< সামসঙ্গীত 106 >
1 ১ তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা! তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়; কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে।
Alleluja! Pateiciet Tam Kungam, jo Viņš ir labs, un Viņa žēlastība paliek mūžīgi.
2 ২ কোনে যিহোৱাৰ মহৎ কাৰ্যবোৰ বৰ্ণনা কৰিব পাৰে? কোনে তেওঁৰ সকলো প্ৰশংসা প্ৰকাশ কৰিব পাৰে?
Kas var izteikt Tā Kunga varenos darbus un izstāstīt visu Viņa teicamo slavu?
3 ৩ ধন্য সেই লোকসকল, যি সকলে ন্যায় কার্য কৰে আৰু সকলো সময়তে ধৰ্মাচৰণ কৰে।
Svētīgi tie, kas tiesu tur un dara taisnību vienmēr.
4 ৪ হে যিহোৱা, তোমাৰ লোকসকলৰ প্রতি তুমি মৰম প্রকাশ কৰাৰ সময়ত মোকো সোঁৱৰণ কৰিবা; তেওঁলোকক উদ্ধাৰ কৰাৰ সময়ত মোকো সহায় কৰিবা।
Piemini mani, ak Kungs, pēc Sava labā prāta uz Saviem ļaudīm, piemeklē mani ar Savu pestīšanu;
5 ৫ যাতে ময়ো যেন তোমাৰ মনোনীত লোকসকলৰ উন্নতি দেখা পাওঁ, তোমাৰ জাতিৰ আনন্দত আনন্দিত হওঁ, আৰু তোমাৰ অধিকাৰৰ সৈতে গৌৰৱ কৰিব পাৰোঁ।
Ka redzam labumu pie Taviem izredzētiem un priecājamies par Tavu ļaužu prieku un lielāmies ar Tavu īpašumu.
6 ৬ আমাৰ পূর্বপুৰুষসকলৰ দৰে আমিও পাপ কৰিলোঁ; আমি অধর্ম কৰিলোঁ, দুষ্টতাৰ কার্য কৰিলোঁ।
Mēs esam grēkojuši līdz ar saviem tēviem, esam noziegušies un bijuši bezdievīgi.
7 ৭ মিচৰত থকাৰ সময়ত আমাৰ পূর্বপুৰুষসকলে তোমাৰ আচৰিত কার্যবোৰৰ মান্যতা নিদিলে; তোমাৰ প্ৰচুৰ প্রেমৰ কথাও সোঁৱৰণ নকৰিলে; বৰং তেওঁলোকে সমুদ্ৰৰ তীৰত চূফ সাগৰৰ দাঁতিত সর্বোপৰি জনাৰ বিৰুদ্ধাচৰণ কৰিলে।
Mūsu tēvi Ēģiptē nelika vērā Tavus brīnumus, tie nepieminēja Tavu lielo žēlastību, bet bija pārgalvīgi jūrmalā pie niedru jūras.
8 ৮ তথাপিও তেওঁ নিজৰ নামৰ অর্থে তেওঁলোকক উদ্ধাৰ কৰিলে, যাতে তেওঁ নিজৰ পৰাক্ৰম প্ৰকাশ কৰিব পাৰে।
Viņš tiem palīdzēja Sava vārda dēļ, ka tiem parādītu Savu varu.
9 ৯ তেওঁৰ ধমকিত চূফ সাগৰ শুকাই গ’ল; তেওঁ তেওঁলোকক মৰুভূমিৰ মাজেদি যোৱাৰ দৰে অগাধ জলৰ মাজেদি গমন কৰালে।
Un Viņš rāja niedru jūru, ka tā sasīka, un Viņš vadīja caur dziļumiem kā pa tuksnesi.
10 ১০ এইদৰে তেওঁ তেওঁলোকক ঘৃণাকাৰীবোৰৰ হাতৰ পৰা ৰক্ষা কৰিলে, শত্ৰুৰ হাতৰ পৰা তেওঁলোকক মুক্ত কৰিলে।
Un Viņš tos atpestīja no ienaidnieku rokas un tos atsvabināja no nīdētāju rokas.
11 ১১ জল সমূহে তেওঁলোকৰ শত্রুবোৰক ঢাকিলে, এজনো বাচি নাথাকিল।
Ūdeņi apsedza viņu pretiniekus, ka neviens no tiem neatlika.
