< প্রবচন 14 >

1 জ্ঞানৱতী মহিলাই নিজৰ ঘৰ নিৰ্মাণ কৰে; কিন্তু অজ্ঞানী মহিলাই নিজৰ হাতেৰে তাক ভাঙি পেলায়।
Moudrá žena vzdělává dům svůj, bláznice pak rukama svýma boří jej.
2 যি জনে সৰল পথত চলে, তেওঁ যিহোৱাক ভয় কৰে; কিন্তু যি জনে নিজৰ পথত সত্যতাৰে নচলে সেইজনে তেওঁক হেয়জ্ঞান কৰে।
Kdo chodí v upřímnosti své, bojí se Hospodina, ale převrácený v cestách svých pohrdá jím.
3 অজ্ঞানীলোকৰ মুখৰ পৰা তেওঁৰ অহঙ্কাৰৰ অঙ্কুৰ ওলাই; কিন্তু জ্ঞানীলোকৰ ওঁঠে সেইবোৰ সংৰক্ষিত কৰে।
V ústech blázna jest hůl pýchy, rtové pak moudrých ostříhají jich.
4 য’ত গৰু নাথাকে তাত দানা পাত্ৰ নিকা হৈ থাকে; কিন্তু ষাঁড় গৰুৰ বলেৰে অধিক শস্য উৎপন্ন হয়।
Když není volů, prázdné jsou jesle, ale hojná úroda jest v síle volů.
5 বিশ্বাসী সাক্ষীয়ে মিছা কথা নকয়; কিন্তু মিছা সাক্ষীয়ে মিছা কথাকেহে কয়।
Svědek věrný neklamá, ale svědek falešný mluví lež.
6 নিন্দক লোকে প্ৰজ্ঞা বিচাৰিলে তাক নাপায়; কিন্তু বুদ্ধিমানৰ পক্ষে জ্ঞান সুলভ হয়।
Hledá posměvač moudrosti, a nenalézá, rozumnému pak umění snadné jest.
7 অজ্ঞানী লোকৰ পৰা আঁতৰি থাকা; কাৰণ তেওঁৰ মুখত জ্ঞানৰ কথা বিচাৰি নাপাবা।
Odejdi od muže bláznivého, když neseznáš při něm rtů umění.
8 নিজৰ পথ বুজি পোৱাই দূৰদৰ্শীসকলৰ প্রজ্ঞা; কিন্তু অজ্ঞানীলোকৰ অজ্ঞানতাই প্ৰবঞ্চনা মাথোন।
Moudrost opatrného jest, aby rozuměl cestě své, bláznovství pak bláznů ke lsti.
9 দোষাৰ্থক বলি উৎসৰ্গ কৰোঁতে অজ্ঞানীলোকে নিন্দা কৰে; কিন্তু ন্যায়পৰায়ণ লোকৰ মাজত অনুগ্ৰহ থাকে।
Blázen přikrývá hřích, ale mezi upřímými dobrá vůle.
10 ১০ হৃদয়ে নিজৰ বেদনা নিজে বুজি পায়; কিন্তু অচিনাকী লোকে সেই আনন্দত ভাগ ল’ব নোৱাৰে।
Srdce ví o hořkosti duše své, a k veselí jeho nepřimísí se cizí.
11 ১১ দুষ্টলোকৰ ঘৰ ধ্বংস কৰা হ’ব; কিন্তু ন্যায়পৰায়ণ লোকৰ তম্বু মঙ্গলে থাকিব।
Dům bezbožných vyhlazen bude, ale stánek upřímých zkvetne.
12 ১২ কোনো কোনো পথ মানুহৰ দৃষ্টিত সৰল বোধ হয়; কিন্তু শেষত সেয়ে মৃত্যুৰ পথ।
Cesta zdá se přímá člověku, a však dokonání její jest cesta k smrti.
13 ১৩ দুখৰ সময়তো হৃদয়ে হাঁহিব পাৰে, আৰু আনন্দ শেষত দুখলৈ পৰিণত হ’ব পাৰে।
Také i v smíchu bolí srdce, a cíl veselí jest zámutek.
