< প্রবচন 8 >
1 ১ প্রজ্ঞাই জানো নকয়? সুবুদ্ধিয়ে জানো উচ্চস্বৰে নকয়?
Inhlakanipho kayimemezi yini, lokuqedisisa kukhuphe ilizwi lakho?
2 ২ বাটৰ কাষৰ ওখ ঠাইত, চাৰিআলিত প্রজ্ঞা থিয় হয়।
Engqongeni yezindawo eziphakemeyo, ngasendleleni, phakathi kwezindlela kumi.
3 ৩ তাৰ উপৰিও নগৰৰ প্ৰবেশস্থানত, আৰু নগৰৰ দুৱাৰৰ ওচৰত থাকি ৰিঙিয়াই কয়,
Eceleni kwamasango, entubeni yomuzi, ekungeneni kweminyango kuyamemeza kakhulu kuthi:
4 ৪ “হে লোকসকল, মই তোমালোকক মাতিছোঁ; আৰু মানৱজাতিৰ সন্তান সকলৰ বাবে মই উচ্ছস্বৰে কওঁ।
Kini, madoda, ngiyamemeza, lelizwi lami lisebantwaneni babantu.
5 ৫ যিসকল শিক্ষিত নহয়, তেওঁলোকে সুবুদ্ধিক বুজা উচিত, আৰু যিসকলে জ্ঞানক ঘিণ কৰে, তেওঁলোকৰ সুবিবেচনাৰ হৃদয় থকা উচিত।
Lina elingelalwazi, qedisisani inhlakanipho; lani zithutha, qedisisani ngenhliziyo.
6 ৬ শুনা, মই উত্তম বিষয়ৰ কথা কওঁ, আৰু যেতিয়া মোৰ মুখ মেলোঁ, তেতিয়া মই সত্য কথা কওঁ।
Zwanini, ngoba ngizakhuluma izinto zobukhosi, lokuvula kwendebe zami kuzakuba yikuqonda.
7 ৭ কিয়নো মোৰ মুখে বিশ্বাসযোগ্য কথা কয়, আৰু মোৰ ওঁঠে দুষ্টতা ঘিণ কৰে।
Ngoba umlomo wami ukhuluma iqiniso, lenkohlakalo iyisinengiso endebeni zami.
8 ৮ মোৰ মুখৰ সকলো কথা ন্যায়পৰায়ণ; সেইবোৰৰ মাজত বিকৃত, বা বিভ্রান্তিজনক বিষয়ৰ কথা নাথাকে।
Wonke amazwi omlomo wami asekulungeni; kakukho okutshilekileyo lokugobileyo kuwo.
9 ৯ যি সকলে বুজি পাই, তেওঁলোকৰ কাৰণে মোৰ কথাবোৰ স্পষ্ট; যি সকলে জ্ঞান লাভ কৰে, তেওঁলোকৰ কাৰণে মোৰ কথাবোৰ সত্য।
Wonke aqondile kulowo oqedisisayo, alungile kulabo abathola ulwazi.
10 ১০ ৰূপতকৈ মোৰ শিক্ষা, আৰু শুদ্ধ সোণতকৈয়ো জ্ঞান গ্ৰহণ কৰা।
Yemukelani ukufundisa kwami, hatshi isiliva, lolwazi kulegolide elikhethekileyo.
11 ১১ কিয়নো প্রজ্ঞা পদ্মৰাগতকৈয়ো উত্তম, তুমি ইচ্ছা কৰা কোনো বস্তুকে তাৰ লগত তুলনা কৰিব নোৱাৰি।
Ngoba inhlakanipho ingcono kulamatshe amahle, lakho konke okufisekayo kakulakulinganiswa layo.
12 ১২ মই প্ৰজ্ঞাই সুবুদ্ধিয়ে সৈতে বাস কৰোঁ, আৰু মই জ্ঞান আৰু বিবেচনা লাভ কৰোঁ।
Mina nhlakanipho ngihlala lokuqedisisa, ngithola ulwazi lamacebo.
13 ১৩ যিহোৱাক ভয় কৰায়েই দুষ্টতাক ঘিণ কৰা হয়; মই অহংকাৰ, গর্ব, কুপথ, আৰু বিপথগামী কথা ঘিণ কৰোঁ।
Ukwesaba iNkosi kuyikuzonda ububi; ukuzigqaja, lokuziqhenya, lendlela embi, lomlomo wokuphambeka ngiyakuzonda.
