< প্রবচন 22 >
1 ১ প্ৰচুৰ ধনতকৈয়ো সুনাম মনোনীত কৰা, সোণ আৰু ৰূপতকৈ অনুগ্ৰহ উত্তম।
Vzácnější jest jméno dobré než bohatství veliké, a přízeň lepší než stříbro a zlato.
2 ২ ধনী আৰু দৰিদ্ৰ লোক উভয়ৰে মাজত কোনো পাৰ্থক্য নাই, তেওঁলোকৰ সকলোৰে সৃষ্টিকৰ্ত্তা যিহোৱা হয়।
Bohatý a chudý potkávají se, učinitel obou jest Hospodin.
3 ৩ দূৰদৰ্শী লোকে বিপদ দেখা পায়, আৰু নিজকে লুকুৱাই ৰাখে; কিন্তু অশিক্ষিত লোক আগুৱাই যায়, আৰু তেওঁলোকে ইয়াৰ বাবে কষ্ট পায়।
Opatrný vida zlé, vyhne se, ale hloupí předce jdouce, těžkosti docházejí.
4 ৪ যিহোৱালৈ ৰখা ভয় নম্ৰতা, সম্পত্তি, আৰু জীৱনলৈ সন্মান আনে।
Pokory a bázně Hospodinovy odplata jest bohatství a sláva i život.
5 ৫ কুটিল লোকৰ পথত কাঁইট আৰু প্রৱঞ্চনাৰ ফান্দ থাকে; যিজনে নিজৰ আত্মা ৰক্ষা কৰে, তেওঁ সেইবোৰৰ পৰা দূৰত থাকে।
Trní a osídla jsou na cestě převráceného; kdož ostříhá duše své, vzdálí se od nich.
6 ৬ সন্তানক তাৰ চলিবলগীয়া পথ অনুসাৰে শিক্ষা দিয়া, তাতে তেওঁ প্রাপ্ত বয়স্ক হ’লেও তেওঁ তাৰ পৰা ঘূৰি নাহিব।
Vyučuj mladého podlé způsobu cesty jeho; nebo když se i zstará, neuchýlí se od ní.
7 ৭ ধনী লোকে দৰিদ্ৰ লোকৰ ওপৰত শাসন কৰে, আৰু যিজনে ধাৰ লয়, তেওঁ ধাৰ দিয়া জনৰ দাস হয়।
Bohatý nad chudými panuje, a vypůjčující bývá služebníkem toho, jenž půjčuje.
8 ৮ যি জনে দুষ্টতাৰ গুটি সিচেঁ, তেওঁ সমস্যাৰ শস্য দাব; আৰু তেওঁৰ ক্ৰোধৰ লাঠি ব্যৱহাৰ কৰা নহ’ব।
Kdo rozsívá nepravost, žíti bude trápení; prut zajisté prchlivosti jeho přestane.
9 ৯ উদাৰ দৃষ্টিৰ লোক আশীৰ্ব্বাদপ্রাপ্ত হ’ব, কাৰণ তেওঁ দৰিদ্ৰৰ সৈতে নিজৰ আহাৰ ভাগ কৰে।
Oko dobrotivé, onoť požehnáno bude; nebo udílí z chleba svého chudému.
10 ১০ নিন্দকক উলিয়াই পঠোৱা, তেতিয়া তাত আৰু বিবাদ নহ’ব, এনে কি বিৰোধ আৰু অপমানো নহ’ব।
Vyvrz posměvače, a odejdeť svada, anobrž přestane svár a lehkost.
11 ১১ যিজনে শুদ্ধ হৃদয় ভাল পায়, আৰু যাৰ কথা অমায়িক, তেওঁৰ বন্ধুৰ বাবে তেওঁৰ এজন ৰজা হ’ব।
Kdo miluje čistotu srdce, a v čích rtech jest příjemnost, takového král přítelem bývá.
12 ১২ যিহোৱাৰ চকুৱে জ্ঞানৰ ওপৰত দৃষ্টি ৰাখে; কিন্তু তেওঁ বিশ্বাসঘাতকৰ কথা উৎখাত কৰে।
Oči Hospodinovy ostříhají umění, ale snažnosti ošemetného převrací.
13 ১৩ এলেহুৱাই কয়, “বাটত এটা সিংহ আছে! মুকলি ঠাইত মোক বধ কৰিব।”
Říká lenoch: Lev jest vně, naprostřed ulic byl bych zabit.
14 ১৪ ব্যভিচাৰিণীৰ মুখ দ’ গাতৰ দৰে; যি কোনোৱে সেই গাতত পৰিব তেওঁৰ বিৰুদ্ধে যিহোৱাৰ ক্রোধ প্রজ্বলিত হ’ব।
Jáma hluboká ústa postranních; ten, na kohož se hněvá Hospodin, vpadne tam.
15 ১৫ সন্তানৰ হৃদয়ত মুৰ্খতা আৱদ্ধ হৈ থাকে; কিন্তু চেকনীৰ অনুশাসনে তাক তাৰ পৰা দূৰ কৰে।
Bláznovství přivázáno jest k srdci mladého, ale metla kázně vzdálí je od něho.
