< প্রবচন 21 >
1 ১ ৰজাৰ হৃদয় যিহোৱাৰ হাতৰ পৰা বৈ থকা পানীৰ দৰে; তেওঁ এই পানী যি দিশলৈ ইচ্ছা কৰে, সেই দিশলৈ বোৱায়।
In Jahweh’s hand is het hart van een koning als een beekje; Hij leidt het, waarheen Hij wil.
2 ২ সকলো মানুহৰ পথ তেওঁৰ নিজৰ দৃষ্টিত ন্যায়; কিন্তু যিহোৱাই হৃদয় জোখে।
Al denkt de mens, dat al zijn wegen recht zijn, Het is Jahweh, die de harten toetst.
3 ৩ যি সত্য আৰু ন্যায়, এনে কাৰ্য কৰা; বলিদানতকৈ এই কার্য সমূহ যিহোৱাৰ গ্রহণীয়।
Rechtvaardigheid beoefenen en billijkheid, Is Jahweh meer waard dan offers.
4 ৪ অহংকাৰী দৃষ্টি আৰু দাম্ভিক হৃদয়; দুষ্ট লোকৰ প্রদীপ পাপেৰে পৰিপূৰ্ণ।
Een hooghartige blik, een opgeblazen hart, De aanplant der bozen is zonde
5 ৫ পৰিশ্ৰমী লোকৰ কল্পনাই কেৱল উন্নতিলৈ লৈ যায়; কিন্তু যি সকলে খৰকৈ কাৰ্য কৰে, তেওঁলোকলৈ কেৱল দৰিদ্ৰতা আহে।
De plannen van een ijverig mens brengen louter voordeel, Maar wie zich overhaast, krijgt enkel gebrek.
6 ৬ মিছলীয়া জিভাৰ দ্বাৰাই অৰ্জন কৰা ধন-সম্পত্তি অস্থায়ী ভাপ, সেইবোৰ মৃত্যু বিচাৰে,
Wie met leugens schatten wil verwerven, Jaagt ijdelheid na en de strikken des doods.
7 ৭ দুষ্ট লোকৰ অত্যাচাৰে তেওঁলোকক দূৰ কৰিব; কাৰণ তেওঁলোকে ন্যায় পথত চলিবলৈ অসন্মত হয়।
Bozen worden door hun gewelddaden meegesleept; Want zij weigeren, recht te doen.
8 ৮ অপৰাধীৰ পথ কুটিল হয়, কিন্তু যি জন শুদ্ধ, তেওঁ সৎ কাৰ্য কৰে।
Kronkelig is de weg van een bedrieger; Wie eerlijk is, handelt oprecht.
9 ৯ দন্দুৰী স্বভাৱৰ ভাৰ্যাৰ সৈতে ঘৰত বাস কৰাতকৈ, ঘৰৰ চালৰ এচুকত বাস কৰাই ভাল।
Beter te wonen op de punt van het dak, Dan met een snibbige vrouw in de echtelijke woning.
10 ১০ দুষ্ট লোকৰ আত্মাই পাপ আকাংক্ষা কৰে, আৰু তেওঁৰ পৰা তেওঁৰ চুবুৰীয়া কৃপা দৃষ্টি নাপায়।
Een slecht karakter haakt naar kwaad; Zelfs zijn naaste vindt geen genade in zijn ogen.
11 ১১ যেতিয়া নিন্দক লোকে দণ্ড পায়, তেতিয়া অশিক্ষিত লোক জ্ঞানী হয়, আৰু যেতিয়া জ্ঞানী লোকে নিৰ্দেশ পায়, তেতিয়া তেওঁৰ জ্ঞান বৃদ্ধি হয়।
Straft ge een spotter, dan wordt de onervarene wijs; Leest men een wijze de les, hij leert er nog uit.
12 ১২ যি জনে সৎ কাৰ্য কৰে, তেওঁ দুষ্ট লোকৰ ঘৰ পৰ্যবেক্ষণ কৰে; তেওঁ দুষ্ট লোকলৈ সৰ্ব্বনাশ কঢ়িয়াই আনে।
De Rechtvaardige let op het huis van den boze, En stort de boosdoeners in het verderf.
13 ১৩ যি জনে দৰিদ্ৰ লোকৰ কাতৰোক্তি নুশুনে, সেই জন যেতিয়া কান্দিব, তেতিয়া কোনেও নুশুনিব।
Wie zich doof houdt voor de smeekbede van een arme, Zal ook zelf roepen en geen antwoord krijgen.
14 ১৪ গুপ্ত উপহাৰ ক্রোধ শান্ত কৰে, আৰু গোপন উপহাৰে প্ৰচণ্ড ক্ৰোধৰ পৰা আঁতৰায় ৰাখে।
Toorn wordt door een stille gift ontwapend, Hevige gramschap door een geschenk in de buidel.
15 ১৫ যেতিয়া ন্যায় বিচাৰ হয়, তেতিয়া ন্যায় কৰা জনে আনন্দ পায়; কিন্তু কুকৰ্ম কৰা জনলৈ সৰ্ব্বনাশ কঢ়িয়াই আনে।
Dat er recht wordt gedaan, is voor den rechtvaardige een vreugde, Voor de boosdoeners een ramp.
