< প্রবচন 22 >

1 প্ৰচুৰ ধনতকৈয়ো সুনাম মনোনীত কৰা, সোণ আৰু ৰূপতকৈ অনুগ্ৰহ উত্তম।
נִבְחָר שֵׁם מֵעֹשֶׁר רָב מִכֶּסֶף וּמִזָּהָב חֵן טֽוֹב׃
2 ধনী আৰু দৰিদ্ৰ লোক উভয়ৰে মাজত কোনো পাৰ্থক্য নাই, তেওঁলোকৰ সকলোৰে সৃষ্টিকৰ্ত্তা যিহোৱা হয়।
עָשִׁיר וָרָשׁ נִפְגָּשׁוּ עֹשֵׂה כֻלָּם יְהֹוָֽה׃
3 দূৰদৰ্শী লোকে বিপদ দেখা পায়, আৰু নিজকে লুকুৱাই ৰাখে; কিন্তু অশিক্ষিত লোক আগুৱাই যায়, আৰু তেওঁলোকে ইয়াৰ বাবে কষ্ট পায়।
עָרוּם ׀ רָאָה רָעָה (ויסתר) [וְנִסְתָּר] וּפְתָיִים עָבְרוּ וְֽנֶעֱנָֽשׁוּ׃
4 যিহোৱালৈ ৰখা ভয় নম্ৰতা, সম্পত্তি, আৰু জীৱনলৈ সন্মান আনে।
עֵקֶב עֲנָוָה יִרְאַת יְהֹוָה עֹשֶׁר וְכָבוֹד וְחַיִּֽים׃
5 কুটিল লোকৰ পথত কাঁইট আৰু প্রৱঞ্চনাৰ ফান্দ থাকে; যিজনে নিজৰ আত্মা ৰক্ষা কৰে, তেওঁ সেইবোৰৰ পৰা দূৰত থাকে।
צִנִּים פַּחִים בְּדֶרֶךְ עִקֵּשׁ שׁוֹמֵר נַפְשׁוֹ יִרְחַק מֵהֶֽם׃
6 সন্তানক তাৰ চলিবলগীয়া পথ অনুসাৰে শিক্ষা দিয়া, তাতে তেওঁ প্রাপ্ত বয়স্ক হ’লেও তেওঁ তাৰ পৰা ঘূৰি নাহিব।
חֲנֹךְ לַנַּעַר עַל־פִּי דַרְכּוֹ גַּם כִּי־יַזְקִין לֹֽא־יָסוּר מִמֶּֽנָּה׃
7 ধনী লোকে দৰিদ্ৰ লোকৰ ওপৰত শাসন কৰে, আৰু যিজনে ধাৰ লয়, তেওঁ ধাৰ দিয়া জনৰ দাস হয়।
עָשִׁיר בְּרָשִׁים יִמְשׁוֹל וְעֶבֶד לֹוֶה לְאִישׁ מַלְוֶֽה׃
8 যি জনে দুষ্টতাৰ গুটি সিচেঁ, তেওঁ সমস্যাৰ শস্য দাব; আৰু তেওঁৰ ক্ৰোধৰ লাঠি ব্যৱহাৰ কৰা নহ’ব।
זוֹרֵעַ עַוְלָה (יקצור) [יִקְצׇר־]אָוֶן וְשֵׁבֶט עֶבְרָתוֹ יִכְלֶֽה׃
9 উদাৰ দৃষ্টিৰ লোক আশীৰ্ব্বাদপ্রাপ্ত হ’ব, কাৰণ তেওঁ দৰিদ্ৰৰ সৈতে নিজৰ আহাৰ ভাগ কৰে।
טֽוֹב־עַיִן הוּא יְבֹרָךְ כִּֽי־נָתַן מִלַּחְמוֹ לַדָּֽל׃
10 ১০ নিন্দকক উলিয়াই পঠোৱা, তেতিয়া তাত আৰু বিবাদ নহ’ব, এনে কি বিৰোধ আৰু অপমানো নহ’ব।
גָּרֵֽשׁ לֵץ וְיֵצֵא מָדוֹן וְיִשְׁבֹּת דִּין וְקָלֽוֹן׃
