< প্রবচন 7 >

1 হে মোৰ পুত্র, মোৰ বাক্য পালন কৰা, আৰু মোৰ আজ্ঞাবোৰ তোমাৰ হৃদয়ত সংগ্রহ কৰা।
בני שמר אמרי ומצותי תצפן אתך׃
2 মোৰ আজ্ঞা পালন কৰি জীৱন ধাৰণ কৰা; তোমাৰ চকুৰ মণিৰ দৰে মোৰ নিৰ্দেশ মানি চলা।
שמר מצותי וחיה ותורתי כאישון עיניך׃
3 সেইবোৰ তোমাৰ আঙুলিত বান্ধা, আৰু তোমাৰ হৃদয় ফলিত লিখি ৰাখা।
קשרם על אצבעתיך כתבם על לוח לבך׃
4 প্রজ্ঞাক কোৱা, “তুমি মোৰ ভনী,” আৰু সুবিবেচনাক কোৱা তুমি মোৰ আত্মীয়।
אמר לחכמה אחתי את ומדע לבינה תקרא׃
5 প্রলোভনকাৰী, আৰু মুখৰ বাক্যেৰে ব্যভিচাৰ কৰা মহিলাৰ পৰা নিজকে ৰক্ষা কৰা।
לשמרך מאשה זרה מנכריה אמריה החליקה׃
6 মোৰ ঘৰৰ খিড়িকিৰ ওচৰত থিয় হৈ, মই জালিৰে বাহিৰলৈ চাইছিলোঁ।
כי בחלון ביתי בעד אשנבי נשקפתי׃
7 আৰু মই বহুতো শিক্ষা নোপোৱা যুৱকসকলক দেখিছিলোঁ, যুৱক সকলৰ মাজত মই এজন জ্ঞানশূন্য যুৱকক দেখিছিলোঁ।
וארא בפתאים אבינה בבנים נער חסר לב׃
8 সেই যুৱকজনে তাইৰ ঘৰৰ ওচৰৰ বাটেৰে গৈ আছিল, আৰু তেওঁৰ ঘৰলৈ গ’ল-
עבר בשוק אצל פנה ודרך ביתה יצעד׃
9 সেই দিনা সন্ধিয়া চকামকা সময় আছিল, ৰাতি আৰু আন্ধাৰৰ সেই সময়ত।
בנשף בערב יום באישון לילה ואפלה׃
10 ১০ আৰু সেই ঠাইত এগৰাকী মহিলাই তেওঁক ল’গ পালে, বেশ্যাৰ দৰে তাইৰ পোচাক, আৰু তাই জানিছিল তাই তাত কিয় আছিল।
והנה אשה לקראתו שית זונה ונצרת לב׃
11 ১১ তাই কোলাহলপূৰ্ণ আৰু উচ্ছৃঙ্খল, তাইৰ ভৰি ঘৰত নাথাকে।
המיה היא וסררת בביתה לא ישכנו רגליה׃
12 ১২ তাই কেতিয়াবা বাটত, কেতিয়াবা বজাৰত উপস্থিত হয়, তাই প্রতিটো চকতে বাট চাই থাকে।
פעם בחוץ פעם ברחבות ואצל כל פנה תארב׃
13 ১৩ সেয়ে তাই তেওঁক সাৱটি ধৰি চুমা খালে; তাই দুঃসাহসেৰে তেওঁক ক’লে,
והחזיקה בו ונשקה לו העזה פניה ותאמר לו׃
14 ১৪ “মই আজি মোৰ মঙ্গলাৰ্থক বলিদান কৰিলোঁ, মই মোৰ সঙ্কল্প সিদ্ধ কৰিলোঁ;
זבחי שלמים עלי היום שלמתי נדרי׃
15 ১৫ সেয়ে মই আপোনাক লগ পাবলৈ বাহিৰলৈ আহিলোঁ, মই আগ্ৰহেৰে আপোনাক বিচাৰিছিলোঁ, আৰু মই আপোনাক বিচাৰি পালোঁ।
על כן יצאתי לקראתך לשחר פניך ואמצאך׃
16 ১৬ মই মোৰ বিচনা মিচৰৰ পৰা অনা ৰঙীণ কাপোৰেৰে ঢাকিলোঁ।
מרבדים רבדתי ערשי חטבות אטון מצרים׃
17 ১৭ মই গন্ধৰস, অগৰু, আৰু ডালচেনিৰে মোৰ বিচনা সুগন্ধি কৰিলোঁ।
נפתי משכבי מר אהלים וקנמון׃
18 ১৮ আহাঁ, আমি ৰাতিপুৱালৈকে প্ৰেমত লীন হৈ থাকোঁ। আহাঁ আমি বেলেগ ধৰণে প্রেম উপভোগ কৰোঁ।
לכה נרוה דדים עד הבקר נתעלסה באהבים׃
19 ১৯ মোৰ স্বামী ঘৰত নাই, তেওঁ দূৰ যাত্রাত গৈছে।
כי אין האיש בביתו הלך בדרך מרחוק׃
20 ২০ তেওঁ তেওঁৰ লগত ধনৰ মোনা লৈ গৈছে, তেওঁ পুৰ্ণিমাৰ দিনহে ঘূৰি আহিব।”
צרור הכסף לקח בידו ליום הכסא יבא ביתו׃
21 ২১ তাই তাইৰ প্রলোভনযুক্ত কথাৰে তেওঁক মান্তি কৰালে; আৰু তাইৰ মধুৰ কথাৰে বাধ্য কৰালে।
הטתו ברב לקחה בחלק שפתיה תדיחנו׃
22 ২২ তেওঁ কাটিবলৈ নিয়া গৰুৰ দৰে বা ফান্দত ধৰা পৰা হৰিণৰ দৰে তাইৰ পাছে পাছে গ’ল।
הולך אחריה פתאם כשור אל טבח יבוא וכעכס אל מוסר אויל׃
23 ২৩ যেতিয়ালৈকে কলিজাৰ মাজেৰে কাঁড়ে নিবিন্ধে বা চৰাই জালৰ ফান্দত পৰিবলৈ যিদৰে শীঘ্ৰে উড়ি যোৱাৰ দৰে, ইয়াৰ মূল্য যে তেওঁৰ জীৱন হ’ব পাৰে, সেই কথা তেওঁ নজনাকৈ তাইৰ পাছে পাছে গৈ থাকিল।
עד יפלח חץ כבדו כמהר צפור אל פח ולא ידע כי בנפשו הוא׃
24 ২৪ আৰু এতিয়া হে মোৰ পুত্র, মোৰ কথা শুনা, মই কোৱা কথালৈ মনোযোগ দিয়া।
ועתה בנים שמעו לי והקשיבו לאמרי פי׃
25 ২৫ তোমাৰ হৃদয় তাইৰ ফাললৈ ঢাল খাব নিদিবা, আৰু তুমি তাইৰ পথত গৈ বিপথগামী নহবা।
אל ישט אל דרכיה לבך אל תתע בנתיבותיה׃
26 ২৬ তাই অনেকক আনি নষ্ট কৰিছে, তেওঁলোকক গণনা কৰিব নোৱাৰি।
כי רבים חללים הפילה ועצמים כל הרגיה׃
27 ২৭ তাইৰ ঘৰেই চিয়োললৈ যোৱা বাট, আৰু মৃত্যুৰ অন্তঃপুৰলৈ নামি যোৱা পথ। (Sheol h7585)
דרכי שאול ביתה ירדות אל חדרי מות׃ (Sheol h7585)

< প্রবচন 7 >