< প্রবচন 6 >
1 ১ হে মোৰ পুত্র, তুমি যদি তোমাৰ চুবুৰীয়াৰ জামিন হ’বলৈ তোমাৰ ধন এফলিয়া কৈ ৰাখা, তুমি যদি কোনো অচিনাকী লোকক ধাৰ দিবলৈ প্রতিজ্ঞা কৰা,
Ndodana yami, nxa wenzele umakhelwane wakho isibambiso, nxa libambene izandla ukuba uzamhlawulela imilandu yakhe,
2 ২ তেনেহ’লে তুমি নিজে কৰা প্রতিজ্ঞাৰ দ্বাৰাই ফান্দত পৰিবা, আৰু তুমি নিজৰ মুখৰ কথাৰ দ্বাৰাই ধৰা পৰিবা।
aluba usuzihilele ngalokho okutshiloyo, wazibambisa ngamazwi omlomo wakho,
3 ৩ হে মোৰ পুত্র, সেই বিষয়ত তুমি এইদৰে কৰা আৰু নিজকে ৰক্ষা কৰা; কাৰণ তুমি তোমাৰ চুবুৰীয়াৰ অনুগ্রহত আছা। যোৱা আৰু নিজকে নম্র কৰি তোমাক মুক্ত কৰিবলৈ তোমাৰ চুবুৰীয়াক মিনতি কৰা।
lapho-ke yenza lokhu, ndodana yami, ukuzikhulula, njengoba usuwele ezandleni zakhe umakhelwane wakho: Hamba ufike uzehlise; mncengancenge umakhelwane wakho!
4 ৪ তোমাৰ চকুক টোপনি যাবলৈ নিদিবা, আৰু চকুৰ পতাক মুদ যাবলৈ নিদিবা।
Ungabuvumeli ubuthongo emehlweni akho, ungavumeli ukuwozela enkopheni zakho.
5 ৫ হৰিণে চিকাৰীৰ হাতৰ পৰা ৰক্ষা পোৱাৰ দৰে, আৰু চৰাইয়ে চিকাৰীৰ হাতৰ পৰা ৰক্ষা পোৱাৰ দৰে তুমি নিজকে ৰক্ষা কৰা।
Zikhulule njengempala ezandleni zomzingeli, njengenyoni esifini somthiyi.
6 ৬ হে এলেহুৱা লোক, পৰুৱালৈ দৃষ্টি কৰা, সিহঁতৰ কাৰ্যলৈ চাই জ্ঞানী হোৱা।
Khangela ubunyonyo, wena vila; hlolisisa ukwenza kwabo uhlakaniphe!
7 ৭ সিহঁতৰ কোনো অধিপতি, কাৰ্যধ্যক্ষ, বা শাসনকৰ্ত্তা নাই,
Kabulamphathi, kabula mkhangeli loba umbusi,
8 ৮ তথাপি সিহঁতে জহকালৰ আহাৰ গোটায়, আৰু শস্য দোৱাৰ সময়ত আহাৰ চপায়।
kodwa buyaqoqa umphako wabo ehlobo bubuthe ukudla kwabo nxa kuvunwa.
9 ৯ হে এলেহুৱা, তুমি কিমান কাল শুই থাকিবা? আৰু কেতিয়া টোপনিৰ পৰা উঠিবা?
Uzalala khonapho kuze kube nini, vila ndini? Uzavuka nini ebuthongweni bakho?
10 ১০ “আৰু অলপ শুই থাকো, আৰু অলপ টোপনিয়াও, আৰু অলপ জিৰণী লবলৈ হাত সাৱটো”-
Ukulala okuncane, ukuwozela okuncane, ukugoqa izandla kancane uphumula,
11 ১১ তেতিয়া তোমাৰ দৰিদ্ৰতা ডকাইতৰ দৰে, আৰু তোমাৰ প্রয়োজনীতা সুসজ্জিত ৰণুৱাৰ দৰে আহিব।
ubuyanga buzafika kuwe njengesela lokuswela njengesigebenga.
