< প্রবচন 25 >
1 ১ যিহূদাৰ ৰজা হিষ্কিয়াৰ লোক সকলে সংগ্ৰহ কৰা চলোমনৰ নীতিবাক্য এইবোৰ।
También éstos son proverbios de Salomón, que transcribieron los varones de Ezequías, rey de Judá:
2 ২ বিষয়সমূহ গোপন ৰখাই ঈশ্বৰৰ গৌৰৱ; কিন্তু কথা অনুসন্ধান কৰি মুকলি কৰা ৰজাসকলৰ গৌৰৱ।
Gloria de ʼElohim es encubrir un asunto, Pero honra del rey es escudriñarlo.
3 ৩ উচ্চতাৰ কাৰণে আকাশ, আৰু গভীৰতাৰ কাৰণে পৃথিৱী যিদৰে, সেইদৰে ৰজাসকলৰ হৃদয় অনুসন্ধান কৰা নাযায়।
Así como la altura de los cielos y la profundidad de la tierra, El corazón de los reyes es inescrutable.
4 ৪ ৰূপৰ পৰা ধাতুমল দূৰ কৰা; ধাতুৰ কাম কৰা জনে তেওঁৰ শিল্পকাৰ্যত ৰূপ ব্যৱহাৰ কৰিব পাৰে;
Quita la escoria de la plata, Y saldrá un vaso para el platero.
5 ৫ তাৰ উপৰিও ৰজাৰ সন্মুখৰ পৰা দুষ্টক দূৰ কৰা; ন্যায় কাৰ্য কৰাৰ দ্বাৰাই তেওঁৰ সিংহাসন স্থাপিত হ’ব।
Aparta al perverso de la presencia del rey, Y su trono se afianzará en justicia.
6 ৬ ৰজাৰ সন্মুখত নিজকে নিজে প্রশংসা নকৰিবা; আৰু মহান লোকৰ বাবে ৰখা ঠাইত তুমি থিয় নহ’বা।
No te alabes delante del rey, Ni estés en el lugar de los grandes.
7 ৭ উচ্চপদস্থ ব্যক্তিৰ উপস্থিতিত অপদস্থ হোৱাতকৈ, “ইয়ালৈ আহাঁ”, এই বুলি তেওঁ তোমাক কোৱা ভাল। তোমাৰ সাক্ষ্য কি আছিল,
Mejor es que te diga: Sube acá, Que ser humillado en presencia de un noble A quien vieron tus ojos.
8 ৮ বিচাৰত বেগাই গৈ উপস্থিত নহ’বা; কাৰণ যেতিয়া তোমাৰ চুবুৰীয়াই তোমাক লাজ দিব, তেতিয়া শেষত তুমি কি কৰিবা?
No te des prisa en pleitear, Porque ¿qué harás al final Cuando tu prójimo te haya avergonzado?
9 ৯ তোমাৰ আৰু চুবুৰীয়াৰ মাজত হোৱা বিবাদ নিজেই বিচাৰ কৰা, কিন্তু আন জনৰ গুপুত কথা প্ৰকাশ নকৰিবা;
Discute tu causa con tu prójimo, Y no des a conocer el secreto de otro,
10 ১০ তোমাৰ কথা যিজনে শুনে, তেওঁ তোমাক লাজত পেলাব, আৰু দুষ্ট লোকে তোমাৰ বিষয়ে গোচৰ দিলে গুপুতে নাথাকিব।
No sea que te deshonre el que lo oye, Y tu mala fama no pueda repararse.
11 ১১ ভাল কথা কোৱাটো ৰূপত খটোৱা সোণৰ আপেলৰ দৰে,
Manzana de oro con adornos de plata Es la palabra dicha oportunamente.
12 ১২ শুদ্ধ সোণেৰে গঢ়া সোণৰ আঙঠি বা অলঙ্কাৰ যেনে, জ্ঞানী লোকৰ অনুযোগ শুনা কাণো তেনে।
Zarcillo de oro y joya de oro fino Es el que reprende al sabio que tiene oído dócil.
13 ১৩ শস্য দোৱাৰ সময়ত হিমৰ চেঁচা যেনে, বিশ্বাসী বাৰ্ত্তাবাহক পঠোৱা সকলৰ বাবে তেনে; তেওঁ তেওঁৰ মালিকৰ আত্মা সতেজ কৰে;
Frescura de nieve en tiempo de cosecha Es el mensajero fiel para el que lo envía, Pues refresca la vida de su ʼadón.
14 ১৪ বৰষুণ নোহোৱা মেঘ আৰু বতাহ যেনে, মিছাকৈ দান দিছোঁ বুলি অহংকাৰ কৰা জনো তেনে।
Como nubes y vientos sin lluvia, Es el que se jacta falsamente de sus regalos.
