< সামসঙ্গীত 101 >

1 মই দয়া আৰু ন্যায় বিচাৰৰ গীত গাম; হে যিহোৱা, মই তোমাৰ উদ্দেশ্যে প্ৰশংসাৰ গান গাম।
زەبوورێکی داود. گۆرانی بەسەر خۆشەویستییە نەگۆڕەکەت و دادپەروەریتدا دەڵێم، ئەی یەزدان، سروودی ستایش بۆ تۆ دەڵێم.
2 মই সিদ্ধ পথত চলিবলৈ মনোযোগ দিম; তুমি কেতিয়া মোৰ ওচৰলৈ আহিবা? মোৰ ঘৰৰ ভিতৰত মই হৃদয়ৰ সিদ্ধতাত চলিম।
لە ڕێگای تەواوەتی وریا دەبمەوە. کەی دێیت بۆ لام؟ بە دڵێکی تەواوەوە هەڵسوکەوت دەکەم، لەناو ماڵی خۆم.
3 মই জঘন্য কোনো বিষয়কে মোৰ চকুৰ আগত নাৰাখিম; বিপথে যোৱা লোকসকলৰ কার্যক মই ঘিণ কৰোঁ, সেইবোৰে মোক খামুচি ধৰিব নোৱাৰিব।
شتی قێزەون لەپێش چاوم دانانێم. ڕقم لە کاری یاخیبووانە، قەت بە منەوە نانووسێت.
4 কুটিল অন্তঃকৰণ মোৰ পৰা দূৰ হ’ব; দুষ্টতাৰ লগত মোৰ সম্পৰ্ক নাথাকিব।
دڵی خواروخێچ لە من دوور دەبێت، پەیوەندیم بە بەدکارییەوە نابێت.
5 যি জনে গোপনে চুবুৰীয়াৰ অপবাদ চৰ্চ্চে, তেওঁক মই উচ্ছন্ন কৰিম; গর্বিত দৃষ্টি আৰু অহংকাৰী মনৰ লোকক মই সহ্য নকৰিম।
ئەوەی بەدزییەوە بوختان بە کەسێک بکات، دەمکوتی دەکەم، لەگەڵ لووتبەرز و دڵ پڕ لە فیز بەرگە ناگرم.
6 দেশৰ বিশ্বাসী লোকসকলৰ ওপৰত মোৰ কৃপা দৃষ্টি থাকিব; তেওঁলোকে মোৰ সৈতে বাস কৰিব। যিজন সিদ্ধ পথত চলে, তেওঁ মোৰ পৰিচাৰক হ’ব।
چاوم لە سەرڕاستانی زەوییە بۆ ئەوەی لەگەڵ خۆم دایاننیشێنم، ئەوانەی ڕێگای تەواوەتییان گرتووە خزمەتم دەکەن.
7 ছলনাকাৰীবোৰ মোৰ গৃহৰ ভিতৰত বাস কৰিব নোৱাৰিব; মিথ্যাবাদীবোৰ মোৰ চকুৰ আগত থিৰে থাকিব নোৱাৰিব।
ئەوەی بە فێڵ ئیش بکات، لە ماڵی من دانانیشێت، ئەوەی درۆ بکات، لەبەرچاوی من ناوەستێت.
8 প্রতি ৰাতিপুৱাতে সকলো দুষ্ট লোকক মই বিনষ্ট কৰিম; যিহোৱাৰ নগৰৰ পৰা সকলো অধর্মচাৰীকে উচ্ছন্ন কৰিম।
بەیانییان زوو هەموو بەدکارەکانی زەوی دەمکوت دەکەم، لە شاری یەزدان ڕیشەکێشیان دەکەم، هەموو ئەوانەی گوناهبارن.

< সামসঙ্গীত 101 >