< সামসঙ্গীত 104 >
1 ১ হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা। হে মোৰ ঈশ্বৰ যিহোৱা, তুমি অতি মহান; তুমি গৌৰৱ আৰু মহিমাৰ সাজেৰে বিভূষিত।
Min sjæl, lov HERREN! HERRE min Gud, du er saare stor! Du er klædt i Højhed og Herlighed,
2 ২ বস্ত্ৰৰ দৰে তুমি নিজকে দীপ্তিৰে ঢাকিছা, আকাশমণ্ডলক তুমি চন্দ্ৰতাপৰ দৰে বিস্তৃত কৰিছা।
hyllet i Lys som en Kappe! Himlen spænder du ud som et Telt;
3 ৩ তোমাৰ কক্ষৰ চটি-কাঠ তুমি জলৰাশিত স্থাপন কৰিছা; মেঘবোৰক তুমি নিজৰ ৰথ কৰিছা, বতাহৰ ডেউকাৰ ওপৰত তুমি চলাচল কৰা।
du hvælver din Højsal i Vandene, gør Skyerne til din Vogn, farer frem paa Vindens Vinger;
4 ৪ তুমি বতাহক তোমাৰ দূত কৰিছা; অগ্নিশিখাক নিজৰ পৰিচাৰক কৰিছা।
Vindene gør du til Sendebud, Ildsluer til dine Tjenere!
5 ৫ তুমি পৃথিৱীক তাৰ নিজৰ ভিত্তিমূলৰ ওপৰত স্থাপন কৰিছা; সেয়ে কেতিয়াও লৰচৰ নহ’ব।
Du fæsted Jorden paa dens Grundvolde, aldrig i Evighed rokkes den;
6 ৬ তুমি পৃথিৱীক কাপোৰেৰে ঢকাৰ দৰে গভীৰ জলেৰে ঢাকিছিলা। সেই জল সমূহে পৰ্ব্বতবোৰো ঢাকিছিল।
Verdensdybet hylled den til som en Klædning, Vandene stod over Bjerge.
7 ৭ কিন্তু সেই জল সমূহ তোমাৰ ধমকিত পলাল; তোমাৰ গৰ্জ্জনৰ শব্দত সেইবোৰ বেগেৰে গুছি গ’ল।
For din Trusel flyede de, skræmtes bort ved din Tordenrøst,
8 ৮ পৰ্ব্বতবোৰ ওখ হ’ল আৰু উপত্যকাবোৰ চাপৰ হ’ল; তুমি জল সমূহৰ কাৰণে যি ঠাই নিৰূপন কৰিলা, জল সেই ঠাইলৈ গ’ল।
for op ad Bjerge og ned i Dale til det Sted, du havde beredt dem;
9 ৯ এইভাৱে তুমি পানীৰ সীমা স্থাপন কৰিলা, যাতে পানীয়ে পুনৰ সীমা পাৰ হৈ পৃথিৱীক ঢাকিব নোৱাৰে।
du satte en Grænse, de ej kommer over, saa de ikke igen skal tilhylle Jorden.
10 ১০ উপত্যকাবোৰত তুমিয়েই জুৰিবোৰ পঠাই দিয়া; সেইবোৰ পৰ্ব্বতবোৰৰ মাজেদি বৈ যায়।
Kilder lod du rinde i Dale, hen mellem Bjerge flød de;
11 ১১ সেইবোৰে সকলো বনৰীয়া পশুকে পান কৰিবলৈ পানী যোগায়; বনৰীয়া গাধবোৰে নিজৰ তৃষ্ণা পলুৱায়।
de læsker al Markens Vildt, Vildæsler slukker deres Tørst;
12 ১২ জুৰিবোৰৰ দাঁতিত আকাশৰ পক্ষীবোৰে বাহ লয়, গছৰ ডালবোৰৰ মাজত সেইবোৰে গীত গায়।
over dem bygger Himlens Fugle, mellem Grenene lyder deres Kvidder.
13 ১৩ তেওঁ আকাশৰ পৰা পৰ্ব্বতবোৰত পানী সিঁচি দিয়ে; তোমাৰ কৰ্মৰ ফলেৰে সৈতে পৃথিৱীখন পৰিতৃপ্ত হয়।
Fra din Højsal vander du Bjergene, Jorden mættes fra dine Skyer;
14 ১৪ তুমিয়েই পশুৰ কাৰণে ঘাঁহ আৰু মানুহৰ কাৰণে শস্য উৎপন্ন হ’বলৈ দিয়া, যাতে ভূমিৰ পৰা ভৱিষ্যতৰ আহাৰ যোগান হয়;
du lader Græs gro frem til Kvæget og Urter til Menneskets Tjeneste, saa du frembringer Brød af Jorden
15 ১৫ যাতে মানুহৰ মনক আনন্দ দিয়া দ্রাক্ষাৰস, মুখ উজ্জ্বল কৰা তেল, আৰু মানুহৰ হৃদয়ক সবল কৰা আহাৰ যোগান হয়।
og Vin, der glæder Menneskets Hjerte, og lader Ansigtet glinse af Olie, og Brødet skal styrke Menneskets Hjerte.
16 ১৬ যিহোৱাৰ এনে গছবোৰে বৃষ্টিৰ প্রচুৰ পানী পায়; তেওঁ ৰোপন কৰা লিবানোনৰ এৰচ গছবোৰেও প্রচুৰ বৃষ্টি পায়।
HERRENS Træer bliver mætte, Libanons Cedre, som han har plantet,
17 ১৭ সেই গছবোৰত চৰাইবোৰে বাহ লয়, দেৱদাৰু গছবোৰত হাড়গিলাই ঘৰ সাজে।
hvor Fuglene bygger sig Rede; i Cypresser har Storken sin Bolig.
