< প্রবচন 19 >
1 ১ নিজৰ সিদ্ধতাত চলা দৰিদ্ৰ লোক, কোনো এজন কথাত বিপথগামী আৰু অজ্ঞানী লোকতকৈ ভাল।
Melior est pauper, qui ambulat in simplicitate sua, quam dives torquens labia sua, et insipiens.
2 ২ জ্ঞানৰ অবিহনে অভিপ্রায় থকা ভাল নহয়; আৰু যি জনে বেগেৰে যায়, তেওঁ পথ হেৰুৱাই।
Ubi non est scientia animæ, non est bonum: et qui festinus est pedibus, offendet.
3 ৩ মানুহৰ অজ্ঞানতাই তেওঁৰ জীৱন ধ্বংস কৰে; আৰু তেওঁৰ হৃদয় যিহোৱাৰ বিৰুদ্ধে ক্রোধাম্বিত হয়।
Stultitia hominis supplantat gressus eius: et contra Deum fervet animo suo.
4 ৪ ধন-সম্পত্তিয়ে অনেক বন্ধু একত্রিত কৰে; কিন্তু দৰিদ্ৰ লোক নিজৰ বন্ধুসকলৰ পৰা বিছিন্ন হয়।
Divitiæ addunt amicos plurimos: a paupere autem et hi, quos habuit, separantur.
5 ৫ মিছা সাক্ষী দিয়া জনে দণ্ড নোপোৱাকৈ নাথাকিব; আৰু যি জনে মিছা কথা কয় তেৱোঁ অব্যাহতি নাপায়।
Testis falsus non erit impunitus: et qui mendacia loquitur, non effugiet.
6 ৬ অনেক লোকে অনুগ্ৰহ পাবলৈ দয়ালু লোকৰ আগত নিবেদন কৰে, আৰু যি জনে উপহাৰ দিয়ে, তেওঁৰ সকলো বন্ধু হয়।
Multi colunt personam potentis, et amici sunt dona tribuentis.
7 ৭ যদি দৰিদ্ৰ লোকৰ ভায়েক সকলে তেওঁক ঘিণ কৰে; তেনেহলে তাতকৈ কিমান অধিক পৰিমাণে তেওঁৰ বন্ধুসকল তেওঁৰ পৰা আঁতৰি যাব! তেওঁ তেওঁলোকক আহ্বান কৰে, কিন্তু তেওঁলোক আতৰি যায়।
Fratres hominis pauperis oderunt eum: insuper et amici procul recesserunt ab eo. Qui tantum verba sectatur, nihil habebit:
8 ৮ যিজনে জ্ঞান লাভ কৰে, তেওঁ নিজৰ প্ৰাণক প্ৰেম কৰে, যিজনে বিবেচনা শক্তি ৰাখে, তেওঁ যি ভাল তাক বিচাৰি পায়।
qui autem possessor est mentis, diligit animam suam, et custos prudentiæ inveniet bona.
9 ৯ মিছা সাক্ষী দিয়া জনে দণ্ড নোপোৱাকৈ নাথাকিব; কিন্তু মিছা কথা কোৱা জন বিনষ্ট হ’ব।
Falsus testis non erit impunitus: et qui loquitur mendacia, peribit.
10 ১০ অজ্ঞানী লোকে বিলাসীতা জীৱন যাপন কৰা অনুপযুক্ত; তেনেহলে ৰাজকুমাৰৰ ওপৰত দাসে শাসন কৰা তাতকৈ কিমান অধিক পৰিমাণে অনুপযুক্ত!
Non decent stultum deliciæ: nec servum dominari principibus.
11 ১১ মানুহৰ বিবেচনাই তেওঁক ক্ৰোধত ধীৰ কৰে, আৰু অপৰাধ অৱমাননা কৰা তেওঁৰ গৌৰৱ।
Doctrina viri per patientiam noscitur: et gloria eius est iniqua prætergredi.
12 ১২ ৰজাৰ ক্ৰোধ ডেকা সিংহৰ গৰ্জ্জনৰ দৰে; কিন্তু তেওঁৰ অনুগ্ৰহ ঘাঁহৰ ওপৰত পৰা নিয়ৰৰ দৰে।
Sicut fremitus leonis, ita et regis ira: et sicut ros super herbam, ita et hilaritas eius.
13 ১৩ মূৰ্খ পুত্ৰই পিতৃলৈ ধ্বংস আনে, আৰু কন্দল কৰা মহিলা টোপ-টোপকৈ পৰি থকা পানীৰ দৰে।
Dolor patris, filius stultus: et tecta iugiter perstillantia, litigiosa mulier.
14 ১৪ ঘৰ আৰু ধন-সম্পত্তি পিতৃসকলৰ পৰা পোৱা উত্তৰাধিকাৰ; কিন্তু জ্ঞানৱতী ভাৰ্যা যিহোৱাৰ পৰা পোৱা যায়।
Domus, et divitiæ dantur a parentibus: a Domino autem proprie uxor prudens.
