< প্রবচন 30 >

1 যাকিৰ পুত্ৰ আগুৰে ঈশ্বৰীয় বচন কোৱা: এই মানুহে ঈথীয়েল আৰু উকালত ঘোষণা কৰে:
Nawa mawu a Aguri mwana wa Yake wa ku Masa: Munthuyo anati kwa Itieli, “Inu Mulungu, ine ndatopa. Inu Mulungu, ine ndatopa. Ndalefukiratu.
2 যি কোনো মনুষ্যতকৈ নিশ্চয় মই বহুত বেছি জন্তুৰ দৰে, আৰু মনুষ্যজাতিৰ বুজা শক্তি মোৰ নাই,
“Ine ndine munthu wopusa kuposa anthu onse; ndilibe nzeru zomvetsa zinthu zonga za munthu.
3 আৰু মই প্ৰজ্ঞা শিকা নাই, নাইবা পবিত্ৰ জনাৰ বিষয়েও জ্ঞান পোৱা নাই।
Sindinaphunzire nzeru, ndipo Woyerayo sindimudziwa.
4 কোন স্বৰ্গলৈ উঠি গৈছিল, আৰু নামি আহিছিল? কোনে নিজৰ হাতৰ মুঠিত বতাহ ধৰিছিল? কোনে জল সমূহক বান্ধি লুকুৱাই ৰাখিছিল? কোনে পৃথিবীৰ সকলো সীমা স্থাপন কৰিছিল? তেওঁৰ নাম কি? আৰু তেওঁৰ পুত্ৰৰ নাম কি? নিশ্চয় তুমি জানা!
Kodi ndani anakwera kumwamba ndi kutsikako? Ndani anafumbatapo mphepo mʼmanja mwake? Ndani anamanga madzi mʼchovala chake? Ndani anakhazikitsa mathero onse a dziko lapansi? Dzina lake ndani? Ndiwuze ngati ukudziwa! Ndipo mwana wake dzina lake ndani?
5 ঈশ্বৰৰ প্ৰতিটো বাক্য প্রমাণিত, তেওঁত আশ্ৰয় লোৱা সকলৰ তেওঁ ঢাল হয়।
“Mawu ali wonse a Mulungu ndi opanda cholakwika; Iye ndi chishango kwa amene amathawira kwa Iye.
6 তেওঁৰ বাক্যৰ লগত একো যোগ নিদিবা; নহ’লে তেওঁ তোমাক তিৰস্কাৰ কৰিব, আৰু তুমি মিছলীয়া বুলি প্রমাণিত হবা।
Usawonjezepo kanthu pa mawu ake, kuopa kuti Iye angadzakudzudzule ndi kukupeza kuti ndiwe wabodza.”
7 মই তোমাৰ আগত দুটা বস্তু খুজিছোঁ; মোৰ মৃত্যু হোৱাৰ আগতে সেই বস্তু দুটা মোক দিবলৈ অমান্তি নহ’বা।
“Inu Yehova, ndikukupemphani zinthu ziwiri musandimane zimenezo ndisanafe:
8 অহংকাৰ আৰু মিছা কথা মোৰ পৰা দূৰ কৰা; মোক দৰিদ্ৰ নাইবা ধনৱান নকৰিবা; কেৱল মোৰ প্রয়োজনীয় আহাৰ মোক দিয়া।
Choyamba, mundichotsere kutali nane mabodza ndi chinyengo. Chachiwiri, ndisakhale mʼmphawi kapena munthu wachuma. Koma muzindidyetsa chakudya chondikwanira tsiku ndi tsiku
9 কাৰণ মোৰ যদি অতিৰিক্ত থাকে, তেনেহ’লে মই তোমাক অস্বীকাৰ কৰিম আৰু ক’ম, “যিহোৱা নো কোন?” বা মই যদি দৰিদ্ৰ হওঁ আৰু চুৰ কৰোঁ, তেনেহ’লে মোৰ ঈশ্বৰৰ নাম মই অপবিত্র কৰিম।
kuopa kuti ndikakhuta kwambiri ndingayambe kukukanani, nʼkumanena kuti, ‘Yehova ndiye yaninso?’ Kuopanso kuti ndikakhala wosauka ndingayambe kuba, potero nʼkuyipitsa dzina la Mulungu wanga.”
10 ১০ দাসক তেওঁৰ মালিকৰ আগত নিন্দা নকৰিবা; কৰিলে তেওঁ তোমাক শাও দিব, আৰু তুমি দোষী বুলি গণিত হ’ব।
“Usamusinjirire wantchito kwa mbuye wake kuopa kuti angakutemberere ndipo iweyo nʼkupezeka wolakwa.”
