< সামসঙ্গীত 102 >

1 হে যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা; মোৰ কাতৰোক্তি তোমাৰ আগত উপস্থিত হওক।
Молитва нищаго, егда уныет и пред Господем пролиет моление свое. Господи, услыши молитву мою, и вопль мой к Тебе да приидет.
2 সঙ্কটৰ কালত তোমাৰ মুখ মোৰ পৰা লুকুৱাই নাৰাখিবা; মোলৈ কাণ পাতা; মই প্ৰাৰ্থনা কৰা কালত শীঘ্ৰে মোক উত্তৰ দিয়া।
Не отврати лица Твоего от мене: в оньже аще день скорблю, приклони ко мне ухо Твое: в оньже аще день призову Тя, скоро услыши мя.
3 কিয়নো ধুঁৱাৰ নিচিনাকৈ মোৰ দিনবোৰ বিলীন হৈ গৈছে, মোৰ অস্থিবোৰ যেন অগ্নিশালৰ জুইত জ্বলিছে।
Яко изчезоша яко дым дние мои, и кости моя яко сушило сосхошася.
4 ৰ’দৰ তাপত লেৰেলি যোৱা ঘাঁহৰ নিচিনাকৈ মোৰ হৃদয় শুকাই গৈছে; এনে কি মই ভোজন কৰিবলৈও পাহৰি যাওঁ।
Уязвлен бых яко трава, и изсше сердце мое, яко забых снести хлеб мой.
5 মই বৰকৈ কেঁকাই থকাত মোৰ অস্থিবোৰ শৰীৰৰ ছালত লাগি গৈছে।
От гласа воздыхания моего прильпе кость моя плоти моей.
6 মই মৰুভূমিত বাস কৰা এটি ফেঁচাৰ নিচিনা হ’লো, ধ্বংসস্তূপত থকা এটা অকলশৰীয়া সৰু ফেঁচাৰ দৰে হ’লো।
Уподобихся неясыти пустынней, бых яко нощный вран на нырищи.
7 মই টোপনি যাব নোৱাৰো; ঘৰৰ চালত থকা অকলশৰীয়া চৰাইজনীৰ সদৃশ হ’লো।
Бдех и бых яко птица особящаяся на зде.
8 মোৰ শত্ৰুবোৰে দিনে-ৰাতিয়ে মোক বিদ্রূপ কৰে; মোৰ বিৰুদ্ধে খঙত উন্মত্ত লোকসকলে মোৰ নাম শাও ৰূপে ব্যৱহাৰ কৰে।
Весь день поношаху ми врази мои, и хвалящии мя мною кленяхуся.
9 বাস্তৱিক মই আহাৰ স্বৰূপে ভস্ম খাওঁ; পেয় দ্রব্যৰে সৈতে মোৰ চকুলো মিহলাও;
Зане пепел яко хлеб ядях и питие мое с плачем растворях,
10 ১০ ইয়াৰ কাৰণ হৈছে তোমাৰ ৰোষ আৰু তোমাৰ ক্রোধ; কিয়নো তুমি মোক ওপৰলৈ তুলি দলিয়াই পেলাই দিলা।
от лица гнева Твоего и ярости Твоея: яко вознес низвергл мя еси.
11 ১১ মোৰ দিনবোৰ সন্ধিয়া পৰৰ ছাঁৰ নিচিনা হৈছে; মই তৃণৰ দৰে শুকাই গৈছোঁ।
Дние мои яко сень уклонишася, и аз яко сено изсхох.
12 ১২ কিন্তু, হে যিহোৱা, তুমি হ’লে তোমাৰ সিংহাসনত চিৰকাললৈকে থাকা; তোমাৰ নামৰ যশস্যা পুৰুষে পুৰুষে স্থায়ী।
Ты же, Господи, во век пребываеши, и память Твоя в род и род.
13 ১৩ তুমি উঠিবা, চিয়োনলৈ কৃপা কৰিবা; এতিয়াই তাৰ প্রতি দয়া কৰাৰ সময় হৈছে, কাৰণ নিৰূপিত সময় উপস্থিত হ’ল।
Ты воскрес ущедриши Сиона: яко время ущедрити его, яко прииде время.
14 ১৪ তোমাৰ দাসবোৰৰ ওচৰত তাৰ শিলবোৰ প্রিয়, তাৰ ধুলিকণাৰ ওপৰতো তেওঁলোকৰ মমতা আছে।
Яко благоволиша раби Твои камение его, и персть его ущедрят.
