< সামসঙ্গীত 10 >
1 ১ হে যিহোৱা, তুমি কিয় দূৰৈত ৰৈ আছা? সঙ্কটৰ সময়ত কিয় তুমি নিজকে লুকুৱাই ৰাখা?
Don me, ya Ubangiji, kake tsaya can da nesa? Me ya sa kake ɓoye kanka a lokutan wahala?
2 ২ অহংকাৰৰ কাৰণে দুষ্টলোকে দৰিদ্রক নির্যাতিত কৰে; তেওঁলোকৰ নিজৰ কু-পৰিকল্পনাত তেওঁলোক নিজেই ধৰা পৰক;
Cikin fariyarsa mugun mutum yakan cuci marasa ƙarfi, waɗanda yake kama cikin makircin da ya shirya.
3 ৩ দুষ্টলোকে নিজৰ মনৰ দুষ্ট ইচ্ছাত অহংকাৰ কৰে; লুভীয়া লোকে নিজৰ লাভৰ বাবে যিহোৱাক অভিশাপ দিয়ে আৰু তেওঁক হেয়জ্ঞান কৰে।
Yakan yi taƙama da ƙulle-ƙullen zuciyarsa; yana albarkaci mai haɗama yana kuma ƙin Ubangiji.
4 ৪ দুষ্টলোকে নিজৰ সমর্থনত গৰ্ব্ব কৰি কয়; “ঈশ্বৰে ইয়াক বিচাৰি নাপাব;” তেওঁলোকৰ চিন্তাবোৰ এয়ে যে, “ঈশ্বৰ বুলি কোনো নাই।”
Cikin ɗaga kai mutum ba ya neman Allah; cikin tunaninsa ba ya ba da wata dama saboda Allah.
5 ৫ সকলো সময়তে তেওঁলোক সফলতাৰ পথত আগবাঢ়ি যায়; তোমাৰ ন্যায় বিচাৰ ইমান ওপৰত আছে যে, সেয়া তেওঁলোকৰ চকুৰ দৃষ্টিৰ বাহিৰত; তেওঁলোকে নিজৰ সকলো শত্রুকে তুচ্ছ কৰে।
Hanyoyinsa kullum sukan yi nasara; yana da girman kai kuma dokokinka suna nesa da shi; yakan yi wa dukan abokan gābansa duban reni.
6 ৬ তেওঁলোকে মনতে কয়, “একোৱেই মোক লৰচৰ কৰিব নোৱাৰিব। আমাৰ সকলো পুৰুষতে কোনো কালে বিপদ নহ’ব।”
Yakan ce wa kansa, “Ba abin da zai girgiza ni; kullum zan yi murna ba zan taɓa shiga wahala ba.”
7 ৭ তেওঁলোকৰ মুখ অভিশাপ, ছলনা আৰু অত্যাচাৰী কথাৰে পৰিপূৰ্ণ; তেওঁলোকৰ জিভাৰ তলত অন্যায় আৰু অপৰাধৰ কথা থাকে।
Bakinsa ya cika da zage-zage da ƙarairayi da kuma barazana; wahala da mugunta suna a ƙarƙashin harshensa.
8 ৮ গাৱঁৰ ওচৰত তেওঁলোকে গোপনে খাপ পাতি বহি থাকে; সেই গোপন ঠাইতে তেওঁলোকে নিৰ্দ্দোষীক হত্যা কৰে; কোনোবাই অসহায়ৰ ওপৰত গোপনে লক্ষ্য ৰাখি খাপ দি থাকে।
Yakan yi kwanto kusa da ƙauyuka; daga kwanton yakan kashe marar laifi. Yana kallon waɗanda za su shiga hannunsa a ɓoye.
9 ৯ তেওঁলোকে গুপুত ঠাইত খাপ পাতি সিংহৰ দৰে প্রতীক্ষাত থাকে; তেওঁলোকে প্রতীক্ষা কৰি থাকে যাতে অসহায় দৰিদ্রজনক ধৰিব পাৰে; তাৰ পাছত তেওঁলোকে দৰিদ্রজনক ধৰি চোঁচোৰাই লৈ নিজৰ জালত পেলায়।
Yakan yi kwanto a ɓoye kamar zaki. Yakan yi kwanto don yă kama marasa ƙarfi; yakan kama marasa ƙarfi yă ja su cikin ragarsa.
