< প্রবচন 12 >
1 ১ যি জনে অনুশাসন ভাল পায়, তেওঁ জ্ঞানকো ভাল পায়; কিন্তু যি জনে অনুযোগ ঘিণ কৰে, তেওঁ নিৰ্বোধ।
Whoever is loving instruction, is loving knowledge, And whoever is hating reproof [is] brutish.
2 ২ শুদ্ধ লোকে যিহোৱাৰ পৰা অনুগ্ৰহ পায়; কিন্তু যিজনে দুষ্ট কৰ্মৰ পৰিকল্পনা কৰে, তেওঁক দোষাৰোপ কৰা হয়।
The good brings forth favor from YHWH, And the man of wicked schemes He condemns.
3 ৩ কোনো লোক দুষ্টতাৰ দ্বাৰাই সংস্থাপিত নহয়; কিন্তু সত্যতাত চলা জনৰ মূল লৰচৰ নহব।
A man is not established by wickedness, And the root of the righteous is not moved.
4 ৪ গুণৱতী ভাৰ্যা স্বামীৰ মুকুটৰ দৰে; কিন্তু লাজ দিওঁতা মহিলাৰ অস্থি ক্ষয়কাৰী ৰোগ যেন হয়।
A virtuous woman [is] a crown to her husband, And as rottenness in his bones [is] one causing shame.
5 ৫ সত্যতাত চলা জনৰ পৰিকল্পনা ন্যায় হয়; কিন্তু দুষ্টলোকৰ উপদেশ প্ৰতাৰণাপূৰ্ণ।
The thoughts of the righteous [are] justice, The counsels of the wicked—deceit.
6 ৬ দুষ্টলোকৰ কথাবোৰ ৰক্তপাত কৰিবলৈ খাপ দিয়াৰ দৰে হয়; কিন্তু ন্যায় কৰাসকলৰ কথাই তেওঁলোকক সুৰক্ষিত কৰে।
The words of the wicked [are]: “Lay [in] wait for blood,” And the mouth of the upright delivers them.
7 ৭ দুষ্টলোকক বিনষ্ট কৰা হয় আৰু তেওঁলোক নাইকিয়া হয়; কিন্তু যিসকল লোকে সত্যতাত চলে, তেওঁলোকৰ ঘৰ থিৰে থাকে।
Overthrow the wicked, and they are not, And the house of the righteous stands.
8 ৮ মানুহে নিজৰ প্রজ্ঞা অনুসাৰে প্ৰশংসা পায়; কিন্তু কুটিল কাৰ্য কৰা লোক ঘৃণনীয় হয়।
A man is praised according to his wisdom, And the perverted of heart becomes despised.
9 ৯ গুৰুত্বহীন পদত থকাতকৈ কেৱল দাস হোৱাই ভাল; খাবলৈ নাই কিন্তু নিজৰ গুৰুত্বকলৈ অহংকাৰ কৰে।
Better [is] the lightly esteemed who has a servant, Than the self-honored who lacks bread.
10 ১০ যিজনে সত্যতাত চলে, তেওঁ নিজৰ পশুৰ প্রয়োজনীয়তালৈ যত্ন কৰে; কিন্তু দুষ্টলোকৰ সহানুভুতি নিষ্ঠুৰতাযুক্ত।
The righteous knows the life of his beast, And the mercies of the wicked [are] cruel.
11 ১১ যিজনে নিজৰ মাটিত চহায়, তেওঁ জোৰাওকৈ আহাৰ পায়; কিন্তু যিজনে মূল্যহীন অভিপ্রায়ৰ অনুগামী হয়, তেওঁ জ্ঞানশূন্য।
Whoever is tilling the ground is satisfied [with] bread, And whoever is pursuing vanities is lacking heart,
12 ১২ দুষ্টলোকে আনৰ পৰা চুৰ কৰা বস্তুৰ প্রতি পাপীলোকে আকাংক্ষা কৰে; কিন্তু সত্যতাত চলা জনৰ ফল নিজৰ পৰাই আহে।
The wicked has desired the net of evildoers, And the root of the righteous gives.
13 ১৩ পাপী জনক তেওঁৰ কুকথাই ফান্দত পেলাই; কিন্তু সত্যতাত চলাজন সঙ্কটৰ পৰা ৰক্ষা পায়।
The snare of the wicked [is] in transgression of the lips, And the righteous goes out from distress.
