< সামসঙ্গীত 104 >

1 হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা। হে মোৰ ঈশ্বৰ যিহোৱা, তুমি অতি মহান; তুমি গৌৰৱ আৰু মহিমাৰ সাজেৰে বিভূষিত।
Yin Olúwa, ìwọ ọkàn mi. Olúwa Ọlọ́run mi, ìwọ tóbi jọjọ; ọlá àti ọláńlá ni ìwọ wọ̀ ní aṣọ.
2 বস্ত্ৰৰ দৰে তুমি নিজকে দীপ্তিৰে ঢাকিছা, আকাশমণ্ডলক তুমি চন্দ্ৰতাপৰ দৰে বিস্তৃত কৰিছা।
Ìwọ fi ìmọ́lẹ̀ bo ara rẹ gẹ́gẹ́ bí aṣọ; ó tẹ ọ̀run bí títẹ́ ẹní,
3 তোমাৰ কক্ষৰ চটি-কাঠ তুমি জলৰাশিত স্থাপন কৰিছা; মেঘবোৰক তুমি নিজৰ ৰথ কৰিছা, বতাহৰ ডেউকাৰ ওপৰত তুমি চলাচল কৰা।
ìwọ tí ó fi omi ṣe ìtì igi àjà ìyẹ̀wù rẹ. Ìwọ tí o ṣe àwọsánmọ̀ ní kẹ̀kẹ́ ogun rẹ ìwọ tí ó ń rìn lórí apá ìyẹ́ afẹ́fẹ́.
4 তুমি বতাহক তোমাৰ দূত কৰিছা; অগ্নিশিখাক নিজৰ পৰিচাৰক কৰিছা।
Ó fi ẹ̀fúùfù ṣe àwọn ìránṣẹ́ rẹ, ọ̀wọ́-iná ni àwọn olùránṣẹ́ rẹ.
5 তুমি পৃথিৱীক তাৰ নিজৰ ভিত্তিমূলৰ ওপৰত স্থাপন কৰিছা; সেয়ে কেতিয়াও লৰচৰ নহ’ব।
O fi ayé gúnlẹ̀ lórí àwọn ìpìlẹ̀; tí a kò le è mì láéláé.
6 তুমি পৃথিৱীক কাপোৰেৰে ঢকাৰ দৰে গভীৰ জলেৰে ঢাকিছিলা। সেই জল সমূহে পৰ্ব্বতবোৰো ঢাকিছিল।
Ìwọ fi ibú omi bò ó mọ́lẹ̀ bí aṣọ; àwọn omi sì dúró lórí àwọn òkè ńlá.
7 কিন্তু সেই জল সমূহ তোমাৰ ধমকিত পলাল; তোমাৰ গৰ্জ্জনৰ শব্দত সেইবোৰ বেগেৰে গুছি গ’ল।
Ṣùgbọ́n nípa ìbáwí rẹ ni àwọn omi lọ, nípa ohùn àrá rẹ ni wọ́n sálọ.
8 পৰ্ব্বতবোৰ ওখ হ’ল আৰু উপত্যকাবোৰ চাপৰ হ’ল; তুমি জল সমূহৰ কাৰণে যি ঠাই নিৰূপন কৰিলা, জল সেই ঠাইলৈ গ’ল।
wọ́n sàn kọjá lórí àwọn òkè, wọ́n sọ̀kalẹ̀ lọ sí àwọn pẹ̀tẹ́lẹ̀, sí ibi tí ìwọ ti yàn fún wọn.
9 এইভাৱে তুমি পানীৰ সীমা স্থাপন কৰিলা, যাতে পানীয়ে পুনৰ সীমা পাৰ হৈ পৃথিৱীক ঢাকিব নোৱাৰে।
Ìwọ gbé òpin tí wọn kò lè kọjá rẹ̀ kálẹ̀; láéláé ni wọ́n kò ní lè bo ayé mọ́lẹ̀ lẹ́ẹ̀kan sí i.
10 ১০ উপত্যকাবোৰত তুমিয়েই জুৰিবোৰ পঠাই দিয়া; সেইবোৰ পৰ্ব্বতবোৰৰ মাজেদি বৈ যায়।
Ìwọ mú kí ìsun da omi sí àwọn àfonífojì; tí ó ń sàn láàrín àwọn òkè.
11 ১১ সেইবোৰে সকলো বনৰীয়া পশুকে পান কৰিবলৈ পানী যোগায়; বনৰীয়া গাধবোৰে নিজৰ তৃষ্ণা পলুৱায়।
Wọ́n fún gbogbo àwọn ẹranko igbó ní omi àwọn kẹ́tẹ́kẹ́tẹ́ ń pa òǹgbẹ wọn.
