< প্রবচন 3 >

1 হে মোৰ পুত্র, মোৰ আদেশবোৰ নাপাহৰিবা, আৰু তোমাৰ হৃদয়ত মোৰ শিক্ষাবোৰ পালন কৰিবা।
Ọmọ mi, má ṣe gbàgbé ẹ̀kọ́ mi. Ṣùgbọ́n pa òfin mi mọ́ sí ọkàn rẹ.
2 কাৰণ এইবোৰৰ দ্বাৰাই তোমাৰ জীৱনৰ আয়ুস আৰু বছৰবোৰ বৃ্দ্ধি পাব, আৰু জীৱনত শান্তি লাভ কৰিবা।
Nítorí ọjọ́ gígùn, ẹ̀mí gígùn, àti àlàáfíà, ni wọn yóò fi kùn un fún ọ.
3 বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য গুৰুত্বপূর্ণ প্ৰতিশ্রুতিয়ে তোমাক কেতিয়াও ত্যাগ নকৰক; দুয়োকো তুমি ডিঙিত বান্ধি ৰাখিবা, আৰু তোমাৰ হৃদয় ফলিত সেইবোৰ লিখি থ’বা।
Má ṣe jẹ́ kí ìfẹ́ àti òtítọ́ ṣíṣe fi ọ́ sílẹ̀ láéláé so wọ́n mọ́ ọrùn rẹ, kọ wọ́n sí wàláà àyà rẹ.
4 তেতিয়া তুমি ঈশ্বৰ আৰু মানুহৰ দৃষ্টিত অনুগ্ৰহ আৰু সুযশস্যা পাবা।
Nígbà náà ni ìwọ yóò rí ojúrere àti orúkọ rere ní ojú Ọlọ́run àti lójú ènìyàn.
5 তুমি সমস্ত মনেৰে সৈতে যিহোৱাক বিশ্বাস কৰা; আৰু তোমাৰ নিজৰ বিবেচনাত তুমি নিৰ্ভৰ নকৰিবা।
Gbẹ́kẹ̀lé Olúwa pẹ̀lú gbogbo ọkàn rẹ má ṣe sinmi lé òye ara à rẹ.
6 তোমাৰ সকলো পথত তেওঁক স্বীকাৰ কৰিবা, আৰু তেওঁ তোমাৰ পথবোৰ পোন কৰিব।
Mọ̀ ọ́n ní gbogbo ọ̀nà rẹ òun yóò sì máa tọ́ ipa ọ̀nà rẹ.
7 তুমি নিজৰ দৃষ্টিত নিজে জ্ঞানী নহ’বা; যিহোৱালৈ ভয় ৰাখা, আৰু পাপৰ পৰা ঘূৰি আহাঁ।
Má ṣe jẹ́ ọlọ́gbọ́n lójú ara à rẹ bẹ̀rù Olúwa kí o sì kórìíra ibi.
8 ই তোমাৰ শৰীৰ সুস্থ কৰিব, আৰু তোমাৰ দেহলৈ সতেজতা আনিব।
Èyí yóò mú ìlera fún ara rẹ àti okun fún àwọn egungun rẹ.
9 আৰু তোমাৰ সম্পত্তিৰে, আৰু তোমাৰ সকলো উৎপাদনৰ প্রথম ফলৰ সৈতে যিহোৱাক সমাদৰ কৰা।
Fi ọrọ̀ rẹ bọ̀wọ̀ fún Olúwa, pẹ̀lú àkọ́so oko rẹ,
10 ১০ সেয়ে তোমাৰ ভঁৰালবোৰ পৰিপূৰ্ণ হ’ব, আৰু তোমাৰ দ্ৰাক্ষাৰসৰ পাত্র নতুন দ্ৰাক্ষাৰসেৰে উপচি পৰিব।
nígbà náà ni àká rẹ yóò kún àkúnya àgbá rẹ yóò kún àkúnwọ́sílẹ̀ fún wáìnì tuntun.
11 ১১ হে মোৰ পুত্র, যিহোৱাৰ নিয়ম প্রণালী হেয়জ্ঞান নকৰিবা; আৰু তেওঁৰ অনুযোগ হেয়জ্ঞান নকৰিবা।
Ọmọ mi, má ṣe kẹ́gàn ìbáwí Olúwa má sì ṣe bínú nígbà tí ó bá ń bá ọ wí,
12 ১২ পিতৃক সন্তুষ্ট কৰা পুত্রক যেনেকৈ পিতৃয়ে প্রেম কৰে; ঈশ্বৰেও যি জনক প্ৰেম কৰে, সেই জনক তেনেকৈ অনুযোগ কৰে।
nítorí Olúwa a máa bá àwọn tí ó fẹ́ràn wí bí baba ti í bá ọmọ tí ó bá nínú dídùn sí wí.
