< প্রবচন 16 >

1 মনৰ কল্পনা মানুহৰ; কিন্তু জিভাৰ উত্তৰ যিহোৱাৰ পৰা আহে।
Заміри серця належать люди́ні, та від Господа — відповідь язика.
2 মানুহৰ সকলো পথ নিজৰ দৃষ্টিত শুদ্ধ; কিন্তু যিহোৱাই আত্মাবোৰ পৰীক্ষা কৰে।
Всі дороги люди́ни чисті в очах її, та зважує душі Господь.
3 তোমাৰ কাৰ্যৰ ভাৰ যিহোৱাত সমৰ্পণ কৰা; তাতে তোমাৰ অভিপ্ৰায় সিদ্ধ হ’ব।
Поклади свої чи́ни на Господа, і будуть поста́влені міцно думки́ твої.
4 যিহোৱাই সেই উদ্দেশ্যে সকলোকে সৃষ্টি কৰিলে; এনে কি, তেওঁ দুষ্টলোককো দুৰ্দ্দশা-দিনৰ বাবে সৃষ্টি কৰিলে।
Все Господь учинив ради ці́лей Своїх, — і безбожного на днину зла.
5 অহংকাৰী হৃদয়ৰ প্ৰত্যেক লোকক যিহোৱাই ঘিণ কৰে; যদিও তেওঁলোকে হাতত ধৰাধৰিকৈ থাকে, তথাপিও তেওঁলোকে দণ্ড নোপোৱাকৈ নাথাকিব।
Оги́да для Господа всякий бундю́чний, — ручу́ся: не буде такий без вини!
6 বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য চুক্তিৰ দ্বাৰাই অপৰাধৰ প্ৰায়শ্চিত্ত হয়, আৰু যিহোৱালৈ ৰখা ভয়ৰ দ্বাৰাই মানুহ বেয়াৰ পৰা আঁতৰি আহে।
Провина вику́плюється через милість та правду, і страх Господній відво́дить від злого.
7 যেতিয়া কোনো লোকৰ আচৰণে যিহোৱাক সন্তুষ্ট কৰে, তেতিয়া তেওঁ সেই জনৰ শত্রুসকলকো তেওঁৰ লগত শান্তিত থাকিব দিয়ে।
Як дороги люди́ни Господь уподо́бає, то й її ворогів Він зами́рює з нею.
8 অন্যায়েৰে সৈতে অধিক আয়তকৈ ন্যায়েৰে সৈতে অলপেই ভাল।
Ліпше мале справедливе, аніж великі прибу́тки з безпра́в'я.
9 মানুহে হৃদয়ত নিজৰ পথৰ বিষয়ে পৰিকল্পনা কৰে; কিন্তু যিহোৱাই তেওঁৰ ভৰিৰ খোজ নিৰূপণ কৰে।
Розум люди́ни обдумує путь її, але кроки її наставля́є Госпо́дь.
10 ১০ ৰজাৰ ওঁঠত ঈশ্বৰীয় বাক্য থাকে; বিচাৰত তেওঁৰ মুখে অন্যায়ৰ কথা নকয়।
Виріша́льне слово в царя на губа́х, тому в су́ді уста́ його не спроневі́ряться.
11 ১১ সঠিক তুলাচনী যিহোৱাৰ পৰা আহে; আৰু মোনাত থকা সকলোবোৰ দগা তেওঁৰেই সৃষ্টি।
Вага й ша́льки правдиві — від Господа, все каміння ваго́ве в торби́нці — то ді́ло Його.
12 ১২ যেতিয়া ৰজাই বেয়া কৰ্ম কৰে, তেতিয়া কিছুমান অবজ্ঞা কৰিবলগীয়া বিষয় হয়, কাৰণ তেওঁৰ সিংহাসন সৎ কাৰ্য কৰাৰ দ্বাৰাই স্থাপন কৰা হৈছে।
Чинити безбожне — оги́да царям, бо трон змі́цнюється справедливістю.
13 ১৩ ন্যায় কথা কোৱা ওঁঠে ৰজাক আনন্দিত কৰে; আৰু তেওঁ পোনপটীয়াকৈ কথা কোৱা লোকক ভাল পায়।
Уподо́ба царя́м — губи пра́ведности, і він любить того, хто правдиве говорить.
14 ১৪ ৰজাৰ ক্ৰোধ মৃত্যুৰ বাৰ্ত্তাবাহক স্বৰূপ; কিন্তু জ্ঞানী লোকে তেওঁৰ ক্রোধ শান্ত কৰিবলৈ চেষ্টা কৰে।
Гнів царя — вісник смерти, та мудра люди́на злагі́днить його́.
15 ১৫ ৰজাৰ মুখমণ্ডলৰ উজ্জলতা জীৱন স্বৰূপ, আৰু তেওঁৰ অনুগ্ৰহ বসন্ত কালৰ বৰষুণৰ মেঘৰ দৰে।
У світлі царсько́го обличчя — життя, а його уподо́ба — мов хмара доще́ва весною.
16 ১৬ সোণতকৈ প্রজ্ঞা লাভ কৰা কেনে উত্তম! আৰু সুবিবেচনা নিৰ্বাচন কৰা ৰূপতকৈ কেনে উত্তম।
Набува́ння премудрости — як же це ліпше від золота, набува́ння ж розуму — добірні́ше від срі́бла!
