< প্রবচন 20 >

1 দ্ৰাক্ষাৰস নিন্দক, আৰু সুৰা দ্বন্দ্ব-কাজিয়া কৰা লোক; যি কোনোৱে সুৰা পান কৰি মতলীয়া হয়, তেওঁ জ্ঞানী নহয়।
לץ היין המה שכר וכל שגה בו לא יחכם׃
2 ৰজাৰ ক্রোধ যুবা সিংহৰ গৰ্জ্জনৰ দৰে; যিজনে তেওঁৰ খং তোলে, তেওঁ নিজৰ জীৱন হেৰুৱাই।
נהם ככפיר אימת מלך מתעברו חוטא נפשו׃
3 বিবাদৰ পৰা দূৰত থকাই মানুহৰ সন্মান; কিন্তু প্ৰত্যেক অজ্ঞানী লোকে বিতৰ্কত সোমায়।
כבוד לאיש שבת מריב וכל אויל יתגלע׃
4 এলেহুৱা লোকে শৰৎ কালত হাল নাবায়; আৰু তেওঁ শস্য দোৱাৰ সময়ত অলপ শস্য বিচাৰে, কিন্তু একোকে নাপায়।
מחרף עצל לא יחרש ישאל בקציר ואין׃
5 মানুহৰ হৃদয়ৰ অভিপ্রায় গভীৰ জলৰ দৰে; কিন্তু সেই কল্পনা বিবেচক ব্যক্তিয়ে বাহিৰত প্রকাশ কৰে।
מים עמקים עצה בלב איש ואיש תבונה ידלנה׃
6 বহুতো লোকে নিজৰ সাধুতা ঘোষণা কৰে; কিন্তু বিশ্বাসী লোক কোনে বিচাৰি পায়?
רב אדם יקרא איש חסדו ואיש אמונים מי ימצא׃
7 ন্যায় কাৰ্য কৰা লোকে নিজৰ ন্যায়পৰায়ণতাত চলে, আৰু তেওঁক অনুসৰণ কৰা তেওঁৰ সন্তান সকল সুখী হয়।
מתהלך בתמו צדיק אשרי בניו אחריו׃
8 সিংহাসনত বহা ৰজাই বিচাৰকৰ দ্বায়ীত্ব পালন কৰে; তেওঁৰ আগত থকা সকলো দুষ্টতা তেওঁৰ দৃষ্টিৰে পৰীক্ষা কৰে।
מלך יושב על כסא דין מזרה בעיניו כל רע׃
9 কোনে ক’ব পাৰে “মই মোৰ হৃদয় শুদ্ধ কৰি ৰাখিছোঁ, আৰু মোৰ পাপৰ পৰা মই মুক্ত হ’লো?
מי יאמר זכיתי לבי טהרתי מחטאתי׃
10 ১০ পাৰ্থক্য থকা ওজন, আৰু অসমান জোখ, এই দুয়োটাকে যিহোৱাই ঘিণ কৰে।
אבן ואבן איפה ואיפה תועבת יהוה גם שניהם׃
11 ১১ এনেকি যুৱক এজনে তেওঁৰ কাৰ্যৰ দ্বাৰাই পৰিচিত হয়, শুদ্ধ আৰু ন্যায়পৰায়ণ আচৰণৰ দ্বাৰাই তেওঁক বুজিব পৰা যায়।
גם במעלליו יתנכר נער אם זך ואם ישר פעלו׃
12 ১২ শ্ৰৱনকাৰী কাণ আৰু দৰ্শনকাৰী চকু, এই দুয়োকো যিহোৱাই সৃষ্টি কৰিলে।
אזן שמעת ועין ראה יהוה עשה גם שניהם׃
13 ১৩ নিদ্ৰাক ভাল নাপাবা অথবা, তুমি দৰিদ্ৰ হবা; তোমাৰ চকু মেলা, আৰু তোমাৰ প্রচুৰ পৰিমাণে খোৱা বস্তু থাকিব।
אל תאהב שנה פן תורש פקח עיניך שבע לחם׃
14 ১৪ কিনা জনে কয়, “বেয়া! বেয়া! কিন্তু যেতিয়া তেওঁ আঁতৰি যায়, তেতিয়া তেওঁ অহংকাৰ কৰে।
רע רע יאמר הקונה ואזל לו אז יתהלל׃
15 ১৫ সোণ আৰু অজস্র মূল্যবান পাথৰ আছে; কিন্তু জ্ঞানযুক্ত ওঁঠ অমূল্য ৰত্ন।
יש זהב ורב פנינים וכלי יקר שפתי דעת׃
