< প্রবচন 28 >
1 ১ কোনো লোকে খেদি নগলেও দুষ্টলোক দৌৰি পলায়; কিন্তু ন্যায় কাৰ্য কৰা সকল যুৱা সিংহৰ দৰে সাহসী হয়।
φεύγει ἀσεβὴς μηδενὸς διώκοντος δίκαιος δὲ ὥσπερ λέων πέποιθεν
2 ২ দেশৰ আইন উলঙ্ঘনৰ বাবে দেশত অনেক শাসনকৰ্তা হয়; কিন্তু জ্ঞানী আৰু বিবেচনা কৰা লোকৰ দ্বাৰাই শাসন চিৰস্থায়ী হয়।
δῑ ἁμαρτίας ἀσεβῶν κρίσεις ἐγείρονται ἀνὴρ δὲ πανοῦργος κατασβέσει αὐτάς
3 ৩ যিজন দৰিদ্ৰ লোকে দৰিদ্রক উপদ্ৰৱ কৰে, তেওঁ খাদ্য নষ্ট কৰা বৰষুণৰ দৰে।
ἀνδρεῖος ἐν ἀσεβείαις συκοφαντεῖ πτωχούς ὥσπερ ὑετὸς λάβρος καὶ ἀνωφελής
4 ৪ যিজনে বিধান ত্যাগ কৰে, তেওঁ দুষ্টলোকক প্ৰশংসা কৰে, কিন্তু যিজনে বিধান পালন কৰে, তেওঁ তেওঁলোকৰ বিৰুদ্ধে যুঁজ কৰে।
οὕτως οἱ ἐγκαταλείποντες τὸν νόμον ἐγκωμιάζουσιν ἀσέβειαν οἱ δὲ ἀγαπῶντες τὸν νόμον περιβάλλουσιν ἑαυτοῖς τεῖχος
5 ৫ দুষ্ট লোকে ন্যায়বিচাৰ নুবুজে; কিন্তু যিজনে যিহোৱাক বিচাৰে, সেই জনে সকলো বুজি পায়।
ἄνδρες κακοὶ οὐ νοήσουσιν κρίμα οἱ δὲ ζητοῦντες τὸν κύριον συνήσουσιν ἐν παντί
6 ৬ কুটিল পথত চলা ধনী মানুহতকৈ, ন্যায়পৰায়ণতাত চলা দৰিদ্ৰ লোকেই শ্ৰেষ্ঠ।
κρείσσων πτωχὸς πορευόμενος ἐν ἀληθείᾳ πλουσίου ψευδοῦς
7 ৭ যি জনে বিধান পালন কৰে, তেওঁ সুবিবেচনা থকা সন্তানৰ দৰে; কিন্তু যি জনৰ ভোজনবিলাসী সঙ্গী থাকে, তেওঁ নিজৰ পিতৃক লাজ দিয়ে।
φυλάσσει νόμον υἱὸς συνετός ὃς δὲ ποιμαίνει ἀσωτίαν ἀτιμάζει πατέρα
8 ৮ যি কোনোৱে অধিক সুত লোৱাৰ দ্বাৰাই নিজৰ ভবিষ্যতলৈ সম্পত্তি সাঁচে, সেই জনে দৰিদ্র লোকক দয়া কৰা লোকৰ বাবে সেই ধন সাঁচে।
ὁ πληθύνων τὸν πλοῦτον αὐτοῦ μετὰ τόκων καὶ πλεονασμῶν τῷ ἐλεῶντι πτωχοὺς συνάγει αὐτόν
9 ৯ কোনোৱে যদি বিধানৰ কথা শুনাৰ পৰা আঁতৰি থাকে, তেনেহ’লে তেওঁৰ প্ৰাৰ্থনাও ঘৃণিত হয়।
ὁ ἐκκλίνων τὸ οὖς αὐτοῦ τοῦ μὴ εἰσακοῦσαι νόμου καὶ αὐτὸς τὴν προσευχὴν αὐτοῦ ἐβδέλυκται
10 ১০ যি কোনোৱে ন্যায়পৰায়ণ লোকক কুপথত চলিবলৈ বিভ্রান্ত কৰে, তেনেহলে তেওঁ নিজে খন্দা গাতত নিজে পৰে; কিন্তু নিৰ্দোষী লোকে ভাল উত্তৰাধিকাৰ লাভ কৰে।
