< প্রবচন 23 >
1 ১ যেতিয়া তুমি কোনো শাসনকৰ্ত্তাৰ সৈতে ভোজনত বহা, তেতিয়া তোমাৰ সন্মুখত কোন আছে সাৱধানে লক্ষ্য কৰিবা।
Gdy siądziesz, abyś jadł z panem, uważaj pilnie, kto jest przed tobą;
2 ২ কাৰণ তুমি যদি অধিক আহাৰ খাবলৈ ভাল পোৱা, তেনেহ’লে নিজৰ ডিঙিত নিজে ছুৰী দিবা।
Inaczej wraziłbyś nóż w gardło swoje, jeźlibyś był chciwy pokarmu.
3 ৩ তেওঁৰ উত্তম খোৱা বস্তুলৈ হেঁপাহ নকৰিবা, কিয়নো সেয়ে প্ৰবঞ্চক আহাৰ।
Nie pragnij łakoci jego; bo są pokarmem obłudnym.
4 ৪ ধনী হ’বলৈ অধিক কষ্ট নকৰিবা, কেতিয়া বন্ধ কৰিব লাগে সেই কথা জানিবলৈ যথেষ্ট জ্ঞানী হোৱা।
Nie staraj się, abyś się zbogacił; owszem, zaniechaj opatrzności twojej.
5 ৫ যেতিয়া তোমাৰ দৃষ্টি ধনত পৰে, সেয়ে গুচি যায়, আৰু হঠাতে ডেউকা লগাই, আৰু ঈগলৰ দৰে আকাশলৈ উৰি যায়।
I miałżebyś obrócić oczy twoje na bogactwo, które prędko niszczeje? bo sobie uczyni skrzydła podobne orlim, i uleci do nieba.
6 ৬ তোমাৰ আহাৰলৈ কোনো লোকে বহু সময় চাই থাকিলে, পাপী মানুহৰ আহাৰ ভোজন নকৰিবা, আৰু তেওঁৰ উত্তম খোৱা বস্তুলৈ হেঁপাহ নকৰিবা;
Nie jedz chleba człowieka zazdrosnego, a nie żądaj łakoci jego.
7 ৭ কাৰণ তেওঁ এনে এজন মানুহ যি তোমাৰ আহাৰৰ হিচাপ লয়। তেওঁ তোমাক কয়, “ভোজন-পান কৰা!” কিন্তু তেওঁৰ হৃদয় তোমাৰ সৈতে নাথাকে।
Albowiem jako on ciebie waży w myśli swej, tak ty waż pokarm jego. Mówić: Jedz i pij, ale serce jego nie jest z tobą.
8 ৮ তুমি যি অলপ খাইছা, সেয়াও বমি কৰিবা, আৰু তোমাৰ অভিনন্দন বৃথা হ’ব।
Sztuczkę twoję, którąś zjadł, zwrócisz, a utracisz wdzięczne słowa twoje.
9 ৯ অজ্ঞানী লোকে শুনি থকাকৈ কথা নকবা; কিয়নো তেওঁ তোমাৰ প্রজ্ঞাৰ কথা তুচ্ছ কৰিব।
Przed głupim nie mów; albowiem wzgardzi roztropnością powieści twoich.
10 ১০ পুৰণি সীমাৰ দেৱাল আতৰাই নিদিবা, বা অনাথ সকলৰ পথাৰৰ সীমালঙ্ঘন নকৰিবা;
Nie przenoś granicy starej, a na rolę sierotek nie wchodź.
11 ১১ কিয়নো তেওঁলোকৰ মুক্তিকৰ্ত্তা বলৱান; আৰু তেওঁ তোমাৰ বিৰুদ্ধে তেওঁলোকৰ হৈ প্ৰতিবাদ কৰিব।
Bo obrońca ich możny; onci się podejmuje sprawy ich przeciwko tobie.
