< সামসঙ্গীত 10 >

1 হে যিহোৱা, তুমি কিয় দূৰৈত ৰৈ আছা? সঙ্কটৰ সময়ত কিয় তুমি নিজকে লুকুৱাই ৰাখা?
Nʼchifukwa chiyani Yehova mwayima patali? Chifukwa chiyani mukudzibisa nokha pa nthawi ya mavuto?
2 অহংকাৰৰ কাৰণে দুষ্টলোকে দৰিদ্রক নির্যাতিত কৰে; তেওঁলোকৰ নিজৰ কু-পৰিকল্পনাত তেওঁলোক নিজেই ধৰা পৰক;
Mwa kunyada kwake munthu woyipa asaka wofowoka, amene akodwa mʼnjira zimene iye wakonza.
3 দুষ্টলোকে নিজৰ মনৰ দুষ্ট ইচ্ছাত অহংকাৰ কৰে; লুভীয়া লোকে নিজৰ লাভৰ বাবে যিহোৱাক অভিশাপ দিয়ে আৰু তেওঁক হেয়জ্ঞান কৰে।
Iye amatamandira zokhumba za mu mtima wake; amadalitsa aumbombo ndi kuchitira chipongwe Yehova.
4 দুষ্টলোকে নিজৰ সমর্থনত গৰ্ব্ব কৰি কয়; “ঈশ্বৰে ইয়াক বিচাৰি নাপাব;” তেওঁলোকৰ চিন্তাবোৰ এয়ে যে, “ঈশ্বৰ বুলি কোনো নাই।”
Mwa kunyada kwake woyipa safunafuna Mulungu; mʼmaganizo ake wonse mulibe malo a Mulungu.
5 সকলো সময়তে তেওঁলোক সফলতাৰ পথত আগবাঢ়ি যায়; তোমাৰ ন্যায় বিচাৰ ইমান ওপৰত আছে যে, সেয়া তেওঁলোকৰ চকুৰ দৃষ্টিৰ বাহিৰত; তেওঁলোকে নিজৰ সকলো শত্রুকে তুচ্ছ কৰে।
Zinthu zake zimamuyendera bwino; iye ndi wamwano ndipo malamulo anu ali nawo kutali; amanyogodola adani ake onse.
6 তেওঁলোকে মনতে কয়, “একোৱেই মোক লৰচৰ কৰিব নোৱাৰিব। আমাৰ সকলো পুৰুষতে কোনো কালে বিপদ নহ’ব।”
Iye amadziyankhulira kuti, “Palibe chimene chidzandigwedeze. Ndidzakhala wokondwa nthawi zonse ndipo sindidzakhala pa mavuto.”
7 তেওঁলোকৰ মুখ অভিশাপ, ছলনা আৰু অত্যাচাৰী কথাৰে পৰিপূৰ্ণ; তেওঁলোকৰ জিভাৰ তলত অন্যায় আৰু অপৰাধৰ কথা থাকে।
Mʼkamwa mwake mwadzaza matemberero, mabodza ndi zoopseza; zovutitsa ndi zoyipa zili pansi pa lilime lake.
8 গাৱঁৰ ওচৰত তেওঁলোকে গোপনে খাপ পাতি বহি থাকে; সেই গোপন ঠাইতে তেওঁলোকে নিৰ্দ্দোষীক হত্যা কৰে; কোনোবাই অসহায়ৰ ওপৰত গোপনে লক্ষ্য ৰাখি খাপ দি থাকে।
Iye amabisalira anthu pafupi ndi midzi, kuchokera pobisalapo amapha anthu osalakwa, amayangʼanayangʼana mwachinsinsi anthu oti awawononge.
9 তেওঁলোকে গুপুত ঠাইত খাপ পাতি সিংহৰ দৰে প্রতীক্ষাত থাকে; তেওঁলোকে প্রতীক্ষা কৰি থাকে যাতে অসহায় দৰিদ্রজনক ধৰিব পাৰে; তাৰ পাছত তেওঁলোকে দৰিদ্রজনক ধৰি চোঁচোৰাই লৈ নিজৰ জালত পেলায়।
Amabisalira anthu ngati mkango pa zitsamba. Amabisalira kuti agwire anthu opanda mphamvu; amagwira anthu opanda mphamvu ndi kuwakokera mu ukonde wake.