ὃς πλανᾷ εὐθεῖς ἐν ὁδῷ κακῇ εἰς διαφθορὰν αὐτὸς ἐμπεσεῖται οἱ δὲ ἄνομοι διελεύσονται ἀγαθὰ καὶ οὐκ εἰσελεύσονται εἰς αὐτά
11 ১১ ধনী লোক নিজৰ দৃষ্টিত জ্ঞানী হ’ব পাৰে; কিন্তু বিবেচনা শক্তি থকা দৰিদ্ৰ লোকে তেওঁক বিচাৰি উলিয়াব।
σοφὸς παρ’ ἑαυτῷ ἀνὴρ πλούσιος πένης δὲ νοήμων καταγνώσεται αὐτοῦ
12 ১২ ন্যায় কাৰ্য কৰা লোক যেতিয়া জয়ী হয়, তেতিয়া তাত মহাগৌৰৱ হয়, কিন্তু যেতিয়া দুষ্ট লোকে উন্নতি কৰে, তেতিয়া লোকসকলে নিজকে লুকুৱাই থাকে।
διὰ βοήθειαν δικαίων πολλὴ γίνεται δόξα ἐν δὲ τόποις ἀσεβῶν ἁλίσκονται ἄνθρωποι
13 ১৩ যিজনে নিজৰ পাপ ঢাকি ৰাখে, তেওঁৰ উন্নতি নহব; কিন্তু যিজনে নিজৰ পাপ স্বীকাৰ কৰি সেইবোৰ ত্যাগ কৰে, সেই জনে দয়া পাব।
ὁ ἐπικαλύπτων ἀσέβειαν ἑαυτοῦ οὐκ εὐοδωθήσεται ὁ δὲ ἐξηγούμενος ἐλέγχους ἀγαπηθήσεται
14 ১৪ যিজনে সদায় গভীৰ ভক্তিৰে জীৱন যাপন কৰে, সেই জন সুখী হয়; কিন্তু যিকোনোৱে নিজৰ হৃদয় কঠিন কৰে, সেই জন সমস্যাত পৰে।
μακάριος ἀνήρ ὃς καταπτήσσει πάντα δῑ εὐλάβειαν ὁ δὲ σκληρὸς τὴν καρδίαν ἐμπεσεῖται κακοῖς
15 ১৫ গৰ্জ্জনকাৰী সিংহ আৰু আক্রমণকাৰী ভালুক যেনে, দৰিদ্র লোকৰ ওপৰত দুষ্ট শাসনকৰ্ত্তাও তেনে।
λέων πεινῶν καὶ λύκος διψῶν ὃς τυραννεῖ πτωχὸς ὢν ἔθνους πενιχροῦ
16 ১৬ বিবেচনা শক্তি নথকা শাসনকৰৰ্ত্তা অত্যাচাৰী হয়; কিন্তু যিজনে অসাধুতাক ঘিণ কৰে, তেওঁ দীৰ্ঘজীৱি হয়।
βασιλεὺς ἐνδεὴς προσόδων μέγας συκοφάντης ὁ δὲ μισῶν ἀδικίαν μακρὸν χρόνον ζήσεται
17 ১৭ যদি কোনো মানুহ আনৰ ৰক্তপাতত দোষীসাব্যস্ত হয়, তেওঁ মৃত্যুলৈকে পলাই ফুৰে; আৰু কোনেও তেওঁক সহায় নকৰে।
ἄνδρα τὸν ἐν αἰτίᾳ φόνου ὁ ἐγγυώμενος φυγὰς ἔσται καὶ οὐκ ἐν ἀσφαλείᾳ παίδευε υἱόν καὶ ἀγαπήσει σε καὶ δώσει κόσμον τῇ σῇ ψυχῇ οὐ μὴ ὑπακούσῃς ἔθνει παρανόμῳ
18 ১৮ যি কোনোৱে শুদ্ধ পথত চলে, তেওঁ ৰক্ষা পায়, কিন্তু যিজনে কুটিল পথত চলে; তেওঁ হঠাৎ পতিত হয়।
ὁ πορευόμενος δικαίως βεβοήθηται ὁ δὲ σκολιαῖς ὁδοῖς πορευόμενος ἐμπλακήσεται