12 ১২ তোমাৰ হৃদয়ে অনুশাসনলৈ মনোযোগ দিয়ক, আৰু জ্ঞানৰ কথালৈ তোমাৰ কাণ পাতা।
Obróć do nauki serce twoje, a uszy twoje do powieści umiejętności.
13 ১৩ সন্তানক শাস্তি দিবলৈ ত্রুটি নকৰিবা; কিয়নো তুমি তাক চেকনীৰে কোবালে সি নমৰিব।
Nie odejmuj od młodego karności; bo jeźli go ubijesz rózgą, nie umrze.
14 ১৪ তুমি যদি তাক চেকনীৰে কোবোৱা, তেনেহ’লে তুমি তাৰ আত্মা চিয়োলৰ পৰা ৰক্ষা কৰিবা। (Sheol )
Ty go bij rózgą, a duszę jego z piekła wyrwiesz. (Sheol )
15 ১৫ হে মোৰ পুত্র, যদি তোমাৰ হৃদয় জ্ঞানী হয়, তেনেহ’লে মোৰ হৃদয়ো আনন্দিত হ’ব;
Synu mój! będzieli mądre serce twoje, będzie się weseliło serce moje, serce moje we mnie;
16 ১৬ যেতিয়া তোমাৰ ওঁঠে যথাৰ্থ কথা কয়, তেতিয়া মোৰ অন্তঃকৰণ উল্লাসিত হয়।
I rozweselą się nerki moje, gdy będą mówiły wargi twoje, co jest prawego.
17 ১৭ তোমাৰ হৃদয়ে পাপীক ঈৰ্ষা নকৰক; কিন্তু তুমি ওৰে দিনটো যিহোৱাৰ ভয়ত থাকা;
Niech nie zajrzy serce twoje grzesznikom; ale raczej chodż w bojańni Pańskiej na każdy dzień;
18 ১৮ অৱশ্যে ইয়াত তোমাৰ ভবিষ্যত জড়িত হৈ আছে, আৰু তোমাৰ আশা খণ্ডন কৰা নহব।
Bo iż jest zapłata, przeto nadzieja twoja nie będzie wykorzeniona.
19 ১৯ হে মোৰ পুত্র, শুনা আৰু জ্ঞানী হোৱা, আৰু তোমাৰ হৃদয় সৰল পথত চলোৱা।
Słuchaj, synu mój! a bądź mądry, i nawiedź na drogę serce twoje.
20 ২০ সুৰা প্রিয় লোকৰ সৈতে সহযোগী নহ’বা, বা অধিক মাংস ভোজন কৰা সকলৰ সঙ্গী নহবা।
Nie bywaj między pijanicami wina, ani między żarłokami mięsa;
21 ২১ কাৰণ মতলীয়া আৰু খকুৱা লোক দৰিদ্ৰ হয়, আৰু মানুহৰ টোপনিয়ে তেওঁলোকক ফটা বস্ত্র পিন্ধায়।
Boć pijanica i żarłok zubożeje, a ospały w łatach chodzić będzie.
22 ২২ তোমাক জন্ম দিয়া পিতৃৰ কথা শুনা, আৰু তোমাৰ মাতৃৰ বৃদ্ধা অৱস্থাত তেওঁক হেয়জ্ঞান নকৰিবা।
Słuchaj ojca twego, który cię spłodził, a nie pogardzaj matką twoją, gdy się zstarzeje.
23 ২৩ সত্যক কিনা, কিন্তু ইয়াক বিক্রী নকৰিবা; প্রজ্ঞা, অনুশাসন, আৰু সুবিবেচনা কিনা।
Kupuj prawdę, a nie sprzedawaj jej; kupuj mądrość, umiejętność i rozum.
24 ২৪ ন্যায় কাৰ্য কৰা জনৰ পিতৃ অতিশয় উল্লাসিত হয়, আৰু জ্ঞানী পুত্ৰৰ জন্মদাতাই তেওঁৰ বাবে আনন্দ কৰিব।
Bardzo się raduje ojciec sprawiedliwego, a kto spłodził mądrego, weseli się z niego.