14 ১৪ যি জন অবিশ্বাসী, তেওঁ নিজৰ আচৰণৰ ফল ভোগ কৰিব; কিন্তু ভাল লোকে তেওঁৰ যি আছে তাকেই পাব।
Cestami svými nasytí se převrácený srdcem, ale muž dobrý štítí se jeho.
15 ১৫ যি জন শিক্ষিত নহয়, তেওঁ সকলো বিশ্বাস কৰে; কিন্তু দূৰদৰ্শী লোকে নিজৰ খোজ চিন্তা কৰে।
Hloupý věří každému slovu, ale opatrný šetří kroku svého.
16 ১৬ জ্ঞানী লোকে ভয় কৰে আৰু বেয়াৰ পৰা আঁতৰি থাকে; কিন্তু অজ্ঞান লোকে দৃঢ়তাৰে সাৱধান বাণী অৱজ্ঞা কৰে।
Moudrý bojí se a odstupuje od zlého, ale blázen dotře a smělý jest.
17 ১৭ ক্ষন্তেকতে খং উঠা লোকে অজ্ঞানীৰ দৰে কাম কৰে; আৰু যিজনে কু-কল্পনা কৰে তেওঁ ঘৃণনীয় হয়।
Náhlý se dopouští bláznovství, a muž myšlení zlých v nenávisti bývá.
18 ১৮ অশিক্ষিত লোকৰ মুৰ্খতা বংশানুক্রমে থাকে; কিন্তু দূৰদৰ্শী লোকসকল জ্ঞানেৰে পৰিপূৰ্ণ।
Dědičně vládnou hlupci bláznovstvím, ale opatrní bývají korunováni uměním.
19 ১৯ যিসকল পাপী, তেওঁলোকে সৎ লোকৰ আগত প্রণিপাত কৰে; আৰু যিসকল দুষ্ট তেওঁলোকে ধাৰ্মিকলোকৰ দুৱাৰ ডলিত প্রণিপাত কৰে।
Sklánějí se zlí před dobrými, a bezbožní u bran spravedlivého.
20 ২০ দৰিদ্ৰ লোকক তেওঁলোকৰ নিজৰ সঙ্গীয়েই ঘৃণা কৰে; কিন্তু ধনী লোকৰ অনেক বন্ধু থাকে।
Také i příteli svému v nenávisti bývá chudý, ale milovníci bohatého mnozí jsou.
21 ২১ যি জনে চুবুৰীয়াক হেয়জ্ঞান কৰে, তেওঁ পাপ কৰে; কিন্তু যি জনে দৰিদ্ৰ লোকক দয়া কৰে, তেওঁ অনন্দিত হয়।
Pohrdá bližním svým hříšník, ale kdož se slitovává nad chudými, blahoslavený jest.
22 ২২ যি সকলে বেয়া পৰিকল্পনা কৰে, তেওঁলোক জানো বিপথগামী নহয়? কিন্তু যি সকলে মঙ্গল কল্পনা কৰে, তেওঁলোক বিশ্বস্ততা আৰু বিশ্বাসযোগ্য চুক্তি গ্রহণ কৰিব।
Zajisté žeť bloudí, kteříž ukládají zlé; ale milosrdenství a pravda těm, kteříž smýšlejí dobré.
23 ২৩ সকলো কঠিন পৰিশ্ৰমৰ দ্বাৰাই লাভ হয়; কিন্তু যেতিয়া কেৱল আলোচনা হয়, তেতিয়া দৰিদ্রতালৈ আগবাঢ়ি যায়।
Všeliké práce bývá zisk, ale slovo rtů jest jen k nouzi.
24 ২৪ জ্ঞানী লোকসকলৰ সম্পত্তি তেওঁলোকৰ মুকুট; কিন্তু অজ্ঞানীৰ মূৰ্খতাই কেৱল অধিক মূৰ্খতাহে আনে।
Koruna moudrých jest bohatství jejich, bláznovství pak bláznivých bláznovstvím.