11 ১১ এটা বংশ আছে, যি নিজৰ পিতৃক শাও দিয়ে, আৰু নিজৰ মাতৃক মহিমান্বিত নকৰে।
“Alipo ena amene amatemberera abambo awo, ndipo sadalitsa amayi awo.
12 ১২ সেই বংশই নিজে নিজৰ দৃষ্টিত শুদ্ধ; কিন্তু তেওঁলোকে নিজৰ কলুষিতা পৰিত্যাগ নকৰে।
Pali ena amene amadziyesa okha oyera mtima komatu sanachotse zoyipa zawo.
13 ১৩ সেই বংশ নিজৰ দৃষ্টিতে নিজে বহুত অহংকাৰী! আৰু তেওঁলোকে চকুৰ পিৰিঠি ওপৰ কৰি ৰাখে!
Pali ena ndi odzitukumula kwambiri, amene amakweza zikope modzitukumula.
14 ১৪ তেওঁলোক এনে বংশ; যিসকলৰ দাঁত তৰোৱালৰ দৰে, আৰু গালৰ হাড় ছুৰিৰ দৰে, সেয়ে তেওঁলোকে দেশৰ পৰা দৰিদ্ৰ সকলক আৰু মানুহৰ মাজৰ পৰা অভাৱী সকলক গ্রাস কৰিব পাৰে।
Pali ena amene mano awo ali ngati malupanga ndipo zibwano zawo zili ngati mipeni moti amadya amphawi ndi kuwachotsa pa dziko lapansi. Amachotsanso anthu osauka pakati pa anzawo.”
15 ১৫ জোকৰ দুজনী জীয়েক আছে; “দিয়া দিয়া” বুলি তেওঁলোকে কান্দে। তিনিটা বিষয় আছে, যি কেতিয়াও সন্তুষ্ট নহয়, চতুৰ্থ বিষয়ে কেতিয়াও নকয় “যথেষ্ট হ’ল”
“Msundu uli ndi ana aakazi awiri iwo amalira kuti, ‘Tipatseni! Tipatseni!’” “Pali zinthu zitatu zimene sizikhuta, zinthu zinayi zimene sizinena kuti, ‘Takhuta!’
16 ১৬ চিয়োল, বাঁজী তিৰোতাৰ গৰ্ভ, পানীৰ বাবে তৃষ্ণাতুৰ হোৱা মাটি, আৰু জুইয়ে কেতিয়াও নকয়, “যথেষ্ট হ’ল।” (Sheol h7585)
Manda, mkazi wosabala, nthaka yosakhuta madzi ndiponso moto womangoyakirayakira!” (Sheol h7585)
17 ১৭ যি চকুৱে নিজৰ পিতৃক উপহাস কৰে, আৰু মাতৃৰ আজ্ঞা পালন কৰিবলৈ ঘিণ কৰে, তেওঁৰ চকু উপত্যকাৰ কাউৰীবোৰৰ দ্বাৰাই কাঢ়ি উলিওৱা হ’ব, আৰু শগুণে তেওঁক খাব।
Aliyense amene amanyoza abambo ake, ndi kunyozera kumvera amayi ake, makwangwala a ku chigwa adzamukolowola maso ndipo mphungu zidzadya mnofu wake.
18 ১৮ ইয়াত তিনিটা বিষয় আছে, যি মোৰ বাবে অতি অদ্ভুত, চতুৰ্থ বিষয় মই বুজি নাপাওঁ:
Pali zinthu zitatu zimene zimandidabwitsa, zinthu zinayi zimene ine sindizimvetsetsa.
19 ১৯ ঈগলে আকাশত উৰে; সাপে শিলত বগায়; জাহাজে সমুদ্রৰ মাজত গতি কৰে, আৰু পুৰুষে মহিলাৰ সৈতে জীৱনধাৰণ কৰে।
Ndipo ndi izi: mmene chiwulukira chiwombankhanga mlengalenga; mmene iyendera njoka pa thanthwe; mmene chiyendera chombo pa nyanja; ndiponso mmene mwamuna achitira akakhala ndi namwali.
20 ২০ এইদৰে ব্যভিচৰিণীৰ পথ; তেওঁ খাই আৰু মুখ মঁচে আৰু কয়, “মই কোনো ভুল কৰা নাই।”
Umu ndi mʼmene mkazi amachitira atachita chigololo: Atatha kudya ndi kupukuta pakamwa pake iye amanena kuti “Sindinachite kalikonse kolakwa.”
