiti,
22 ২২ হাম দেশত কৰা নানা আচৰিত কাৰ্যবোৰৰ বিষয়ে আৰু চূফ সাগৰৰ দাঁতিত কৰা পৰাক্রম কার্যবোৰৰ কথা তেওঁলোকে পাহৰি গ’ল।
iṣẹ́ ìyanu ní ilẹ̀ Hamu àti ohun ẹ̀rù ni ẹ̀bá Òkun Pupa.
23 ২৩ সেয়ে তেওঁ ক’লে, তেওঁলোকক ধ্বংস কৰিব লাগিব। কিন্তু তেওঁৰ মনোনীত ব্যক্তি মোচি ভগা গড়ত থিয় হৈ তেওঁলোকৰ মধ্যস্থ হ’ল, আৰু তেওঁলোকক ধ্বংস কৰা ক্রোধৰ পৰা যেন তেওঁ মন ঘূৰায়, তাৰ বাবে তেওঁ তেওঁৰ সন্মুখত থিয় হ’ল।
Bẹ́ẹ̀ ni, ó sọ wí pé, òun yóò pa wọ́n run bí kò bá ṣe ti Mose, tí ó yàn, tí ó dúró níwájú ẹ̀yà náà tí ó pa ìbínú rẹ̀ mọ́ láti má pa wọ́n run mọ́.
24 ২৪ তাৰ পাছত তেওঁলোকে সেই মনোহৰ দেশক তুচ্ছ কৰিলে, তেওঁলোকে যিহোৱাৰ কথাত বিশ্বাস নকৰিলে;
Nígbà náà, wọ́n kẹ́gàn ilẹ̀ dídára náà wọn kò gba ìlérí rẹ̀ gbọ́.
25 ২৫ নিজ নিজ তম্বুত তেওঁলোকে ভোৰ ভোৰালে, যিহোৱাৰ বাক্যলৈ তেওঁলোকে কর্ণপাত নকৰিলে।
Wọ́n ń kùn nínú àgọ́ wọn wọn kò sì gbọ́rọ̀ sí Olúwa.
26 ২৬ তাতে তেওঁ তেওঁলোকৰ বিৰুদ্ধে হাত উঠাই শপত খাই ক’লে, “মই তেওঁলোকক মৰুভূমিতে নিপাত কৰিম;
Bẹ́ẹ̀ ni ó búra fún wọn nípa gbígbé ọwọ́ rẹ̀ sókè kí òun lè jẹ́ kí wọn ṣubú nínú aginjù,
27 ২৭ তেওঁলোকৰ বংশধৰসকলক জাতিবোৰৰ মাজত নিপাত কৰিম। বিভিন্ন দেশত ছিন্ন-ভিন্ন কৰিম।
láti jẹ́ kí àwọn ọmọ rẹ̀ ṣubú lára orílẹ̀-èdè láti fọ́n wọn káàkiri lórí ilẹ̀.
28 ২৮ পাছত তেওঁলোক বাল পিয়োৰৰ প্রতি আসক্ত হ’ল; মৃত লোকৰ উদ্দেশ্যে দিয়া বলিৰ মাংস ভোজন কৰিলে।
Wọ́n da ara wọn pọ̀ mọ́ Baali-Peori, wọ́n sì ń jẹ ẹbọ tí a rú sí àwọn òkú òrìṣà,
29 ২৯ এই দৰে তেওঁলোকে নিজৰ অপকৰ্মৰ দ্বাৰাই যিহোৱাক ক্রোধত উত্তেজিত কৰিলে। তাতে তেওঁলোকৰ মাজত মহামাৰীৰ প্রাদুর্ভাৱ হ’ল।
wọ́n mú Ọlọ́run bínú pẹ̀lú ohun búburú tí wọn ń ṣe àjàkálẹ̀-ààrùn jáde láàrín wọn.
30 ৩০ তেতিয়া পীনহচে উঠি বিচাৰ সাধন কৰিলে, তাতে মহামাৰী নিবৃত্ত হ’ল।
Ṣùgbọ́n Finehasi dìde láti dá sí i, àjàkálẹ̀-ààrùn náà sì dáwọ́ dúró lọ́gán.