18 ১৮ ওখ ওখ পৰ্ব্বতবোৰ বনৰীয়া ছাগৰ আবাস; শিলবোৰ চাফন পশুৰ আশ্ৰয়স্থান।
Højfjeldet er for Stenbukken, Klipperne Grævlingens Tilflugt.
19 ১৯ ঋতু নিৰূপন কৰিবলৈ তুমি চন্দ্ৰ নিৰ্ম্মাণ কৰিলা; তুমি নিৰূপন কৰা অনুসাৰে সূৰ্যই নিজৰ অস্ত যোৱা সময় জানে।
Du skabte Maanen for Festernes Skyld, Solen kender sin Nedgangs Tid;
20 ২০ তুমি অন্ধকাৰ কৰিলে ৰাতি হয়; অৰণ্যৰ পশুবোৰে তেতিয়া ঘূৰি ফুৰে।
du sender Mørke, Natten kommer, da rører sig alle Skovens Dyr;
21 ২১ যুবা সিংহবোৰে চিকাৰ বিচাৰি গৰ্জ্জন কৰে; ঈশ্বৰৰ ওচৰত সিহঁতৰ আহাৰ বিচাৰে।
de unge Løver brøler efter Rov, de kræver deres Føde af Gud.
22 ২২ সূৰ্য উদয় হ’লে সিহঁত গুছি যায় আৰু নিজ নিজ গাতত শয়ন কৰে।
De sniger sig bort, naar Sol staar op, og lægger sig i deres Huler;
23 ২৩ মানুহে নিজৰ নিজৰ কামলৈ ওলাই যায়; সন্ধ্যালৈকে পৰিশ্ৰম কৰে।
Mennesket gaar til sit Dagværk, ud til sin Gerning, til Kvæld falder paa.
24 ২৪ হে যিহোৱা, তোমাৰ সৃষ্টিৰ কাৰ্য কিমান বহুমুখী! তোমাৰ জ্ঞানেৰে তুমি সেই সকলোকে নিৰ্ম্মাণ কৰিলা; সমগ্র বিশ্ব তোমাৰ সৃষ্ট বস্তুৰে পৰিপূৰ্ণ।
Hvor mange er dine Gerninger, HERRE, du gjorde dem alle med Visdom; Jorden er fuld af, hvad du har skabt!
25 ২৫ সৌৱা সমুদ্র, বৃহৎ আৰু বিস্তীর্ণ; তাৰ মাজত বগাই ফুৰা সৰু বৰ অসংখ্য উৰগ প্রাণী আছে।
Der er Havet, stort og vidt, der vrimler det uden Tal af Dyr, baade smaa og store;
26 ২৬ তাৰ মাজত জাহাজবোৰ চলে; তাত লিবিয়াথনো থাকে; তাক তুমি সাগৰত খেলা কৰিবলৈ নিৰ্ম্মাণ কৰিলা।
Skibene farer der, Livjatan, som du danned til Leg deri.
27 ২৭ সিহঁত সকলোৱেই তোমাৰ অপেক্ষাত থাকে; যেন তুমি যথা সময়ত সিহঁতক আহাৰ দিয়া।
De bier alle paa dig, at du skal give dem Føde i Tide;
28 ২৮ তুমি সিহঁতক দিলে, সিহঁতে তাক তুলি লয়; তুমি তোমাৰ হাত মুকলি কৰিলে, সিহঁতে ভাল ভাল বস্তু পাই পৰিতৃপ্ত হয়।
du giver dem den, og de sanker, du aabner din Haand, og de mættes med godt.
29 ২৯ তুমি মুখ লুকুৱালে, সিহঁত বিহ্বল হয়; তুমি সিহঁতৰ নিশ্বাস নিলে সিহঁত মৰি পুনৰায় ধুলিলৈ ওভটে।
Du skjuler dit Aasyn, og de forfærdes; du tager deres Aand, og de dør og vender tilbage til Støvet;
30 ৩০ তোমাৰ আত্মা পঠালেই সিহঁতৰ সৃষ্টি হয়, আৰু তুমি ভূমিতল নতুন কৰি তোলা।
du sender din Aand, og de skabes, Jordens Aasyn fornyer du.
31 ৩১ যিহোৱাৰ গৌৰৱ অনন্তকাল থাকক; যিহোৱাই নিজ কাৰ্যবোৰত আনন্দ কৰক।
HERRENS Herlighed vare evindelig, HERREN glæde sig ved sine Værker!
32 ৩২ তেওঁ পৃথিৱীলৈ দৃষ্টি কৰিলে, সেয়ে কম্পিত হয়: তেওঁ পৰ্ব্বতবোৰ স্পর্শ কৰিলে, সেইবোৰ ধুঁমায়িত হয়।
Et Blik fra ham, og Jorden skælver, et Stød fra ham, og Bjergene ryger.
33 ৩৩ মই জীয়াই থাকোঁমানে যিহোৱাৰ উদ্দেশ্যে গান কৰিম; মই থকালৈকে মোৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গাম।
Jeg vil synge for HERREN, saa længe jeg lever, lovsynge min Gud, den Tid jeg er til.
34 ৩৪ তেওঁৰ ওচৰত মোৰ ধ্যান মধুৰ হওক; মই যিহোৱাত আনন্দ কৰিম।
Min Sang være ham til Behag, jeg har min Glæde i HERREN.
35 ৩৫ পাপীবোৰ পৃথিৱীৰ পৰা উচ্ছন্ন হওক; দুষ্টলোক আৰু নাথাকক। হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
Maatte Syndere svinde fra Jorden og gudløse ikke mer være til! Min Sjæl, lov HERREN! Halleluja!