10 ১০ তেওঁলোকে চাপৰি কুঁজা হৈ অসহায়জনক তেওঁলোকৰ শক্তিত আৱদ্ধ কৰে।
Anthuwo amawapondaponda ndipo amakomoka; amakhala pansi pa mphamvu zake.
11 ১১ তেওঁলোকে নিজৰ মনতে ভাৱে, “ঈশ্বৰে পাহৰিলে; তেওঁ নিজৰ মুখ লুকুৱাই থৈছে; তেওঁ কেতিয়াও আমাক দেখা নাপাব।”
Iye amati mu mtima mwake, “Mulungu wayiwala, wabisa nkhope yake ndipo sakuonanso.”
12 ১২ হে যিহোৱা, উঠা; হে ঈশ্বৰ তোমাৰ হাত তুলি ধৰা; নির্যাতিত সকলক পাহৰি নাযাবা।
Dzukani Yehova! Onetsani dzanja lanu Inu Mulungu. Musayiwale anthu opanda mphamvu.
13 ১৩ দুষ্টবোৰে ঈশ্বৰক কিয় তুচ্ছ বুলি ভাৱে? তেওঁলোকে কিয় মনে মনে ভাৱে যে, “তেওঁ আমাৰ ওচৰত কোনো হিচাব নিবিচাৰিব?”
Nʼchifukwa chiyani munthu woyipa amachitira chipongwe Mulungu? Chifukwa chiyani amati mu mtima mwake, “Iye sandiyimba mlandu?”
14 ১৪ কিন্তু, হে ঈশ্বৰ, তুমি হ’লে দেখা পোৱা; অৱশ্যেই তুমি দুখ-কষ্ট আৰু সঙ্কটলৈ চকু দিয়া, তুমি তোমাৰ হাতেৰেই ইয়াৰ ব্যৱস্থা ল’ব পাৰা; অসহায়জনে তোমাৰ ওচৰতে নিজক সমৰ্পণ কৰে; তুমিয়েইতো অনাথক সহায় কৰোঁতা জনা
Komatu Inu Mulungu, mumazindikira mavuto ndi zosautsa, mumaganizira zochitapo kanthu. Wovutikayo amadzipereka yekha kwa Inu pakuti Inu ndi mthandizi wa ana amasiye.
15 ১৫ দুষ্ট আৰু অসৎ লোকৰ ক্ষমতাৰ বাহু তুমি ভাঙি পেলোৱা; তেওঁলোকৰ সকলো অন্যায় কার্যৰ শেষ পর্যন্ত হিচাব বিচাৰ কৰা।
Thyolani dzanja la woyipitsitsa ndi la munthu woyipa; muzengeni mlandu chifukwa cha zoyipa zake zimene sizikanadziwika.
16 ১৬ যিহোৱা চিৰকালৰ ৰজা; তেওঁৰ দেশৰ পৰা জাতিবোৰ ধ্বংস হৈ যাব।
Yehova ndi Mfumu kwamuyaya; mitundu ya anthu idzawonongeka kuchoka mʼdziko lake.
17 ১৭ হে যিহোৱা, নম্ৰ লোকৰ অন্তৰৰ ইচ্ছাৰ কথা তুমি শুনিবা; তুমি তেওঁলোকৰ হৃদয়ত সাহস দিবা, তুমি তেওঁলোকৰ প্রার্থনালৈ কাণ দিবা;
Mumamva Inu Yehova, zokhumba za osautsidwa; mumawalimbikitsa ndipo mumamva kulira kwawo.
18 ১৮ এই পৃথিৱীৰ লোকে তেওঁলোকক যেন পুনৰ ভয় দেখুৱাব নোৱাৰিব; তাৰবাবে তুমিয়েই অনাথ আৰু নির্য্যাতিত লোকসকলৰ পক্ষত থিয় হ’ব পাৰা।
Kuteteza ana amasiye ndi oponderezedwa, ndi cholinga chakuti munthu amene ali wa dziko lapansi asaopsenso.

< সামসঙ্গীত 10 >