< সামসঙ্গীত 104 >
1 ১ হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা। হে মোৰ ঈশ্বৰ যিহোৱা, তুমি অতি মহান; তুমি গৌৰৱ আৰু মহিমাৰ সাজেৰে বিভূষিত।
Nitamsifu Yahwe maisha yangu yote, Ewe Yahwe Mungu wangu, wewe ni mkubwa sana; umevikwa kwa utukufu na enzi.
2 ২ বস্ত্ৰৰ দৰে তুমি নিজকে দীপ্তিৰে ঢাকিছা, আকাশমণ্ডলক তুমি চন্দ্ৰতাপৰ দৰে বিস্তৃত কৰিছা।
Unajifunika mwenyewe kwa nuru kama kwa mavazi; umetandaza mbingu kama pazia za hema.
3 ৩ তোমাৰ কক্ষৰ চটি-কাঠ তুমি জলৰাশিত স্থাপন কৰিছা; মেঘবোৰক তুমি নিজৰ ৰথ কৰিছা, বতাহৰ ডেউকাৰ ওপৰত তুমি চলাচল কৰা।
Umeweka mawinguni mihimili ya vyumba vyako; huyafanya mawingu gari lako; hutembea juu ya mbawa za upepo.
4 ৪ তুমি বতাহক তোমাৰ দূত কৰিছা; অগ্নিশিখাক নিজৰ পৰিচাৰক কৰিছা।
Yeye huufanya upepo kuwa wajumbe wake, miale ya moto kuwa watumishi wake.
5 ৫ তুমি পৃথিৱীক তাৰ নিজৰ ভিত্তিমূলৰ ওপৰত স্থাপন কৰিছা; সেয়ে কেতিয়াও লৰচৰ নহ’ব।
Aliiweka misingi ya nchi, nayo haitahamishwa kamwe.
6 ৬ তুমি পৃথিৱীক কাপোৰেৰে ঢকাৰ দৰে গভীৰ জলেৰে ঢাকিছিলা। সেই জল সমূহে পৰ্ব্বতবোৰো ঢাকিছিল।
Wewe uliifunika nchi kwa maji kama kwa mavazi; maji yalifunika milima.
7 ৭ কিন্তু সেই জল সমূহ তোমাৰ ধমকিত পলাল; তোমাৰ গৰ্জ্জনৰ শব্দত সেইবোৰ বেগেৰে গুছি গ’ল।
Kukemea kwako kulifanya maji kupungua; kwa sauti ya radi yako yakaondoka kasi.
8 ৮ পৰ্ব্বতবোৰ ওখ হ’ল আৰু উপত্যকাবোৰ চাপৰ হ’ল; তুমি জল সমূহৰ কাৰণে যি ঠাই নিৰূপন কৰিলা, জল সেই ঠাইলৈ গ’ল।
Milima iliinuka, na mabonde yakaenea mahali ambapo wewe ulikwisha pachagua kwa ajili yao.
9 ৯ এইভাৱে তুমি পানীৰ সীমা স্থাপন কৰিলা, যাতে পানীয়ে পুনৰ সীমা পাৰ হৈ পৃথিৱীক ঢাকিব নোৱাৰে।
Umeweka mipaka kwa ajili yao ambao hayawezi kuupita; hayawezi kuifunika nchi tena.
10 ১০ উপত্যকাবোৰত তুমিয়েই জুৰিবোৰ পঠাই দিয়া; সেইবোৰ পৰ্ব্বতবোৰৰ মাজেদি বৈ যায়।
Yeye alifanya chemchemi kutiririsha maji mabondeni; mito kutiririka katikati ya milima.
11 ১১ সেইবোৰে সকলো বনৰীয়া পশুকে পান কৰিবলৈ পানী যোগায়; বনৰীয়া গাধবোৰে নিজৰ তৃষ্ণা পলুৱায়।
Inasambaza maji kwa ajili ya wanyama wote wa shambani; punda wa porini hukata kiu yao.
