< প্রবচন 18 >

1 যি জনে নিজকে পৃথকে ৰাখে, তেওঁ কেৱল নিজৰ আকাংক্ষা সিদ্ধিৰ চেষ্টা কৰে, আৰু সকলো সুপৰামৰ্শৰ বিৰুদ্ধে যুঁজ কৰে।
לתאוה יבקש נפרד בכל-תושיה יתגלע
2 অজ্ঞানী লোকে বিবেচনাত সন্তোষ নাপায়, কিন্তু কেৱল নিজৰ হৃদয়ত থকা কথা প্ৰকাশ কৰে।
לא-יחפץ כסיל בתבונה כי אם-בהתגלות לבו
3 যেতিয়া দুষ্ট লোক আহে, তেওঁৰ লগত অপমানো আহে; আৰু অপমানৰ লগত নিন্দাও আহে।
בבוא-רשע בא גם-בוז ועם-קלון חרפה
4 মানুহৰ মুখৰ কথা গভীৰ জলৰ দৰে; প্রজ্ঞাৰ ভুমুক বৈ থকা জুৰিৰ নিচিনা।
מים עמקים דברי פי-איש נחל נבע מקור חכמה
5 দুষ্ট লোকলৈ পক্ষপাত হোৱা ভাল নহয়, আৰু ন্যায় কৰা সকলৰ বিচাৰ অগ্রাহ্য কৰা ভাল নহয়।
שאת פני-רשע לא-טוב-- להטות צדיק במשפט
6 অজ্ঞানী লোকৰ ওঁঠে তেওঁৰ লগত বিবাদ আনে, আৰু তেওঁৰ মুখৰ কথাই তেওঁক মাৰ খোৱাই।
שפתי כסיל יבאו בריב ופיו למהלמות יקרא
7 অজ্ঞানী লোকৰ মুখে তেওঁৰ ধ্বংস আনে, আৰু তেওঁৰ ওঁঠে তেওঁক ফান্দত পেলাই।
פי-כסיל מחתה-לו ושפתיו מוקש נפשו
8 পৰচৰ্চ্চাকাৰীৰ কথা সুস্বাদু আহাৰৰ দৰে; সেয়ে শৰীৰৰ ভিতৰৰ অংশলৈকে সোমায় যায়।
דברי נרגן כמתלהמים והם ירדו חדרי-בטן
9 আৰু যি জনে নিজৰ কাৰ্যত অৱহেলা কৰে, তেওঁ ধ্বংসকাৰীৰ ভায়েকৰ দৰে।
גם מתרפה במלאכתו-- אח הוא לבעל משחית
10 ১০ যিহোৱাৰ নাম দৃঢ় দুৰ্গ স্বৰূপ; সৎ কাৰ্য কৰা লোকে পলাই গৈ সেই দুৰ্গত ৰক্ষা পায়।
מגדל-עז שם יהוה בו-ירוץ צדיק ונשגב
11 ১১ ধনৱানৰ ধন-সম্পত্তিয়েই তেওঁৰ দৃঢ় নগৰ; আৰু তেওঁৰ কল্পনাত সেইবোৰ ওখ দেৱালৰ দৰে।
הון עשיר קרית עזו וכחומה נשגבה במשכתו
12 ১২ পতনৰ পূৰ্বে মানুহৰ হৃদয় অহংকাৰী হয়, কিন্তু নম্ৰতা সন্মানৰ আগে আহে।
לפני-שבר יגבה לב-איש ולפני כבוד ענוה
13 ১৩ যি জনে নুশুনাৰ পূৰ্বেই উত্তৰ দিয়ে, সেয়ে তেওঁৰ অজ্ঞানতা আৰু অপমান।
משיב דבר בטרם ישמע-- אולת היא-לו וכלמה
14 ১৪ মানুহৰ আত্মাই অসুস্থতাতো জীয়াই ৰাখিব; কিন্তু ভগ্ন আত্মাক কোনে সহিব পাৰে?
רוח-איש יכלכל מחלהו ורוח נכאה מי ישאנה
15 ১৫ বুধিয়কৰ হৃদয়ে জ্ঞান অৰ্জন কৰে, আৰু জ্ঞানী লোকে শুনাৰ দ্বাৰাই জ্ঞান বিচাৰি পায়।
לב נבון יקנה-דעת ואזן חכמים תבקש-דעת
16 ১৬ মানুহৰ উপহাৰে হয়তো পথ মুকলি কৰিব পাৰে, আৰু গণ্যমান্য লোকৰ আগলৈ তেওঁক লৈ যায়।
מתן אדם ירחיב לו ולפני גדלים ינחנו
17 ১৭ যেতিয়ালৈকে বিপক্ষ জন আহি তেওঁক প্রশ্ন নকৰে; তেতিয়ালৈকে গোচৰত প্ৰথমে উপস্থিত হোৱা জন নিৰ্দোষী যেন বোধ হয়;
צדיק הראשון בריבו יבא- (ובא-) רעהו וחקרו
18 ১৮ চিঠি-খেলে বিবাদ সমাপ্ত কৰে, আৰু পৰাক্রমী বিপক্ষ সকলক পৃথকে ৰাখে।
מדינים ישבית הגורל ובין עצומים יפריד
19 ১৯ দৃঢ় নগৰ জয় কৰাতকৈ ক্ষুদ্ধ ভায়েকক জয় কৰা টান; আৰু বিবাদ দূৰ্গত লগোৱা মাৰিৰ দৰে।
אח--נפשע מקרית-עז ומדונים (ומדינים) כבריח ארמון
20 ২০ নিজৰ মুখৰ ফলেৰে পেট পৰিপূৰ্ণ হয়; আৰু তেওঁৰ ওঁঠৰ শস্যৰে তেওঁ সন্তুষ্ট হয়।
מפרי פי-איש תשבע בטנו תבואת שפתיו ישבע
21 ২১ জিভাৰ শক্তিত মৃত্যু আৰু জীৱন থাকে; আৰু যিসকলে তাক ভাল পায়, তেওঁলোকে তাৰ ফল ভোগ কৰিব।
מות וחיים ביד-לשון ואהביה יאכל פריה
22 ২২ যি জনে ভাৰ্যা পায়, তেওঁ পৰম বস্তু পায়, আৰু যিহোৱাৰ পৰা অনুগ্ৰহ লাভ কৰে।
מצא אשה מצא טוב ויפק רצון מיהוה
23 ২৩ দৰিদ্ৰ লোকে কৃপাৰ বাবে বিনয় কৰে; কিন্তু ধনৱান লোকে কঠুৱা উত্তৰ দিয়ে।
תחנונים ידבר-רש ועשיר יענה עזות
24 ২৪ যি জনে অনেক লোকৰ সৈতে বন্ধুত্ব কৰে, তেওঁ নিজৰ সৰ্ব্বনাশলৈহে তাকে কৰে; কিন্তু এনে বন্ধু থাকে যি ভায়েকতকৈ আপোন হয়।
איש רעים להתרעע ויש אהב דבק מאח

< প্রবচন 18 >