< প্রবচন 30 >
1 ১ যাকিৰ পুত্ৰ আগুৰে ঈশ্বৰীয় বচন কোৱা: এই মানুহে ঈথীয়েল আৰু উকালত ঘোষণা কৰে:
verba Congregantis filii Vomentis visio quam locutus est vir cum quo est Deus et qui Deo secum morante confortatus ait
2 ২ যি কোনো মনুষ্যতকৈ নিশ্চয় মই বহুত বেছি জন্তুৰ দৰে, আৰু মনুষ্যজাতিৰ বুজা শক্তি মোৰ নাই,
stultissimus sum virorum et sapientia hominum non est mecum
3 ৩ আৰু মই প্ৰজ্ঞা শিকা নাই, নাইবা পবিত্ৰ জনাৰ বিষয়েও জ্ঞান পোৱা নাই।
non didici sapientiam et non novi sanctorum scientiam
4 ৪ কোন স্বৰ্গলৈ উঠি গৈছিল, আৰু নামি আহিছিল? কোনে নিজৰ হাতৰ মুঠিত বতাহ ধৰিছিল? কোনে জল সমূহক বান্ধি লুকুৱাই ৰাখিছিল? কোনে পৃথিবীৰ সকলো সীমা স্থাপন কৰিছিল? তেওঁৰ নাম কি? আৰু তেওঁৰ পুত্ৰৰ নাম কি? নিশ্চয় তুমি জানা!
quis ascendit in caelum atque descendit quis continuit spiritum manibus suis quis conligavit aquas quasi in vestimento quis suscitavit omnes terminos terrae quod nomen eius et quod nomen filii eius si nosti
5 ৫ ঈশ্বৰৰ প্ৰতিটো বাক্য প্রমাণিত, তেওঁত আশ্ৰয় লোৱা সকলৰ তেওঁ ঢাল হয়।
omnis sermo Dei ignitus clypeus est sperantibus in se
6 ৬ তেওঁৰ বাক্যৰ লগত একো যোগ নিদিবা; নহ’লে তেওঁ তোমাক তিৰস্কাৰ কৰিব, আৰু তুমি মিছলীয়া বুলি প্রমাণিত হবা।
ne addas quicquam verbis illius et arguaris inveniarisque mendax
7 ৭ মই তোমাৰ আগত দুটা বস্তু খুজিছোঁ; মোৰ মৃত্যু হোৱাৰ আগতে সেই বস্তু দুটা মোক দিবলৈ অমান্তি নহ’বা।
duo rogavi te ne deneges mihi antequam moriar
8 ৮ অহংকাৰ আৰু মিছা কথা মোৰ পৰা দূৰ কৰা; মোক দৰিদ্ৰ নাইবা ধনৱান নকৰিবা; কেৱল মোৰ প্রয়োজনীয় আহাৰ মোক দিয়া।
vanitatem et verba mendacia longe fac a me mendicitatem et divitias ne dederis mihi tribue tantum victui meo necessaria
9 ৯ কাৰণ মোৰ যদি অতিৰিক্ত থাকে, তেনেহ’লে মই তোমাক অস্বীকাৰ কৰিম আৰু ক’ম, “যিহোৱা নো কোন?” বা মই যদি দৰিদ্ৰ হওঁ আৰু চুৰ কৰোঁ, তেনেহ’লে মোৰ ঈশ্বৰৰ নাম মই অপবিত্র কৰিম।
ne forte saturatus inliciar ad negandum et dicam quis est Dominus et egestate conpulsus furer et peierem nomen Dei mei
10 ১০ দাসক তেওঁৰ মালিকৰ আগত নিন্দা নকৰিবা; কৰিলে তেওঁ তোমাক শাও দিব, আৰু তুমি দোষী বুলি গণিত হ’ব।
ne accuses servum ad dominum suum ne forte maledicat tibi et corruas
11 ১১ এটা বংশ আছে, যি নিজৰ পিতৃক শাও দিয়ে, আৰু নিজৰ মাতৃক মহিমান্বিত নকৰে।
generatio quae patri suo maledicit et quae non benedicit matri suae
12 ১২ সেই বংশই নিজে নিজৰ দৃষ্টিত শুদ্ধ; কিন্তু তেওঁলোকে নিজৰ কলুষিতা পৰিত্যাগ নকৰে।
generatio quae sibi munda videtur et tamen non est lota a sordibus suis
13 ১৩ সেই বংশ নিজৰ দৃষ্টিতে নিজে বহুত অহংকাৰী! আৰু তেওঁলোকে চকুৰ পিৰিঠি ওপৰ কৰি ৰাখে!
