< সামসঙ্গীত 100 >
1 ১ হে সমুদায় পৃথিৱী, তোমালোকে যিহোৱাৰ উদ্দেশ্যে আনন্দ ধ্বনি কৰা।
A Psalm of thanksgiving. Shout for joy to Yahweh, all you lands!
2 ২ আনন্দ মনেৰে যিহোৱাৰ সেৱা কৰা; আনন্দ গানেৰে সৈতে তেওঁৰ উপস্থিতিৰ সন্মুখলৈ আহাঁ;
Serve Yahweh with gladness. Come before his presence with singing.
3 ৩ তোমালোকে ইয়াকে জানা যে, যিহোৱাই ঈশ্বৰ; তেঁৱেই আমাক নিৰ্ম্মাণ কৰিলে, আমি তেওঁৰেই; আমি তেওঁৰ প্ৰজা আৰু তেওঁৰ চৰণীয়া পথাৰৰ মেৰ-ছাগ।
Know that Yahweh, he is God. It is he who has made us, and we are his. We are his people, and the sheep of his pasture.
4 ৪ তেওঁৰ ধন্যবাদ কৰি তেওঁৰ দুৱাৰবোৰত প্রৱেশ কৰা, তেওঁৰ প্ৰশংসা কৰি তেওঁৰ চোতাল কেইখনত সোমোৱা; তেওঁৰ স্তুতি কৰা, তেওঁৰ নামৰ ধন্যবাদ কৰা।
Enter into his gates with thanksgiving, and into his courts with praise. Give thanks to him, and bless his name.
5 ৫ কিয়নো যিহোৱা মঙ্গলময়, তেওঁৰ দয়া চিৰকাল স্থায়ী; তেওঁৰ বিশ্বস্ততা পুৰুষে পুৰুষে স্থায়ী।
For Yahweh is good. His loving kindness endures forever, his faithfulness to all generations.