< প্রবচন 26 >
1 ১ গ্রীষ্ম কালত বৰফ, আৰু শস্য দোৱাৰ সময়ত বৃষ্টি যেনে, সেইদৰে অজ্ঞানীয়ে সন্মান পোৱাৰ যোগ্য নহয়।
Like snow - in the summer and like rain at the harvest so not [is] suitable for a fool honor.
2 ২ যিদৰে ঘৰ চিৰিকাই জাপ মাৰি মাৰি খোৱা বস্তু গিলি ক্ষিপ্র গতিত উৰি যায়, সেইদৰে অকাৰণে দিয়া শাও প্রজ্বলিত নহয়।
Like bird for fluttering like swallow for flying so a curse without cause (to him *Q(K)*) it will come.
3 ৩ ঘোঁৰাৰ বাবে চাবুক আৰু গাধৰ বাবে লাগাম, আৰু অজ্ঞানীসকলৰ পিঠিৰ বাবে চেকনী।
A whip for horse a bridle for a donkey and a rod for [the] back of fools.
4 ৪ অজ্ঞানীক উত্তৰ নিদিবা, আৰু অজ্ঞানীৰ অজ্ঞানতাত সহযোগ নকৰিবা; নহ’লে তুমি তেওঁৰ দৰেই হ’বা।
May not you answer a fool according to foolishness his lest you should become like him also you.
5 ৫ অজ্ঞানীক উত্তৰ দিয়া আৰু তেওঁৰ অজ্ঞানতাত সহযোগ কৰা; সেয়ে তেওঁ নিজৰ দৃষ্টিত জ্ঞানী বোধ নকৰিব।
Answer a fool according to foolishness his lest he should be wise in own eyes his.
6 ৬ যি জনে অজ্ঞানী লোকৰ হাতত বাৰ্ত্তা পঠিয়াই, তেওঁ নিজৰ ভৰি নিজে কাটি পেলায়, আৰু অত্যাচাৰ ভোগ কৰে।
[one who] cuts off Feet violence [one who] drinks [one who] sends words by [the] hand of a fool.
7 ৭ জঠৰ ৰোগীৰ ভৰি যিদৰে তললৈ ওলমি থাকে, অজ্ঞানীসকলৰ মুখত নীতিবাক্যও সেইদৰে।
They hang down legs from a lame [person] and a proverb in [the] mouth of fools.
8 ৮ ফিঙ্গাত শিল বন্ধা যেনে, অজ্ঞানীক সন্মান দিয়াও তেনে।
As ties a stone in a sling so [one who] gives to a fool honor.
9 ৯ মতলীয়াৰ হাতত বিন্ধা কাঁইট যেনে, অজ্ঞানীৰ মুখত নীতিবাক্যও তেনে।
Thorn[s] it goes up in [the] hand of a drunkard and a proverb in [the] mouth of fools.
10 ১০ ধনুৰ্দ্ধৰে যিদৰে সকলোকে আঘাত কৰে, কোনো এজনে অজ্ঞানী, বা বাটৰুৱাক মজুৰি কৰোৱাও তেনে।
An archer [who] wounds everyone and [one who] hires a fool and [one who] hires [those who] pass by.
11 ১১ কুকুৰে যিদৰে নিজৰ বমি পুনৰ খায়, তেনেদৰে অজ্ঞানীয়ে পুনৰ অজ্ঞানতাৰ কাম কৰে।
Like a dog [which] returns to own vomit its a fool [who] repeats foolishness his.
12 ১২ নিজকে নিজে জ্ঞানী বুলি ভবা মানুহ তুমি দেখিছা নে? তেওঁতকৈ অজ্ঞানীৰ বাবে বহুতো আশা আছে।
You see a person wise in own eyes his hope [belongs] to a fool more than him.
13 ১৩ এলেহুৱা ব্যক্তিয়ে কয়, “বাটত এটা সিংহ আছে! মুকলি ঠাইৰ মাজত এটা সিংহ আছে।”
He says a sluggard a lion [is] in the road a lion [is] between the open places.
14 ১৪ দুৱাৰ যেনেকৈ কবজাত ঘুৰে, এলেহুৱা ব্যক্তিও তেনেকৈ নিজৰ শোৱাপাটিত বাগৰে।
The door it turns on hinge[s] its and a sluggard on bed his.
