< প্রবচন 7 >
1 ১ হে মোৰ পুত্র, মোৰ বাক্য পালন কৰা, আৰু মোৰ আজ্ঞাবোৰ তোমাৰ হৃদয়ত সংগ্রহ কৰা।
Wuoda, rit wechena kendo ipand chikena e chunyi.
2 ২ মোৰ আজ্ঞা পালন কৰি জীৱন ধাৰণ কৰা; তোমাৰ চকুৰ মণিৰ দৰে মোৰ নিৰ্দেশ মানি চলা।
Rit chikena to ibiro bedo mangima; rit puonjna mana kaka dirit tong wangʼi.
3 ৩ সেইবোৰ তোমাৰ আঙুলিত বান্ধা, আৰু তোমাৰ হৃদয় ফলিত লিখি ৰাখা।
Twegi e lith lweti kendo ndikgi e chunyi maiye.
4 ৪ প্রজ্ঞাক কোৱা, “তুমি মোৰ ভনী,” আৰু সুবিবেচনাক কোৱা তুমি মোৰ আত্মীয়।
Wach ne rieko niya, “In e nyaminwa,” to luong ngʼeyo tiend wach ni watni;
5 ৫ প্রলোভনকাৰী, আৰু মুখৰ বাক্যেৰে ব্যভিচাৰ কৰা মহিলাৰ পৰা নিজকে ৰক্ষা কৰা।
ginimi itangʼ ni dhako ma jachode, inibed mabor gi dhako mabayo kaachiel, kod wechene malombo ji.
6 ৬ মোৰ ঘৰৰ খিড়িকিৰ ওচৰত থিয় হৈ, মই জালিৰে বাহিৰলৈ চাইছিলোঁ।
Ka nangʼicho oko gie dirisa mar oda,
7 ৭ আৰু মই বহুতো শিক্ষা নোপোৱা যুৱকসকলক দেখিছিলোঁ, যুৱক সকলৰ মাজত মই এজন জ্ঞানশূন্য যুৱকক দেখিছিলোঁ।
ne aneno e dier joma ngʼeyogi tin, ne afwenyo e dier yawuowi matindo, rawera maonge gi rieko.
8 ৮ সেই যুৱকজনে তাইৰ ঘৰৰ ওচৰৰ বাটেৰে গৈ আছিল, আৰু তেওঁৰ ঘৰলৈ গ’ল-
Ne owuotho e wangʼ yo makadho but od dhakono, kowuotho kochiko od dhakono,
9 ৯ সেই দিনা সন্ধিয়া চকামকা সময় আছিল, ৰাতি আৰু আন্ধাৰৰ সেই সময়ত।
ka piny ngʼiringʼiri, ka piny dwaro yuso, e kindeno ma mudho mako piny.
10 ১০ আৰু সেই ঠাইত এগৰাকী মহিলাই তেওঁক ল’গ পালে, বেশ্যাৰ দৰে তাইৰ পোচাক, আৰু তাই জানিছিল তাই তাত কিয় আছিল।
Eka apoya nono dhakono nowuok mondo oromne, korwakore kaka ochot mopongʼ gi paro marach.
11 ১১ তাই কোলাহলপূৰ্ণ আৰু উচ্ছৃঙ্খল, তাইৰ ভৰি ঘৰত নাথাকে।
En dhako ma wangʼe tek kendo maonge wichkuot, tiendene susni ma ok obed e ot;
12 ১২ তাই কেতিয়াবা বাটত, কেতিয়াবা বজাৰত উপস্থিত হয়, তাই প্রতিটো চকতে বাট চাই থাকে।
sani onene e yo, to bangʼ sa matin en kuonde chokruok, kendo e kuonde mopondo duto oyudore.
13 ১৩ সেয়ে তাই তেওঁক সাৱটি ধৰি চুমা খালে; তাই দুঃসাহসেৰে তেওঁক ক’লে,
Omiyo nokwake mi onyodhe, gi wangʼ matek, nowachone niya:
14 ১৪ “মই আজি মোৰ মঙ্গলাৰ্থক বলিদান কৰিলোঁ, মই মোৰ সঙ্কল্প সিদ্ধ কৰিলোঁ;
“An gi misango mar lalruok e oda, kawuononi asechopo singruok maga.