25 ২৫ সত্যবাদী সাক্ষীয়ে জীৱন ৰক্ষা কৰে; কিন্তু মিছা সাক্ষীয়ে মিছা কথা কয়।
Vysvobozuje duše svědek pravdomluvný, ale lstivý mluví lež.
26 ২৬ যিহোৱাক ভয় কৰাই দৃঢ়-বিশ্বাস, আৰু এয়ে তেওঁৰ সন্তান সকলৰ বাবে আশ্ৰয় স্থল হ’ব।
V bázni Hospodinově jestiť doufání silné, kterýž synům svým útočištěm bude.
27 ২৭ যিহোৱালৈ ভয় ৰখাই জীৱনৰ ভুমুক-স্বৰূপ, ইয়াৰে কোনো এজনে মৃত্যুৰ ফান্দৰ পৰা আঁতৰি থাকিব পাৰিব।
Bázeň Hospodinova jest pramen života, k vyhýbání se osídlům smrti.
28 ২৮ ৰজাৰ গৌৰৱ অধিক সংখ্যক প্ৰজাত বিচাৰি পোৱা যায়; কিন্তু প্ৰজা অবিহনে ৰজা ধ্বংস হয়।
Ve množství lidu jest sláva krále, ale v nedostatku lidu zahynutí vůdce.
29 ২৯ ধৈৰ্যশীল লোকৰ বিবেচনা শক্তি অধিক; কিন্তু বেগাই খং উঠা লোকে নিজৰ মুৰ্খতা প্রকাশ কৰে।
Zpozdilý k hněvu hojně má rozumu, ale náhlý pronáší bláznovství.
30 ৩০ শান্ত হৃদয় শৰীৰৰ বাবে জীৱন স্বৰূপ; কিন্তু ঈৰ্ষা হাড়ৰ ক্ষয়স্বৰূপ।
Život těla jest srdce zdravé, ale hnis v kostech jest závist.
31 ৩১ যি লোকে দৰিদ্ৰক অত্যাচাৰ কৰে, তেওঁ নিজৰ সৃষ্টিকৰ্ত্তাক শাও দিয়ে; কিন্তু যি জনে অভাৱীলোকক দয়া কৰে, তেওঁ তেওঁক সন্মান কৰে।
Kdo utiská chudého, útržku činí Učiniteli jeho; ale ctí jej, kdož se slitovává nad chudým.
32 ৩২ দুষ্ট লোক নিজৰ কু-কৰ্মৰ দ্বাৰাই পতিত হয়; কিন্তু ধাৰ্মিক লোকে মৃত্যুতো আশ্ৰয় পায়।
Pro zlost svou odstrčen bývá bezbožný, ale naději má i při smrti své spravedlivý.
33 ৩৩ প্রজ্ঞা হৃদয়ৰ সক্ষ্মদর্শীতাত প্রতিষ্ঠিত হয়; কিন্তু অজ্ঞানীলোক সকলৰ মাজতো তেওঁ নিজকে প্রকাশ কৰে।
V srdci rozumného odpočívá moudrost, co pak jest u vnitřnosti bláznů, nezatají se.
34 ৩৪ সৎ কাৰ্য কৰা দ্বাৰাই দেশৰ উন্নতি হয়; কিন্তু পাপ যি কোনো লোকৰ বাবে কলঙ্কস্বৰূপ।
Spravedlnost zvyšuje národ, ale hřích jest ku pohanění národům.
35 ৩৫ জ্ঞানেৰে কাৰ্য কৰা দাসলৈ ৰজাৰ অনুগ্ৰহ থাকে; কিন্তু লজ্জাজনক কাম কৰা দাসলৈ তেওঁৰ ক্ৰোধ জন্মে।
Laskav bývá král na služebníka rozumného, ale hněviv na toho, kterýž hanbu činí.

< প্রবচন 14 >