< প্রবচন 3 >
1 ১ হে মোৰ পুত্র, মোৰ আদেশবোৰ নাপাহৰিবা, আৰু তোমাৰ হৃদয়ত মোৰ শিক্ষাবোৰ পালন কৰিবা।
[Fili mi, ne obliviscaris legis meæ, et præcepta mea cor tuum custodiat:
2 ২ কাৰণ এইবোৰৰ দ্বাৰাই তোমাৰ জীৱনৰ আয়ুস আৰু বছৰবোৰ বৃ্দ্ধি পাব, আৰু জীৱনত শান্তি লাভ কৰিবা।
longitudinem enim dierum, et annos vitæ, et pacem, apponent tibi.
3 ৩ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য গুৰুত্বপূর্ণ প্ৰতিশ্রুতিয়ে তোমাক কেতিয়াও ত্যাগ নকৰক; দুয়োকো তুমি ডিঙিত বান্ধি ৰাখিবা, আৰু তোমাৰ হৃদয় ফলিত সেইবোৰ লিখি থ’বা।
Misericordia et veritas te non deserant; circumda eas gutturi tuo, et describe in tabulis cordis tui:
4 ৪ তেতিয়া তুমি ঈশ্বৰ আৰু মানুহৰ দৃষ্টিত অনুগ্ৰহ আৰু সুযশস্যা পাবা।
et invenies gratiam, et disciplinam bonam, coram Deo et hominibus.
5 ৫ তুমি সমস্ত মনেৰে সৈতে যিহোৱাক বিশ্বাস কৰা; আৰু তোমাৰ নিজৰ বিবেচনাত তুমি নিৰ্ভৰ নকৰিবা।
Habe fiduciam in Domino ex toto corde tuo, et ne innitaris prudentiæ tuæ.
6 ৬ তোমাৰ সকলো পথত তেওঁক স্বীকাৰ কৰিবা, আৰু তেওঁ তোমাৰ পথবোৰ পোন কৰিব।
In omnibus viis tuis cogita illum, et ipse diriget gressus tuos.
7 ৭ তুমি নিজৰ দৃষ্টিত নিজে জ্ঞানী নহ’বা; যিহোৱালৈ ভয় ৰাখা, আৰু পাপৰ পৰা ঘূৰি আহাঁ।
Ne sis sapiens apud temetipsum; time Deum, et recede a malo:
8 ৮ ই তোমাৰ শৰীৰ সুস্থ কৰিব, আৰু তোমাৰ দেহলৈ সতেজতা আনিব।
sanitas quippe erit umbilico tuo, et irrigatio ossium tuorum.
9 ৯ আৰু তোমাৰ সম্পত্তিৰে, আৰু তোমাৰ সকলো উৎপাদনৰ প্রথম ফলৰ সৈতে যিহোৱাক সমাদৰ কৰা।
Honora Dominum de tua substantia, et de primitiis omnium frugum tuarum da ei:
10 ১০ সেয়ে তোমাৰ ভঁৰালবোৰ পৰিপূৰ্ণ হ’ব, আৰু তোমাৰ দ্ৰাক্ষাৰসৰ পাত্র নতুন দ্ৰাক্ষাৰসেৰে উপচি পৰিব।
et implebuntur horrea tua saturitate, et vino torcularia tua redundabunt.]
11 ১১ হে মোৰ পুত্র, যিহোৱাৰ নিয়ম প্রণালী হেয়জ্ঞান নকৰিবা; আৰু তেওঁৰ অনুযোগ হেয়জ্ঞান নকৰিবা।
[Disciplinam Domini, fili mi, ne abjicias, nec deficias cum ab eo corriperis:
12 ১২ পিতৃক সন্তুষ্ট কৰা পুত্রক যেনেকৈ পিতৃয়ে প্রেম কৰে; ঈশ্বৰেও যি জনক প্ৰেম কৰে, সেই জনক তেনেকৈ অনুযোগ কৰে।
quem enim diligit Dominus, corripit, et quasi pater in filio complacet sibi.
13 ১৩ যি মানুহে প্রজ্ঞা লাভ কৰে তেওঁ সুখী হয়, আৰু তেওঁ সুবিবেচনাও লাভ কৰে।
Beatus homo qui invenit sapientiam, et qui affluit prudentia.
14 ১৪ ৰূপৰ পৰিৱৰ্তে পোৱা লাভতকৈ প্ৰজ্ঞাৰ পৰা পোৱা লাভ উত্তম। আৰু ইয়াৰ লাভ সোণতকৈও উত্তম।
Melior est acquisitio ejus negotiatione argenti, et auri primi et purissimi fructus ejus.
15 ১৫ প্রজ্ঞা অলঙ্কাৰতকৈয়ো বহুমূলীয়া; আৰু তোমাৰ অভিলাষৰ কোনো বস্তুকেই প্রজ্ঞাৰ লগত তুলনা কৰিব নোৱাৰি।
Pretiosior est cunctis opibus, et omnia quæ desiderantur huic non valent comparari.
16 ১৬ তেওঁৰ সোঁ হাতত দীৰ্ঘদিনবোৰ আছে, আৰু বাওঁহাত সমৃদ্ধিশালী আৰু সন্মানীয়।
Longitudo dierum in dextera ejus, et in sinistra illius divitiæ et gloria.
17 ১৭ তেওঁৰ পথবোৰ দয়াৰে পৰিপূৰ্ণ; আৰু তেওঁৰ সকলো পথ শান্তিময়।
Viæ ejus viæ pulchræ, et omnes semitæ illius pacificæ.