12 ১২ জুৰিবোৰৰ দাঁতিত আকাশৰ পক্ষীবোৰে বাহ লয়, গছৰ ডালবোৰৰ মাজত সেইবোৰে গীত গায়।
Àwọn ẹyẹ ojú òfúrufú tẹ́ ìtẹ́ wọn lẹ́gbẹ̀ẹ́ omi wọ́n ń kọrin láàrín àwọn ẹ̀ka.
13 ১৩ তেওঁ আকাশৰ পৰা পৰ্ব্বতবোৰত পানী সিঁচি দিয়ে; তোমাৰ কৰ্মৰ ফলেৰে সৈতে পৃথিৱীখন পৰিতৃপ্ত হয়।
Ó bu omi rin àwọn òkè láti ìyẹ̀wù rẹ̀ wá; a tẹ́ ayé lọ́rùn nípa èso iṣẹ́ ọwọ́ rẹ.
14 ১৪ তুমিয়েই পশুৰ কাৰণে ঘাঁহ আৰু মানুহৰ কাৰণে শস্য উৎপন্ন হ’বলৈ দিয়া, যাতে ভূমিৰ পৰা ভৱিষ্যতৰ আহাৰ যোগান হয়;
Ó mú kí koríko hù jáde fún àwọn ẹranko láti jẹ àti àwọn ewébẹ̀ fún ènìyàn láti lò, kí ó lè mú oúnjẹ jáde láti ilẹ̀ wá.
15 ১৫ যাতে মানুহৰ মনক আনন্দ দিয়া দ্রাক্ষাৰস, মুখ উজ্জ্বল কৰা তেল, আৰু মানুহৰ হৃদয়ক সবল কৰা আহাৰ যোগান হয়।
Ọtí wáìnì tí ó ń mú ọkàn ènìyàn yọ̀, òróró láti mú ojú rẹ̀ tan, àti àkàrà láti ra ọkàn rẹ̀ padà.
16 ১৬ যিহোৱাৰ এনে গছবোৰে বৃষ্টিৰ প্রচুৰ পানী পায়; তেওঁ ৰোপন কৰা লিবানোনৰ এৰচ গছবোৰেও প্রচুৰ বৃষ্টি পায়।
Àwọn igi Olúwa ni a bu omi rin dáradára, kedari ti Lebanoni tí ó gbìn.
17 ১৭ সেই গছবোৰত চৰাইবোৰে বাহ লয়, দেৱদাৰু গছবোৰত হাড়গিলাই ঘৰ সাজে।
Níbẹ̀ ní àwọn ẹyẹ ṣe ìtẹ́ wọn bí ó ṣe tí àkọ̀ ni, orí igi gíga ni ilé rẹ̀.
18 ১৮ ওখ ওখ পৰ্ব্বতবোৰ বনৰীয়া ছাগৰ আবাস; শিলবোৰ চাফন পশুৰ আশ্ৰয়স্থান।
Àwọn òkè gíga ni ààbò fún àwọn ewúrẹ́ igbó; àti àwọn àlàpà jẹ́ ààbò fún àwọn ehoro.
19 ১৯ ঋতু নিৰূপন কৰিবলৈ তুমি চন্দ্ৰ নিৰ্ম্মাণ কৰিলা; তুমি নিৰূপন কৰা অনুসাৰে সূৰ্যই নিজৰ অস্ত যোৱা সময় জানে।
Òṣùpá jẹ́ àmì fún àkókò oòrùn sì mọ ìgbà tí yóò wọ̀.
20 ২০ তুমি অন্ধকাৰ কৰিলে ৰাতি হয়; অৰণ্যৰ পশুবোৰে তেতিয়া ঘূৰি ফুৰে।
Ìwọ mú òkùnkùn wá, ó sì di òru, nínú èyí tí gbogbo ẹranko igbó ń rìn kiri.
21 ২১ যুবা সিংহবোৰে চিকাৰ বিচাৰি গৰ্জ্জন কৰে; ঈশ্বৰৰ ওচৰত সিহঁতৰ আহাৰ বিচাৰে।
Kìnnìún ń bú ramúramù fún ohun ọdẹ wọn wọ́n sì ń wá oúnjẹ wọn láti ọ̀dọ̀ Ọlọ́run.
22 ২২ সূৰ্য উদয় হ’লে সিহঁত গুছি যায় আৰু নিজ নিজ গাতত শয়ন কৰে।
Oòrùn ràn, wọ́n sì kó ara wọn jọ, wọn padà lọ dùbúlẹ̀ sí ihò wọn.
23 ২৩ মানুহে নিজৰ নিজৰ কামলৈ ওলাই যায়; সন্ধ্যালৈকে পৰিশ্ৰম কৰে।
Ọkùnrin jáde lọ sí iṣẹ́ wọn, àti sí làálàá rẹ̀ títí di àṣálẹ́.