11 ১১ যিজনে শুদ্ধ হৃদয় ভাল পায়, আৰু যাৰ কথা অমায়িক, তেওঁৰ বন্ধুৰ বাবে তেওঁৰ এজন ৰজা হ’ব।
אֹהֵב (טהור) [טְהׇר־]לֵב חֵן שְׂפָתָיו רֵעֵהוּ מֶֽלֶךְ׃
12 ১২ যিহোৱাৰ চকুৱে জ্ঞানৰ ওপৰত দৃষ্টি ৰাখে; কিন্তু তেওঁ বিশ্বাসঘাতকৰ কথা উৎখাত কৰে।
עֵינֵי יְהֹוָה נָצְרוּ דָעַת וַיְסַלֵּף דִּבְרֵי בֹגֵֽד׃
13 ১৩ এলেহুৱাই কয়, “বাটত এটা সিংহ আছে! মুকলি ঠাইত মোক বধ কৰিব।”
אָמַר עָצֵל אֲרִי בַחוּץ בְּתוֹךְ רְחֹבוֹת אֵרָצֵֽחַ׃
14 ১৪ ব্যভিচাৰিণীৰ মুখ দ’ গাতৰ দৰে; যি কোনোৱে সেই গাতত পৰিব তেওঁৰ বিৰুদ্ধে যিহোৱাৰ ক্রোধ প্রজ্বলিত হ’ব।
שׁוּחָה עֲמֻקָּה פִּי זָרוֹת זְעוּם יְהֹוָה (יפול) [יִפׇּל־]שָֽׁם׃
15 ১৫ সন্তানৰ হৃদয়ত মুৰ্খতা আৱদ্ধ হৈ থাকে; কিন্তু চেকনীৰ অনুশাসনে তাক তাৰ পৰা দূৰ কৰে।
אִוֶּלֶת קְשׁוּרָה בְלֶב־נָעַר שֵׁבֶט מוּסָר יַרְחִיקֶנָּה מִמֶּֽנּוּ׃
16 ১৬ নিজৰ ধন বৃদ্ধি কৰিবলৈ দৰিদ্ৰ লোকক উপদ্ৰৱ কৰা জন, বা ধনী লোকক দান দিয়া জন, দৰিদ্ৰ হ’ব।
עֹשֵֽׁק דָּל לְהַרְבּוֹת לוֹ נֹתֵן לְעָשִׁיר אַךְ־לְמַחְסֽוֹר׃
17 ১৭ জ্ঞানী লোকৰ কথা শুনা; আৰু মনোযোগ দিয়া; আৰু মোৰ জ্ঞানৰ কথাত তোমাৰ হৃদয় মনোনিবেশ কৰা।
הַט אׇזְנְךָ וּשְׁמַע דִּבְרֵי חֲכָמִים וְלִבְּךָ תָּשִׁית לְדַעְתִּֽי׃
18 ১৮ কাৰণ তুমি যদি সেইবোৰক তোমাৰ অন্তৰত ৰাখা, আৰু যদি সেই সকলোবোৰ তোমাৰ ওঁঠত থাকে, তেনেহ’লে সেয়ে তোমাৰ বাবে সুখজনক হ’ব।
כִּֽי־נָעִים כִּֽי־תִשְׁמְרֵם בְּבִטְנֶךָ יִכֹּנוּ יַחְדָּו עַל־שְׂפָתֶֽיךָ׃
19 ১৯ সেয়ে তোমাৰ বিশ্বাস যাতে যিহোৱাত হ’ব পাৰে, মই আজি সেইবোৰ তোমাক শিকালোঁ, এনে কি কেৱল তোমাকেই এই সকলো শিকালোঁ।
לִֽהְיוֹת בַּיהֹוָה מִבְטַחֶךָ הוֹדַעְתִּיךָ הַיּוֹם אַף־אָֽתָּה׃
20 ২০ পৰামৰ্শ আৰু জ্ঞানৰ বিষয়ে মই তোমাৰ বাবে ত্রিশটা নীতিবচন লিখা নাই নে?