15 ১৫ ধৈৰ্যেৰে শাসনকৰ্ত্তাই প্ৰত্যয় জন্মাব পাৰে, আৰু নম্র জিভাই হাড় ভাঙিব পাৰে।
Con longanimidad se persuade al gobernante, Pues la lengua amable quebranta los huesos.
16 ১৬ তুমি যদি মৌ বিচাৰি পোৱা, যিমান প্ৰয়োজন সিমানহে খাবা; নহ’লে মৌ অতিৰিক্ত খালে তুমি বমি কৰিবা।
¿Hallaste miel? Come lo que te baste, No sea que cuando estés lleno la vomites.
17 ১৭ তোমাৰ চুবুৰীয়াৰ ঘৰলৈ সঘনে নাযাবা, তেওঁ তোমালৈ আমনি পাই তোমাক ঘিণ কৰিব।
No frecuente tu pie la casa de tu vecino, No sea que se canse de ti, y te aborrezca.
18 ১৮ যিজনে চুবুৰীয়াৰ বিৰুদ্ধে মিছা সাক্ষ্য দিয়ে, তেওঁ যুদ্ধত ব্যৱহাৰ কৰা গদা, বা তৰোৱাল, বা তীক্ষ্ন কাঁড়ৰ দৰে।
Martillo, cuchillo y flecha aguda, Es el hombre que da falso testimonio contra su prójimo.
19 ১৯ বেয়া দাঁত অথবা পিছল খোৱা ভৰিৰ যেনে, সঙ্কটৰ সময়ত অবিশ্বাসী লোকক বিশ্বাস কৰাও তেনে।
Como diente roto y pie descoyuntado, Es confiar en el traicionero en el día de la angustia.
20 ২০ কোনো এজনে মনৰ বেজাৰত গীত গোৱা যেনে, জাৰ কালিত কপোৰ সোলোকাই থোৱা মানুহ, বা খাৰৰ ওপৰত দিয়া ভিনেগাৰো তেনে।
Como el que se quita la ropa en tiempo frío Y como vinagre sobre el bicarbonato de sodio Es cantar canciones al corazón afligido.
21 ২১ তোমাৰ শত্ৰু যদি ক্ষুধাতুৰ হয়, তেনেহ’লে তেওঁক আহাৰ খাবলৈ দিয়া; আৰু তেওঁ যদি তৃষ্ণাতুৰ হয়, তেনেহ’লে তেওঁক পানী খাবলৈ দিয়া।
Si tu enemigo tiene hambre, dale de comer. Si tiene sed, dale de beber.
22 ২২ কিয়নো সেইদৰে কৰিলে, তুমি তেওঁৰ মুৰত জ্বলি থকা আঙঠা বেলচাৰে আঁতৰাই দিয়া হ’ব, আৰু যিহোৱাই তোমাক পুৰস্কাৰ দিব।
Porque carbones encendidos amontonas sobre su cabeza, Y Yavé te recompensará.
23 ২৩ উত্তৰৰ বতাহে যেনেকৈ বৃষ্টি আনে, তেনেকৈ যিজনে গুপুত কথা কয় তেওঁৰ মুখমণ্ডল ঘৃণনীয়।
Como el viento del norte atrae la lluvia, La boca detractora, el rostro airado.
24 ২৪ দ্বন্দুৰী মহিলাৰ সৈতে ঘৰত বাস কৰাতকৈ, ঘৰৰ ছালৰ এচুকত থকাই ভাল।
Mejor es vivir en un rincón de la azotea Que en casa espaciosa con esposa pendenciera.
25 ২৫ তৃষ্ণাতুৰ লোকৰ বাবে চেঁচা পানী যেনে, দূৰ দেশৰ পৰা অহা মঙ্গল সম্বাদো তেনে।
Como agua fresca a la persona sedienta Son las buenas noticias desde lejanas tierras.
26 ২৬ ঘোলা পানীৰ নিজৰা, বা নষ্ট হৈ যোৱা ভুমুক যেনে, দুষ্ট লোকৰ সন্মুখত ভাল মানুহো থৰক-বৰক হোৱাও তেনে।
Manantial turbio y pozo en ruinas Es el justo que flaquea ante el perverso.
27 ২৭ অধিককৈ মৌ খোৱা ভাল নহয়, সেয়া সন্মানৰ ওপৰি সন্মান বিচৰা দৰে হয়।
Comer mucha miel no es bueno, Ni es bueno buscar la propia gloria.
28 ২৮ যি জনে নিজৰ মনক দমন নকৰে, তেওঁ গড় ভগা বা গড় নথকা নগৰৰ দৰে।
Como una ciudad cuyo muro fue derribado, Es el hombre que no domina su propio espíritu.