12 ১২ তেতিয়া তেওঁলোকে যিহোৱাৰ বাক্যত বিশ্বাস কৰিলে; তেওঁৰ প্ৰশংসাৰ গান কৰিলে।
Tad tie ticēja Viņa vārdiem, tie dziedāja Viņa slavu.
13 ১৩ কিন্তু তেওঁৰ কার্যবোৰৰ কথা তেওঁলোকে শীঘ্ৰেই পাহৰিলে; তেওঁলোকে তেওঁৰ পৰামৰ্শলৈ বাট নাচালে;
Bet steigšus tie aizmirsa Viņa darbus, tie nenogaidīja Viņa nodomu;
14 ১৪ কিন্তু মৰুপ্রান্তৰত তেওঁলোকে অতিশয় লোভ কৰিলে, মৰুভূমিত ঈশ্বৰক পৰীক্ষা কৰিলে।
Bet kārot iekārojās tuksnesī un kārdināja Dievu tai posta vietā.
15 ১৫ তেওঁলোকে যিহকে বিচাৰিলে, তেওঁ তাকে তেওঁলোকক দিলে; কিন্তু তেওঁলোকৰ মাজলৈ পঠাই দিলে এক ক্ষয়ৰূপ ৰোগ।
Tad Viņš tiem deva pēc viņu kārības, bet darīja viņu dvēseles nīkstam.
16 ১৬ তেওঁলোকে ছাউনিত থকাৰ সময়ত মোচি, আৰু যিহোৱাৰ পবিত্ৰ লোক হাৰোণক ঈৰ্ষা কৰিলে।
Un tie apskauda Mozu lēģerī un Āronu, Tā Kunga svēto.
17 ১৭ পৃথিৱীয়ে মুখ খুলি দাথনক গ্ৰাস কৰিলে আৰু অবীৰামৰ দলক ঢাকি পেলালে।
Zeme atvērās un aprija Datanu un apklāja Abirama biedrus.
18 ১৮ তেওঁলোকৰ দলৰ মাজত জুই জ্বলিল। অগ্নিশিখাই দুষ্ট লোকসকল দগ্ধ কৰিলে।
Un uguns iedegās viņu pulkā, liesma sadedzināja tos bezdievīgos.
19 ১৯ তেওঁলোকে হোৰেব পাহাৰত এটা দামুৰি সাজিলে, আৰু সাঁচত ঢলা মূর্তিৰ পূজা কৰিলে।
Tie taisīja teļu Horebā un klanījās tās bildes priekšā,
20 ২০ এইদৰে তেওঁলোকে ঘাঁহ খোৱা গৰুৰ মুৰ্ত্তিৰে সৈতে ঈশ্বৰৰ গৌৰৱ সলনি কৰিলে।
Un pārvērsa savu godu par vērša ģīmi, kas ēd zāli.
21 ২১ তেওঁলোকৰ উদ্ধাৰকর্তা ঈশ্বৰক তেওঁলোকে পাহৰি গ’ল, যি জনাই মিচৰত অনেক মহৎ কাৰ্য কৰিছিল;
Viņi aizmirsa Dievu, savu Pestītāju, kas lielas lietas bija darījis Ēģiptes zemē,
22 ২২ হাম দেশত কৰা নানা আচৰিত কাৰ্যবোৰৰ বিষয়ে আৰু চূফ সাগৰৰ দাঁতিত কৰা পৰাক্রম কার্যবোৰৰ কথা তেওঁলোকে পাহৰি গ’ল।
Brīnumus Hama zemē, briesmīgus darbus pie niedru jūras.
23 ২৩ সেয়ে তেওঁ ক’লে, তেওঁলোকক ধ্বংস কৰিব লাগিব। কিন্তু তেওঁৰ মনোনীত ব্যক্তি মোচি ভগা গড়ত থিয় হৈ তেওঁলোকৰ মধ্যস্থ হ’ল, আৰু তেওঁলোকক ধ্বংস কৰা ক্রোধৰ পৰা যেন তেওঁ মন ঘূৰায়, তাৰ বাবে তেওঁ তেওঁৰ সন্মুখত থিয় হ’ল।
Tā ka Viņš nodomāja tos izdeldēt, ja Mozus, Viņa izredzētais, nebūtu stājies tai plaisumā Viņa priekšā, novērst Viņa bardzību, lai nesamaitātu.