14 ১৪ মোৰ ভাল পৰামৰ্শ আৰু গভীৰ প্রজ্ঞা আছে; সুক্ষ্মদৃষ্টি আৰু পৰাক্ৰম মোৰেই।
Iseluleko ngesami, lenhlakanipho eqotho; ngiyikuqedisisa; amandla ngawami.
15 ১৫ মোৰ দ্বাৰাই ৰজাসকলে ৰাজত্ব কৰে, অভিজাত লোকসকল আৰু ন্যায়েৰে যিসকল লোকে শাসন কৰে, সেইসকলো মোৰেই।
Ngami amakhosi ayabusa, lababusi bamisa ukulunga.
16 ১৬ অধিপতি, অভিজাত, আৰু যিসকলে ন্যায়েৰে শাসন কৰে, সেই সকলে মোৰ দ্বাৰাই কৰে।
Ngami iziphathamandla ziyabusa, lezikhulu, bonke abehluleli bomhlaba.
17 ১৭ যিসকলে মোক প্ৰেম কৰে, ময়ো তেওঁলোকক প্ৰেম কৰোঁ, আৰু যিসকলে মোক আগ্রহেৰে বিচাৰে, তেওঁলোকে মোক বিচাৰি পায়।
Mina ngiyathanda abangithandayo, lalabo abangidingisisayo bazangithola.
18 ১৮ ঐশ্চৰ্য্য আৰু মান মৰ্য্যদা মোৰ লগতে আছে, এনে কি অক্ষয় সম্পত্তি আৰু ধাৰ্মিকতা আছে।
Inotho lodumo kukimi, inotho eqhubekayo lokulunga.
19 ১৯ সোণতকৈ আৰু শুদ্ধ সোণতকৈয়ো মোৰ ফল উত্তম; শুদ্ধ ৰূপতকৈয়ো মই যি উৎপন্ন কৰোঁ সেয়া উত্তম।
Isithelo sami singcono kulegolide, legolide elicwengekileyo, lokutholakalayo kwami kulesiliva esikhethekileyo.
20 ২০ মই যি পথেৰে যাওঁ, সেই পথ শুদ্ধ; সেই পথে ন্যায়লৈ লৈ যায়।
Ngihamba endleleni yokulunga, phakathi kwemikhondo yesahlulelo;
21 ২১ সেয়ে যিসকলে মোক ভাল পায় তেওঁলোকক মই উত্তৰাধিকাৰ দিওঁ, আৰু তেওঁলোকৰ ভঁৰাল পৰিপূৰ্ণ কৰিম।
ukuthi ngenze abangithandayo badle ilifa lemfuyo; ngigcwalise iziphala zabo.
22 ২২ যিহোৱাই আৰম্ভণীৰে পৰা মোক সৃষ্টি কৰিলে- পূৰ্বৰ দৰেই তেওঁৰ প্রথম কাৰ্য।
INkosi, ngaba ngeyayo, ngaba yikuqala kwendlela yayo, ngaphambi kwemisebenzi yayo yendulo.
23 ২৩ অনাদি কালৰ পৰা, পৃথিবীৰ আৰম্ভণীৰে পৰা মই স্থাপিত হৈ আছোঁ।
Ngamiswa kwasephakadeni, kusukela ekuqaleni, kusukela emandulo omhlaba.
24 ২৪ মহাসাগৰৰ আগতে, আৰু পানীৰ ভুমুকবোৰ হোৱাৰ আগতে, মোক জন্ম দিয়া হৈছিল।
Kungakabi khona izinziki ngasengizelwe, ingakabi khona imithombo enzima ngamanzi.
25 ২৫ পৰ্ব্বতবোৰ স্থাপন হোৱাৰ আগতে, আৰু পাহাৰবোৰৰ পূর্বেই, মোৰ জন্ম হৈছিল।
Intaba zingakamiswa, kungakabi khona amaqaqa, ngasengizelwe.
