< প্রবচন 27 >
1 ১ কাইলৈৰ বিষয়ে অহংকাৰ নকৰিবা; কাৰণ দিনটোত কি হ’ব, সেই বিষয়ে তুমি নাজানা।
ne glorieris in crastinum ignorans quid superventura pariat dies
2 ২ আনলোকে তোমাৰ প্ৰশংসা কৰক, কিন্তু তোমাৰ নিজৰ মুখে নকৰক; অচিনাকী লোকে কৰক, কিন্তু তোমাৰ নিজৰ ওঁঠে নকৰক।
laudet te alienus et non os tuum extraneus et non labia tua
3 ৩ গধুৰ শিল, আৰু বালিৰ ওজনৰ গুৰুত্ব বিবেচনা কৰা; কিন্তু অজ্ঞানী লোকৰ উত্তেজনা এই দুয়োটাতকৈ গধুৰ।
grave est saxum et onerosa harena sed ira stulti utroque gravior
4 ৪ ক্ৰোধ নিষ্ঠুৰ, আৰু খং বানপানীৰ দৰে; কিন্তু ঈৰ্ষাৰ আগত কোনে থিয় হ’ব পাৰে?
ira non habet misericordiam nec erumpens furor et impetum concitati ferre quis poterit
5 ৫ লুকুৱাই ৰখা প্ৰেমতকৈ, প্ৰকাশিত অনুযোগ ভাল।
melior est manifesta correptio quam amor absconditus
6 ৬ বন্ধুৰ দ্বাৰা বিশ্বাসঘাত হয়; কিন্তু এজন শত্রুৱে বহুতো চুমা খাব পাৰে।
meliora sunt vulnera diligentis quam fraudulenta odientis oscula
7 ৭ তৃপ্ত হোৱা জনে মৌ চাককো ঘিণ কৰে; কিন্তু ক্ষুধাতুৰ লোকৰ বাবে সকলো তিতা বস্তুও মিঠা।
anima saturata calcabit favum anima esuriens et amarum pro dulce sumet
8 ৮ নিজৰ বাহৰ পৰা ভ্ৰমি ফুৰা চৰাই যেনে, নিজৰ থকা ঠাইৰ পৰা পথভ্ৰষ্ট হোৱা মানুহ তেনে।
sicut avis transmigrans de nido suo sic vir qui relinquit locum suum
9 ৯ সুগন্ধ দ্রব্য আৰু ধূপে যেনেকৈ হৃদয় আনন্দিত কৰে, কিন্তু বন্ধুৰ পৰামৰ্শতকৈ তেওঁৰ আন্তৰিকতা শ্রেষ্ঠ।
unguento et variis odoribus delectatur cor et bonis amici consiliis anima dulcoratur
10 ১০ তোমাৰ বন্ধু আৰু তোমাৰ বন্ধুৰ পিতৃক পৰিত্যাগ নকৰিবা, আৰু তোমাৰ বিপদৰ দিনত ভায়েকৰ ঘৰলৈ নাযাবা। দূৰত থকা ভায়েকতকৈ ওচৰত থকা চুবুৰীয়াই ভাল।
amicum tuum et amicum patris tui ne dimiseris et domum fratris tui ne ingrediaris in die adflictionis tuae melior est vicinus iuxta quam frater procul
11 ১১ হে মোৰ পুত্র, জ্ঞানৱান হোৱা, আৰু মোৰ হৃদয়ক আনন্দিত কৰা। তাৰ পাছত মই বিদ্রূপ কৰা সকলক উত্তৰ দিম।
stude sapientiae fili mi et laetifica cor meum ut possim exprobranti respondere sermonem
12 ১২ দূৰদৰ্শী লোকে বিপদ দেখি নিজকে লুকুৱায়; কিন্তু অশিক্ষিত লোকে আগুৱাই যায় আৰু ইয়াৰ বাবে ক্ষতিপূৰণ কৰিবলগীয়া হয়।
astutus videns malum absconditus est parvuli transeuntes sustinuere dispendia
13 ১৩ যি জনে অচিনাকী লোকৰ জামিন হয়, তেওঁৰ বস্ত্ৰ লোৱা; আৰু অচিনাকী লোকৰ বাবে নিৰাপত্তা স্বৰূপে ধন লোৱা।
tolle vestimentum eius qui spopondit pro extraneo et pro alienis auferto pignus
14 ১৪ যি কোনোৱে ৰাতিপুৱাতে উচ্চস্বৰে নিজৰ চুবুৰীয়াক আশীৰ্ব্বাদ কৰে, সেই আশীৰ্ব্বাদ শাও ৰূপেহে গণ্য হয়।