24 ২৪ তাৰ পাছত তেওঁলোকে সেই মনোহৰ দেশক তুচ্ছ কৰিলে, তেওঁলোকে যিহোৱাৰ কথাত বিশ্বাস নকৰিলে;
Tie necienīja to jauko zemi, tie neticēja Viņa Vārdam,
25 ২৫ নিজ নিজ তম্বুত তেওঁলোকে ভোৰ ভোৰালে, যিহোৱাৰ বাক্যলৈ তেওঁলোকে কর্ণপাত নকৰিলে।
Bet kurnēja savās teltīs un nepaklausīja Tā Kunga balsij.
26 ২৬ তাতে তেওঁ তেওঁলোকৰ বিৰুদ্ধে হাত উঠাই শপত খাই ক’লে, “মই তেওঁলোকক মৰুভূমিতে নিপাত কৰিম;
Tāpēc Viņš pacēla pret tiem Savu roku, tos nosist tuksnesī
27 ২৭ তেওঁলোকৰ বংশধৰসকলক জাতিবোৰৰ মাজত নিপাত কৰিম। বিভিন্ন দেশত ছিন্ন-ভিন্ন কৰিম।
Un nogāzt viņu dzimumu starp pagāniem un tos izkaisīt pa tām zemēm.
28 ২৮ পাছত তেওঁলোক বাল পিয়োৰৰ প্রতি আসক্ত হ’ল; মৃত লোকৰ উদ্দেশ্যে দিয়া বলিৰ মাংস ভোজন কৰিলে।
Tie pieķērās arī BaālPeoram un ēda mirušu upurus,
29 ২৯ এই দৰে তেওঁলোকে নিজৰ অপকৰ্মৰ দ্বাৰাই যিহোৱাক ক্রোধত উত্তেজিত কৰিলে। তাতে তেওঁলোকৰ মাজত মহামাৰীৰ প্রাদুর্ভাৱ হ’ল।
Un apkaitināja To Kungu ar saviem darbiem, ka mocība starp viņiem ielauzās.
30 ৩০ তেতিয়া পীনহচে উঠি বিচাৰ সাধন কৰিলে, তাতে মহামাৰী নিবৃত্ত হ’ল।
Tad Pinehas cēlās un sodīja, un tā mocība mitējās.
31 ৩১ পীনহচৰ পক্ষে সেয়া ধাৰ্মিকতা বুলি গণিত হ’ল; পুৰুষে পুৰুষে চিৰকালৰ কাৰণে গণিত হ’ল।
Un tas viņam tapa pielīdzināts par taisnību uz bērnu bērniem mūžīgi.
32 ৩২ তেওঁলোকে মিৰীবাৰ জলৰ দাঁতিত যিহোৱাৰ খং তুলিছিল, আৰু তেওঁলোকৰ কাৰণেই মোচিলৈ অমঙ্গল ঘটিছিল;
Un tie Viņu apkaitināja pie bāršanās ūdens, ka Mozum viņu dēļ ļaunums uzgāja.
33 ৩৩ তেওঁলোকে তেওঁৰ আত্মাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে, তাতে মোচিৰ মুখৰ পৰা অবিবেচনাৰ কথা বাহিৰ হ’ল।
Jo tie padarīja viņa sirdi rūgtu, ka viņš neapdomīgi runāja ar savām lūpām.
34 ৩৪ যিহোৱাই তেওঁলোকক আন জাতিবোৰক ধ্বংস কৰিবলৈ যি আজ্ঞা দিছিল, তেওঁলোকে তাক নকৰিলে।
Tie arī neizdeldēja tās tautas, kā Tas Kungs tiem bija pavēlējis;
35 ৩৫ বৰং সেই সকলো জাতিৰ লগত তেওঁলোকে নিজক মিশ্রিত কৰিলে, আৰু তেওঁলোকৰ আচাৰ-ব্যৱহাৰ শিকিলে।
Bet tie sajaucās ar pagāniem un mācījās viņu darbus;
36 ৩৬ তেওঁলোকৰ মূর্তিবোৰক তেওঁলোকে সেৱা-পূজা কৰিলে, আৰু সেইবোৰেই তেওঁলোকৰ ফান্দস্বৰূপ হ’ল।
Un kalpoja viņu elkiem, un tie viņiem palika par valgu.
37 ৩৭ এনে কি, ভূতবোৰৰ উদ্দেশ্যে তেওঁলোকে নিজৰ পুত্র-কন্যাবোৰক বলি দিলে।
Pat savus dēlus un savas meitas tie upurēja nešķīstiem gariem,
38 ৩৮ তেওঁলোকে নিৰ্দ্দোষীবোৰৰ ৰক্তপাত কৰিলে, তেওঁলোকৰ পুত্র-কন্যাবোৰৰ ৰক্তপাত কৰিলে, কনানীয়া মূর্তিবোৰৰ উদ্দেশ্যে সন্তানবোৰক বলি দিলে, গোটেই দেশ তেজেৰে অপবিত্ৰ হ’ল।
Un izlēja nenoziedzīgas asinis, savu dēlu un savu meitu asinis, ko tie upurēja Kanaāna elkiem, tā ka zeme tapa apgānīta caur asins vainām.