17 ১৭ ন্যায়পৰায়ণ লোকৰ ৰাজপথ পাপৰ পৰা আঁতৰি থাকে; যি জনে নিজৰ জীৱন সুৰক্ষিত কৰে, তেওঁ নিজৰ পথৰ তত্বাৱধান কৰে।
Путь справедливих — ухиля́тись від зла; хто дорогу свою береже, той душу свою охоро́нює.
18 ১৮ বিনাশৰ আগত অহংকাৰ আহে, আৰু পতনৰ পূৰ্বতে মনৰ গৰ্ব্ব হয়।
Перед загибіллю гордість буває, а перед упа́дком — бундю́чність.
19 ১৯ অহংকাৰী সকলৰ সৈতে লুটদ্ৰব্য ভাগ কৰি লোৱাতকৈ, দৰিদ্ৰ সকলৰ সৈতে নম্ৰ হোৱাই ভাল।
Ліпше бути покі́рливим із ла́гідними, ніж здо́бич ділити з бундю́чними.
20 ২০ যিসকলে শিক্ষা লাভ কৰি অনুশীলন কৰে, তেওঁলোকে মঙ্গল বিচাৰি পায়; আৰু যি সকলে যিহোৱাত নির্ভৰ কৰে, তেওঁলোক সুখী হয়।
Хто вважає на слово, той зна́йде добро, хто ж надію складає на Господа — буде блаженний.
21 ২১ যিজন হৃদয়েৰে জ্ঞানী, তেওঁক সুবিবেচক বুলি কোৱা হয়, আৰু মৃদু কথাই শিক্ষা দিয়া সক্ষমতা বৃদ্ধি কৰে।
Мудросердого кличуть „розумний“, а со́лодощ уст прибавляє науки.
22 ২২ বিবেচক লোকৰ বাবে সুবিবেচনা জীৱনৰ ভুমুকস্বৰূপ; কিন্তু অজ্ঞানী সকলৰ শাস্তি তেওঁলোকৰ অজ্ঞানতা।
Розум — джерело життя власнико́ві його, а карта́ння безумних — глупо́та.
23 ২৩ জ্ঞানী লোকৰ হৃদয়ে তেওঁৰ মুখেৰে জ্ঞান প্রকাশ কৰে; আৰু তেওঁৰ ওঁঠত বিশ্বাসৰ কথা থাকে।
Серце мудрого чинить розумними уста його, і на уста його прибавляє навча́ння.
24 ২৪ সন্তোষজনক বাক্য মৌচাকৰ দৰে; সেয়ে আত্মালৈ মিঠা, আৰু হাড়বোৰলৈ আৰোগ্য স্বৰূপ।
Приємні слова́ — щільнико́вий то мед, солодкий душі й лік на кості.
25 ২৫ এনে পথ আছে, যি মানুহৰ দৃষ্টিত শুদ্ধ; কিন্তু শেষতে সেয়ে মৃত্যুৰ পথ হয়।
Буває, дорога люди́ні здається просто́ю, та кінець її — стежка до смерти.
26 ২৬ পৰিশ্ৰমী লোকৰ ক্ষুধাই তেওঁক পৰিশ্ৰম কৰায়; তেওঁৰ ক্ষুধাই তেওঁক উদগায়।
Люди́на трудя́ща працює для себе, бо до того примушує рот її.
27 ২৭ নিষ্কৰ্মা লোকে দুষ্কর্ম খান্দি উলিয়াই, আৰু তেওঁৰ কথা জলন্ত আঙঠাৰ দৰে।
Нікчемна люди́на копає лихе, а на у́стах її — як палю́чий огонь.
28 ২৮ উচ্ছৃঙ্খল লোকে বিবাদ সৃষ্টি কৰে; পৰচৰ্চ্চাকাৰীয়ে প্ৰণয়ৰ বন্ধুৰ বিচ্ছেদ জন্মায়।
Лукава людина сварки́ розсіває, а обмо́вник розді́лює дру́зів.
29 ২৯ অত্যাচাৰী লোকে নিজৰ চুবুৰীয়াক মিছা কথা কয়; আৰু যি পথ বেয়া, সেই পথলৈ তেওঁক লৈ যায়।
Насильник підмо́влює друга свого, і провадить його по недобрій дорозі.
30 ৩০ যিজনে চকু টিপিয়াই, তেওঁ অসৎ বিষয়ৰ পৰিকল্পনা কৰে। যিসকলে ওঁঠ কামোৰে তেওঁলোকে পাপ কাৰ্য হ’বলৈ দিয়ে।
Хто прижму́рює очі свої, той круті́йства виду́мує, хто губами знаки подає, той виконує зло.
31 ৩১ পকা চুলি গৌৰৱৰ মুকুট। সৎ পথত চলাৰ দ্বাৰাই ইয়াক পোৱা যায়।
Сиви́зна — то пишна корона, знахо́дять її на дорозі праведности.
32 ৩২ ক্ৰোধত ধীৰ লোক বীৰতকৈ উত্তম; আৰু নিজৰ মনক দমন কৰা লোক নগৰ জয়কাৰীতকৈয়ো শ্ৰেষ্ঠ।
Ліпший від силача́, хто не скорий до гніву, хто ж панує над собою самим, ліпший від завойо́вника міста.
33 ৩৩ চিঠি-খেলৰ গুটি কোঁচত পৰে, কিন্তু সিদ্ধান্ত যিহোৱাৰ পৰা হয়।
За пазуху жереб вкладається, та ввесь його ви́рок — від Господа.

< প্রবচন 16 >