13 ১৩ যি মানুহে প্রজ্ঞা লাভ কৰে তেওঁ সুখী হয়, আৰু তেওঁ সুবিবেচনাও লাভ কৰে।
Ìbùkún ni fún ẹni tí ó ní ìmọ̀, ẹni tí ó tún ní òye sí i,
14 ১৪ ৰূপৰ পৰিৱৰ্তে পোৱা লাভতকৈ প্ৰজ্ঞাৰ পৰা পোৱা লাভ উত্তম। আৰু ইয়াৰ লাভ সোণতকৈও উত্তম।
nítorí ó ṣe èrè ju fàdákà lọ ó sì ní èrè lórí ju wúrà lọ.
15 ১৫ প্রজ্ঞা অলঙ্কাৰতকৈয়ো বহুমূলীয়া; আৰু তোমাৰ অভিলাষৰ কোনো বস্তুকেই প্রজ্ঞাৰ লগত তুলনা কৰিব নোৱাৰি।
Ó ṣe iyebíye ju iyùn lọ; kò sí ohunkóhun tí a lè fiwé e nínú ohun gbogbo tí ìwọ fẹ́.
16 ১৬ তেওঁৰ সোঁ হাতত দীৰ্ঘদিনবোৰ আছে, আৰু বাওঁহাত সমৃদ্ধিশালী আৰু সন্মানীয়।
Ẹ̀mí gígùn ń bẹ ní ọwọ́ ọ̀tún rẹ̀; ní ọwọ́ òsì rẹ sì ni ọrọ̀ àti ọlá.
17 ১৭ তেওঁৰ পথবোৰ দয়াৰে পৰিপূৰ্ণ; আৰু তেওঁৰ সকলো পথ শান্তিময়।
Àwọn ọ̀nà rẹ jẹ́ ọ̀nà ìtura, òpópónà rẹ sì jẹ́ ti àlàáfíà.
18 ১৮ যিসকলে তেওঁক ধৰি ৰাখে, তেওঁলোকৰ বাবে তেওঁ জীৱনদায়ক বৃক্ষস্বৰূপ; আৰু যি সকলে তেওঁক ধৰি ৰাখে তেওঁলোক সুখী।
Igi ìyè ni ó jẹ́ fún gbogbo ẹni tí ó bá gbà á; àwọn tí ó bá sì dìímú yóò rí ìbùkún gbà.
19 ১৯ যিহোৱাই প্রজ্ঞাৰ দ্বাৰাই পৃথিৱী স্থাপন কৰিলে, আৰু সুবুদ্ধিৰ দ্বাৰাই আকাশ-মণ্ডল প্রতিষ্ঠা কৰিলে।
Nípa ọgbọ́n, Olúwa fi ìpìlẹ̀ ilẹ̀ ayé sọlẹ̀; nípa òye, ó fi àwọn ọ̀run sí ipò wọn;
20 ২০ তেওঁৰ জ্ঞানৰ দ্বাৰাই গভীৰ অংশ মুক্ত হ’ল; আৰু ডাৱৰে নিয়ৰ বৰষালে।
nípa ìmọ̀ rẹ̀ ó pín ibú omi ní yà, àwọsánmọ̀ sì ń sẹ ìrì.
21 ২১ হে মোৰ পুত্র, তুমি সেই সকলোকে তোমাৰ দৃষ্টিৰ পৰা আতৰ হ’বলৈ নিদিবা; তুমি ন্যায় বিচাৰ আৰু বিচক্ষনতা ধৰি ৰাখিবা।
Ọmọ mi, pa ọgbọ́n tí ó yè kooro àti ìmòye mọ́, má jẹ́ kí wọn lọ kúrò ní ibi tí ojú rẹ ti le tó wọn.
22 ২২ তেওঁলোক তোমাৰ প্ৰাণৰ জীৱন স্বৰূপ হ’ব; আৰু অনুগ্রহৰ অলংকাৰ তোমাৰ ডিঙিৰ শোভাস্বৰূপ হ’ব।
Wọn yóò jẹ́ ìyè fún ọ, àti ẹ̀ṣọ́ fún ọrùn rẹ.
23 ২৩ তেতিয়া তুমি তোমাৰ পথত সুৰক্ষিত হৈ চলিব পাৰিবা; আৰু তোমাৰ ভৰিয়ে উজুতি নাখাব।
Nígbà náà ni ìwọ yóò bá ọ̀nà rẹ lọ ní àìléwu, ìwọ kì yóò sì kọsẹ̀.
