< সামসঙ্গীত 101 >
1 ১ মই দয়া আৰু ন্যায় বিচাৰৰ গীত গাম; হে যিহোৱা, মই তোমাৰ উদ্দেশ্যে প্ৰশংসাৰ গান গাম।
[Psalm Lal David] Nga fah onkakin oaru ac suwohs, Ac nga fah on nu sum, LEUM GOD.
2 ২ মই সিদ্ধ পথত চলিবলৈ মনোযোগ দিম; তুমি কেতিয়া মোৰ ওচৰলৈ আহিবা? মোৰ ঘৰৰ ভিতৰত মই হৃদয়ৰ সিদ্ধতাত চলিম।
Ouiyen moul luk ac fah suwosna. Kom ac tuku nu yuruk ngac? Nga fah moulkin moul nasnas in lohm sik.
3 ৩ মই জঘন্য কোনো বিষয়কে মোৰ চকুৰ আগত নাৰাখিম; বিপথে যোৱা লোকসকলৰ কার্যক মই ঘিণ কৰোঁ, সেইবোৰে মোক খামুচি ধৰিব নোৱাৰিব।
Nga fah tia misla ke kutena ma koluk. Nga kwase orekma lun mwet su forla liki God; Ac fah wangin ip luk yorolos.
4 ৪ কুটিল অন্তঃকৰণ মোৰ পৰা দূৰ হ’ব; দুষ্টতাৰ লগত মোৰ সম্পৰ্ক নাথাকিব।
Nga fah tiana oru kutena ma sesuwos Ac nga fah tia kupasr nu ke kutena ma koluk.
5 ৫ যি জনে গোপনে চুবুৰীয়াৰ অপবাদ চৰ্চ্চে, তেওঁক মই উচ্ছন্ন কৰিম; গর্বিত দৃষ্টি আৰু অহংকাৰী মনৰ লোকক মই সহ্য নকৰিম।
Nga fah lusla kutena mwet Su lesriki sie pac mwet, Ac nga fah tia muteng kutena mwet Su filang ac inse fulat.
6 ৬ দেশৰ বিশ্বাসী লোকসকলৰ ওপৰত মোৰ কৃপা দৃষ্টি থাকিব; তেওঁলোকে মোৰ সৈতে বাস কৰিব। যিজন সিদ্ধ পথত চলে, তেওঁ মোৰ পৰিচাৰক হ’ব।
Nga fah insese nu selos su pwaye nu sin God Ac lela elos in muta inkul fulat sik. Elos su suwosna Nga fah lela in kulansap nu sik.
7 ৭ ছলনাকাৰীবোৰ মোৰ গৃহৰ ভিতৰত বাস কৰিব নোৱাৰিব; মিথ্যাবাদীবোৰ মোৰ চকুৰ আগত থিৰে থাকিব নোৱাৰিব।
Wangin mwet kikiap fah muta ke inkul fulat sik; Wangin mwet kutasrik fah muta yuruk.
8 ৮ প্রতি ৰাতিপুৱাতে সকলো দুষ্ট লোকক মই বিনষ্ট কৰিম; যিহোৱাৰ নগৰৰ পৰা সকলো অধর্মচাৰীকে উচ্ছন্ন কৰিম।
Len nu ke len nga fah kunausla Mwet koluk in acn sesr; Nga fah lusla mwet koluk nukewa Liki siti lun LEUM GOD.