12 ১২ এজন অপদাৰ্থ ব্যক্তি, এজন পাপী লোক- কটু কথাৰ দ্বাৰাই জীয়াই থাকে।
Isigangi lesixhwali esihamba sikhuluma amanyala,
13 ১৩ তেওঁ চকু টিপিয়াই আৰু ভৰিৰে সঙ্কেত দিয়ে, আৰু আঙুলিৰে ইঙ্গিত কৰে।
esiqhweba ngelihlo sitshengise ngezinyawo zaso njalo sitshengise ngeminwe yaso,
14 ১৪ তেওঁ হৃদয়ৰ প্রতাৰণাৰ সৈতে বেয়া চক্রান্ত কৰে, তেওঁ সদায় বিবাদক আলোড়িত কৰে,
esiceba ububi ngenkohliso enhliziyweni yaso sithanda ukuvusa inkani kokuphela.
15 ১৫ সেই কাৰণে তেওঁলৈ অকস্মাতে দুৰ্যোগ আহে; তৎক্ষণাত সুস্থ হ’ব নোৱাৰাকৈ তেওঁ ভাঙি পৰে।
Ngakho lowo uzawelwa yingozi ngokuphazima; uzabhidlizwa ngokuphangisa kungasekho okungenziwa.
16 ১৬ যিহোৱাই ঘিণ কৰা বিষয় ছয়টা, সপ্তমটো তেওঁলৈ বিতৃষ্ণাজনক।
Ziyisithupha izinto uThixo azizondayo, eziyisikhombisa eziyisinengiso kuye:
17 ১৭ গৰ্ব্ব কৰা চকু, মিছা কথা কোৱা জিভা, নিৰ্দ্দোষীৰ তেজত পতিত হোৱা হাত,
amehlo atshengisa ukudelela, ulimi oluqamba amanga, izandla ezichitha igazi elingelacala,
18 ১৮ বেয়া পৰিকল্পনা কৰা হৃদয়, বেয়া কৰ্ম কৰিবলৈ বেগাই দৌৰ মৰা ভৰি,
inhliziyo egaya izibozi, inyawo eziphangisa ukuya ebubini,
19 ১৯ মিছা কথা ব্যক্ত কৰা সাক্ষী, আৰু ভাইসকলৰ মাজত কন্দলৰূপ গুটি সিচোঁতা লোক।
umfakazi wamanga, okhuluma inkohliso lomuntu oletha ukuxabana kubazalwane.
20 ২০ হে মোৰ পুত্র, তুমি তোমাৰ পিতৃৰ আজ্ঞা পালন কৰা, আৰু তোমাৰ মাতৃৰ শিক্ষা হেয়জ্ঞান নকৰিবা।
Ndodana yami, gcina imilayo kayihlo ungadeli imfundiso kanyoko.
21 ২১ সেইবোৰ সদায় তোমাৰ হৃদয়ত গাঁঠি থোৱা, আৰু সেইবোৰ ডিঙিত বান্ধি ৰাখা।
Kubophele enhliziyweni yakho nini lanini; kugqize entanyeni yakho.
22 ২২ তুমি যেতিয়া খোজ কাঢ়িবা, তেতিয়া সেইবোৰে তোমাক পৰিচালনা কৰিব, তুমি যেতিয়া শুবা, তেতিয়া সেইবোৰে তোমাক পৰ দি ৰাখিব, আৰু যেতিয়া তুমি শুই উঠিবা, তেতিয়া সেইবোৰে তোমাক শিক্ষা প্রদান কৰিব।
Nxa uhamba, lezizinto zizakukhokhela; lanxa ulele zizakulinda; uthi uvuka zikukhulumise.
23 ২৩ কাৰণ সেই আজ্ঞাবোৰ প্ৰদীপস্বৰূপ, আৰু সেই শিক্ষা পোহৰস্বৰূপ হয়, নেতিবাচক অনুশাসন জীৱনৰ পথ হয়।
Ngoba imilayo le iyisibane, imfundiso le iyikukhanya, leziqondiso zokuzithiba ziyindlela yokuphila,
24 ২৪ অসৎ মহিলাৰ পৰা, আৰু ব্যভিচাৰিণীৰ মিঠা কথাৰ পৰা ই তোমাক দূৰ কৰি ৰাখে,
zikuvikela kowesifazane ongaziphathanga, laselimini olumnandi lomfazi ongelambeko.