14 ১৪ মানুহে নিজৰ কথাৰ ফলৰ দ্বাৰাই ভাল বিষয়ত পৰিপূৰ্ণ হয়; তেওঁ নিজৰ হাতেৰে কৰা কামৰ দ্বাৰাই পুৰস্কাৰ পায়।
One [is] satisfied [with] good from the fruit of the mouth, And the deed of man’s hands returns to him.
15 ১৫ অজ্ঞানীৰ পথ তেওঁৰ নিজৰ দৃষ্টিত শুদ্ধ; কিন্তু জ্ঞানীজনে পৰামৰ্শ শুনে।
The way of a fool [is] right in his own eyes, And whoever is listening to counsel [is] wise.
16 ১৬ অজ্ঞানীয়ে খন্তেকতে খং দেখুৱাই; কিন্তু যিজনে অপমান অবজ্ঞা কৰে, তেওঁ দূৰদৰ্শী হয়।
The fool—his anger is known in a day, And the prudent is covering shame.
17 ১৭ যিজন সত্যবাদী, তেওঁ ন্যায় কথা কয়; কিন্তু মিছা সাক্ষীয়ে মিছা কথাহে কয়।
Whoever utters faithfulness declares righteousness, And a false witness—deceit.
18 ১৮ যিজনে বিবেচনা নকৰি তৎক্ষণাত কথা কয়, তেওঁ তৰোৱালৰ আঘাতৰ দৰে; কিন্তু জ্ঞানী লোকৰ জিভাই সুস্থতা আনে।
A rash speaker is like piercings of a sword, And the tongue of the wise is healing.
19 ১৯ সত্যবাদী ওঁঠ চিৰকাললৈকে থাকে; কিন্তু মিছা কোৱা জিভা ক্ষন্তেকীয়া।
The lip of truth is established forever, And a tongue of falsehood for a moment.
20 ২০ কুকল্পনা কৰা সকলৰ মনত প্ৰতাৰণা থাকে; কিন্তু শান্তিৰ পৰামৰ্শ দিয়া সকলৰ আনন্দ হয়।
Deceit [is] in the heart of those devising evil, But for counselors of peace—joy.
21 ২১ সত্যতাত চলা জনলৈ কোনো ৰোগ নাহে; কিন্তু দুষ্টলোক সমস্যাৰে পৰিপূৰ্ণ হয়।
No iniquity is desired by the righteous, And the wicked have been full of evil.
22 ২২ মিছা কোৱা ওঁঠ যিহোৱাৰ ঘিণলগীয়া; কিন্তু সত্য আচৰণ কৰাসকলে তেওঁক আনন্দিত কৰে।
Lying lips [are] an abomination to YHWH, And steadfast doers [are] his delight.
23 ২৩ দূৰদৰ্শী লোকে জ্ঞান গুপুতে ৰাখে; কিন্তু অজ্ঞানীৰ মনে নিৰ্বুদ্ধিতা প্ৰকাশ কৰে।
A prudent man is concealing knowledge, And the heart of fools proclaims folly.
24 ২৪ পৰিশ্ৰমীসকলৰ হাতে শাসন কৰিবলৈ পাব; কিন্তু এলেহুৱা লোকক বাধ্যতাৰে পৰিশ্রম কৰিব দিয়া হ’ব।
The hand of the diligent rules, And slothfulness becomes tributary.
25 ২৫ মানুহৰ মনৰ দুচিন্তাই তেওঁৰ মূল্য কম কৰে; কিন্তু ভাল কথাই তেওঁক আনন্দিত কৰে।
Sorrow in the heart of a man bows down, And a good word makes him glad.
26 ২৬ সত্যতাত চলা জন তেওঁৰ বন্ধুৰ পথ দৰ্শক হয়; কিন্তু দুষ্টলোকৰ পথে তেওঁলোকক বিপথে নিয়ে।
The righteous searches his companion, And the way of the wicked causes them to err.
27 ২৭ এলেহুৱাই নিজে ধৰা চিকাৰ নাৰান্ধে; কিন্তু পৰিশ্ৰমী লোকে মূল্যবান সম্পত্তি লাভ কৰে।
The slothful does not roast his game, And the wealth of a diligent man is precious.
28 ২৮ যিসকলে সজ পথত চলে, তেওঁলোকে জীৱন পায়; আৰু এই পথত মৃত্যু নাই।
In the path of righteousness [is] life, And in the way of [that] path [is] no death!