הֲלֹא כָתַבְתִּֽי לְךָ (שלשום) [שָׁלִישִׁים] בְּמֹעֵצוֹת וָדָֽעַת׃
21 ২১ তোমাক বিশ্বাসযোগ্য বাক্যৰ সত্যতাক শিকালোঁ, যাতে তোমাক পঠোৱা সকলক তুমি বিশ্বাসযোগ্য উত্তৰ দিব পাৰা।
לְהוֹדִֽיעֲךָ קֹשְׁטְ אִמְרֵי אֱמֶת לְהָשִׁיב אֲמָרִים אֱמֶת לְשֹׁלְחֶֽיךָ׃
22 ২২ দৰিদ্ৰ লোকৰ বস্তু কাঢ়ি নলবা, কিয়নো তেওঁ দৰিদ্র; বা দুৱাৰত থকা অভাবি লোকক দমন নকৰিবা।
אַֽל־תִּגְזׇל־דָּל כִּי דַל־הוּא וְאַל־תְּדַכֵּא עָנִי בַשָּֽׁעַר׃
23 ২৩ কিয়নো যিহোৱাই তেওঁলোকৰ অভিযোগৰ প্ৰতিবাদ কৰিব, আৰু যি সকলে তেওঁলোকৰ বস্তু কাঢ়ি লয়, তেওঁ তেওঁলোকৰ জীৱন কাঢ়ি ল’ব।
כִּֽי־יְהֹוָה יָרִיב רִיבָם וְקָבַע אֶת־קֹבְעֵיהֶם נָֽפֶשׁ׃
24 ২৪ যিজনে ক্রোধেৰে শাসন কৰে, তেওঁৰ সৈতে বন্ধুত্ব নকৰিবা, আৰু ক্ৰোধী লোকৰ সৈতে তুমি যোৱা উচিত নহয়;
אַל־תִּתְרַע אֶת־בַּעַל אָף וְאֶת־אִישׁ חֵמוֹת לֹא תָבֽוֹא׃
25 ২৫ নহ’লে তুমি তেওঁৰ আচৰণ শিকিবা, আৰু তুমি নিজকে নিজে ফান্দত পেলাবা।
פֶּן־תֶּאֱלַף אֹרְחֹתָו וְלָקַחְתָּ מוֹקֵשׁ לְנַפְשֶֽׁךָ׃
26 ২৬ ধনৰ বিষয়ে প্ৰতিজ্ঞা কৰা জনৰ দৰে নহবা, আৰু তুমি অন্য লোকৰ ধাৰৰ বাবে জামিনদাৰ হোৱা উচিত নহয়।
אַל־תְּהִי בְתֹֽקְעֵי־כָף בַּעֹרְבִים מַשָּׁאֽוֹת׃
27 ২৭ যদি ধাৰ শুজিবলৈ তোমাৰ উপায় নাথাকে, তেনেহ’লে তোমাৰ শোৱাপাটি তোমাৰ পৰা তেওঁ লৈ যোৱাত কিহে বাধা দিব পাৰিব?
אִם־אֵֽין־לְךָ לְשַׁלֵּם לָמָּה יִקַּח מִשְׁכָּבְךָ מִתַּחְתֶּֽיךָ׃
28 ২৮ তোমাৰ পিতৃয়ে স্থাপন কৰা, পূৰ্বৰ সীমাৰ শিল নুগুচাবা।
אַל־תַּסֵּג גְּבוּל עוֹלָם אֲשֶׁר עָשׂוּ אֲבוֹתֶֽיךָ׃
29 ২৯ নিজৰ কামত নিপুন থকা লোকক তুমি দেখিছা নে? তেওঁ ৰজাৰ আগত থিয় হ’ব, তেওঁ সৰ্ব্বসাধাৰণ লোকৰ আগত থিয় নহ’ব।
חָזִיתָ אִישׁ ׀ מָהִיר בִּמְלַאכְתּוֹ לִֽפְנֵי־מְלָכִים יִתְיַצָּב בַּל־יִתְיַצֵּב לִפְנֵי חֲשֻׁכִּֽים׃

< প্রবচন 22 >