< সামসঙ্গীত 103 >

1 হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা; হে মোৰ ভিতৰত থকা সকলো অংশ, তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা।
[A Psalm] of David. Bless the Lord, O my soul; and all [that is] within me, [bless] his holy name.
2 হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা, তেওঁৰ উপকাৰবোৰ নাপাহৰিবা।
Bless the Lord, O my soul, and forget not all his praises:
3 যি জনাই তোমাৰ সকলো অপৰাধ ক্ষমা কৰে, তোমাৰ সকলো ৰোগ সুস্থ কৰে,
who forgives all your transgressions, who heals all your diseases;
4 যি জনাই তোমাৰ জীৱন বিনাশৰ পৰা মুক্ত কৰে, যি জনাই অসীম দয়া আৰু নানা প্ৰকাৰ কৰুণাৰ মুকুটেৰে তোমাক বিভূষিত কৰে,
who redeems your life from corruption; who crowns you with mercy and compassion;
5 যি জনাই উত্তম দ্রব্যৰে তোমাৰ মুখ তৃপ্ত কৰে, তেওঁ ঈগল পক্ষীৰ দৰে তোমাক নতুন যৌৱন কাল দিব।
who satisfies your desire with good things: [so that] your youth shall be renewed like [that] of the eagle.
6 যিহোৱাই উচিত কাৰ্য কৰে; উপদ্ৰৱ পোৱা লোকসকলৰ পক্ষে বিচাৰ নিষ্পত্তি কৰে।
The Lord executes mercy and judgment for all that are injured.
7 তেওঁ মোচিক নিজৰ পথবোৰ, আৰু ইস্ৰায়েলৰ বংশধৰসকলক নিজৰ কাৰ্যবোৰ জনালে
He made known his ways to Moses, his will to the children of Israel.
8 যিহোৱা স্নেহশীল আৰু কৃপাময়। তেওঁ ক্ৰোধত ধীৰ আৰু দয়াত মহান।
The Lord is compassionate and pitiful, longsuffering, and full of mercy.
9 তেওঁ সদায় ধমকি দি নাথাকিব, চিৰকাললৈকে ক্ৰোধো নাৰাখিব।
He will not be always angry; neither will he be wrathful for ever.
10 ১০ তেওঁ আমাৰ পাপ অনুসাৰে আমালৈ কাৰ্য কৰা নাই, আমাৰ অধৰ্ম অনুসাৰে আমাক প্ৰতিফল দিয়া নাই।
He has not dealt with us according to our sins, nor recompensed us according to our iniquities.
11 ১১ কিয়নো পৃথিৱীৰ পৰা আকাশ-মণ্ডল যিমান ওখ, তেওঁলৈ ভয় ৰাখোঁতাসকলৰ প্রতি তেওঁৰ দয়াও সিমান মহৎ।
For as the heaven is high above the earth, the Lord has [so] increased his mercy toward them that fear him.
12 ১২ পূৱৰ পৰা পশ্চিমলৈ যিমান দূৰ, তেওঁ আমাৰ অপৰাধো আমাৰ পৰা সিমান দূৰ কৰিলে।
As far as the east is from the west, [so far] has he removed our transgressions from us.
13 ১৩ বাপেকে নিজ সন্তানক স্নেহ কৰাৰ দৰে যিহোৱাই তেওঁলৈ ভয় ৰাখোঁতাসকলক স্নেহ কৰে;
As a father pities [his] children, the Lord pities them that fear him.
14 ১৪ কিয়নো তেৱেঁই আমাৰ গঠন জানে, আমি যে ধূলি মাথোন, তাক তেওঁ সোঁৱৰণ কৰে।
For he knows our frame: remember that we are dust.
15 ১৫ মানুহৰ আয়ুস তৃণৰ নিচিনা; যেনেকৈ পথাৰৰ ফুল, তেনেকৈয়ে তেওঁ প্ৰফুল্লিত হয়।
[As for] man, his days are as grass; as a flower of the field, so shall he flourish.
16 ১৬ ফুলৰ ওপৰেদি বতাহ বলিলেই ফুল সৰি নাইকিয়া হয়; সেই স্থানেও তাক চিনি নাপায়।
For the wind passes over it, and it shall not be; and it shall know its place no more.
17 ১৭ কিন্তু যিহোৱাক ভয় কৰাসকলৰ ওপৰত তেওঁৰ দয়া অনাদিকালৰ পৰা অনন্তকাল পর্যন্ত থাকে, আৰু তেওঁৰ ধাৰ্মিকতা বংশৰ পিছত বংশ বর্তি থাকে।
But the mercy of the Lord is from generation to generation upon them that fear him, and his righteousness to children's children;
18 ১৮ তেওঁলোকে যিহোৱাৰ ব্যৱস্থা মানি চলে আৰু তেওঁৰ আদেশবোৰ সোঁৱৰণ কৰি পালন কৰে।
to them that keep his covenant, and remember his commandments to do them.
19 ১৯ যিহোৱাই স্বৰ্গত নিজৰ সিংহাসন স্থাপন কৰিলে; তেওঁৰ শাসন সকলোৰে ওপৰত আছে।
The Lord has prepared his throne in the heaven; and his kingdom rules over all.
20 ২০ হে যিহোৱাৰ দূতবোৰ, তোমালোক পৰাক্রমী বীৰ; যিহোৱাৰ কথাৰ বাধ্যতাত থাকি তেওঁৰ আজ্ঞা পালন কৰাসকল, তোমালোকে তেওঁৰ ধন্যবাদ কৰা;
Bless the Lord, all you his angels, mighty in strength, who perform his bidding, [ready] to listen to the voice of his words.
21 ২১ হে যিহোৱাৰ বাহিনী সমূহ, যিহোৱাৰ ইচ্ছা পূৰণ কৰা তেওঁৰ পৰিচাৰকসকল, তেওঁৰ ধন্যবাদ কৰা।
Bless the Lord, all you his hosts; [you] ministers of his that do his will.
22 ২২ হে যিহোৱাৰ সকলো নির্মিত বস্তু, তেওঁৰ অধীনৰ সকলো স্থানত তেওঁৰ ধন্যবাদ কৰা; হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা।
Bless the Lord, all his works, in every place of his dominion: bless the Lord, O my soul.

< সামসঙ্গীত 103 >