10 ১০ তেওঁলোকে চাপৰি কুঁজা হৈ অসহায়জনক তেওঁলোকৰ শক্তিত আৱদ্ধ কৰে।
Yakan ragargaza waɗanda suka shiga hannu, su fāɗi; sukan fāɗi a ƙarƙashin ƙarfinsa.
11 ১১ তেওঁলোকে নিজৰ মনতে ভাৱে, “ঈশ্বৰে পাহৰিলে; তেওঁ নিজৰ মুখ লুকুৱাই থৈছে; তেওঁ কেতিয়াও আমাক দেখা নাপাব।”
Yakan ce wa kansa, “Ai, Allah ya manta; ya rufe fuskarsa ba ya gani.”
12 ১২ হে যিহোৱা, উঠা; হে ঈশ্বৰ তোমাৰ হাত তুলি ধৰা; নির্যাতিত সকলক পাহৰি নাযাবা।
Ka tashi, Ubangiji! Ka hukunta miyagu, ya Allah. Kada ka manta da marasa ƙarfi.
13 ১৩ দুষ্টবোৰে ঈশ্বৰক কিয় তুচ্ছ বুলি ভাৱে? তেওঁলোকে কিয় মনে মনে ভাৱে যে, “তেওঁ আমাৰ ওচৰত কোনো হিচাব নিবিচাৰিব?”
Don me mugun mutum zai ƙi Allah? Don me yakan ce wa kansa, “Allah ba zai nemi hakki daga gare ni ba”?
14 ১৪ কিন্তু, হে ঈশ্বৰ, তুমি হ’লে দেখা পোৱা; অৱশ্যেই তুমি দুখ-কষ্ট আৰু সঙ্কটলৈ চকু দিয়া, তুমি তোমাৰ হাতেৰেই ইয়াৰ ব্যৱস্থা ল’ব পাৰা; অসহায়জনে তোমাৰ ওচৰতে নিজক সমৰ্পণ কৰে; তুমিয়েইতো অনাথক সহায় কৰোঁতা জনা
Amma kai, ya Allah, kana gani wahala da baƙin ciki; kana lura da yadda suke ɗaukansu a hannu. Marar taimako kan danƙa kansa gare ka; kai ne mai taimakon marayu
15 ১৫ দুষ্ট আৰু অসৎ লোকৰ ক্ষমতাৰ বাহু তুমি ভাঙি পেলোৱা; তেওঁলোকৰ সকলো অন্যায় কার্যৰ শেষ পর্যন্ত হিচাব বিচাৰ কৰা।
Ka karye hannun mugaye da kuma mugun mutum; ka nemi hakki daga gare shi saboda muguntar da ba za a gane ba.
16 ১৬ যিহোৱা চিৰকালৰ ৰজা; তেওঁৰ দেশৰ পৰা জাতিবোৰ ধ্বংস হৈ যাব।
Ubangiji Sarkin har abada abadin ne; al’ummai za su hallaka daga ƙasarsa.
17 ১৭ হে যিহোৱা, নম্ৰ লোকৰ অন্তৰৰ ইচ্ছাৰ কথা তুমি শুনিবা; তুমি তেওঁলোকৰ হৃদয়ত সাহস দিবা, তুমি তেওঁলোকৰ প্রার্থনালৈ কাণ দিবা;
Kakan ji, ya Ubangiji sha’awar mai shan wahala; kakan ƙarfafa su, ka kuma saurari kukansu,
18 ১৮ এই পৃথিৱীৰ লোকে তেওঁলোকক যেন পুনৰ ভয় দেখুৱাব নোৱাৰিব; তাৰবাবে তুমিয়েই অনাথ আৰু নির্য্যাতিত লোকসকলৰ পক্ষত থিয় হ’ব পাৰা।
kana kāre marayu da waɗanda aka danne, domin mutum, wanda yake na duniya kada ƙara haddasa wata razana.