18 ১৮ যিসকলে তেওঁক ধৰি ৰাখে, তেওঁলোকৰ বাবে তেওঁ জীৱনদায়ক বৃক্ষস্বৰূপ; আৰু যি সকলে তেওঁক ধৰি ৰাখে তেওঁলোক সুখী।
Lignum vitæ est his qui apprehenderint eam, et qui tenuerit eam beatus.
19 ১৯ যিহোৱাই প্রজ্ঞাৰ দ্বাৰাই পৃথিৱী স্থাপন কৰিলে, আৰু সুবুদ্ধিৰ দ্বাৰাই আকাশ-মণ্ডল প্রতিষ্ঠা কৰিলে।
Dominus sapientia fundavit terram; stabilivit cælos prudentia.
20 ২০ তেওঁৰ জ্ঞানৰ দ্বাৰাই গভীৰ অংশ মুক্ত হ’ল; আৰু ডাৱৰে নিয়ৰ বৰষালে।
Sapientia illius eruperunt abyssi, et nubes rore concrescunt.]
21 ২১ হে মোৰ পুত্র, তুমি সেই সকলোকে তোমাৰ দৃষ্টিৰ পৰা আতৰ হ’বলৈ নিদিবা; তুমি ন্যায় বিচাৰ আৰু বিচক্ষনতা ধৰি ৰাখিবা।
[Fili mi, ne effluant hæc ab oculis tuis. Custodi legem atque consilium,
22 ২২ তেওঁলোক তোমাৰ প্ৰাণৰ জীৱন স্বৰূপ হ’ব; আৰু অনুগ্রহৰ অলংকাৰ তোমাৰ ডিঙিৰ শোভাস্বৰূপ হ’ব।
et erit vita animæ tuæ, et gratia faucibus tuis.
23 ২৩ তেতিয়া তুমি তোমাৰ পথত সুৰক্ষিত হৈ চলিব পাৰিবা; আৰু তোমাৰ ভৰিয়ে উজুতি নাখাব।
Tunc ambulabis fiducialiter in via tua, et pes tuus non impinget.
24 ২৪ তুমি শয়ন কৰাৰ সময়ত তোমাৰ ভয় নালাগিব; তুমি যেতিয়া শুবা; তেতিয়া তোমাৰ টোপনি সুমধুৰ হ’ব।
Si dormieris, non timebis; quiesces, et suavis erit somnus tuus.
25 ২৫ তুমি আকস্মিক বিপদলৈ বা দুষ্টবোৰৰ দ্বাৰাই অহা বিনাশ আহিব, তেতিয়া তুমি ভয় নকৰিবা।
Ne paveas repentino terrore, et irruentes tibi potentias impiorum.
26 ২৬ কাৰণ যিহোৱা তোমাৰ পক্ষত থাকিব; আৰু তেওঁ তোমাৰ ভৰি ফান্দত নপৰাকৈ ৰাখিব।
Dominus enim erit in latere tuo, et custodiet pedem tuum, ne capiaris.]
27 ২৭ তোমাৰ উপকাৰ কৰিবৰ সমৰ্থ থাকিলে, যিসকলক উপকাৰৰ প্রয়োজন, তেওঁলোকক উপকাৰ নকৰাকৈ নাথাকিবা।
[Noli prohibere benefacere eum qui potest: si vales, et ipse benefac.
28 ২৮ যেতিয়া তোমাৰ হাতত ধন থাকে, তেতিয়া ওচৰ চুবুৰীয়াক “যোৱা, পুনৰ আহিবা, মই কাইলৈ তোমাক দিম,” এইদৰে নক’বা
Ne dicas amico tuo: Vade, et revertere: cras dabo tibi: cum statim possis dare.
29 ২৯ যি জনে তোমাক বিশ্বাস কৰে আৰু তোমাৰ ওচৰত থাকে, সেই ওচৰ চুবুৰীয়াক অনিষ্ট কৰিবলৈ পৰিকল্পনা নকৰিবা।
Ne moliaris amico tuo malum, cum ille in te habeat fiduciam.
30 ৩০ তেওঁ যেতিয়া তোমাৰ কোনো অনিষ্ট নকৰে, তেতিয়া তেওঁৰ লগত বিনা কাৰণত তৰ্ক নকৰিবা।
Ne contendas adversus hominem frustra, cum ipse tibi nihil mali fecerit.
31 ৩১ উগ্র ব্যক্তিক ভয় নকৰিবা; বা তেওঁৰ কোনো পথ অনুসৰণ নকৰিবা।
Ne æmuleris hominem injustum, nec imiteris vias ejus:
32 ৩২ কাৰণ কুটিললোক যিহোৱাৰ ঘৃণনীয়; কিন্তু তেওঁ ন্যায়নিষ্ঠ সকলৰ লগত তেওঁৰ আস্থা থাকে।
quia abominatio Domini est omnis illusor, et cum simplicibus sermocinatio ejus.
33 ৩৩ দুষ্ট লোকৰ ঘৰত যিহোৱাৰ শাও থাকে; কিন্তু তেওঁ ধাৰ্মিকৰ নিবাসক আশীৰ্ব্বাদযুক্ত কৰে।
Egestas a Domino in domo impii; habitacula autem justorum benedicentur.
34 ৩৪ তেওঁ নিন্দকসকলক নিন্দা কৰে; কিন্তু নম্ৰসকলক অনুগ্ৰহ দান কৰে।
Ipse deludet illusores, et mansuetis dabit gratiam.
35 ৩৫ জ্ঞানীসকল সন্মানৰ অধিকাৰী হয়; কিন্তু অজ্ঞানী সকল তেওঁলোকৰ লাজতেই উর্ধ্বমুখী হ’ব।
Gloriam sapientes possidebunt; stultorum exaltatio ignominia.]