24 ২৪ হে যিহোৱা, তোমাৰ সৃষ্টিৰ কাৰ্য কিমান বহুমুখী! তোমাৰ জ্ঞানেৰে তুমি সেই সকলোকে নিৰ্ম্মাণ কৰিলা; সমগ্র বিশ্ব তোমাৰ সৃষ্ট বস্তুৰে পৰিপূৰ্ণ।
Iṣẹ́ rẹ ti pọ̀ tó, Olúwa! Nínú ọgbọ́n ni ìwọ ṣe gbogbo wọn: ayé kún fún àwọn ìṣẹ̀dá á rẹ.
25 ২৫ সৌৱা সমুদ্র, বৃহৎ আৰু বিস্তীর্ণ; তাৰ মাজত বগাই ফুৰা সৰু বৰ অসংখ্য উৰগ প্রাণী আছে।
Bẹ́ẹ̀ ni Òkun yìí tí ó tóbi, tí ó sì ni ìbú, tí ó kún fún àwọn ẹ̀dá alààyè ní ìsàlẹ̀ láìníye ohun alààyè tí tóbi àti kékeré.
26 ২৬ তাৰ মাজত জাহাজবোৰ চলে; তাত লিবিয়াথনো থাকে; তাক তুমি সাগৰত খেলা কৰিবলৈ নিৰ্ম্মাণ কৰিলা।
Níbẹ̀ ni ọkọ̀ ń lọ síwá sẹ́yìn, àti Lefitani, tí ìwọ dá láti ṣe àríyá nínú rẹ̀.
27 ২৭ সিহঁত সকলোৱেই তোমাৰ অপেক্ষাত থাকে; যেন তুমি যথা সময়ত সিহঁতক আহাৰ দিয়া।
Àwọn wọ̀nyí ń wò ọ́ láti fún wọn ní oúnjẹ wọn lákòókò rẹ̀.
28 ২৮ তুমি সিহঁতক দিলে, সিহঁতে তাক তুলি লয়; তুমি তোমাৰ হাত মুকলি কৰিলে, সিহঁতে ভাল ভাল বস্তু পাই পৰিতৃপ্ত হয়।
Nígbà tí ìwọ bá fi fún wọn, wọn yóò kó jọ; nígbà tí ìwọ bá la ọwọ́ rẹ̀, a tẹ́ wọn lọ́rùn pẹ̀lú ohun rere.
29 ২৯ তুমি মুখ লুকুৱালে, সিহঁত বিহ্বল হয়; তুমি সিহঁতৰ নিশ্বাস নিলে সিহঁত মৰি পুনৰায় ধুলিলৈ ওভটে।
Nígbà tí ìwọ bá pa ojú rẹ mọ́ ara kò rọ̀ wọ́n nígbà tí ìwọ bá mú ẹ̀mí wọn lọ, wọn ó kú, wọn ó sì padà sí erùpẹ̀.
30 ৩০ তোমাৰ আত্মা পঠালেই সিহঁতৰ সৃষ্টি হয়, আৰু তুমি ভূমিতল নতুন কৰি তোলা।
Nígbà tí ìwọ rán ẹ̀mí rẹ, ni a dá wọn, ìwọ sì tún ojú ayé ṣe.
31 ৩১ যিহোৱাৰ গৌৰৱ অনন্তকাল থাকক; যিহোৱাই নিজ কাৰ্যবোৰত আনন্দ কৰক।
Jẹ́ kí ògo Olúwa wà pẹ́ títí láé; kí inú Olúwa kí ó dùn ní ti iṣẹ́ rẹ̀,
32 ৩২ তেওঁ পৃথিৱীলৈ দৃষ্টি কৰিলে, সেয়ে কম্পিত হয়: তেওঁ পৰ্ব্বতবোৰ স্পর্শ কৰিলে, সেইবোৰ ধুঁমায়িত হয়।
ẹni tí ó wo ayé, tí ó sì wárìrì, ẹni tí ó fọwọ́ tọ́ àwọn òkè, tí wọ́n yọ èéfín.
33 ৩৩ মই জীয়াই থাকোঁমানে যিহোৱাৰ উদ্দেশ্যে গান কৰিম; মই থকালৈকে মোৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গাম।
Ní gbogbo ayé mi ní n ó kọrin sí Olúwa: èmi ó kọrin ìyìn sí Olúwa níwọ̀n ìgbà tí mo wà láààyè.
34 ৩৪ তেওঁৰ ওচৰত মোৰ ধ্যান মধুৰ হওক; মই যিহোৱাত আনন্দ কৰিম।
Jẹ́ kí ẹ̀kọ́ mi kí ó tẹ́ ọ lọ́rùn bí mo ti ń yọ̀ nínú Olúwa.
35 ৩৫ পাপীবোৰ পৃথিৱীৰ পৰা উচ্ছন্ন হওক; দুষ্টলোক আৰু নাথাকক। হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
Ṣùgbọ́n kí ẹlẹ́ṣẹ̀ kúrò láyé kí ènìyàn búburú má sì sí mọ́. Yin Olúwa, ìwọ ọkàn mi. Yin Olúwa.

< সামসঙ্গীত 104 >