< প্রবচন 15 >
1 ১ মৃদু উত্তৰে ক্ৰোধ ক্ষান্ত কৰে; কিন্তু কঠোৰ কথাই খং তোলে।
Mulayim jawab ghezepni basar; Qopal söz achchiqni qozghar.
2 ২ জ্ঞানীলোকৰ জিভাই জ্ঞানৰ প্ৰশংসা কৰে; কিন্তু অজ্ঞানীৰ মুখে অজ্ঞানতাৰ কথা কয়।
Aqilanilerning tili bilimni jari qilar; Exmeqning aghzi quruq gep töker.
3 ৩ যিহোৱাৰ দৃষ্টি সকলো ঠাইতে থাকে, ভাল আৰু বেয়াৰ ওপৰত তেওঁৰ দৃষ্টি থাকে।
Perwerdigarning közi her yerde yürer; Yaxshi-yamanlarni körüp turar.
4 ৪ সুস্থ জিভা জীৱন বৃক্ষস্বৰূপ; কিন্তু প্রতাৰণাপূৰ্ণ জিভাই আত্মাক গুৰি কৰে।
Shipa yetküzgüchi til xuddi bir «hayatliq derixi»dur; Tili egrilik kishining rohini sundurar.
5 ৫ অজ্ঞানী লোকে নিজৰ পিতৃৰ নিয়মানুৱৰ্তিতা অৱজ্ঞা কৰে; কিন্তু যি জনে শুধৰণিৰ পৰা শিক্ষা লয়, তেওঁ দূৰদৰ্শী।
Exmeq atisining terbiyisige pisent qilmas; Lékin atisining tenbihige qulaq salghan zérek bolar.
6 ৬ যি সকলে সত্যতাত চলে, তেওঁলোকৰ ভঁৰাল বৃহৎ হয়; কিন্তু দুষ্ট সকলৰ উপাৰ্জনে তেওঁলোকক সমস্যাত পেলায়।
Heqqaniyning öyide göherler köptur; Biraq yamanning tapawiti özige awarichilik tapar.
7 ৭ জ্ঞানী লোকৰ ওঁঠে জ্ঞানৰ বিষয়ে কয়, কিন্তু অজ্ঞানী লোকৰ হৃদয়ে সেইদৰে নকৰে।
Dananing lewliri bilim tarqitar; Exmeqning könglidin héch bilim chiqmas.
8 ৮ দুষ্ট সকলৰ বলিদান যিহোৱাই ঘিণ কৰে; কিন্তু ন্যায়পৰায়ণ লোকৰ প্ৰাৰ্থনাত তেওঁ আনন্দিত হয়।
Yamanlarning qurbanliqi Perwerdigargha yirginchliktur; Duruslarning duasi Uning xursenlikidur.
9 ৯ দুষ্ট লোকৰ পথ যিহোৱাই ঘিণ কৰে; কিন্তু সত্যতাক অনুসৰণ কৰা জনক তেওঁ প্ৰেম কৰে।
Yamanlarning yoli Perwerdigargha yirginchliktur; Lékin heqqaniyetni intilip izdigüchini U yaxshi körer.
10 ১০ যিজনে সৎ পথ ত্যাগ কৰে, তেওঁলৈ কঠিন শাস্তি থাকে; আৰু যিজনে অনুযোগ ঘিণ কৰে তেওঁৰ মৃত্যু হ’ব।
Toghra yoldin chiqqanlar azabliq terbiyini körer; Tenbihge öch bolghuchi öler.
11 ১১ চিয়োল আৰু বিনাশ যিহোৱাৰ দৃষ্টিত লুকাই থকা নাই; তেনেহ’লে কিমান অধিক পৰিমাণে মনুষ্য সন্তান সকলৰ হৃদয় তেওঁৰ দৃষ্টিত থাকে। (Sheol )
Tehtisara we halaket Perwerdigarning köz aldida ochuq turghan yerde, Insan könglidiki oy-pikirni qandaqmu Uningdin yoshuralisun?! (Sheol )
12 ১২ নিন্দক লোকে অনুযোগত বিৰক্তি পায়; তেওঁ জ্ঞানী লোকৰ ওচৰলৈ নাযায়।
Hakawur tenbih bergüchini yaqturmas; U aqilanilerdin nesihet élishqa barmas.
13 ১৩ আনন্দিত হৃদয়ে মুখমণ্ডলক প্ৰফুল্লিত কৰে; কিন্তু মানসিক যন্ত্রণাই আত্মা ভাঙি দিয়ে।
Köngül shad bolsa, xush chiray bolar; Derd-elem tartsa, rohi sunar.
14 ১৪ সুবিবেচকৰ হৃদয়ে জ্ঞান বিচাৰ কৰে; কিন্তু অজ্ঞানী লোকৰ মুখে অজ্ঞানতা গ্রহণ কৰে।
Yorutulghan köngül bilimni izder; Eqilsizning aghzi nadanliqni ozuq qilar.
15 ১৫ নিৰ্যাতিত লোকৰ সকলো দিন কষ্টদায়ক; কিন্তু প্ৰফুল্লিত হৃদয়ৰ ভোজ চিৰস্থায়ী।
Ézilgenlerning hemme künliri teste öter; Biraq shad köngül herkünini héyttek ötküzer.
16 ১৬ বিভ্রান্তিৰ সৈতে বৃহৎ ভঁৰালতকৈ যিহোৱালৈ ভয় কৰি ৰখা অলপেই ভাল।
Zor bayliq bilen biaramliq tapqandin, Azgha shükür qilip, Perwerdigardin eymen’gen ewzel.