39 ৩৯ এইদৰেই তেওঁলোক নিজ নিজ কৰ্মৰ দ্বাৰাই অশুচি হ’ল; কাৰ্যৰ দ্বাৰা তেওঁলোকে নিজকে ব্যভিচাৰী কৰিলে।
Un tie sagānījās ar saviem darbiem un maukoja ar savām darīšanām.
40 ৪০ তাতে নিজৰ লোকসকলৰ ওপৰত যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল; নিজৰ অধিকাৰৰ লোকসকলৰ প্রতি তেওঁৰ ঘৃণা উপজিল।
Par to Tas Kungs ļoti iedusmojās pret Saviem ļaudīm un turēja par negantību Savu īpašumu;
41 ৪১ তেওঁ অন্যান্য জাতিবোৰৰ হাতত তেওঁলোকক শোধাই দিলে; তেওঁলোকক ঘিণ কৰাসকলেই তেওঁলোকক শাসন কৰিলে।
Un Viņš tos nodeva pagānu rokā, un viņu nīdētāji par tiem valdīja.
42 ৪২ তেওঁলোকৰ শত্ৰুবোৰে তেওঁলোকৰ ওপৰত উপদ্ৰৱ চলালে, তেওঁলোকৰ ক্ষমতাৰ অধীনত তেওঁলোক বশীভূত হ’ল।
Un viņu ienaidnieki tos apbēdināja un tos pazemoja apakš savas rokas.
43 ৪৩ তেওঁ অনেকবাৰ তেওঁলোকক উদ্ধাৰ কৰিলে; কিন্তু তেওঁলোক নিজৰ মন্ত্রণাতে বিদ্ৰোহী হ’ল; নিজৰ অপৰাধৰ কাৰণেই তেওঁলোক নীহ অৱস্থাত পৰিল।
Viņš tos izglāba daudzkārt, taču tie Viņu apkaitināja ar savu padomu un iznīka savu noziegumu dēļ.
44 ৪৪ তথাপি তেওঁ যেতিয়া তেওঁলোকৰ কাকুতি শুনিলে, তেওঁলোকৰ সঙ্কটৰ প্রতি দৃষ্টিপাত কৰিলে।
Bet Viņš uzlūkoja viņu bēdas un dzirdēja viņu kliegšanu,
45 ৪৫ তেওঁ তেওঁলোকৰ কাৰণে স্থাপন কৰা নিজৰ নিয়মটি সোঁৱৰণ কৰিলে; নিজৰ অসীম গভীৰ প্রেম অনুসাৰে তেওঁলোকক দয়া কৰিলে।
Un pieminēja viņu labad Savu derību, un Viņam bija žēl pēc Savas lielās žēlastības,
46 ৪৬ যিসকলে তেওঁলোকক বন্দী কৰিছিল, তেওঁলোক সকলোৰে দৃষ্টিত তেওঁ তেওঁলোকক দয়াৰ পাত্র কৰিলে।
Un lika tiem atrast sirds žēlastību pie visiem, kas tos turēja cietumā.
47 ৪৭ হে আমাৰ ঈশ্বৰ যিহোৱা, আমাক উদ্ধাৰ কৰা, জাতিবোৰৰ মাজৰ পৰা তুমি আমাক একগোট কৰা, যাতে আমি তোমাৰ পবিত্ৰ নামৰ ধন্যবাদ কৰিব পাৰোঁ, যেন তোমাৰ প্ৰশংসাৰ জয়গান কৰোঁ।
Atpestī mūs, Kungs, mūsu Dievs, un sapulcini mūs no tiem pagāniem, ka mēs pateicamies Tavam svētam vārdam un lielāmies ar Tavu slavu.
48 ৪৮ অনাদি কালৰ পৰা অনন্ত কাললৈকে, ধন্য ইস্রায়েলৰ ঈশ্বৰ যিহোৱা; সকলো লোকে “আমেন” বুলি কওক। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
Slavēts lai ir Tas Kungs, Israēla Dievs, mūžīgi mūžam, un visi ļaudis lai saka: Āmen! Alleluja.