< প্রবচন 3 >
1 ১ হে মোৰ পুত্র, মোৰ আদেশবোৰ নাপাহৰিবা, আৰু তোমাৰ হৃদয়ত মোৰ শিক্ষাবোৰ পালন কৰিবা।
Ɗana, kada ka manta da koyarwata, amma ka kiyaye umarnaina a cikin zuciyarka,
2 ২ কাৰণ এইবোৰৰ দ্বাৰাই তোমাৰ জীৱনৰ আয়ুস আৰু বছৰবোৰ বৃ্দ্ধি পাব, আৰু জীৱনত শান্তি লাভ কৰিবা।
gama za su ƙara maka tsawon rai da shekaru masu yawa su kuma kawo maka wadata.
3 ৩ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য গুৰুত্বপূর্ণ প্ৰতিশ্রুতিয়ে তোমাক কেতিয়াও ত্যাগ নকৰক; দুয়োকো তুমি ডিঙিত বান্ধি ৰাখিবা, আৰু তোমাৰ হৃদয় ফলিত সেইবোৰ লিখি থ’বা।
Kada ka bar ƙauna da aminci su rabu da kai; ka ɗaura su kewaye da wuyanka, ka rubuta su a allon zuciyarka.
4 ৪ তেতিয়া তুমি ঈশ্বৰ আৰু মানুহৰ দৃষ্টিত অনুগ্ৰহ আৰু সুযশস্যা পাবা।
Sa’an nan za ka sami tagomashi da kuma suna mai kyau a gaban Allah da kuma a gaban mutane.
5 ৫ তুমি সমস্ত মনেৰে সৈতে যিহোৱাক বিশ্বাস কৰা; আৰু তোমাৰ নিজৰ বিবেচনাত তুমি নিৰ্ভৰ নকৰিবা।
Ka dogara ga Ubangiji da dukan zuciyarka kada kuma ka dangana ga ganewarka;
6 ৬ তোমাৰ সকলো পথত তেওঁক স্বীকাৰ কৰিবা, আৰু তেওঁ তোমাৰ পথবোৰ পোন কৰিব।
cikin dukan hanyoyinka ka amince da shi, zai kuwa sa hanyoyinka su miƙe.
7 ৭ তুমি নিজৰ দৃষ্টিত নিজে জ্ঞানী নহ’বা; যিহোৱালৈ ভয় ৰাখা, আৰু পাপৰ পৰা ঘূৰি আহাঁ।
Kada ka zama mai hikima a ganinka; ka ji tsoron Ubangiji ka kuma guji mugunta.
8 ৮ ই তোমাৰ শৰীৰ সুস্থ কৰিব, আৰু তোমাৰ দেহলৈ সতেজতা আনিব।
Wannan zai ba wa jikinka lafiya yă kuma adana ƙasusuwanka.
9 ৯ আৰু তোমাৰ সম্পত্তিৰে, আৰু তোমাৰ সকলো উৎপাদনৰ প্রথম ফলৰ সৈতে যিহোৱাক সমাদৰ কৰা।
Ka girmama Ubangiji da dukan dukiyarka, ta wurin miƙa masa nunan fari na dukan amfanin gonarka;
10 ১০ সেয়ে তোমাৰ ভঁৰালবোৰ পৰিপূৰ্ণ হ’ব, আৰু তোমাৰ দ্ৰাক্ষাৰসৰ পাত্র নতুন দ্ৰাক্ষাৰসেৰে উপচি পৰিব।
ta haka rumbunanka za su cika har su zuba, randunanka kuma su cika har baki da sabon ruwan inabi.
11 ১১ হে মোৰ পুত্র, যিহোৱাৰ নিয়ম প্রণালী হেয়জ্ঞান নকৰিবা; আৰু তেওঁৰ অনুযোগ হেয়জ্ঞান নকৰিবা।
Ɗana, kada ka rena horon Ubangiji kada kuma ka ƙi tsawatawarsa,
12 ১২ পিতৃক সন্তুষ্ট কৰা পুত্রক যেনেকৈ পিতৃয়ে প্রেম কৰে; ঈশ্বৰেও যি জনক প্ৰেম কৰে, সেই জনক তেনেকৈ অনুযোগ কৰে।
domin Ubangiji yakan hori waɗanda yake ƙauna, kamar yadda mahaifi yake yin wa ɗa da yake fariya da shi.