15 ১৫ সেয়ে মই আপোনাক লগ পাবলৈ বাহিৰলৈ আহিলোঁ, মই আগ্ৰহেৰে আপোনাক বিচাৰিছিলোঁ, আৰু মই আপোনাক বিচাৰি পালোঁ।
Omiyo ne abiro mondo arom kodi, asemanyi to koro aseyudi!
16 ১৬ মই মোৰ বিচনা মিচৰৰ পৰা অনা ৰঙীণ কাপোৰেৰে ঢাকিলোঁ।
Asepedho kitandana gi suke mokikokiko moa Misri.
17 ১৭ মই গন্ধৰস, অগৰু, আৰু ডালচেনিৰে মোৰ বিচনা সুগন্ধি কৰিলোঁ।
Asekiro moo e kitandana, gin modhi mangʼeny mangʼwe ngʼar gi mane-mane kod obala ndago.
18 ১৮ আহাঁ, আমি ৰাতিপুৱালৈকে প্ৰেমত লীন হৈ থাকোঁ। আহাঁ আমি বেলেগ ধৰণে প্রেম উপভোগ কৰোঁ।
Bi, wadhi wayud mor mar hera nyaka piny ru, mondo wabed mamor ka wawinjo maber e hera!
19 ১৯ মোৰ স্বামী ঘৰত নাই, তেওঁ দূৰ যাত্রাত গৈছে।
Chwora ok nitiere dala; osedhiyo e wuoth mabor.
20 ২০ তেওঁ তেওঁৰ লগত ধনৰ মোনা লৈ গৈছে, তেওঁ পুৰ্ণিমাৰ দিনহে ঘূৰি আহিব।”
Nokawo mifukone mopongʼ gi pesa, kendo ok obi duogo dala nyaka bangʼ ndalo mogwarore.”
21 ২১ তাই তাইৰ প্রলোভনযুক্ত কথাৰে তেওঁক মান্তি কৰালে; আৰু তাইৰ মধুৰ কথাৰে বাধ্য কৰালে।
Kamano, dhakono nowuonde gi weche mamit; mi nohoye kendo odhi kode.
22 ২২ তেওঁ কাটিবলৈ নিয়া গৰুৰ দৰে বা ফান্দত ধৰা পৰা হৰিণৰ দৰে তাইৰ পাছে পাছে গ’ল।
Gikanyono noluwe kodhi kode mana ka rwadh bwoch mitero kar yengʼo, kata ka mwanda madonjo e obeto
23 ২৩ যেতিয়ালৈকে কলিজাৰ মাজেৰে কাঁড়ে নিবিন্ধে বা চৰাই জালৰ ফান্দত পৰিবলৈ যিদৰে শীঘ্ৰে উড়ি যোৱাৰ দৰে, ইয়াৰ মূল্য যে তেওঁৰ জীৱন হ’ব পাৰে, সেই কথা তেওঁ নজনাকৈ তাইৰ পাছে পাছে গৈ থাকিল।
nyaka asere chwowe mahob chunye, kata ka winyo madhiyo e obadho ma ochikne, ka ok ongʼeyo ni ngimane ni e tho!
24 ২৪ আৰু এতিয়া হে মোৰ পুত্র, মোৰ কথা শুনা, মই কোৱা কথালৈ মনোযোগ দিয়া।
Koro un yawuota winjauru, chikuru itu ne gima awacho.
25 ২৫ তোমাৰ হৃদয় তাইৰ ফাললৈ ঢাল খাব নিদিবা, আৰু তুমি তাইৰ পথত গৈ বিপথগামী নহবা।
Kik uyie mondo chunyu odhi e yorene, kata bayo e yorene.
26 ২৬ তাই অনেকক আনি নষ্ট কৰিছে, তেওঁলোকক গণনা কৰিব নোৱাৰি।
Oseketho ngima ji mangʼeny, kendo osemiyo ji mathoth mak kwanre otho.
27 ২৭ তাইৰ ঘৰেই চিয়োললৈ যোৱা বাট, আৰু মৃত্যুৰ অন্তঃপুৰলৈ নামি যোৱা পথ। (Sheol )
Ode en yo malach matero ji e liel, otelo ni ji koterogi e kuonde mag tho. (Sheol )