15 ১৫ যিহোৱাৰ নামক সকলো জাতিয়ে ভয় কৰিব, পৃথিৱীৰ সমুদায় ৰজা তোমাৰ প্ৰতাপত ভীত হ’ব।
И убоятся языцы имене Господня, и вси царие земстии славы Твоея:
16 ১৬ কিয়নো যিহোৱাই পুনৰ চিয়োনক নিৰ্ম্মাণ কৰিব; তেওঁ নিজৰ মহিমাৰে দৰ্শন দিব।
яко созиждет Господь Сиона и явится во славе Своей.
17 ১৭ সেই সময়ত তেওঁ দীনহীনবোৰৰ প্রার্থনাৰ উত্তৰ দিব, তেওঁলোকৰ প্রার্থনাক তেওঁ অগ্রাহ্য নকৰিব।
Призре на молитву смиренных и не уничижи моления их.
18 ১৮ ভাৱী বংশধৰসকলৰ কাৰণে এই সকলো কথা লিখি থোৱা হ’ব, যাতে এতিয়া জন্ম নোহোৱা সন্তান সকলেও যিহোৱাৰ প্রশংসা কৰিব পাৰে।
Да напишется сие в род ин, и людие зиждемии восхвалят Господа:
19 ১৯ কিয়নো তেওঁৰ পবিত্র উচ্চ স্থানৰ পৰা তেওঁ তললৈ দৃষ্টি কৰিলে; যিহোৱাই স্বর্গৰ পৰা পৃথিৱীলৈ দৃষ্টি কৰিলে,
яко приниче с высоты святыя Своея, Господь с небесе на землю призре,
20 ২০ যাতে বন্দীসকলৰ কেঁকনি শুনিব পাৰে, মৃত্যুদণ্ডৰে অভিযুক্ত সকলক মুক্ত কৰিব পাৰে।
услышати воздыхание окованных, разрешити сыны умерщвленных:
21 ২১ চিয়োনত যিহোৱাৰ নাম প্রচাৰিত হ’ব, যিৰূচালেমত তেওঁৰ প্ৰশংসা-স্তুতি হ’ব,
возвестити в Сионе имя Господне и хвалу Его во Иерусалиме,
22 ২২ যেতিয়া যিহোৱাৰ সেৱা কৰিবৰ কাৰণে সকলো জাতি আৰু ৰাজ্যবোৰ একত্রিত হ’ব।
внегда собратися людем вкупе и царем, еже работати Господеви.
23 ২৩ জীৱন পথৰ মাজতেই যিহোৱাই মোৰ শক্তি কমাই দিলে; মোৰ আয়ুস চুটি কৰি দিলে।
Отвеща Ему на пути крепости Его: умаление дний моих возвести ми:
24 ২৪ সেয়ে মই কৈছো, “হে মোৰ ঈশ্বৰ, জীৱনৰ মাজভাগতে তুমি মোক তুলি নিনিবা; তোমাৰ বছৰবোৰতো সর্বপুৰুষলৈকে স্থায়ী।”
не возведи мене во преполовение дний моих: в роде родов лета Твоя.
25 ২৫ অনেক কালৰ আগতে তুমি এই বিশ্বৰ ভিত্তিমূল স্থাপন কৰিলা; আকাশমণ্ডল তোমাৰ হাতৰ কাৰ্য।
В началех Ты, Господи, землю основал еси, и дела руку Твоею суть небеса.
26 ২৬ সেইবোৰ ধ্বংস হৈ যাব, কিন্তু তুমি হ’লে চিৰকাল থাকিবা; কাপোৰৰ দৰে সেই সকলো জীৰ্ণ হৈ যাব; তুমি সেইবোৰক বস্ত্ৰৰ নিচিনাকৈ সলনি কৰিবা; তাতে সেইবোৰ আৰু নাথাকিব।
Та погибнут, Ты же пребываеши: и вся яко риза обетшают, и яко одежду свиеши я, и изменятся.
27 ২৭ কিন্তু তুমি হ’লে সদায় একে, তোমাৰ বছৰৰ কেতিয়াও শেষ নহ’ব।
Ты же тойжде еси, и лета Твоя не оскудеют.
28 ২৮ তোমাৰ দাসবোৰৰ সন্তান সকল জীয়াই থাকিব; তেওঁলোকৰ বংশধৰসকল তোমাৰ উপস্থিতিত থিৰে থাকিব।
Сынове раб Твоих вселятся, и семя их во век исправится.

< সামসঙ্গীত 102 >