< প্রবচন 9 >
1 ১ প্ৰজ্ঞাই নিজৰ গৃহ নিৰ্মাণ কৰিলে; তেওঁ শিলৰ পৰা সাতটা স্তম্ভ কাটিলে।
LA somma Sapienza ha edificata la sua casa, Ella ha tagliate le sue colonne [in numero di] sette;
2 ২ তেওঁ ৰাতিৰ আহাৰৰ বাবে নিজৰ পশু আৰু দ্রাক্ষাৰস যুগুত কৰিলে; আৰু তেওঁ নিজৰ মেজ সজালে।
Ella ha ammazzati i suoi animali, ha temperato il suo vino. Ed anche ha apparecchiata la sua mensa.
3 ৩ তেওঁ নিজৰ দাসীসকলক বাহিৰলৈ পঠাই নগৰৰ ওখ ঠাইৰ পৰা নিমন্ত্ৰণ কৰিলে।
Ella ha mandate le sue serventi a gridare D'in su i poggiuoli degli alti luoghi della città:
4 ৪ “যিসকল অশিক্ষিত, তেওঁলোক ইয়ালৈ আহক!” যিসকল জ্ঞানশূন্য তেওঁলোকক তেওঁ ক’লে,
Chi [è] scempio? riducasi qua. E a dire a quelli che sono scemi di senno:
5 ৫ “আহাঁ, মোৰ আহাৰ ভোজন কৰা, আৰু মই মিহলাই থোৱা দ্ৰাক্ষাৰস পান কৰা।
Venite, mangiate del mio pane, E bevete del vino [che] io ho temperato.
6 ৬ শিক্ষাবিহীন পথ এৰি জীৱন ধাৰণ কৰা, সুবিবেচনাৰ পথত চলা।
Lasciate le scempietà, e voi viverete; E camminate per la via della prudenza.
7 ৭ যিজনে নিন্দক লোকক শিক্ষা দিয়ে, তেওঁ অপমান পায়, আৰু যিজনে দুষ্টক অনুযোগ কৰে, তেওঁ মনত আঘাত পায়।
Chi corregge lo schernitore [ne] riceve vituperio; E chi riprende l'empio [ne riceve] macchia.
8 ৮ তুমি নিন্দক লোকক অনুযোগ নকৰিবা, কৰিলে তেওঁ তোমাক ঘিণ কৰিব; জ্ঞানী লোকক অনুযোগ কৰা, তেওঁ তোমাক প্ৰেম কৰিব।
Non riprender lo schernitore, Che talora egli non ti odii; Riprendi il savio, ed egli ti amerà.
9 ৯ জ্ঞানী লোকক শিক্ষা দিয়া, তেওঁ অধিক জ্ঞানী হ’ব; ধাৰ্মিক লোকক শিক্ষা দিয়া, তেওঁ শিক্ষাত বৃদ্ধি পাব।
Insegna al savio, ed egli diventerà più savio; Ammaestra il giusto, ed egli crescerà in dottrina.
10 ১০ যিহোৱালৈ ভয় ৰখাই প্রজ্ঞাৰ আৰম্ভণ, আৰু পবিত্ৰজনাক জনাই সুবিবেচনা।
Il principio della sapienza [è] il timor del Signore; E la scienza de' santi [è] la prudenza.
11 ১১ কিয়নো মোৰ দ্বাৰাই তোমাৰ আয়ুস বৃদ্ধি হ’ব, আৰু তোমাৰ জীৱনৰ বছৰবোৰ বাঢ়ি যাব।
Perciocchè per me ti saranno moltiplicati i giorni, E ti saranno aggiunti anni di vita.
12 ১২ তুমি যদি জ্ঞানী, তেনেহ’লে তোমাৰ বাবেই তুমি জ্ঞানী, কিন্তু যদি তুমি নিন্দক, তেনেহ’লে তুমি অকলেই তাৰ ভাৰ ব’বা।”
Se sei savio, sarai savio per te; Se [altresì] sei schernitore, tu solo [ne] porterai [la pena].
13 ১৩ অজ্ঞানী মহিলা কোলাহলপূৰ্ণ- তেওঁ অশিক্ষিত, আৰু তেওঁ একো নাজানে।
La donna stolta, strepitosa, Scempia, e che non ha alcuno intendimento,
14 ১৪ তেওঁ নিজৰ ঘৰৰ দুৱাৰত, আৰু নগৰৰ উচ্চ স্থানত বহে।
Siede anch'essa all'entrata della sua casa, In seggio, ne' luoghi elevati della città.
15 ১৫ যিসকলে সেই পথেৰে যায়, তেওঁলোকক মাতে; সেই লোকসকল নিজ পথত গৈ থাকিলেও তেওঁ মাতে,
Per gridare a coloro che passano per la via, Che vanno a dirittura a lor cammino:
16 ১৬ “যিসকলে শিক্ষা পোৱা নাই, তেওঁলোক ইয়ালৈ আহক!” যিসকল জ্ঞানশূন্য, তেওঁলোকক তেওঁ কয়,
Chi [è] scempio? riducasi qua. E se vi [è] alcuno scemo di senno, gli dice:
17 ১৭ “চুৰ কৰা পানী মিঠা, আৰু গুপুতে খোৱা আহাৰ অতি সুস্বাদু।”
Le acque rubate son dolci, E il pane [preso] di nascosto è dilettevole.
18 ১৮ কিন্তু মৃত্যু যে তাত আছে, আৰু তেওঁৰ অতিথি সকল যে চিয়োলৰ গভীৰ ঠাইত আছে, সেই কথা তেওঁ নাজানে। (Sheol )
Ed egli non sa che là [sono] i morti; [E che] quelli ch'ella ha convitati [son] nel fondo dell'inferno. (Sheol )