generatio cuius excelsi sunt oculi et palpebrae eius in alta subrectae
14 ১৪ তেওঁলোক এনে বংশ; যিসকলৰ দাঁত তৰোৱালৰ দৰে, আৰু গালৰ হাড় ছুৰিৰ দৰে, সেয়ে তেওঁলোকে দেশৰ পৰা দৰিদ্ৰ সকলক আৰু মানুহৰ মাজৰ পৰা অভাৱী সকলক গ্রাস কৰিব পাৰে।
generatio quae pro dentibus gladios habet et commandit molaribus suis ut comedat inopes de terra et pauperes ex hominibus
15 ১৫ জোকৰ দুজনী জীয়েক আছে; “দিয়া দিয়া” বুলি তেওঁলোকে কান্দে। তিনিটা বিষয় আছে, যি কেতিয়াও সন্তুষ্ট নহয়, চতুৰ্থ বিষয়ে কেতিয়াও নকয় “যথেষ্ট হ’ল”
sanguisugae duae sunt filiae dicentes adfer adfer tria sunt insaturabilia et quartum quod numquam dicit sufficit
16 ১৬ চিয়োল, বাঁজী তিৰোতাৰ গৰ্ভ, পানীৰ বাবে তৃষ্ণাতুৰ হোৱা মাটি, আৰু জুইয়ে কেতিয়াও নকয়, “যথেষ্ট হ’ল।” (Sheol )
infernus et os vulvae et terra quae non satiatur aqua ignis vero numquam dicit sufficit (Sheol )
17 ১৭ যি চকুৱে নিজৰ পিতৃক উপহাস কৰে, আৰু মাতৃৰ আজ্ঞা পালন কৰিবলৈ ঘিণ কৰে, তেওঁৰ চকু উপত্যকাৰ কাউৰীবোৰৰ দ্বাৰাই কাঢ়ি উলিওৱা হ’ব, আৰু শগুণে তেওঁক খাব।
oculum qui subsannat patrem et qui despicit partum matris suae effodiant corvi de torrentibus et comedant illum filii aquilae
18 ১৮ ইয়াত তিনিটা বিষয় আছে, যি মোৰ বাবে অতি অদ্ভুত, চতুৰ্থ বিষয় মই বুজি নাপাওঁ:
tria sunt difficilia mihi et quartum penitus ignoro
19 ১৯ ঈগলে আকাশত উৰে; সাপে শিলত বগায়; জাহাজে সমুদ্রৰ মাজত গতি কৰে, আৰু পুৰুষে মহিলাৰ সৈতে জীৱনধাৰণ কৰে।
viam aquilae in caelo viam colubri super petram viam navis in medio mari et viam viri in adulescentula
20 ২০ এইদৰে ব্যভিচৰিণীৰ পথ; তেওঁ খাই আৰু মুখ মঁচে আৰু কয়, “মই কোনো ভুল কৰা নাই।”
talis est via mulieris adulterae quae comedit et tergens os suum dicit non sum operata malum
21 ২১ তিনিটা বিষয়ত পৃথিৱী কঁপে, আৰু চতুৰ্থ বিষয় সহিব নোৱাৰি:
per tria movetur terra et quartum non potest sustinere
22 ২২ যেতিয়া এজন দাস ৰজা হয়; আৰু এজন মুৰ্খই আহাৰ খাই তৃপ্ত হয়;
per servum cum regnaverit per stultum cum saturatus fuerit cibo
23 ২৩ ঘিণলগীয়া মহিলাই যেতিয়া বিবাহ হয়; আৰু এগৰাকী দাসীয়ে যেতিয়া নিজৰ গৃহিনীৰ স্থান লয়।
per odiosam mulierem cum in matrimonio fuerit adsumpta et per ancillam cum heres fuerit dominae suae
24 ২৪ পৃথিবীত চাৰিটা ক্ষুদ্ৰ বস্তু আছে; তথাপিও সেইবোৰ বহুত জ্ঞানী।
quattuor sunt minima terrae et ipsa sunt sapientiora sapientibus
25 ২৫ পৰুৱা শক্তিশালী প্রাণী নহয়, তথাপি সিহঁতে গ্রীষ্ম কালত সিহঁতৰ আহাৰ যুগুত কৰে;
formicae populus infirmus quae praeparant in messe cibum sibi
26 ২৬ চাফন পশু শক্তিমান জীৱ নহয়, তথাপি সিহঁতে শিলৰ মাজত নিজৰ ঘৰ সাজে;
lepusculus plebs invalida quae conlocat in petra cubile suum
27 ২৭ ফৰিংবোৰৰ ৰজা নাথাকে, তথাপি সিহঁত সকলোৱে শ্রেণী অনুসাৰে অতিক্রম কৰে;
regem lucusta non habet et egreditur universa per turmas
28 ২৮ জেঠীক তুমি তোমাৰ দুয়োখন হাতেৰে ধৰি ৰাখিব পাৰা; তথাপি সিহঁত ৰজাৰ অট্টালিকাত বাস কৰে।
stilio manibus nititur et moratur in aedibus regis
29 ২৯ নিজৰ দীঘল খোজৰ বাবে গৌৰৱ কৰা তিনিটা জীৱ আছে, চতুৰ্থবোৰ নিজৰ খোজ কঢ়াৰ ধৰণৰত গৌৰৱ কৰে।
tria sunt quae bene gradiuntur et quartum quod incedit feliciter
30 ৩০ জন্তুৰ মাজত শক্তিশালী সিংহ, আৰু ই কোনো বস্তুৰ পৰা আঁতৰি নাহে;
leo fortissimus bestiarum ad nullius pavebit occursum
31 ৩১ বুকু ফিন্দাই খোজ কঢ়া মতা কুকুৰা, মতা ছাগলী, আৰু সৈন্যসকলৰ কাষত থকা ৰজা।
gallus succinctus lumbos et aries nec est rex qui resistat ei
32 ৩২ তুমি যদি অজ্ঞানী হোৱা, তেনেহ’লে তুমি নিজকে প্রশংসা কৰা, বা যদি তুমি কু-কল্পনা কৰা, তেনেহ’লে তোমাৰ মুখত তোমাৰ হাত দিয়া।
et qui stultus apparuit postquam elatus est in sublime si enim intellexisset ori inposuisset manum
33 ৩৩ যিদৰে গাখীৰ মন্থন কৰিলে মাখন হয়, আৰু নাক মোহাৰিলে তেজ ওলায়, সেইদৰে ক্ৰোধে বিবাদ সৃষ্টি কৰে।
qui autem fortiter premit ubera ad eliciendum lac exprimit butyrum et qui vehementer emungitur elicit sanguinem et qui provocat iras producit discordias