25 ২৫ তুমি তোমাৰ অন্তৰেৰে তেওঁৰ সৌন্দৰ্যত মোহ নাযাবা, আৰু তেওঁক তেওঁৰ চকুৰে তোমাক মোহিত কৰিব নিদিবা।
Ungasuki umfise ngenhliziyo yakho ngenxa yobuhle bakhe kumbe akuhuge ngamehlo akhe.
26 ২৬ বেশ্যা মহিলাৰ সৈতে শয়ন কৰা, এটা পিঠাৰ মূল্যৰ সমান হ’ব পাৰে, কিন্তু অন্য লোকৰ ভাৰ্যাই তোমাৰ সমগ্র জীৱন ক্ষতি কৰিব পাৰে।
Ngoba isifebe siyakululazisa ufane lesinkwa, kodwa umfazi womuntu uyayibhidliza impilo yakho uqobo.
27 ২৭ কাপোৰ নোপোৰাকৈ কোনোবাই নিজৰ বুকুত, জুই ৰাখিব পাৰে নে?
Kambe umuntu angokhela umlilo emathangazini akhe na zingaze zatsha izigqoko zakhe?
28 ২৮ কোনোবাই জানো নিজৰ ভৰি নোপোৰাকৈ, জ্বলি থকা আঙঠাৰ ওপৰত খোজকাঁঢ়িব পাৰে নে?
Kambe umuntu angahamba phezu kwamalahle inyawo zakhe zingaze zatsha na?
29 ২৯ সেয়ে যি মানুহে নিজৰ চুবুৰীয়াৰ ভাৰ্যাৰ ওচৰলৈ যায়, সেই জনে তেওঁৰে সৈতে সম্পৰ্ক কৰিলে, তেওঁ দণ্ড নোপোৱাকৈ নাথাকে।
Kunjalo kulowo olala lomfazi wenye indoda; kakho omthintayo ongayikujeziswa.
30 ৩০ চোৰে ক্ষুধাতুৰ হৈ পেট ভৰাবলৈ চুৰ কৰিলে, লোকসকলে তেওঁক ঘিণ নকৰিব পাৰে;
Abantu kabalithuki isela nxa lintshontsha ngoba lifuqwa liphango.
31 ৩১ কিন্তু ধৰা পৰিলে, তেওঁ তাৰ সাত গুণ ক্ষতি পুৰণ কৰিব লাগিব, আৰু নিজৰ ঘৰৰ সৰ্ব্বস্বৰ মূল্য দিব লগা হ’ব।
Kodwa lingabanjwa lihlawuliswa kasikhombisa, lanxa inhlawulo ilithathela yonke impahla yendlu yalo.
32 ৩২ যিজনে পৰস্ত্ৰীৰ সৈতে সহবাস কৰে তেওঁ জ্ঞানশূন্য; যি মানুহে এনে কাৰ্য কৰে, তেওঁ নিজকে ধ্বংস কৰে।
Kodwa indoda efebayo kayilangqondo; lowo okwenzayo lokho uyazibulala yena ngokwakhe.
33 ৩৩ তেওঁ আঘাত আৰু অপমান পোৱাৰ যোগ্য; আৰু তেওঁৰ অপমান কেতিয়াও মচি দিয়া নহ’ব।
Izidutshulo lehlazo kuyisabelo sakhe, ukuyangeka kwakhe kakusoze kwafa kwaphela.
34 ৩৪ কাৰণ ঈৰ্ষাই মানুহক ক্রোধাম্বিত কৰে; তেওঁ যেতিয়া প্ৰতিশোধ লয়, তেতিয়া তেওঁ দয়া নেদেখোৱায়।
Ngoba ubukhwele bendoda yalowomfazi buyiqubula ulaka, ingabe isaba lozwelo lapho isiphindisela.
35 ৩৫ তেওঁ কোনো প্ৰকাৰৰ ক্ষতিপূৰণ গ্ৰহণ নকৰিব; আৰু তুমি তেওঁক বহুত উপহাৰ দিলেও তেওঁক কিনিব নোৱাৰিবা।
Kayizukuvuma inhlawulo; kayiyikwamukela isivalamlomo loba singakanani.