15 ১৫ এলেহুৱা এজনে পাত্ৰত থকা আহাৰত হাত সুমুৱাই দিয়ে, কিন্তু তেওঁৰ মুখলৈ সেই আহাৰ নিবলৈ শক্তি নাথাকে।
He hides a sluggard hand his in the dish he is weary to bring back it to mouth his.
16 ১৬ সাত জন বুদ্ধিমান ব্যক্তিতকৈ এলেহুৱা লোকে নিজৰ দৃষ্টিত নিজকে জ্ঞানী বুলি ভাবে।
[is] wise A sluggard in own eyes his more than seven [people] [who] bring back discernment.
17 ১৭ কুকুৰৰ কাণত ধৰা লোকৰ যেনে, বাটৰুৱাই আনৰ বিবাদত ক্রোধিত হোৱা তেনে।
[one who] takes hold On [the] ears of a dog a passer by [who] becomes angry on a dispute [which] not [belongs] to him.
18 ১৮ জ্বলন্ত কাঁড় মৰা জন যেনে,
Like a madman who throws burning arrows arrows and death.
19 ১৯ নিজৰ চুবুৰীয়াক প্ৰতাৰণা কৰা জনো তেনে, আৰু তেওঁ কয়, “মই জানো ধেমালি কৰা নাই?”
So a person [who] he deceives neighbor his and he says ¿ not jesting [was] I.
20 ২০ যেনেকৈ খৰিৰ অভাৱত জুই নুমায় যায়, তেনেকৈ পৰচৰ্চ্চাকাৰী নহ’লে কন্দলো নহয়।
With not wood it is extinguished a fire and with not a slanderer it becomes quiet strife.
21 ২১ জ্বলি থকা আঙঠাৰ বাবে কাঠকয়লা আৰু জুইৰ বাবে খৰি যেনে, বিবাদত ইন্ধন যোগাবলৈ দ্বন্দুৰা লোক তেনে।
Charcoal to burning coals and wood to fire and a person of (contentions *Q(K)*) to kindling strife.
22 ২২ পৰচৰ্চ্চাকাৰীৰ কথা সুস্বাদু আহাৰৰ দৰে; সেয়ে শৰীৰৰ ভিতৰলৈকে সোমাই যায়।
[the] words of A slanderer [are] like delicacies and they they go down [the] chambers of [the] belly.
23 ২৩ জ্বলন্ত ওঁঠ আৰু দুষ্টৰ হৃদয়, মাটিৰ পাত্ৰত সানি দিয়া জিলিকনিৰ দৰে।
Silver of dross overlaid on earthenware lips burning and a heart of evil.
24 ২৪ যি জনে ওঁঠে প্রকাশ কৰা কথা ঘিণ কৰে, তেওঁ নিজৰ ভিতৰত প্ৰতাৰণা স্থাপন কৰে;
(With lips his *Q(K)*) he disguises himself [one who] hates and in inner being his he puts deceit.
25 ২৫ তেওঁ অমায়িভাবে কথা ক’ব, কিন্তু তেওঁক বিশ্বাস নকৰিবা, কাৰণ তেওঁৰ হৃদয়ত ঘিণলগীয়া বস্তু সাতটা থাকে;
If he will make favorable voice his may not you trust in him for seven abominations [are] in heart his.
26 ২৬ যদিও তেওঁৰ ঘৃণা কপটেৰে ঢকা, তথাপি তেওঁৰ দুষ্টতা সমাজত প্ৰকাশিত হ’ব।
It covers itself hatred with deception it will be revealed wickedness his in [the] assembly.
27 ২৭ যি কোনোৱে খাল খানে, তেঁৱেই সেই খালত পৰিব; আৰু যি কোনোৱে শিল ঠেলি পঠায়, তেওঁলৈ সেই শিল ঘূৰি আহিব।
[one who] digs A pit in it he will fall and [one who] rolls a stone to him it will return.
28 ২৮ মিছলীয়া জিভাই দমন কৰা লোকক ঘিণ কৰে, আৰু আত্মতৃপ্তিকৰ মুখে নিজলৈ বিনাশ আনে।
A tongue of falsehood it hates crushed [people] its and a mouth flattering it makes stumbling.