< সামসঙ্গীত 1 >
1 ১ ধন্য সেই লোক, যি দুষ্টসকলৰ পৰামৰ্শ মতে নচলে, পাপীবিলাকৰ পথত থিয় নহয়, নিন্দকবোৰৰ সমাবেশত নবহে;
Mikil er gæfa þess manns sem ekki fer að ráðum óguðlegra, ekki á félagsskap við syndara sem hæða Guð,
2 ২ কিন্তু যিহোৱাৰ ব্যৱস্থাত সন্তুষ্ট হয়, আৰু দিনে ৰাতিয়ে তেওঁৰ ব্যৱস্থা ধ্যান কৰে।
heldur hefur unun af því að hlýða Drottni og íhuga orð hans dag og nótt, og þannig nálgast hann sífellt meira.
3 ৩ সেই লোক বোৱতী পানীৰ দাঁতিত ৰোৱা গছৰ নিচিনা, যি গছে বতৰত ফল দিয়ে, আৰু যাৰ পাত জঁয় নপৰে; সেই লোকে সকলো কৰ্মতে সফলতা লাভ কৰে।
Hann líkist tré sem stendur við rennandi læk og ber sætan ávöxt sinn á réttum tíma og blöð þess visna ekki. Slíkum manni tekst allt vel.
4 ৪ দুষ্টবোৰ তেনেকুৱা নহয়; সিহঁত বতাহে উৰুৱাই নিয়া তুঁহৰ নিচিনা।
En hvað með syndarana? Það er önnur saga! Þeir fjúka burt eins og hismi undan vindi.
5 ৫ এই কাৰণে দুষ্টবোৰে ন্যায় বিচাৰত থিয় হ’ব নোৱাৰিব, আৰু পাপীলোকে ধাৰ্মিকসকলৰ সভাত থাকিব নোৱাৰিব।
Þeir munu ekki standast á degi dómsins né heldur í söfnuði réttlátra.
6 ৬ কাৰণ যিহোৱাই ধাৰ্মিকসকল চলা পথত সতর্ক দৃষ্টি ৰাখে, কিন্তু দুষ্টবোৰৰ পথৰ অন্ত হ’ব সৰ্ব্বনাশ।
Drottinn vakir yfir lífi og áformum hinna trúuðu, en vegur óguðlegra endar í vegleysu.