31 ৩১ পীনহচৰ পক্ষে সেয়া ধাৰ্মিকতা বুলি গণিত হ’ল; পুৰুষে পুৰুষে চিৰকালৰ কাৰণে গণিত হ’ল।
A sì ka èyí sí òdodo fún un àti fún àwọn ìrandíran tí ń bọ̀
32 ৩২ তেওঁলোকে মিৰীবাৰ জলৰ দাঁতিত যিহোৱাৰ খং তুলিছিল, আৰু তেওঁলোকৰ কাৰণেই মোচিলৈ অমঙ্গল ঘটিছিল;
Níbi omi Meriba, wọ́n bí Ọlọ́run nínú, ohun búburú wá sí orí Mose nítorí wọn.
33 ৩৩ তেওঁলোকে তেওঁৰ আত্মাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে, তাতে মোচিৰ মুখৰ পৰা অবিবেচনাৰ কথা বাহিৰ হ’ল।
Nítorí tí wọ́n ṣọ̀tẹ̀ sí Ẹ̀mí Ọlọ́run. Ọ̀rọ̀ àìdára sì ti ẹnu Mose wá.
34 ৩৪ যিহোৱাই তেওঁলোকক আন জাতিবোৰক ধ্বংস কৰিবলৈ যি আজ্ঞা দিছিল, তেওঁলোকে তাক নকৰিলে।
Wọn kò pa àwọn ènìyàn run gẹ́gẹ́ bí Olúwa ti sọ fún wọn,
35 ৩৫ বৰং সেই সকলো জাতিৰ লগত তেওঁলোকে নিজক মিশ্রিত কৰিলে, আৰু তেওঁলোকৰ আচাৰ-ব্যৱহাৰ শিকিলে।
Ṣùgbọ́n wọ́n dàpọ̀ mọ́ àwọn orílẹ̀-èdè, wọ́n sì gbà láti ṣe bí àṣà wọn.
36 ৩৬ তেওঁলোকৰ মূর্তিবোৰক তেওঁলোকে সেৱা-পূজা কৰিলে, আৰু সেইবোৰেই তেওঁলোকৰ ফান্দস্বৰূপ হ’ল।
Wọ́n sì sin àwọn òrìṣà wọn tí ó di ìkẹ́kùn fún wọn.
37 ৩৭ এনে কি, ভূতবোৰৰ উদ্দেশ্যে তেওঁলোকে নিজৰ পুত্র-কন্যাবোৰক বলি দিলে।
Wọ́n fi àwọn ọmọkùnrin wọn rú ẹbọ àti àwọn ọmọbìnrin fún òrìṣà.
38 ৩৮ তেওঁলোকে নিৰ্দ্দোষীবোৰৰ ৰক্তপাত কৰিলে, তেওঁলোকৰ পুত্র-কন্যাবোৰৰ ৰক্তপাত কৰিলে, কনানীয়া মূর্তিবোৰৰ উদ্দেশ্যে সন্তানবোৰক বলি দিলে, গোটেই দেশ তেজেৰে অপবিত্ৰ হ’ল।
Wọ́n ta ẹ̀jẹ̀ aláìṣẹ̀ sílẹ̀, ẹ̀jẹ̀ àwọn ọmọkùnrin àti àwọn ọmọbìnrin wọ. Wọ́n fi wọ́n rú ẹbọ sí ère Kenaani, ilẹ̀ náà sì di àìmọ́ fún ẹ̀jẹ̀.
39 ৩৯ এইদৰেই তেওঁলোক নিজ নিজ কৰ্মৰ দ্বাৰাই অশুচি হ’ল; কাৰ্যৰ দ্বাৰা তেওঁলোকে নিজকে ব্যভিচাৰী কৰিলে।
Wọ́n sì fi ìṣe wọn sọ ara wọn di aláìmọ́, wọ́n sì ṣe àgbèrè lọ pẹ̀lú iṣẹ́ wọn.