13 ১৩ যি মানুহে প্রজ্ঞা লাভ কৰে তেওঁ সুখী হয়, আৰু তেওঁ সুবিবেচনাও লাভ কৰে।
Mai albarka ne mutumin da ya sami hikima, mutumin da ya sami fahimi,
14 ১৪ ৰূপৰ পৰিৱৰ্তে পোৱা লাভতকৈ প্ৰজ্ঞাৰ পৰা পোৱা লাভ উত্তম। আৰু ইয়াৰ লাভ সোণতকৈও উত্তম।
gama ta fi azurfa riba tana kuma da amfani fiye da zinariya.
15 ১৫ প্রজ্ঞা অলঙ্কাৰতকৈয়ো বহুমূলীয়া; আৰু তোমাৰ অভিলাষৰ কোনো বস্তুকেই প্রজ্ঞাৰ লগত তুলনা কৰিব নোৱাৰি।
Ta fi lu’ulu’u daraja; ba a kwatanta abin da ka fi sha’awa da ita.
16 ১৬ তেওঁৰ সোঁ হাতত দীৰ্ঘদিনবোৰ আছে, আৰু বাওঁহাত সমৃদ্ধিশালী আৰু সন্মানীয়।
Tsawon rai yana a cikin hannunta na dama; a hannunta na hagu kuwa akwai arziki da bangirma.
17 ১৭ তেওঁৰ পথবোৰ দয়াৰে পৰিপূৰ্ণ; আৰু তেওঁৰ সকলো পথ শান্তিময়।
Hanyoyinta hanyoyi ne masu daɗi, dukan hanyoyinta kuma salama ne.
18 ১৮ যিসকলে তেওঁক ধৰি ৰাখে, তেওঁলোকৰ বাবে তেওঁ জীৱনদায়ক বৃক্ষস্বৰূপ; আৰু যি সকলে তেওঁক ধৰি ৰাখে তেওঁলোক সুখী।
Ita itacen rai ne ga waɗanda suka rungume ta; waɗanda suke riƙe da ta za su zama masu albarka.
19 ১৯ যিহোৱাই প্রজ্ঞাৰ দ্বাৰাই পৃথিৱী স্থাপন কৰিলে, আৰু সুবুদ্ধিৰ দ্বাৰাই আকাশ-মণ্ডল প্রতিষ্ঠা কৰিলে।
Ta wurin hikima Ubangiji ya kafa harsashin duniya, ta wurin fahimi ya shirya sammai inda suke;
20 ২০ তেওঁৰ জ্ঞানৰ দ্বাৰাই গভীৰ অংশ মুক্ত হ’ল; আৰু ডাৱৰে নিয়ৰ বৰষালে।
ta wurin sani aka rarraba zurfafa, gizagizai kuma suka zubo raɓa.
21 ২১ হে মোৰ পুত্র, তুমি সেই সকলোকে তোমাৰ দৃষ্টিৰ পৰা আতৰ হ’বলৈ নিদিবা; তুমি ন্যায় বিচাৰ আৰু বিচক্ষনতা ধৰি ৰাখিবা।
Ɗana, ka riƙe sahihiyar shari’a da kuma basira, kada ka bar su su rabu da kai;
22 ২২ তেওঁলোক তোমাৰ প্ৰাণৰ জীৱন স্বৰূপ হ’ব; আৰু অনুগ্রহৰ অলংকাৰ তোমাৰ ডিঙিৰ শোভাস্বৰূপ হ’ব।
za su zama rai a gare ka, abin adon da zai gyara wuyanka.