15 ১৫ এলাহে মানুহক দুৰ্ঘোৰ নিদ্রাত পেলায়, কিন্তু যিজনে কাম কৰিবলৈ ইচ্ছা নকৰে, তেওঁ ভোকত থাকিব।
Pigredo immittit soporem, et anima dissoluta esuriet.
16 ১৬ যি জনে আজ্ঞা পালন কৰে, তেওঁ নিজৰ প্ৰাণ ৰক্ষা কৰে; কিন্তু যি জনে নিজৰ পথৰ বিষয়ে চিন্তা নকৰে, তেওঁৰ মৃত্যু হ’ব।
Qui custodit mandatum, custodit animam suam: qui autem negligit viam suam, mortificabitur.
17 ১৭ যি জনে দৰিদ্ৰক দয়া কৰে, তেওঁ যিহোৱাক ঋণ দিয়ে; আৰু তেওঁ কৰা কাৰ্যৰ বিনিময়, তেওঁ তেওঁক পৰিশোধ কৰিব।
Fœneratur Domino qui miseretur pauperis: et vicissitudinem suam reddet ei.
18 ১৮ আশা থাকোতে নিজৰ সন্তানক নিয়মানুবৰ্তিতা শিকোৱা; আৰু সন্তানক মাৰি পেলোৱাৰ কথা হৃদয়ত নাভাবিবা।
Erudi filium tuum, ne desperes: ad interfectionem autem eius ne ponas animam tuam.
19 ১৯ অতি ক্ৰোধী মানুহে দণ্ড পোৱা উচিত; যদি তুমি তেওঁক মুক্ত কৰা, তেনেহলে তুমি দ্বিতীয় বাৰৰ বাবেও কৰিব লাগিব।
Qui impatiens est, sustinebit damnum: et cum rapuerit, aliud apponet.
20 ২০ তুমি জীৱনৰ শেষ বয়সত জ্ঞানী হ’বলৈ পৰামৰ্শ শুনা, আৰু নিৰ্দেশ গ্ৰহণ কৰা।
Audi consilium, et suscipe disciplinam, ut sis sapiens in novissimis tuis.
21 ২১ মানুহৰ হৃদয়ত বহুতো আঁচনি থাকে; কিন্তু যিহোৱাৰ অভিপ্রায় থিৰে থাকিব।
Multæ cogitationes in corde viri: voluntas autem Domini permanebit.
22 ২২ আনুগত্য মানুহৰ ইচ্ছাৰে হয়, আৰু মিছলীয়াতকৈ দৰিদ্ৰ লোক ভাল।
Homo indigens misericors est: et melior est pauper quam vir mendax.
23 ২৩ যিহোৱাক তেওঁৰ পাবলগীয়া সন্মান দিয়া, আৰু সেয়ে তোমাৰ জীৱনদায়ক হ’ব, আৰু যি জনৰ সেয়া আছে, তেওঁ তৃপ্ত হৈ থাকিব; আৰু তেওঁ অনিষ্টৰ দ্বাৰাই পীড়িত নহ’ব।
Timor Domini ad vitam: et in plenitudine commorabitur, absque visitatione pessima.
24 ২৪ এলেহুৱাই পাত্ৰৰ আহাৰত হাত সুমুৱাই, এনেকি পুনৰায় মুখলৈ ঘূৰাই নিব নোৱাৰিব।
Abscondit piger manum suam sub ascella, nec ad os suum applicat eam.
25 ২৫ নিন্দকক প্ৰহাৰ কৰা, তাতে অশিক্ষিত দূৰদর্শী হ’ব; আৰু সুবিবেচকক অনুযোগ কৰা, তাতে তেওঁ জ্ঞান লাভ কৰিব।
Pestilente flagellato stultus sapientior erit: si autem corripueris sapientem, intelliget disciplinam.
26 ২৬ যি পুত্ৰই পিতৃক লুট কৰে, আৰু মাতৃক খেদি দিয়ে, তেওঁ এনে পুত্র যি জনে লাজ আৰু অপমান আনে।
Qui affligit patrem, et fugat matrem, ignominiosus est et infelix.
27 ২৭ হে মোৰ পুত্র, যদি তুমি উপদেশ শুনিবলৈ এৰি দিয়া, তুমি জ্ঞানৰ বাক্যৰ পৰা ভ্রান্ত হবা।
Non cesses fili audire doctrinam, nec ignores sermones scientiæ.
28 ২৮ দুৰ্নীতিগ্রস্ত সাক্ষীয়ে ন্যায় বিচাৰৰ নিন্দা কৰে, আৰু দুষ্টসকলৰ মুখে অপৰাধ গ্ৰাস কৰে।
Testis iniquus deridet iudicium: et os impiorum devorat iniquitatem.
29 ২৯ নিন্দকসকলৰ বাবে দণ্ড যুগুত আছে, আৰু অজ্ঞানী সকলৰ পিঠিৰ বাবে সাঁচ বহা কোব যুগুত আছে।
Parata sunt derisoribus iudicia: et mallei percutientes stultorum corporibus.