12 ১২ জুৰিবোৰৰ দাঁতিত আকাশৰ পক্ষীবোৰে বাহ লয়, গছৰ ডালবোৰৰ মাজত সেইবোৰে গীত গায়।
Kandokando ya mito ndege hujenga viota vyao; huimba kati ya matawi.
13 ১৩ তেওঁ আকাশৰ পৰা পৰ্ব্বতবোৰত পানী সিঁচি দিয়ে; তোমাৰ কৰ্মৰ ফলেৰে সৈতে পৃথিৱীখন পৰিতৃপ্ত হয়।
Humwagilia milima kutoka katika chumba chake cha maji mawinguni. Nchi imejazwa kwa matunda ya kazi yake.
14 ১৪ তুমিয়েই পশুৰ কাৰণে ঘাঁহ আৰু মানুহৰ কাৰণে শস্য উৎপন্ন হ’বলৈ দিয়া, যাতে ভূমিৰ পৰা ভৱিষ্যতৰ আহাৰ যোগান হয়;
Huzifanya nyasi kukua kwa ajili ya mifugo na mimea kwa ajili ya binadamu kulima ili kwamba mwanadamu aweze kuzalisha chakula toka nchini.
15 ১৫ যাতে মানুহৰ মনক আনন্দ দিয়া দ্রাক্ষাৰস, মুখ উজ্জ্বল কৰা তেল, আৰু মানুহৰ হৃদয়ক সবল কৰা আহাৰ যোগান হয়।
Hutengeneza mvinyo kumfurahisha mwanadamu, mafuta yakumfanya uso wake ung'ae, na chakula kwa ajili ya kuimarisha uhai wake.
16 ১৬ যিহোৱাৰ এনে গছবোৰে বৃষ্টিৰ প্রচুৰ পানী পায়; তেওঁ ৰোপন কৰা লিবানোনৰ এৰচ গছবোৰেও প্রচুৰ বৃষ্টি পায়।
Miti ya Yahwe hupata mvua nyingi; Mierezi ya Lebanoni aliyoipanda.
17 ১৭ সেই গছবোৰত চৰাইবোৰে বাহ লয়, দেৱদাৰু গছবোৰত হাড়গিলাই ঘৰ সাজে।
Hapo ndege hutengeneza viota vyao. Na korongo, misunobari ni nyuma yake.
18 ১৮ ওখ ওখ পৰ্ব্বতবোৰ বনৰীয়া ছাগৰ আবাস; শিলবোৰ চাফন পশুৰ আশ্ৰয়স্থান।
Mbuzi mwitu huishi kwenye milima mrefu; na urefu wa milima ni kimilio la wibari.
19 ১৯ ঋতু নিৰূপন কৰিবলৈ তুমি চন্দ্ৰ নিৰ্ম্মাণ কৰিলা; তুমি নিৰূপন কৰা অনুসাৰে সূৰ্যই নিজৰ অস্ত যোৱা সময় জানে।
Aliuchagua mwezi kuweka alama ya majira; jua latambua kuchwa kwake.
20 ২০ তুমি অন্ধকাৰ কৰিলে ৰাতি হয়; অৰণ্যৰ পশুবোৰে তেতিয়া ঘূৰি ফুৰে।
Wewe hufanya giza la usiku ambapo wanyama wote wa msituni hutoka nje.
21 ২১ যুবা সিংহবোৰে চিকাৰ বিচাৰি গৰ্জ্জন কৰে; ঈশ্বৰৰ ওচৰত সিহঁতৰ আহাৰ বিচাৰে।
Wana simba huunguruma kwa ajili ya mawindo na hutafuta chakula chao kutoka kwa Mungu.
22 ২২ সূৰ্য উদয় হ’লে সিহঁত গুছি যায় আৰু নিজ নিজ গাতত শয়ন কৰে।
Jua linapochomoza, huenda zao na kujilaza mapangoni mwao.
23 ২৩ মানুহে নিজৰ নিজৰ কামলৈ ওলাই যায়; সন্ধ্যালৈকে পৰিশ্ৰম কৰে।
Wakati huo huo, watu hutoka nje kuelekea kazi zao na utumishi wake mpaka jioni.
