< প্রবচন 2 >
1 ১ হে মোৰ পুত্র তুমি যদি মোৰ কথা গ্ৰহণ কৰা, আৰু মোৰ আজ্ঞাবোৰ তোমাৰ সৈতে সংৰক্ষিত কৰি ৰাখা,
My son, if thou wilt receive my words, and hide my commandments with thee;
2 ২ প্রজ্ঞাৰ কথা শুনা, আৰু বুজিব পৰা শক্তিলৈ তোমাৰ হৃদয় আকৃষ্ট হব।
So that thou incline thy ear to wisdom, [and] apply thy heart to understanding;
3 ৩ তুমি যদি বুজিবৰ বাবে কান্দা; আৰু ইয়াৰ বাবে উচ্চ স্বৰে ৰিঙিওৱা,
Yes, if thou criest after knowledge, [and] liftest up thy voice for understanding;
4 ৪ ৰূপ বিচৰা দৰে যদি তুমি ইয়াক বিচাৰা, আৰু গুপ্ত ধন বিচৰা দৰে বুজিব পৰা শক্তি বিচাৰা;
If thou seekest her as silver, and searchest for her as [for] hid treasures;
5 ৫ তেতিয়াহে যিহোৱাৰ প্রতি থকা ভয় তুমি বুজিব পাৰিবা, আৰু তুমি ঈশ্বৰৰ জ্ঞান বিচাৰি পাবা।
Then shalt thou understand the fear of the LORD, and find the knowledge of God.
6 ৬ কাৰণ যিহোৱাইহে প্রজ্ঞা দিয়ে, তেওঁৰে মুখৰ পৰা জ্ঞান আৰু বিবেচনা শক্তি ওলায়।
For the LORD giveth wisdom: out of his mouth [cometh] knowledge and understanding.
7 ৭ যিসকলে তেওঁক সন্তুষ্ট কৰে তেওঁলোকৰ বাবে তেওঁ নিৰ্ভৰযোগ্য প্রজ্ঞা সংগ্রহ কৰে, যি সকলে সত্যতাত চলে তেওঁলোকৰ বাবে তেওঁ ঢালস্বৰূপ।
He layeth up sound wisdom for the righteous: [he is] a buckler to them that walk uprightly.
8 ৮ তেওঁ ন্যায়ৰ পথক প্রতিৰক্ষা কৰে, আৰু যিসকল তেওঁৰ প্রতি বিশ্বাসী, তেওঁলোকৰ বাবে সেই পথ সংৰক্ষিত কৰি ৰাখে।
He keepeth the paths of judgment, and preserveth the way of his saints.
9 ৯ তেতিয়া তুমি ধাৰ্মিকতা, ন্যায় বিচাৰ, আৰু স্বাভাৱিক ন্যায় আৰু সকলো ভাল পথ বুজিব পাৰিবা।
Then shalt thou understand righteousness, and judgment, and equity; [and] every good path.
10 ১০ কাৰণ প্রজ্ঞা তোমাৰ হৃদয়ত প্ৰবেশ কৰিব, আৰু জ্ঞান তোমাৰ প্ৰাণৰ বাবে সন্তুষ্ট জনক হ’ব।
When wisdom entereth into thy heart, and knowledge is pleasant to thy soul;
11 ১১ সতর্কতাই তোমাৰ ওপৰত দৃষ্টি ৰাখিব, বিচাৰ বুদ্ধিয়ে তোমাক পহৰা দিব,
Discretion shall preserve thee, understanding shall keep thee:
12 ১২ এইবোৰে পাপকাৰ্যৰ পৰা আৰু যিসকলে বিপথগামী কথা কয়, তাৰ পৰা তোমালোকক উদ্ধাৰ কৰিব
To deliver thee from the way of the evil [man], from the man that speaketh froward things;
13 ১৩ তেওঁলোকে সত্যৰ পথ পৰিহাৰ কৰে। আৰু আন্ধাৰ পথত চলে।
Who leave the paths of uprightness, to walk in the ways of darkness;
14 ১৪ যেতিয়া তেওঁলোকে পাপ কৰ্ম কৰে তেতিয়া তেওঁলোকে আনন্দ কৰে, আৰু দুর্নীতি পৰায়ণ পাপত তেওঁলোকে উল্লাস কৰে,
Who rejoice to do evil, [and] delight in the frowardness of the wicked;
15 ১৫ তেওঁলোকে কুটিল পথ অনুসৰণ কৰে, তেওঁলোকে প্রৱঞ্চনাৰ দ্বাৰাই তেওঁলোকৰ গতি পথ গোপন কৰে।
Whose ways [are] crooked, and [they] froward in their paths:
16 ১৬ দুঃসাহসিক কাৰ্যলৈ দৃষ্টি কৰা, খুচামোদ কথা কোৱা আৰু ব্যভিচাৰী মহিলাৰ পৰা প্রজ্ঞা আৰু সতর্কতাই ৰক্ষা কৰে।
To deliver thee from the strange woman, [even] from the stranger [who] flattereth with her words;
17 ১৭ তেওঁ যৌৱন কালৰ লগৰীক ত্যাগ কৰে আৰু তেওঁ তেওঁৰ ঈশ্বৰৰ গুৰুত্বপূর্ণ প্ৰতিশ্ৰুতি পাহৰে।
Who forsaketh the guide of her youth, and forgetteth the covenant of her God.
18 ১৮ তেওঁৰ ঘৰ মৃত্যুলৈ আগুৱাই, আৰু তেওঁৰ পথে মৈদামত থকাসকলৰ ওচৰলৈ তোমাক লৈ যাব।
For her house inclineth to death, and her paths to the dead.
19 ১৯ যিসকল লোক তেওঁৰ ওচৰলৈ গৈছে, তেওঁলোক পুনৰ ঘূৰি নাহিব, আৰু তেওঁলোকে জীৱনৰ পথ বিচাৰি নাপাব।
None that go to her return again, neither do they take hold of the paths of life.
20 ২০ সেয়ে তুমি সৎলোকৰ পথত চলিবা, আৰু ন্যায়কাৰ্য কৰা লোকসকলৰ পথ অনুসৰণ কৰা।
That thou mayest walk in the way of good [men], and keep the paths of the righteous.
21 ২১ যিসকল লোকে সৎ কাৰ্য কৰে, তেওঁলোকে দেশত ঘৰ সাজে, আৰু যিসকল লোক সিদ্ধ, তেওঁলোক অৱশিষ্ট থাকিব।
For the upright shall dwell in the land, and the perfect shall remain in it.
22 ২২ কিন্তু দুষ্টসকলক দেশৰ পৰা উচ্ছন্ন কৰা হ’ব, আৰু অবিশ্বাসী লোকক দেশৰ পৰা উচ্ছন্ন কৰা হৈ যাব।
But the wicked shall be cut off from the earth, and the transgressors shall be rooted out of it.