< প্রবচন 18 >
1 ১ যি জনে নিজকে পৃথকে ৰাখে, তেওঁ কেৱল নিজৰ আকাংক্ষা সিদ্ধিৰ চেষ্টা কৰে, আৰু সকলো সুপৰামৰ্শৰ বিৰুদ্ধে যুঁজ কৰে।
Særlingen søger et påskud, med vold og magt vil han strid.
2 ২ অজ্ঞানী লোকে বিবেচনাত সন্তোষ নাপায়, কিন্তু কেৱল নিজৰ হৃদয়ত থকা কথা প্ৰকাশ কৰে।
Tåben ynder ej Indsigt, men kun, at hans Tanker kommer for Lyset.
3 ৩ যেতিয়া দুষ্ট লোক আহে, তেওঁৰ লগত অপমানো আহে; আৰু অপমানৰ লগত নিন্দাও আহে।
Hvor Gudløshed kommer, kommer og Spot, Skam og Skændsel følges.
4 ৪ মানুহৰ মুখৰ কথা গভীৰ জলৰ দৰে; প্রজ্ঞাৰ ভুমুক বৈ থকা জুৰিৰ নিচিনা।
Ord i Mands Mund er dybe Vande, en rindende Bæk, en Visdomskilde.
5 ৫ দুষ্ট লোকলৈ পক্ষপাত হোৱা ভাল নহয়, আৰু ন্যায় কৰা সকলৰ বিচাৰ অগ্রাহ্য কৰা ভাল নহয়।
Det er ilde at give en skyldig Medhold, så man afviser skyldfris Sag i Retten.
6 ৬ অজ্ঞানী লোকৰ ওঁঠে তেওঁৰ লগত বিবাদ আনে, আৰু তেওঁৰ মুখৰ কথাই তেওঁক মাৰ খোৱাই।
Tåbens Læber fører til Trætte, hans Mund råber højt efter Hug,
7 ৭ অজ্ঞানী লোকৰ মুখে তেওঁৰ ধ্বংস আনে, আৰু তেওঁৰ ওঁঠে তেওঁক ফান্দত পেলাই।
Tåbens Mund er hans Våde, hans Læber en Snare for hans Liv.
8 ৮ পৰচৰ্চ্চাকাৰীৰ কথা সুস্বাদু আহাৰৰ দৰে; সেয়ে শৰীৰৰ ভিতৰৰ অংশলৈকে সোমায় যায়।
Bagtalerens Ord er som Lækkerbidskener, de synker dybt i Bugen.
9 ৯ আৰু যি জনে নিজৰ কাৰ্যত অৱহেলা কৰে, তেওঁ ধ্বংসকাৰীৰ ভায়েকৰ দৰে।
Den, der er efterladen i Gerning, er også Broder til Ødeland.
10 ১০ যিহোৱাৰ নাম দৃঢ় দুৰ্গ স্বৰূপ; সৎ কাৰ্য কৰা লোকে পলাই গৈ সেই দুৰ্গত ৰক্ষা পায়।
HERRENs Navn er et stærkt Tårn, den retfærdige løber derhen og bjærges.
11 ১১ ধনৱানৰ ধন-সম্পত্তিয়েই তেওঁৰ দৃঢ় নগৰ; আৰু তেওঁৰ কল্পনাত সেইবোৰ ওখ দেৱালৰ দৰে।
Den riges Gods er hans faste Stad, og tykkes ham en knejsende Mur.
12 ১২ পতনৰ পূৰ্বে মানুহৰ হৃদয় অহংকাৰী হয়, কিন্তু নম্ৰতা সন্মানৰ আগে আহে।
Mands Hovmod går forud for Fald, Ydmyghed forud for Ære.
13 ১৩ যি জনে নুশুনাৰ পূৰ্বেই উত্তৰ দিয়ে, সেয়ে তেওঁৰ অজ্ঞানতা আৰু অপমান।
Om nogen svarer, førend han hører, regnes det ham til Dårskab og Skændsel.
14 ১৪ মানুহৰ আত্মাই অসুস্থতাতো জীয়াই ৰাখিব; কিন্তু ভগ্ন আত্মাক কোনে সহিব পাৰে?
Mands Mod udholder Sygdom, men hvo kan bære en sønderbrudt Ånd?
15 ১৫ বুধিয়কৰ হৃদয়ে জ্ঞান অৰ্জন কৰে, আৰু জ্ঞানী লোকে শুনাৰ দ্বাৰাই জ্ঞান বিচাৰি পায়।
Den forstandiges Hjerte vinder sig Kundskab, de vises Øre attrår Kundskab.
16 ১৬ মানুহৰ উপহাৰে হয়তো পথ মুকলি কৰিব পাৰে, আৰু গণ্যমান্য লোকৰ আগলৈ তেওঁক লৈ যায়।
Gaver åbner et Menneske Vej og fører ham hen til de store.
17 ১৭ যেতিয়ালৈকে বিপক্ষ জন আহি তেওঁক প্রশ্ন নকৰে; তেতিয়ালৈকে গোচৰত প্ৰথমে উপস্থিত হোৱা জন নিৰ্দোষী যেন বোধ হয়;
Den, der taler først i en Trætte har Ret, til den anden kommer og går ham efter.
18 ১৮ চিঠি-খেলে বিবাদ সমাপ্ত কৰে, আৰু পৰাক্রমী বিপক্ষ সকলক পৃথকে ৰাখে।
Loddet gør Ende på Trætter og skiller de stærkeste ad.
19 ১৯ দৃঢ় নগৰ জয় কৰাতকৈ ক্ষুদ্ধ ভায়েকক জয় কৰা টান; আৰু বিবাদ দূৰ্গত লগোৱা মাৰিৰ দৰে।
Krænket Broder er som en Fæstning, Trætter som Portslå for Borg.
20 ২০ নিজৰ মুখৰ ফলেৰে পেট পৰিপূৰ্ণ হয়; আৰু তেওঁৰ ওঁঠৰ শস্যৰে তেওঁ সন্তুষ্ট হয়।
Mands Bug mættes af Mundens Frugt, han mættes af Læbernes Grøde.
21 ২১ জিভাৰ শক্তিত মৃত্যু আৰু জীৱন থাকে; আৰু যিসকলে তাক ভাল পায়, তেওঁলোকে তাৰ ফল ভোগ কৰিব।
Død og Liv er i Tungens Vold, hvo der tøjler den, nyder dens Frugt.
22 ২২ যি জনে ভাৰ্যা পায়, তেওঁ পৰম বস্তু পায়, আৰু যিহোৱাৰ পৰা অনুগ্ৰহ লাভ কৰে।
Fandt man en Hustru, fandt man Lykken og modtog Nåde fra HERREN.
23 ২৩ দৰিদ্ৰ লোকে কৃপাৰ বাবে বিনয় কৰে; কিন্তু ধনৱান লোকে কঠুৱা উত্তৰ দিয়ে।
Fattigmand beder og trygler, Rigmand svarer med hårde Ord.
24 ২৪ যি জনে অনেক লোকৰ সৈতে বন্ধুত্ব কৰে, তেওঁ নিজৰ সৰ্ব্বনাশলৈহে তাকে কৰে; কিন্তু এনে বন্ধু থাকে যি ভায়েকতকৈ আপোন হয়।
Med mange Fæller kan Mand gå til Grunde, men Ven kan overgå Broder i Troskab.