24 ২৪ হে যিহোৱা, তোমাৰ সৃষ্টিৰ কাৰ্য কিমান বহুমুখী! তোমাৰ জ্ঞানেৰে তুমি সেই সকলোকে নিৰ্ম্মাণ কৰিলা; সমগ্র বিশ্ব তোমাৰ সৃষ্ট বস্তুৰে পৰিপূৰ্ণ।
Yahwe, ni jinsi gani kazi zako zilivyo nyingi na za aina mbalimbali! Kwa hekima ulizifanya zote; nchi inafurika kwa kazi zako.
25 ২৫ সৌৱা সমুদ্র, বৃহৎ আৰু বিস্তীর্ণ; তাৰ মাজত বগাই ফুৰা সৰু বৰ অসংখ্য উৰগ প্রাণী আছে।
Kule kuna bahari, yenye kina kirefu na pana, ikiwa na viume vingi visivyo hesabika, vyote vidogo na vikubwa.
26 ২৬ তাৰ মাজত জাহাজবোৰ চলে; তাত লিবিয়াথনো থাকে; তাক তুমি সাগৰত খেলা কৰিবলৈ নিৰ্ম্মাণ কৰিলা।
Meli husafili humo, na ndimo alimo Lewiathani uliye muumba acheze baharini.
27 ২৭ সিহঁত সকলোৱেই তোমাৰ অপেক্ষাত থাকে; যেন তুমি যথা সময়ত সিহঁতক আহাৰ দিয়া।
Hawa wote hukutazama wewe uwape chakula kwa wakati.
28 ২৮ তুমি সিহঁতক দিলে, সিহঁতে তাক তুলি লয়; তুমি তোমাৰ হাত মুকলি কৰিলে, সিহঁতে ভাল ভাল বস্তু পাই পৰিতৃপ্ত হয়।
Unapowapa chakula, hukusanyika; ufunguapo mkono wako, wanatosheka.
29 ২৯ তুমি মুখ লুকুৱালে, সিহঁত বিহ্বল হয়; তুমি সিহঁতৰ নিশ্বাস নিলে সিহঁত মৰি পুনৰায় ধুলিলৈ ওভটে।
Unapouficha uso wako, wanateseka; ukiiondoa pumzi yao, wanakufa na kurudi mavumbini.
30 ৩০ তোমাৰ আত্মা পঠালেই সিহঁতৰ সৃষ্টি হয়, আৰু তুমি ভূমিতল নতুন কৰি তোলা।
Unapotuma Roho yako, wanaumbwa, nawe unaifanya upya nchi.
31 ৩১ যিহোৱাৰ গৌৰৱ অনন্তকাল থাকক; যিহোৱাই নিজ কাৰ্যবোৰত আনন্দ কৰক।
Utukufu wa Yahwe na udumu milele; Yahwe na aufurahie uumbaji wake.
32 ৩২ তেওঁ পৃথিৱীলৈ দৃষ্টি কৰিলে, সেয়ে কম্পিত হয়: তেওঁ পৰ্ব্বতবোৰ স্পর্শ কৰিলে, সেইবোৰ ধুঁমায়িত হয়।
Yeye hutazama nchi, nayo hutikisika; huigusa milima, nayo hutoa moshi.
33 ৩৩ মই জীয়াই থাকোঁমানে যিহোৱাৰ উদ্দেশ্যে গান কৰিম; মই থকালৈকে মোৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গাম।
Nitamwimbia Yahwe maisha yangu yote; nitamwimbia sifa Mungu wangu nigali ninaishi.
34 ৩৪ তেওঁৰ ওচৰত মোৰ ধ্যান মধুৰ হওক; মই যিহোৱাত আনন্দ কৰিম।
Mawazo yangu na yawe matamu kwake; nitafurahia katika Yahwe.
35 ৩৫ পাপীবোৰ পৃথিৱীৰ পৰা উচ্ছন্ন হওক; দুষ্টলোক আৰু নাথাকক। হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
Wenye dhambi na waondoshwe katika nchi, na waovu wasiwepo tena. Ninamsifu Yahwe maisha yangu yote. Msifuni Yahwe.