26 ২৬ যিহোৱাই পৃথিৱী বা পথাৰবোৰ সৃষ্টিৰ কৰাৰ আগতে, এনেকি পৃথিৱীত উৎপন্ন হোৱা প্রথম ধূলিৰ আগতে মোৰ জন্ম হৈছিল।
Ingakawenzi umhlaba lemimango, lokuqala kwentuli zomhlaba.
27 ২৭ তেওঁ স্বৰ্গ স্থাপন কৰা সময়ত, আৰু তেওঁ অগাধ জলত দিগন্তৰ সীমা নিৰূপণ কৰোঁতে, মই সেই ঠাইত আছিলোঁ।
Lapho ilungisa amazulu ngangikhonapho; lapho imisa umkhathi ngaphezu kwenziki;
28 ২৮ তেওঁ যেতিয়া আকাশ-মণ্ডল স্থাপন কৰিছিল, আৰু যেতিয়া গভীৰ ভুমুকবোৰ সৃষ্টি কৰিছিল, তেতিয়া মই সেই ঠাইত আছিলোঁ।
lapho imisa amayezi ngaphezulu; lapho iqinisa imithombo yenziki;
29 ২৯ সাগৰ সীমা নিৰূপণ কৰাৰ আগেয়ে মই সেই ঠাইত আছিলোঁ, সেয়ে সাগৰৰ পানী তেওঁ আজ্ঞা কৰা ঠাইৰ বাহিৰে আন ঠাইত যেন প্লাৱিত নহয়। আৰু যেতিয়া তেওঁ পৃথিবীৰ মূল ক’ত স্থাপন হব আদেশ দিছিল।
lapho imisela ulwandle umngcele walo ukuze amanzi angeqi umlayo wayo; lapho imisa izisekelo zomhlaba;
30 ৩০ তেতিয়া মই তেওঁৰ লগত প্ৰধান শিল্পকাৰ ৰূপে আছিলোঁ, আৰু মই দিনৰ পাচত দিন তেওঁত আনন্দ কৰিছিলোঁ, সদায় তেওঁৰ আগত প্রশংসা কৰিছিলোঁ।
khona ngangiseduze layo njengowakhuliswa yiyo, ngizintokozo zayo usuku ngosuku, ngithokoza phambi kwayo ngaso sonke isikhathi,
31 ৩১ মই তেওঁৰ সমগ্র পৃথিৱীত প্রশংসা কৰিছিলোঁ, আৰু মানৱজাতিৰ মাজত মোৰ আনন্দ হৈছিল।
ngidlala elizweni lomhlaba wayo, lentokozo zami zisebantwaneni babantu.
32 ৩২ এতিয়া হে মোৰ পুত্রসকল, মোৰ কথা শুনা; কাৰণ যিসকলে মোৰ পথত চলে, তেওঁলোক আনন্দিত হ’ব।
Ngakho-ke, bantwana bami, ngizweni; ngoba babusisiwe abagcina indlela zami.
33 ৩৩ মোৰ নিৰ্দেশ শুনা আৰু জ্ঞানী হোৱা; ইয়াক অৱজ্ঞা নকৰিবা।
Zwanini ukulaya, lihlakaniphe, lingakudeli.
34 ৩৪ যিজনে মোৰ কথা শুনে, তেওঁ আনন্দিত হ’ব- মোৰ দুৱাৰত প্রতি দিনে পৰ দি থাকিব, মোৰ ঘৰৰ দুৱাৰৰ কাষত মোৰ বাবে অপেক্ষা কৰি থাকিব।
Ubusisiwe umuntu ongizwayo, alinde insuku ngensuku emasangweni ami, alinde emigubazini yeminyango yami.
35 ৩৫ কাৰণ যি জনে মোক বিচাৰি পায়, তেওঁ জীৱন পায়, আৰু তেওঁ যিহোৱাৰ পৰা অনুগ্ৰহ লাভ কৰে।
Ngoba ongitholayo uthola impilo, azuze umusa eNkosini.
36 ৩৬ কিন্তু যি জনে মোক বিচাৰি নাপায়, তেওঁ নিজৰ অনিষ্ট কৰে। যিসকলোৱে মোক ঘিণ কৰে, তেওঁলোকে মৃত্যুক ভাল পায়।”
Kodwa owona kimi wona umphefumulo wakhe; bonke abangizondayo bathanda ukufa.