21 ২১ তিনিটা বিষয়ত পৃথিৱী কঁপে, আৰু চতুৰ্থ বিষয় সহিব নোৱাৰি:
Pali zinthu zitatu zimene zimanjenjemeretsa dziko lapansi, pali zinthu zinayi zimene dziko lapansi silingathe kuzipirira:
22 ২২ যেতিয়া এজন দাস ৰজা হয়; আৰু এজন মুৰ্খই আহাৰ খাই তৃপ্ত হয়;
Kapolo amene wasanduka mfumu, chitsiru chimene chakhuta,
23 ২৩ ঘিণলগীয়া মহিলাই যেতিয়া বিবাহ হয়; আৰু এগৰাকী দাসীয়ে যেতিয়া নিজৰ গৃহিনীৰ স্থান লয়।
mkazi wonyozeka akakwatiwa ndiponso wantchito wamkazi akalanda mwamuna wa mbuye wake.
24 ২৪ পৃথিবীত চাৰিটা ক্ষুদ্ৰ বস্তু আছে; তথাপিও সেইবোৰ বহুত জ্ঞানী।
Pali zinthu zinayi zingʼonozingʼono pa dziko lapansi, komatu ndi zochenjera kwambiri:
25 ২৫ পৰুৱা শক্তিশালী প্রাণী নহয়, তথাপি সিহঁতে গ্রীষ্ম কালত সিহঁতৰ আহাৰ যুগুত কৰে;
Nyerere zili ngati anthu opanda mphamvu, komatu zimasungiratu chakudya chake nthawi ya chilimwe;
26 ২৬ চাফন পশু শক্তিমান জীৱ নহয়, তথাপি সিহঁতে শিলৰ মাজত নিজৰ ঘৰ সাজে;
mbira zili ngati anthu opanda mphamvu komatu zimakonza pokhalapo pawo mʼmiyala;
27 ২৭ ফৰিংবোৰৰ ৰজা নাথাকে, তথাপি সিহঁত সকলোৱে শ্রেণী অনুসাৰে অতিক্রম কৰে;
dzombe lilibe mfumu, komatu lonse limakhala mʼmagulumagulu poyenda.
28 ২৮ জেঠীক তুমি তোমাৰ দুয়োখন হাতেৰে ধৰি ৰাখিব পাৰা; তথাপি সিহঁত ৰজাৰ অট্টালিকাত বাস কৰে।
Buluzi ungathe kumugwira mʼmanja komatu amapezeka mʼnyumba za mafumu.
29 ২৯ নিজৰ দীঘল খোজৰ বাবে গৌৰৱ কৰা তিনিটা জীৱ আছে, চতুৰ্থবোৰ নিজৰ খোজ কঢ়াৰ ধৰণৰত গৌৰৱ কৰে।
“Pali zinthu zitatu zimene zimayenda chinyachinya, pali zinthu zinayi zimene zimayenda monyadira:
30 ৩০ জন্তুৰ মাজত শক্তিশালী সিংহ, আৰু ই কোনো বস্তুৰ পৰা আঁতৰি নাহে;
Mkango umene uli wamphamvu kuposa nyama zonse, ndipo suthawa kanthu kalikonse.
31 ৩১ বুকু ফিন্দাই খোজ কঢ়া মতা কুকুৰা, মতা ছাগলী, আৰু সৈন্যসকলৰ কাষত থকা ৰজা।
Tambala woyenda chinyachinya, mbuzi yayimuna, ndiponso mfumu yoyenda pakati pa anthu ake.
32 ৩২ তুমি যদি অজ্ঞানী হোৱা, তেনেহ’লে তুমি নিজকে প্রশংসা কৰা, বা যদি তুমি কু-কল্পনা কৰা, তেনেহ’লে তোমাৰ মুখত তোমাৰ হাত দিয়া।
“Ngati wakhala ukupusa ndi kumadzikweza wekha, kapena ngati wakhala ukukonzekera zoyipa, ndiye khala kaye chete, uganizire bwino!
33 ৩৩ যিদৰে গাখীৰ মন্থন কৰিলে মাখন হয়, আৰু নাক মোহাৰিলে তেজ ওলায়, সেইদৰে ক্ৰোধে বিবাদ সৃষ্টি কৰে।
Paja pakutha mkaka mafuta amapangidwa, ndipo ukapsinya mphuno, magazi amatuluka, ndipo mikangano imakhalapo ukalimbikira kukwiya.”

< প্রবচন 30 >