19 ১৯ যি কোনোৱে নিজৰ মাটিত কাম কৰে, তেওঁ জোৰাওকৈ আহাৰ পায়, কিন্তু যিজন নিষ্কৰ্মা লোকৰ অনুগামী হয়, সেই জনৰ প্রচুৰ পৰিমাণে অভাৱ হয়।
ὁ ἐργαζόμενος τὴν ἑαυτοῦ γῆν πλησθήσεται ἄρτων ὁ δὲ διώκων σχολὴν πλησθήσεται πενίας
20 ২০ বিশ্বাসী লোকে বহুতো আশীৰ্ব্বাদ পায়; কিন্তু যিজন শীঘ্রে ধনী হয়, সেই জনে দণ্ড নোপোৱাকৈ নাথাকে।
ἀνὴρ ἀξιόπιστος πολλὰ εὐλογηθήσεται ὁ δὲ κακὸς οὐκ ἀτιμώρητος ἔσται
21 ২১ পক্ষপাত কৰা ভাল নহয়; কিন্তু এডোখৰ ৰুটিৰ বাবেও মানুহে ভুল কৰে।
ὃς οὐκ αἰσχύνεται πρόσωπα δικαίων οὐκ ἀγαθός ὁ τοιοῦτος ψωμοῦ ἄρτου ἀποδώσεται ἄνδρα
22 ২২ কৃপণ লোকে ধনী হ’বলৈ অগ্রসৰ হয়; কিন্তু দৰিদ্ৰতা যে তেওঁৰ ওচৰলৈ আহি আছে, সেই বিষয়ে তেওঁ নাজানে।
σπεύδει πλουτεῖν ἀνὴρ βάσκανος καὶ οὐκ οἶδεν ὅτι ἐλεήμων κρατήσει αὐτοῦ
23 ২৩ কথাৰে খুচামোদ কৰা লোকতকৈ, কোনো এজনক অনুযোগ কৰা জনে পৰৱৰ্তি সময়ত অধিক অনুগ্ৰহ পায়।
ὁ ἐλέγχων ἀνθρώπου ὁδοὺς χάριτας ἕξει μᾶλλον τοῦ γλωσσοχαριτοῦντος
24 ২৪ যি কোনোৱে নিজৰ পিতৃ আৰু মাতৃৰ ধন-সম্পত্তি অপহৰণ কৰি কয়, “এয়া পাপ নহয়,” তেওঁ বিনাশকাৰীৰ সঙ্গী হয়।
ὃς ἀποβάλλεται πατέρα ἢ μητέρα καὶ δοκεῖ μὴ ἁμαρτάνειν οὗτος κοινωνός ἐστιν ἀνδρὸς ἀσεβοῦς
25 ২৫ লুভীয়া স্বভাৱৰ লোকে বিবাদ উৎপন্ন কৰে; কিন্তু যিহোৱাত ভাৰসা কৰা লোকৰ উন্নতি হয়।
ἄπληστος ἀνὴρ κρίνει εἰκῇ ὃς δὲ πέποιθεν ἐπὶ κύριον ἐν ἐπιμελείᾳ ἔσται
26 ২৬ যিজনে নিজৰ হৃদয়ত ভাৰসা কৰে, তেওঁ অজ্ঞানী হ’য়; কিন্তু যি মানুহে প্ৰজ্ঞাৰ পথত চলে, তেওঁ বিপদৰ পৰা ৰক্ষা পায়।
ὃς πέποιθεν θρασείᾳ καρδίᾳ ὁ τοιοῦτος ἄφρων ὃς δὲ πορεύεται σοφίᾳ σωθήσεται
27 ২৭ যি মানুহে দৰিদ্ৰক দান কৰে, তেওঁৰ অভাৱ নহয়; কিন্তু যি কোনোৱে তেওঁলোকলৈ চকু মুদে, তেওঁ অধিক শাও পায়।
ὃς δίδωσιν πτωχοῖς οὐκ ἐνδεηθήσεται ὃς δὲ ἀποστρέφει τὸν ὀφθαλμὸν αὐτοῦ ἐν πολλῇ ἀπορίᾳ ἔσται
28 ২৮ দুষ্টলোকৰ উন্নতি হলে, মানুহে নিজকে লুকাই ৰাখে; কিন্তু দুষ্টলোক নষ্ট হলে, ন্যায় কাৰ্য কৰা লোকৰ বৃদ্ধি হয়।
ἐν τόποις ἀσεβῶν στένουσι δίκαιοι ἐν δὲ τῇ ἐκείνων ἀπωλείᾳ πληθυνθήσονται δίκαιοι