24 ২৪ তুমি শয়ন কৰাৰ সময়ত তোমাৰ ভয় নালাগিব; তুমি যেতিয়া শুবা; তেতিয়া তোমাৰ টোপনি সুমধুৰ হ’ব।
Nígbà tí ìwọ bá dùbúlẹ̀, ìwọ kì yóò bẹ̀rù, nígbà tí ìwọ bá dùbúlẹ̀, oorun rẹ yóò jẹ́ oorun ayọ̀.
25 ২৫ তুমি আকস্মিক বিপদলৈ বা দুষ্টবোৰৰ দ্বাৰাই অহা বিনাশ আহিব, তেতিয়া তুমি ভয় নকৰিবা।
Má ṣe bẹ̀rù ìdààmú òjijì, tàbí ti ìparun tí ó ń dé bá àwọn ènìyàn búburú.
26 ২৬ কাৰণ যিহোৱা তোমাৰ পক্ষত থাকিব; আৰু তেওঁ তোমাৰ ভৰি ফান্দত নপৰাকৈ ৰাখিব।
Nítorí Olúwa yóò jẹ́ ìgbẹ́kẹ̀lé rẹ, kì yóò sì jẹ́ kí ẹsẹ̀ rẹ bọ́ sínú pàkúté.
27 ২৭ তোমাৰ উপকাৰ কৰিবৰ সমৰ্থ থাকিলে, যিসকলক উপকাৰৰ প্রয়োজন, তেওঁলোকক উপকাৰ নকৰাকৈ নাথাকিবা।
Má ṣe fa ọwọ́ ìre sẹ́yìn kúrò lọ́dọ̀ àwọn tí ṣe tìrẹ, nígbà tí ó bá wà ní ìkápá rẹ láti ṣe ohun kan.
28 ২৮ যেতিয়া তোমাৰ হাতত ধন থাকে, তেতিয়া ওচৰ চুবুৰীয়াক “যোৱা, পুনৰ আহিবা, মই কাইলৈ তোমাক দিম,” এইদৰে নক’বা
Má ṣe wí fún aládùúgbò rẹ pé, “Padà wá nígbà tó ṣe díẹ̀; èmi yóò fi fún ọ ní ọ̀la,” nígbà tí o ní i pẹ̀lú rẹ nísinsin yìí.
29 ২৯ যি জনে তোমাক বিশ্বাস কৰে আৰু তোমাৰ ওচৰত থাকে, সেই ওচৰ চুবুৰীয়াক অনিষ্ট কৰিবলৈ পৰিকল্পনা নকৰিবা।
Má ṣe pète ohun búburú fún aládùúgbò rẹ, ti o gbé nítòsí rẹ, tí ó sì fọkàn tán ọ.
30 ৩০ তেওঁ যেতিয়া তোমাৰ কোনো অনিষ্ট নকৰে, তেতিয়া তেওঁৰ লগত বিনা কাৰণত তৰ্ক নকৰিবা।
Má ṣe fẹ̀sùn kan ènìyàn láìnídìí, nígbà tí kò ṣe ọ́ ní ibi kankan rárá.
31 ৩১ উগ্র ব্যক্তিক ভয় নকৰিবা; বা তেওঁৰ কোনো পথ অনুসৰণ নকৰিবা।
Má ṣe ṣe ìlara ènìyàn jàgídíjàgan tàbí kí o yàn láti rìn ní ọ̀nà rẹ̀.
32 ৩২ কাৰণ কুটিললোক যিহোৱাৰ ঘৃণনীয়; কিন্তু তেওঁ ন্যায়নিষ্ঠ সকলৰ লগত তেওঁৰ আস্থা থাকে।
Nítorí Olúwa kórìíra ènìyàn aláyídáyidà ṣùgbọ́n a máa fọkàn tán ẹni dídúró ṣinṣin.
33 ৩৩ দুষ্ট লোকৰ ঘৰত যিহোৱাৰ শাও থাকে; কিন্তু তেওঁ ধাৰ্মিকৰ নিবাসক আশীৰ্ব্বাদযুক্ত কৰে।
Ègún Olúwa ń bẹ lórí ilé ènìyàn búburú, ṣùgbọ́n ó bùkún fún ilé olódodo.
34 ৩৪ তেওঁ নিন্দকসকলক নিন্দা কৰে; কিন্তু নম্ৰসকলক অনুগ্ৰহ দান কৰে।
Ó fi àwọn ẹlẹ́yà ṣe yẹ̀yẹ́, ṣùgbọ́n ó fi oore-ọ̀fẹ́ fún onírẹ̀lẹ̀.
35 ৩৫ জ্ঞানীসকল সন্মানৰ অধিকাৰী হয়; কিন্তু অজ্ঞানী সকল তেওঁলোকৰ লাজতেই উর্ধ্বমুখী হ’ব।
Ọlọ́gbọ́n jogún iyì, ṣùgbọ́n àwọn aṣiwèrè ni yóò ru ìtìjú wọn.

< প্রবচন 3 >