16 ১৬ যি জনে অচিনাকীৰ জামিন হয়, তেওঁৰ বস্ত্ৰ লোৱা; যেতিয়া তেওঁ কোনো ব্যভিচাৰিণীৰ বাবে জামিন হয়, তেতিয়া তেওঁৰ পৰা বন্ধক লোৱা।
לקח בגדו כי ערב זר ובעד נכרים חבלהו׃
17 ১৭ প্ৰবঞ্চনাৰে পোৱা পিঠাৰ সোৱাদ মিঠা লাগে; কিন্তু পাছত তেওঁৰ মুখ শিলেৰে পূৰ্ণ হয়।
ערב לאיש לחם שקר ואחר ימלא פיהו חצץ׃
18 ১৮ পৰামৰ্শৰ দ্বাৰাই আঁচনিবোৰ সিদ্ধ হয়; আৰু কেৱল জ্ঞানী লোকৰ নেতৃত্বত যুদ্ধ আৰম্ভ কৰা হয়।
מחשבות בעצה תכון ובתחבלות עשה מלחמה׃
19 ১৯ পৰচৰ্চ্চাকাৰীয়ে গুপুত কথা প্ৰকাশ কৰে; সেয়ে যি জনে বহু কথা কয়, তেওঁৰ সৈতে সহযোগ নকৰিবা।
גולה סוד הולך רכיל ולפתה שפתיו לא תתערב׃
20 ২০ যি জনে নিজৰ পিতৃক নাইবা মাতৃক শাও দিয়ে, ঘোৰ অন্ধকাৰত তাৰ চাকি নুমাই যায়।
מקלל אביו ואמו ידעך נרו באישון חשך׃
21 ২১ উত্তৰাধিকাৰ আৰম্ভণীতে শীঘ্ৰে পোৱা যায়; কিন্তু শেষত সেয়ে ভাল নহব।
נחלה מבחלת בראשנה ואחריתה לא תברך׃
22 ২২ এইদৰে নকবা, “মই তোমাৰ ভুলৰ বাবে প্ৰতিকাৰ সাধিম!” যিহোৱালৈ অপেক্ষা কৰা, তেওঁ তোমাক উদ্ধাৰ কৰিব।
אל תאמר אשלמה רע קוה ליהוה וישע לך׃
23 ২৩ যিহোৱাই অসমান ওজন ঘিণ কৰে, ফাঁকি তুলাচনী ভাল নহয়।
תועבת יהוה אבן ואבן ומאזני מרמה לא טוב׃
24 ২৪ মানুহৰ ভৰিৰ খোজ যিহোৱাৰ পৰিচালিত; তেনেহলে মানুহে কেনেকৈ নিজৰ পথ বুজিব?
מיהוה מצעדי גבר ואדם מה יבין דרכו׃
25 ২৫ কোনো লোকে হঠাতে “এই বস্তু পবিত্ৰ” বুলি কোৱা, মানুহ; আৰু সঙ্কল্প কৰাৰ পাছত তাৰ অৰ্থ কি সেই বিষয়ে চিন্তা কৰা মানুহৰ বাবে ফান্দৰ দৰে।
מוקש אדם ילע קדש ואחר נדרים לבקר׃
26 ২৬ জ্ঞানী ৰজাই দুষ্টসকলক পৃথক কৰে, আৰু তাৰ পাছত তেওঁ শষ্য মৰা গাড়ী তেওঁলোকৰ ওপৰেদি চলায়।
מזרה רשעים מלך חכם וישב עליהם אופן׃
27 ২৭ মানুহৰ আত্মা যিহোৱাৰ প্ৰদীপস্বৰূপ; সেয়ে তেওঁ সকলোৰে অন্তৰৰ ভিতৰ অংশ বিচাৰে।
נר יהוה נשמת אדם חפש כל חדרי בטן׃
28 ২৮ বিশ্বাসযোগ্য আৰু বিশ্বস্বতাৰ নিয়মে ৰজাক সংৰক্ষিত কৰে, আৰু তেওঁৰ সিংহাসন প্রেমৰ দ্বাৰাই নিৰাপদে থাকে।
חסד ואמת יצרו מלך וסעד בחסד כסאו׃
29 ২৯ যুৱকৰ বলেই তেওঁৰ গৌৰৱ, আৰু পকা চুলিয়ে বৃদ্ধ লোকৰ অভিজ্ঞতা দৰ্শাই।
תפארת בחורים כחם והדר זקנים שיבה׃
30 ৩০ ঘা লগোৱা প্ৰহাৰে দুষ্টতা পৰিষ্কাৰ কৰে, আৰু প্রহাৰে অন্তৰৰ গভীৰতম অংশ পৰিষ্কাৰ কৰে।
חברות פצע תמריק ברע ומכות חדרי בטן׃

< প্রবচন 20 >