23 ২৩ তেতিয়া তুমি তোমাৰ পথত সুৰক্ষিত হৈ চলিব পাৰিবা; আৰু তোমাৰ ভৰিয়ে উজুতি নাখাব।
Sa’an nan za ka bi hanyarka lafiya, ƙafarka kuwa ba zai yi tuntuɓe ba;
24 ২৪ তুমি শয়ন কৰাৰ সময়ত তোমাৰ ভয় নালাগিব; তুমি যেতিয়া শুবা; তেতিয়া তোমাৰ টোপনি সুমধুৰ হ’ব।
sa’ad da ka kwanta, ba za ka ji tsoro ba; sa’ad da ka kwanta, barci zai yi maka daɗi.
25 ২৫ তুমি আকস্মিক বিপদলৈ বা দুষ্টবোৰৰ দ্বাৰাই অহা বিনাশ আহিব, তেতিয়া তুমি ভয় নকৰিবা।
Kada ka ji tsoron masifar da za tă faru farat ɗaya ko lalacin da yakan auka wa mugaye,
26 ২৬ কাৰণ যিহোৱা তোমাৰ পক্ষত থাকিব; আৰু তেওঁ তোমাৰ ভৰি ফান্দত নপৰাকৈ ৰাখিব।
gama Ubangiji zai zama ƙarfin halinka zai kuwa kiyaye ƙafarka daga fāɗawa a tarko.
27 ২৭ তোমাৰ উপকাৰ কৰিবৰ সমৰ্থ থাকিলে, যিসকলক উপকাৰৰ প্রয়োজন, তেওঁলোকক উপকাৰ নকৰাকৈ নাথাকিবা।
Kada ka ƙi yin alheri ga duk wanda ya dace, sa’ad da kana iya yin haka.
28 ২৮ যেতিয়া তোমাৰ হাতত ধন থাকে, তেতিয়া ওচৰ চুবুৰীয়াক “যোৱা, পুনৰ আহিবা, মই কাইলৈ তোমাক দিম,” এইদৰে নক’বা
Kada ka ce wa maƙwabcinka “Ka yă dakata sai gobe,” idan kana iya taimakonsa yanzu.
29 ২৯ যি জনে তোমাক বিশ্বাস কৰে আৰু তোমাৰ ওচৰত থাকে, সেই ওচৰ চুবুৰীয়াক অনিষ্ট কৰিবলৈ পৰিকল্পনা নকৰিবা।
Kada ka shirya kome da zai cuci maƙwabcinka, wanda yake zama da aminci kusa da kai.
30 ৩০ তেওঁ যেতিয়া তোমাৰ কোনো অনিষ্ট নকৰে, তেতিয়া তেওঁৰ লগত বিনা কাৰণত তৰ্ক নকৰিবা।
Kada ka zargi mutum ba dalili, sa’ad da bai yi laifi ba.
31 ৩১ উগ্র ব্যক্তিক ভয় নকৰিবা; বা তেওঁৰ কোনো পথ অনুসৰণ নকৰিবা।
Kada ka ji kishin mai tā-da-na-zaune-tsaye ko ka yi sha’awar aikata ayyukansu.
32 ৩২ কাৰণ কুটিললোক যিহোৱাৰ ঘৃণনীয়; কিন্তু তেওঁ ন্যায়নিষ্ঠ সকলৰ লগত তেওঁৰ আস্থা থাকে।
Gama Ubangiji yana ƙyama mai aikata mugunta amma yakan rungumi adalin da ya amince da shi.
33 ৩৩ দুষ্ট লোকৰ ঘৰত যিহোৱাৰ শাও থাকে; কিন্তু তেওঁ ধাৰ্মিকৰ নিবাসক আশীৰ্ব্বাদযুক্ত কৰে।
La’anar Ubangiji tana a gidan mugaye, amma yakan albarkaci gidan adali.
34 ৩৪ তেওঁ নিন্দকসকলক নিন্দা কৰে; কিন্তু নম্ৰসকলক অনুগ্ৰহ দান কৰে।
Yakan yi wa masu girman kai ba’a amma yakan yi wa mai sauƙinkai alheri.
35 ৩৫ জ্ঞানীসকল সন্মানৰ অধিকাৰী হয়; কিন্তু অজ্ঞানী সকল তেওঁলোকৰ লাজতেই উর্ধ্বমুখী হ’ব।
Masu hikima sukan sami kyakkyawan suna, amma wawaye sukan ƙara wa kansu shan kunya.