16 ১৬ নিজৰ ধন বৃদ্ধি কৰিবলৈ দৰিদ্ৰ লোকক উপদ্ৰৱ কৰা জন, বা ধনী লোকক দান দিয়া জন, দৰিদ্ৰ হ’ব।
Kdo utiská nuzného, aby rozmnožil své, a dává bohatému, jistotně bude v nouzi.
17 ১৭ জ্ঞানী লোকৰ কথা শুনা; আৰু মনোযোগ দিয়া; আৰু মোৰ জ্ঞানৰ কথাত তোমাৰ হৃদয় মনোনিবেশ কৰা।
Nakloň ucha svého, a slyš slova moudrých, a mysl svou přilož k učení mému.
18 ১৮ কাৰণ তুমি যদি সেইবোৰক তোমাৰ অন্তৰত ৰাখা, আৰু যদি সেই সকলোবোৰ তোমাৰ ওঁঠত থাকে, তেনেহ’লে সেয়ে তোমাৰ বাবে সুখজনক হ’ব।
Nebo to bude utěšenou věcí, jestliže je složíš v srdci svém, budou-li spolu nastrojena ve rtech tvých.
19 ১৯ সেয়ে তোমাৰ বিশ্বাস যাতে যিহোৱাত হ’ব পাৰে, মই আজি সেইবোৰ তোমাক শিকালোঁ, এনে কি কেৱল তোমাকেই এই সকলো শিকালোঁ।
Aby bylo v Hospodinu doufání tvé, oznamujiť to dnes. I ty také ostříhej toho.
20 ২০ পৰামৰ্শ আৰু জ্ঞানৰ বিষয়ে মই তোমাৰ বাবে ত্রিশটা নীতিবচন লিখা নাই নে?
Zdaližť jsem nenapsal znamenitých věcí z strany rad a umění,
21 ২১ তোমাক বিশ্বাসযোগ্য বাক্যৰ সত্যতাক শিকালোঁ, যাতে তোমাক পঠোৱা সকলক তুমি বিশ্বাসযোগ্য উত্তৰ দিব পাৰা।
Aťbych v známost uvedl jistotu řečí pravých, tak abys vynášeti mohl slova pravdy těm, kteříž by k tobě poslali?
22 ২২ দৰিদ্ৰ লোকৰ বস্তু কাঢ়ি নলবা, কিয়নো তেওঁ দৰিদ্র; বা দুৱাৰত থকা অভাবি লোকক দমন নকৰিবা।
Nelup nuzného, proto že nuzný jest, aniž potírej chudého v bráně.
23 ২৩ কিয়নো যিহোৱাই তেওঁলোকৰ অভিযোগৰ প্ৰতিবাদ কৰিব, আৰু যি সকলে তেওঁলোকৰ বস্তু কাঢ়ি লয়, তেওঁ তেওঁলোকৰ জীৱন কাঢ়ি ল’ব।
Nebo Hospodin povede při jejich, a vydře duši těm, kteříž vydírají jim.
24 ২৪ যিজনে ক্রোধেৰে শাসন কৰে, তেওঁৰ সৈতে বন্ধুত্ব নকৰিবা, আৰু ক্ৰোধী লোকৰ সৈতে তুমি যোৱা উচিত নহয়;
Nebývej přítelem hněvivého, a s mužem prchlivým neobcuj,
25 ২৫ নহ’লে তুমি তেওঁৰ আচৰণ শিকিবা, আৰু তুমি নিজকে নিজে ফান্দত পেলাবা।
Abys se nenaučil stezkám jeho, a nevložil osídla na duši svou.
26 ২৬ ধনৰ বিষয়ে প্ৰতিজ্ঞা কৰা জনৰ দৰে নহবা, আৰু তুমি অন্য লোকৰ ধাৰৰ বাবে জামিনদাৰ হোৱা উচিত নহয়।
Nebývej mezi rukojměmi, mezi slibujícími za dluhy.
27 ২৭ যদি ধাৰ শুজিবলৈ তোমাৰ উপায় নাথাকে, তেনেহ’লে তোমাৰ শোৱাপাটি তোমাৰ পৰা তেওঁ লৈ যোৱাত কিহে বাধা দিব পাৰিব?
Nemáš-li, čím bys zaplatil, proč má kdo bráti lůže tvé pod tebou?
28 ২৮ তোমাৰ পিতৃয়ে স্থাপন কৰা, পূৰ্বৰ সীমাৰ শিল নুগুচাবা।
Nepřenášej mezníku starodávního, kterýž učinili otcové tvoji.
29 ২৯ নিজৰ কামত নিপুন থকা লোকক তুমি দেখিছা নে? তেওঁ ৰজাৰ আগত থিয় হ’ব, তেওঁ সৰ্ব্বসাধাৰণ লোকৰ আগত থিয় নহ’ব।
Vídáš-li, že muž snažný v díle svém před králi stává? Nestává před nepatrnými.