17 ১৭ হিংসাৰ সৈতে স্বাস্থ্যৱান গৰুতকৈ প্রেমেৰে সৈতে শাক-পাচলি ভোজন কৰাই ভাল।
Nepret ichide yégen bordaq göshte qilin’ghan katta ziyapettin, Méhir-muhebbet ichide yégen köktat ewzel.
18 ১৮ ক্রোধি লোকে বিতৰ্কৰ সৃষ্টি কৰে; কিন্তু ক্ৰোধত ধীৰ লোকে বিবাদ ক্ষান্ত কৰে।
Térikkek kishi jédel chiqirar; Éghir-bésiq talash-tartishlarni tinchlandurar.
19 ১৯ এলেহুৱাৰ পথ কাঁইটৰ বেৰা স্বৰূপ; কিন্তু ন্যায়পৰায়ণৰ পথ ৰাজপথ স্বৰূপ।
Hurunning yoli tikenlik qashadur, Durus ademning yoli kötürülgen yoldek daghdamdur.
20 ২০ জ্ঞানৱান পুত্ৰই পিতৃক আনন্দিত কৰে; কিন্তু অজ্ঞানলোকে নিজ মাতৃক অবজ্ঞা কৰে।
Dana oghul atisini shad qilar; Eqilsiz adem anisini kemsiter.
21 ২১ জ্ঞানশূন্যজনক অজ্ঞান জনে আনন্দ দিয়ে; কিন্তু যি জন বিবেচক, তেওঁ সৰল পথত চলে।
Eqli yoq kishi exmeqliqi bilen xushtur; Yorutulghan kishi yolini toghrilap mangar.
22 ২২ পৰামৰ্শৰ অবিহনে কৰা পৰিকল্পনা ব্যৰ্থ হয়; কিন্তু বহু লোকৰ পৰামৰ্শত সেয়ে সিদ্ধ হয়।
Meslihetsiz ish qilghanda nishanlar emelge ashmas; Meslihetchi köp bolghanda muddialar emelge ashurular.
23 ২৩ মানুহে নিজৰ উপযুক্ত উত্তৰত আনন্দ পায়, আৰু উচিত সময়ত কোৱা বাক্য কেনে ভাল।
Kishige jayida bergen jawabidin xush bolar, Del waqtida qilghan söz neqeder yaxshidur!
24 ২৪ দূৰদৰ্শী লোকৰ বাবে জীৱনৰ পথ উৰ্দ্ধগামী হয়; যাতে তলত থকা চিয়োলৰ পৰা তেওঁ আতৰিব পাৰে। (Sheol )
Hayatliq yoli eqilliq kishini yuqirigha bashlayduki, Uni chongqur tehtisaradin qutquzar. (Sheol )
25 ২৫ যিহোৱাই অহঙ্কাৰীলোকৰ উত্তৰাধিকাৰী উচ্ছন্ন কৰে, কিন্তু তেওঁ বিধৱা লোকৰ সম্পত্তি সুৰক্ষিত কৰে।
Perwerdigar tekebburning öyini yuluwéter; Biraq U tul xotunlargha pasillarni turghuzar.
26 ২৬ যিহোৱাই দুষ্ট লোকৰ কল্পনা ঘিণ কৰে; কিন্তু দয়াশীলৰ বাক্যবোৰ নিৰ্মল।
Yamanlarning oy-pikri Perwerdigargha yirginchliktur; Biraq sap dilning sözliri söyümlüktur.
27 ২৭ ডকাইতে নিজৰ পৰিয়াললৈ সমস্যা আনে; কিন্তু ভেঁটি ঘিণ কৰা জন কুশলে থাকে।
Ach köz kishi öz ailisige awarichilik keltürer; Para élishqa nepretlen’gen kishi kün körer.
28 ২৮ সত্যতাত চলা জনৰ হৃদয়ে উত্তৰ দিয়াৰ পূৰ্বেই চিন্তা কৰে; কিন্তু দুষ্টলোকৰ মুখেৰে সকলো বেয়া কথা বাহিৰ হয়।
Heqqaniy adem qandaq jawab bérishte qayta-qayta oylinar; Yaman ademning aghzidin shumluq töküler.
29 ২৯ যিহোৱা দুষ্টলোকৰ পৰা দূৰত থাকে; কিন্তু সত্যতাত চলাজনৰ প্ৰাৰ্থনা শুনে।
Perwerdigar yaman ademdin yiraqtur; Biraq U heqqaniyning duasini anglar.
30 ৩০ চকুৰ প্ৰসন্নতাই হৃদয়ক আনন্দিত কৰে; আৰু শুভবাৰ্ত্তাই শৰীৰক স্বাস্থ্যৱান কৰে।
Xush közler köngülni shadlandurar; Xush xewer ustixanlargha gösh-may qondurar.
31 ৩১ যেতিয়া কোনো এজনে তোমাৰ আচৰণ শুধৰাই দিয়ে আৰু যদি তুমি মনোযোগ দিয়া, তেতিয়া তুমি জ্ঞানীসকলৰ মাজত গণ্য হবা।
Hayatliqqa élip baridighan tenbihke qulaq salghan kishi danalarning qataridin orun alar.
32 ৩২ যিজনে নিয়মানুবৰ্তিতা অগ্ৰাহ্য কৰে, তেওঁ নিজকে হেয়জ্ঞান কৰে; কিন্তু যি জনে অনুযোগ শুনে, তেওঁ সুবিবেচনা লাভ কৰে।
Terbiyeni ret qilghan öz jénini xar qilar; Tenbihge qulaq salghan yorutular.
33 ৩৩ যিহোৱালৈ ৰখা ভয়ে প্ৰজ্ঞাৰ শিক্ষা দিয়ে, আৰু নম্ৰতা সন্মানৰ আগত আহে।
Perwerdigardin qorqush ademge danaliq ögiter; Awwal kemterlik bolsa, andin shöhret kéler.