< সামসঙ্গীত 103 >
1 ১ হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা; হে মোৰ ভিতৰত থকা সকলো অংশ, তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা।
Dāvida dziesma. Teici To Kungu, mana dvēsele, un viss, kas iekš manis, Viņa svēto vārdu.
2 ২ হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা, তেওঁৰ উপকাৰবোৰ নাপাহৰিবা।
Teici To Kungu, mana dvēsele, un neaizmirsti, ko Viņš tev laba darījis.
3 ৩ যি জনাই তোমাৰ সকলো অপৰাধ ক্ষমা কৰে, তোমাৰ সকলো ৰোগ সুস্থ কৰে,
Viņš piedod visus tavus grēkus un dziedina visas tavas vainas.
4 ৪ যি জনাই তোমাৰ জীৱন বিনাশৰ পৰা মুক্ত কৰে, যি জনাই অসীম দয়া আৰু নানা প্ৰকাৰ কৰুণাৰ মুকুটেৰে তোমাক বিভূষিত কৰে,
Viņš izglābj tavu dzīvību no samaitāšanas un pušķo tevi ar žēlastību un apžēlošanām.
5 ৫ যি জনাই উত্তম দ্রব্যৰে তোমাৰ মুখ তৃপ্ত কৰে, তেওঁ ঈগল পক্ষীৰ দৰে তোমাক নতুন যৌৱন কাল দিব।
Viņš pieēdina tavu muti ar labumu, ka tu atjaunojies kā ērglis.
6 ৬ যিহোৱাই উচিত কাৰ্য কৰে; উপদ্ৰৱ পোৱা লোকসকলৰ পক্ষে বিচাৰ নিষ্পত্তি কৰে।
Tas Kungs izdod taisnību un tiesu visiem, kas top apbēdināti.
7 ৭ তেওঁ মোচিক নিজৰ পথবোৰ, আৰু ইস্ৰায়েলৰ বংশধৰসকলক নিজৰ কাৰ্যবোৰ জনালে
Viņš Mozum darījis zināmus Savus ceļus, Israēla bērniem Savus darbus.
8 ৮ যিহোৱা স্নেহশীল আৰু কৃপাময়। তেওঁ ক্ৰোধত ধীৰ আৰু দয়াত মহান।
Žēlīgs un lēnīgs ir Tas Kungs, pacietīgs un no lielas žēlastības.
9 ৯ তেওঁ সদায় ধমকি দি নাথাকিব, চিৰকাললৈকে ক্ৰোধো নাৰাখিব।
Viņš ķildu neturēs mūžam un nedusmosies mūžīgi.
10 ১০ তেওঁ আমাৰ পাপ অনুসাৰে আমালৈ কাৰ্য কৰা নাই, আমাৰ অধৰ্ম অনুসাৰে আমাক প্ৰতিফল দিয়া নাই।
Viņš mums nedara pēc mūsu grēkiem un mums nemaksā pēc mūsu noziegumiem.
11 ১১ কিয়নো পৃথিৱীৰ পৰা আকাশ-মণ্ডল যিমান ওখ, তেওঁলৈ ভয় ৰাখোঁতাসকলৰ প্রতি তেওঁৰ দয়াও সিমান মহৎ।
Jo cik augstas debesis ir pār zemi, tik spēcīga Viņa žēlastība pār tiem, kas Viņu bīstas.
12 ১২ পূৱৰ পৰা পশ্চিমলৈ যিমান দূৰ, তেওঁ আমাৰ অপৰাধো আমাৰ পৰা সিমান দূৰ কৰিলে।
Cik tālu rīti no vakariem, tik tālu Viņš liek mūsu pārkāpumus nost no mums.
13 ১৩ বাপেকে নিজ সন্তানক স্নেহ কৰাৰ দৰে যিহোৱাই তেওঁলৈ ভয় ৰাখোঁতাসকলক স্নেহ কৰে;
Tā kā tēvs apžēlojās par bērniem, tā Tas Kungs žēlo tos, kas Viņu bīstas.
14 ১৪ কিয়নো তেৱেঁই আমাৰ গঠন জানে, আমি যে ধূলি মাথোন, তাক তেওঁ সোঁৱৰণ কৰে।
Jo Viņš zin, kāds radījums mēs esam, Viņš piemin, ka mēs esam pīšļi.
15 ১৫ মানুহৰ আয়ুস তৃণৰ নিচিনা; যেনেকৈ পথাৰৰ ফুল, তেনেকৈয়ে তেওঁ প্ৰফুল্লিত হয়।
Cilvēks savā dzīvībā ir kā zāle, viņš zied kā puķe laukā.
16 ১৬ ফুলৰ ওপৰেদি বতাহ বলিলেই ফুল সৰি নাইকিয়া হয়; সেই স্থানেও তাক চিনি নাপায়।
Kad vējš pār to pāriet, tad viņas vairs nav, un viņas vietu vairs nepazīst.
17 ১৭ কিন্তু যিহোৱাক ভয় কৰাসকলৰ ওপৰত তেওঁৰ দয়া অনাদিকালৰ পৰা অনন্তকাল পর্যন্ত থাকে, আৰু তেওঁৰ ধাৰ্মিকতা বংশৰ পিছত বংশ বর্তি থাকে।
Bet Tā Kunga žēlastība paliek mūžīgi mūžam pār tiem, kas Viņu bīstas, un Viņa taisnība līdz bērnu bērniem
18 ১৮ তেওঁলোকে যিহোৱাৰ ব্যৱস্থা মানি চলে আৰু তেওঁৰ আদেশবোৰ সোঁৱৰণ কৰি পালন কৰে।
Pie tiem, kas Viņa derību tur un Viņa baušļus piemin, ka tie tos dara.
19 ১৯ যিহোৱাই স্বৰ্গত নিজৰ সিংহাসন স্থাপন কৰিলে; তেওঁৰ শাসন সকলোৰে ওপৰত আছে।
Tas Kungs ir stiprinājis Savu godības krēslu debesīs, un Viņa valstība valda pār visu.
20 ২০ হে যিহোৱাৰ দূতবোৰ, তোমালোক পৰাক্রমী বীৰ; যিহোৱাৰ কথাৰ বাধ্যতাত থাকি তেওঁৰ আজ্ঞা পালন কৰাসকল, তোমালোকে তেওঁৰ ধন্যবাদ কৰা;
Teiciet To Kungu, Viņa eņģeļi, jūs stiprie karotāji, kas Viņa vārdu izdara, klausīdami Viņa vārda balsi.
21 ২১ হে যিহোৱাৰ বাহিনী সমূহ, যিহোৱাৰ ইচ্ছা পূৰণ কৰা তেওঁৰ পৰিচাৰকসকল, তেওঁৰ ধন্যবাদ কৰা।
Teiciet To Kungu, visi Viņa spēcīgie pulki, jūs Viņa sulaiņi, kas dara pēc Viņa prāta.
22 ২২ হে যিহোৱাৰ সকলো নির্মিত বস্তু, তেওঁৰ অধীনৰ সকলো স্থানত তেওঁৰ ধন্যবাদ কৰা; হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা।
Teiciet To Kungu, visi Viņa darbi visās vietās, kur Viņš valda. Teici To Kungu, mana dvēsele.