25 ২৫ তোমাৰ পিতৃ আৰু মাতৃক আনন্দিত হ’বলৈ দিয়া, আৰু তোমাৰ জন্মদাতাক উল্লাসিত হ’ব দিয়া।
Niech się tedy weseli ojciec twój, i matka twoja; i niech się rozraduje rodzicielka twoja.
26 ২৬ হে মোৰ পুত্র, তোমাৰ হৃদয় মোক দিয়া, তোমাৰ চকুক মোৰ পথলৈ নিৰীক্ষণ কৰিবলৈ দিয়া।
Synu mój! daj mi serce twoje, a oczy twoje niechaj strzegą dróg moich.
27 ২৭ কাৰণ বেশ্যা দ গাতৰ দৰে, আৰু অন্য লোকৰ ভাৰ্যা ঠেক নাদৰ দৰে।
Bo nierządnica jest dół głęboki, a cudza żona jest studnia ciasna.
28 ২৮ তেওঁ ডকাইতৰ দৰে খাপ দি থাকে, আৰু মনুষ্যসকলৰ মাজত বিশ্বাসঘাতকতৰ দল বৃদ্ধি কৰে।
Ona też jako zbojca zasadzki czyni, a zuchwalców między ludźmi rozmnaża.
29 ২৯ কাৰ দুৰ্দশা আছে? কাৰ দুখ আছে? কোনে কাজিয়া কৰে? কোনে অভিযোগ কৰে? কোনে অকাৰণে মাৰ খায়? কাৰ চকু ৰঙা হয়?
Komu biada? Komu niestety? Komu zwady? Komu krzyk? Komu rany daremne? Komu zapalenie oczów?
30 ৩০ যিসকলে বহুদিন দ্ৰাক্ষাৰসত লিপ্ত থাকে, আৰু যিসকলে দ্ৰাক্ষাৰসৰ মিহলাবলৈ চেষ্টা কৰে।
Tym, którzy siadają na winie; tym, którzy chodzą, szukając przyprawnego wina.
31 ৩১ যেতিয়া দ্ৰাক্ষাৰস ৰঙা হৈ থাকে, পাত্ৰত দগমগায়, আৰু সহজে পেটলৈ যায়, তেতিয়া তালৈ দৃষ্টি নকৰিবা।
Nie zapatruj się na wino, gdy się rumieni, i gdy wydaje w kubku łunę swoję, a prosto wyskakuje.
32 ৩২ শেষতে সেয়ে সাপৰ নিচিনাকৈ কামুৰিব, আৰু বিষাক্ত সাপৰ দৰে ইয়াৰ দংশন।
Bo na koniec jako wąż ukąsi, a jako żmija uszczknie;
33 ৩৩ তোমাৰ চকুৱে আচৰিত বস্তু দেখিব, আৰু তোমাৰ হৃদয়ে মন্দ কথা কব;
Oczy twoje patrzyć będą na cudze żony, a serce twe będzie mówiło przewrotności;
34 ৩৪ প্রচণ্ড সমুদ্ৰৰ ওপৰত শোৱা জনৰ দৰে, বা জাহাজৰ মাজস্থলৰ ওপৰত শোৱা লোকৰ দৰে হবা;
I będziesz jako ten, który leży w pośród morza, a jako ten, który śpi na wierzchu masztu;
35 ৩৫ তুমি কবা, “তেওঁলোকে মোক মাৰিলে!” কিন্তু মই আঘাত পোৱা নাই, তেওঁলোকে মোক প্ৰহাৰ কৰিলে, কিন্তু মই অনুভব কৰা নাই। মই যেতিয়া সাৰ পাম? তেতিয়া মই পুনৰ দ্রাক্ষাৰস পান কৰিম।”
Rzeczesz: Ubito mię, a nie stękałem, potłuczono mię, a nie czułem. Gdy się ocucę, udam się zaś do tego.