qui benedicit proximo suo voce grandi de nocte consurgens maledicenti similis erit
15 ১৫ এজনী দ্বন্দুৰী ভাৰ্যা বৰষুণৰ দিনত টোপ টোপকৈ পানী পৰাৰ দৰে হয়।
tecta perstillantia in die frigoris et litigiosa mulier conparantur
16 ১৬ তেওঁক দমন কৰা মানে বতাহক দমন কৰা, আৰু তোমাৰ সোঁ হাতত তেল ধৰাৰ দৰে হয়।
qui retinet eam quasi qui ventum teneat et oleum dexterae suae vocabit
17 ১৭ যেনেকৈ লোহাই লোহাক চোকা কৰে, তেনেকৈ এজন মানুহে নিজৰ বন্ধুৰ মুখ উজ্জ্বল কৰে।
ferrum ferro acuitur et homo exacuit faciem amici sui
18 ১৮ যি জনে ডিমৰু গছক যত্ন কৰে, সেই জনে তাৰ ফল খাবলৈ পায়; আৰু যি জনে নিজৰ মালিকক সুৰক্ষা দিয়ে, তেওঁ সন্মান পায়।
qui servat ficum comedet fructus eius et qui custos est domini sui glorificabitur
19 ১৯ পানীত যেনেকৈ মানুহৰ মুখৰ প্ৰতিবিম্ব দেখা যায়, তেনেকৈ মানুহৰ হৃদয়ে মানুহৰ প্ৰতিবিম্ব দেখুৱাই।
quomodo in aquis resplendent vultus prospicientium sic corda hominum manifesta sunt prudentibus
20 ২০ চিয়োল আৰু আবদ্দোন যেনেকৈ কেতিয়াও সন্তুষ্ট নহয়, তেনেকৈ মানুহৰ চকুও কেতিয়াও সন্তুষ্ট নহয়। (Sheol )
infernus et perditio non replentur similiter et oculi hominum insatiabiles (Sheol )
21 ২১ ৰূপৰ বাবে ৰূপ গলোৱা পাত্ৰ, আৰু সোণৰ বাবে অগ্নিশাল; আৰু এজন মানুহক প্ৰশংসাৰ দ্বাৰাই পৰীক্ষা কৰা হয়।
quomodo probatur in conflatorio argentum et in fornace aurum sic probatur homo ore laudantis
22 ২২ যদিও তুমি অজ্ঞানীক ঘেঁহু ধানৰ সৈতে খুন্দা, তথাপিও তেওঁৰ অজ্ঞানতা দূৰ নহ’ব।
si contuderis stultum in pila quasi tisanas feriente desuper pilo non auferetur ab eo stultitia eius
23 ২৩ তোমাৰ পশু জাকৰ অৱস্থাৰ বুজলৈ তুমি নিশ্চিত হোৱা, আৰু তোমাৰ পশুৰ জাকৰ বিষয়ে চিন্তাকৰা,
diligenter agnosce vultum pecoris tui tuosque greges considera
24 ২৪ কিয়নো ধন-সম্পত্তি চিৰস্থায়ী নহয়। আৰু কিৰীটিও জানো পুৰুষানুক্ৰমে থাকে?
non enim habebis iugiter potestatem sed corona tribuetur in generatione generationum
25 ২৫ ঘাঁহ শুকাই গৈ পুনৰ নতুন ঘাঁহ গজে, আৰু পৰ্ব্বতত পশুৰ বাবে আহাৰ থাকে।
aperta sunt prata et apparuerunt herbae virentes et collecta sunt faena de montibus
26 ২৬ মেৰ-ছাগবোৰে তোমাৰ বস্ত্রৰ যোগান ধৰিব, আৰু ছাগলীবোৰে তোমাৰ পথাৰৰ মূল্যৰ যোগান ধৰিব।
agni ad vestimentum tuum et hedi agri pretium
27 ২৭ তোমাৰ আৰু তোমাৰ পৰিয়ালৰ আহাৰৰ বাবে আৰু তোমাৰ দাসীসকলৰ প্ৰতিপালনৰ বাবে ছাগলীবোৰে গাখীৰ দিব।
sufficiat tibi lac caprarum in cibos tuos in necessaria domus tuae et ad victum ancillis tuis