16 ১৬ যি জনে বিবেচনা শক্তিৰ পথৰ পৰা ভ্ৰমি ফুৰে, সেই জনে মৃত সকলৰ সমাজত জিৰণী ল’ব।
De mens, die afdwaalt van het pad der wijsheid, Mag in de kring der schimmen uitrusten.
17 ১৭ যি মানুহে ৰং-ধেমালি কৰি ভাল পায়, তেওঁ দৰিদ্ৰ হ’ব; আৰু যি জনে দ্ৰাক্ষাৰস আৰু তেল ভাল পায় তেওঁ ধনৱান নহ’ব।
Wie van feestvieren houdt, vervalt tot gebrek; Wie veel wijn en olie verbruikt, wordt niet rijk.
18 ১৮ সৎ কাৰ্য কৰা লোকৰ বাবে দুষ্টলোকে প্রায়শ্চিত পায়; আৰু ন্যায়পৰায়ণ লোকৰ বাবে বিশ্বাসঘাতকৰ প্রায়শ্চিত হয়।
De boze is een losprijs voor den rechtvaardige, Zondaars komen voor de deugdzamen in de plaats.
19 ১৯ দ্বন্দুৰী আৰু সকলো সময়তে অভিযোগ কৰি থকা মহিলাৰ সৈতে বাস কৰাতকৈ, মৰুভূমিত বাস কৰাই ভাল।
Beter in een woestijn te wonen, Dan bij een snibbige en humeurige vrouw.
20 ২০ জ্ঞানী লোকৰ ঘৰত বহুমূল্য বস্তু আৰু তেল থাকে; কিন্তু অজ্ঞানী লোকে সেইবোৰ অপব্যৱহাৰ কৰে।
In de woning van een wijze blijven kostbare schatten, Maar de domoor jaagt ze erdoor.
21 ২১ যি জনে সৎ কাৰ্য কৰে আৰু দয়ালু হয়, তেওঁ জীৱন পায়, উচিত সিদ্ধান্ত লয়, আৰু সন্মান লাভ কৰে।
Wie naar rechtvaardigheid en goedheid streeft, Zal leven vinden en aanzien.
22 ২২ জ্ঞানী লোকে বীৰসকলৰ নগৰৰ বিৰুদ্ধে উঠি যায়, আৰু সুৰক্ষা দিয়া দুৰ্গ তেওঁ ধ্বংস কৰে।
De wijze beklimt een stad van helden, En werpt het bolwerk neer, waarop zij vertrouwen.
23 ২৩ যি জনে নিজৰ মুখ আৰু জিভা চম্ভালি ৰাখে, তেওঁ সঙ্কটৰ পৰা নিজকে ৰক্ষা কৰে।
Wie let op zijn mond en zijn tong, Bespaart zich moeilijkheden.
24 ২৪ গৰ্ব্বি আৰু অহংকাৰী লোকক “নিন্দক” বুলি কোৱা হয়; তেওঁ দাম্ভিকতাৰে কাৰ্য কৰে।
"Spotter" noemt men een overmoedig, vermetel mens, Een die handelt in mateloze trots.
25 ২৫ এলেহুৱা লোকৰ অভিলাষে তেওঁক বধ কৰে; কাৰণ তেওঁৰ হাতে কাম কৰিবলৈ অমান্তি হয়।
Een luiaard komt nog om door zijn ondeugd, Want zijn handen weigeren te werken.
26 ২৬ ওৰে দিনটো তেওঁ অধিকতকৈ অধিক পাবলৈ আকাংক্ষা কৰে; কিন্তু সৎ কাৰ্য কৰা জনে দান দিয়ে, আৰু দান দিয়া বন্ধ নকৰে।
Heel de dag zit de zondaar te hunkeren, Maar de rechtvaardige deelt rijkelijk uit.
27 ২৭ দুষ্ট লোকৰ বলিদান ঘৃণনীয়; তাতে বেয়া মনোভাবেৰে অনাৰ বাবে তাতকৈ কিমান বেছি ঘৃণনীয় হ’ব।
Het offer der bozen is iets afschuwelijks; Hoeveel te meer, als hij het brengt voor een wandaad.
28 ২৮ মিছা সাক্ষী দিয়া জন ধ্বংস হ’ব; কিন্তু কথা শুনা জনে, তেওঁ সকলো সময়ৰ বাবে কথা ক’ব।
Een leugenachtig getuige gaat te gronde; Iemand die luistert, mag altijd spreken.
29 ২৯ দুষ্ট লোকে নিজকে পৰাক্রমী দেখুৱাই; কিন্তু ন্যায়পৰায়ণ লোকে নিজৰ পথ বিবেচনা কৰে।
Wel trekt een boosdoener een brutaal gezicht, Maar een rechtvaardige doorziet zijn gedrag.
30 ৩০ যিহোৱাৰ বিৰুদ্ধে প্রজ্ঞা, বিবেচনা, বা পৰামৰ্শ একোৱেই স্থিৰ হ’ব নোৱাৰে।
Er is geen wijsheid, geen beraad, Geen verstand tegenover Jahweh.
31 ৩১ যুদ্ধৰ দিনৰ বাবে ঘোঁৰাক সু-সজ্জিত কৰা হয়, কিন্তু জয় যিহোৱাৰ কাৰণেহে হয়।
Wel worden paarden getuigd voor de dag van de strijd, Maar de zege hangt van Jahweh af.