40 ৪০ তাতে নিজৰ লোকসকলৰ ওপৰত যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল; নিজৰ অধিকাৰৰ লোকসকলৰ প্রতি তেওঁৰ ঘৃণা উপজিল।
Nígbà náà ni Olúwa bínú sí àwọn ènìyàn rẹ̀ ó sì kórìíra àwọn ènìyàn ìní rẹ̀
41 ৪১ তেওঁ অন্যান্য জাতিবোৰৰ হাতত তেওঁলোকক শোধাই দিলে; তেওঁলোকক ঘিণ কৰাসকলেই তেওঁলোকক শাসন কৰিলে।
Ó sì fà wọ́n lé àwọn orílẹ̀-èdè lọ́wọ́, àwọn ọ̀tá wọn sì jẹ ọba lórí wọn.
42 ৪২ তেওঁলোকৰ শত্ৰুবোৰে তেওঁলোকৰ ওপৰত উপদ্ৰৱ চলালে, তেওঁলোকৰ ক্ষমতাৰ অধীনত তেওঁলোক বশীভূত হ’ল।
Àwọn ọ̀tá wọn sì ń pọ́n wọn lójú wọn sì mú wọn sìn lábẹ́ àṣẹ wọn.
43 ৪৩ তেওঁ অনেকবাৰ তেওঁলোকক উদ্ধাৰ কৰিলে; কিন্তু তেওঁলোক নিজৰ মন্ত্রণাতে বিদ্ৰোহী হ’ল; নিজৰ অপৰাধৰ কাৰণেই তেওঁলোক নীহ অৱস্থাত পৰিল।
Ní ọ̀pọ̀ ìgbà òun gbà wọ́n, síbẹ̀ wọ́n sì ń ṣọ̀tẹ̀ sí i wọ́n sì ṣòfò dànù nínú ẹ̀ṣẹ̀ wọn.
44 ৪৪ তথাপি তেওঁ যেতিয়া তেওঁলোকৰ কাকুতি শুনিলে, তেওঁলোকৰ সঙ্কটৰ প্রতি দৃষ্টিপাত কৰিলে।
Ṣùgbọ́n ó kíyèsi wọn nítorí ìṣòro nígbà tí ó gbọ́ ẹkún wọn,
45 ৪৫ তেওঁ তেওঁলোকৰ কাৰণে স্থাপন কৰা নিজৰ নিয়মটি সোঁৱৰণ কৰিলে; নিজৰ অসীম গভীৰ প্রেম অনুসাৰে তেওঁলোকক দয়া কৰিলে।
ó rántí májẹ̀mú rẹ̀ nítorí wọn Nítorí agbára ìfẹ́ rẹ̀, ó ṣàánú wọn.
46 ৪৬ যিসকলে তেওঁলোকক বন্দী কৰিছিল, তেওঁলোক সকলোৰে দৃষ্টিত তেওঁ তেওঁলোকক দয়াৰ পাত্র কৰিলে।
Lójú gbogbo àwọn tí ó kó wọn ní ìgbèkùn ó mú wọn rí àánú.
47 ৪৭ হে আমাৰ ঈশ্বৰ যিহোৱা, আমাক উদ্ধাৰ কৰা, জাতিবোৰৰ মাজৰ পৰা তুমি আমাক একগোট কৰা, যাতে আমি তোমাৰ পবিত্ৰ নামৰ ধন্যবাদ কৰিব পাৰোঁ, যেন তোমাৰ প্ৰশংসাৰ জয়গান কৰোঁ।
Gbà wá, Olúwa Ọlọ́run wa, kí o sì ṣà wá jọ kúrò láàrín àwọn kèfèrí, láti máa fi ọpẹ́ fún orúkọ mímọ́ rẹ láti máa ṣògo nínú ìyìn rẹ.
48 ৪৮ অনাদি কালৰ পৰা অনন্ত কাললৈকে, ধন্য ইস্রায়েলৰ ঈশ্বৰ যিহোৱা; সকলো লোকে “আমেন” বুলি কওক। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
Olùbùkún ni Olúwa, Ọlọ́run Israẹli, láti ìrandíran. Jẹ́ kí gbogbo ènìyàn kí ó wí pé, “Àmín!” Ẹ fi ìyìn fún Olúwa!