< প্রবচন 5 >
1 ১ হে মোৰ পুত্র, মোৰ প্রজ্ঞালৈ মনোযোগ দিয়া; সাৱধানতাৰে মোৰ তাৎপর্যপূৰ্ণ কথা শুনা।
Oğlum, mənim hikmətimə diqqət yetir, Qulağını müdrik sözlərimə tərəf çevir.
2 ২ সেয়ে তুমি সুবিবেচনা শিকিব পাৰিবা; আৰু তোমাৰ ওঁঠে জ্ঞান ৰক্ষা কৰিব পাৰিব।
Onda dərrakəyə bağlanarsan, Dilin biliyi kənara atmaz.
3 ৩ কিয়নো ব্যভিচাৰিণীৰ ওঁঠৰ পৰা টোপে টোপে মৌ বৰষে, আৰু তেওঁৰ মুখৰ কথা তেলতকৈয়ো মসৃণ।
Əxlaqsız qadının dodağından sanki bal axır, Dili şirin, yağdan yumşaqdır.
4 ৪ কিন্তু শেষত তেওঁ চোকা তৰোৱালে কটাৰ দৰে কাটে। তিতা উদ্ভিদৰ দৰে হয়,
Amma aqibəti yovşan kimi acıdır, İkiağızlı qılınc kimi kəskindir.
5 ৫ তেওঁৰ ভৰি মৃত্যুলৈ নামি যায়, তেওঁ খোজ দিয়া সকলো পথ চিয়োললৈ যায়। (Sheol )
Onun ayaqları ölümə aparır, Onun addımları ölülər diyarına çatır. (Sheol )
6 ৬ তেওঁ জীৱন পথত কোনো চিন্তা নকৰে; তেওঁৰ খোজ আচৰ্যজনক, তেওঁ ক’লৈ গৈ আছে তেওঁ নাজানে।
Həyat yoluna fikir vermir, Yolları dolaşıqdır, özü də bilmir.
7 ৭ আৰু এতিয়া, হে মোৰ পুত্রসকল, মোৰ কথা শুনা, মোৰ মুখৰ বাক্য শুনাৰ পৰা বিমুখ নহবা।
İndi, ey övladlar, mənə qulaq asın, Dilimdən çıxan sözlərdən yayınmayın.
8 ৮ তেওঁৰ পৰা তোমাৰ পথ দূৰত ৰাখা; তেওঁৰ ঘৰৰ দুৱাৰৰ ওচৰলৈ নাযাবা।
Belə qadından uzaq ol, Evinin qapısına yaxın getmə.
9 ৯ নহ’লে তোমাৰ সন্মান অন্যলোকক এৰি দিব লাগিব, আৰু তোমাৰ জীৱনৰ বছৰবোৰ নিৰ্দয় ব্যক্তিক দিব লাগিব।
Yoxsa şərəfini yadlara verərsən, Ömrünü zalımlara sərf edərsən.
10 ১০ তোমাৰ সম্পত্তি অচিনাকী লোকে ভোগ কৰিব; আৰু তোমাৰ পৰিশ্ৰমৰ ফল অচিনাকী লোকৰ ঘৰলৈ যাব।
Sənin var-yoxunu yadlar yeyər, Qazancın özgənin evinə gedər.
11 ১১ আৰু তোমাৰ জীৱনৰ শেষত তুমি আৰ্তনাদ কৰিবা; তোমাৰ যেতিয়া শৰীৰ আৰু মাংস ক্ষয় হ’ব,
Ömrünün sonu çatanda, Canında taqət qalmayanda Ah-nalə çəkərək belə deyərsən:
12 ১২ তুমি ক’বা, “মই কেনেকৈ শাসন প্রণালীক ঘিণ কৰিছিলোঁ। আৰু মোৰ অন্তৰে অনুযোগ হেয়জ্ঞান কৰিলে।
«Mən də tərbiyəyə nifrət etdim, Ürəyimdə məzəmmətlərə güldüm!
13 ১৩ মই মোৰ শিক্ষকসকলক মানিচলা নাছিলো, বা মোক দিয়া উপদেশ নুশুনিলোঁ।
Müəllimimin sözünə baxmadım, Tərbiyəçilərimə qulaq asmadım.
14 ১৪ সমাজ আৰু সমবেত লোকসকলৰ মাজত মই প্ৰায় সম্পূৰ্ণ ধ্বংস হলোঁ।
Camaatın və icmanın arasında Az qala hər cür bəlaya düşəcəkdim».
15 ১৫ তুমি তোমাৰ নিজৰ পুখুৰীৰ পানী খোৱা, আৰু তোমাৰ নিজৰ নাদৰ পৰা ওলাই থকা পানী পান কৰা।
Öz su anbarından, Öz quyunun içməli suyundan iç.
16 ১৬ তোমাৰ ভুমুকবোৰ চাৰিওফালে প্লাৱিত হ’ব লাগে নে? আৰু তোমাৰ জুৰিৰ পানী জনসাধৰণৰ মাজলৈ বৈ যাব লাগে নে?
Niyə sənin qaynaqların küçələrə, Su arxların meydanlara axıb getsin?
17 ১৭ সেইবোৰ কেৱল তোমাৰ নিজৰ বাবেই হওক, আৰু তোমাৰ সৈতে থকা অচিনাকী লোকৰ বাবে নহওক।
Onlar yalnız səninki olsun, Yadlara paylama.
18 ১৮ তোমাৰ ভুমুক আশীৰ্ব্বাদযুক্ত হওক; তুমি তোমাৰ যৌৱন কালৰ ভাৰ্যাত আনন্দ কৰা।
Qoy çeşmən bərəkətli olsun, Gənc ikən evləndiyin arvadınla xoşbəxt yaşa!
19 ১৯ কাৰণ তেওঁ মৰমীয়াল হৰিণী আৰু লাবন্যময়ী মৃগ, তেওঁৰ স্তনৰ দ্বাৰাই সকলো সময়ত তুমি তৃপ্ত হোৱা, আৰু তেওঁৰ প্ৰেমতেই সদায় মত্ত থাকা।
Sevimli maralın, gözəl ceyranın Həmişə səni öz döşləri ilə doydursun, Onun eşqi ilə məst ol.
20 ২০ কিয়নো হে মোৰ পুত্র, তুমি ব্যভিচাৰিণীত কিয় মত্ত হবা? আৰু তুমি অচিনাকী মহিলাৰ বুকু কিয় সাৱটি ধৰিবা?
Oğlum, niyə əxlaqsız qadınla məst olmalısan, Yad arvadı qoynuna almalısan?
21 ২১ কিয়নো মানুহে কৰা সকলো কাম যিহোৱাই চাই, আৰু তেওঁ তাৰ সকলো পথ পৰ্যবেক্ষণ কৰে।
İnsanların yolları Rəbbin gözü qarşısındadır, Onların hər addımlarını yoxlayır.
22 ২২ এজন দুষ্ট লোক নিজৰ অপৰাধতে ধৰা পৰে; তেওঁক নিজৰ পাপৰূপ জৰীয়ে বান্ধি ৰাখে।
Şər insan öz təqsirlərinə görə tutular, Günahının kəməndinə dolanar.
23 ২৩ নিয়মানুবৰ্ত্তিতাৰ অভাৱত তেওঁৰ মৃত্যু হয়; তেওঁৰ অজ্ঞানতাৰ কাৰণে তেওঁ বিপথে যায়।
Tərbiyəsizliyi üzündən həlak olar, Hədsiz səfehliyi üzündən azar.