< প্রবচন 11 >
1 ১ ভুল তুলাচনী যিহোৱাৰ ঘিণলগীয়া; কিন্তু সঠিক জোখ তেওঁৰ সন্তোষ জনক।
[Statera dolosa abominatio est apud Dominum, et pondus æquum voluntas ejus.
2 ২ যেতিয়া অহংকাৰ হয়, তেতিয়া অপমানো হয়; কিন্তু নম্ৰতাই প্রজ্ঞা আনে।
Ubi fuerit superbia, ibi erit et contumelia; ubi autem est humilitas, ibi et sapientia.
3 ৩ সাধুলোকৰ সততা তেওঁলোকৰ পথদৰ্শক; কিন্তু বিশ্বাস-ঘাতকসকলৰ কুটিলতাই তেওঁলোকক বিনষ্ট কৰে।
Simplicitas justorum diriget eos, et supplantatio perversorum vastabit illos.
4 ৪ ক্ৰোধৰ দিনত ধন-সম্পত্তি মূল্যহীন; কিন্তু সত্যতাই মৃত্যুৰ পৰা তোমাক উদ্ধাৰ কৰে।
Non proderunt divitiæ in die ultionis; justitia autem liberabit a morte.
5 ৫ সিদ্ধলোকৰ ধাৰ্মিকতাই তেওঁৰ পথ সমান কৰে; কিন্তু দুষ্টলোক নিজৰ দুষ্টতাৰ দ্বাৰাই পতিত হয়।
Justitia simplicis diriget viam ejus, et in impietate sua corruet impius.
6 ৬ যিজনে সিদ্ধ কাৰ্যৰ দ্বাৰাই ঈশ্বৰক আনন্দিত কৰে, তেওঁ ৰক্ষা পায়; কিন্তু নিজৰ আকাংক্ষাৰ বাবে বিশ্বাসঘাতক সকলে ফান্দত পৰে।
Justitia rectorum liberabit eos, et in insidiis suis capientur iniqui.
7 ৭ দুষ্টলোকৰ যেতিয়া মৃত্যু হয়, তেতিয়া তেওঁৰ আশাবোৰ বিলুপ্ত হৈ যায়; আৰু আশা যি তেওঁৰ শক্তি আছিল, সেই শক্তি ব্যৰ্থ হৈ যায়।
Mortuo homine impio, nulla erit ultra spes, et exspectatio sollicitorum peribit.
8 ৮ সৎ কাৰ্য কৰা জনে সঙ্কটৰ পৰা ৰক্ষা পায়; কিন্তু ইয়াৰ পৰিৱৰ্তে দুষ্টলোকলৈ সঙ্কট আহে।
Justus de angustia liberatus est, et tradetur impius pro eo.]
9 ৯ তেওঁ নিজৰ অবিশ্বাসী মুখেৰে চুবুৰীয়াক ধ্বংস কৰে; কিন্তু জ্ঞানেৰে যিজনে সৎ কাৰ্য কৰে, তেওঁ সুৰক্ষিত হয়।
[Simulator ore decipit amicum suum; justi autem liberabuntur scientia.
10 ১০ যেতিয়া সৎ কাৰ্য কৰা লোকৰ উন্নতি হয়, তেতিয়া নগৰখনে উল্লাস কৰে; কিন্তু যেতিয়া দুষ্টলোকৰ বিনাশ ঘটে, তেতিয়া আনন্দ-ধ্বনি হয়।
In bonis justorum exsultabit civitas, et in perditione impiorum erit laudatio.
11 ১১ ঈশ্বৰক সন্তুষ্ট কৰা লোকসকলৰ আশীৰ্ব্বাদৰ দ্বাৰাই নগৰৰ উন্নতি হয়; কিন্তু দুষ্টলোকৰ মুখৰ দ্বাৰাই নগৰ উচ্ছন্ন হয়।
Benedictione justorum exaltabitur civitas, et ore impiorum subvertetur.
12 ১২ বন্ধুক অবজ্ঞা কৰা লোক জ্ঞানশূন্য; কিন্তু সুবিবেচনা কৰা লোক নিমাতে থাকে।
Qui despicit amicum suum indigens corde est; vir autem prudens tacebit.
13 ১৩ পৰচৰ্চ্চা কৰা লোকে গুপুত কথা প্ৰকাশ কৰে; কিন্তু বিশ্বাসী লোকে বিষয়বোৰ গুপুতে ৰাখে।
Qui ambulat fraudulenter, revelat arcana; qui autem fidelis est animi, celat amici commissum.
14 ১৪ যি খন দেশ জ্ঞানেৰে পৰিচালিত নহয়, সেই দেশৰ পতন হয়; কিন্তু বহুত উপদেষ্টাৰ আলোচনাৰ দ্বাৰাই দেশৰ উন্নতি হয়।
Ubi non est gubernator, populus corruet; salus autem, ubi multa consilia.
15 ১৫ যিজনে অচিনাকী লোকৰ জামিন হয়, তেওঁৰ নিশ্চয় অনিষ্ট হ’ব; কিন্তু যিজনে জামিন হ’বলৈ ইচ্ছা নকৰে, তেওঁ নিৰাপদে থাকে।
Affligetur malo qui fidem facit pro extraneo; qui autem cavet laqueos securus erit.
16 ১৬ দয়ালু মহিলাই সন্মান পায়; কিন্তু নিৰ্দয় লোকে সম্পত্তিক ধৰি ৰাখে।
Mulier gratiosa inveniet gloriam, et robusti habebunt divitias.]
17 ১৭ দয়ালু লোকে নিজৰ উপকাৰ কৰে; কিন্তু নিৰ্দয় লোকে নিজৰ অনিষ্ট কৰে।
[Benefacit animæ suæ vir misericors; qui autem crudelis est, etiam propinquos abjicit.
18 ১৮ দুষ্টলোকে উপাৰ্জনৰ বাবে মিছা কথা কয়; কিন্তু যি জনে সত্যৰ গুটি সিঁচে তেওঁ প্ৰকৃত পুৰস্কাৰ পায়।
Impius facit opus instabile, seminanti autem justitiam merces fidelis.
19 ১৯ যি সাধুলোকে সৎ কাৰ্য কৰে, তেওঁ জীৱন লাভ কৰে; কিন্তু যিলোকে দুষ্টতা অনুসৰণ কৰে, তেওঁৰ মৃত্যুৰ হ’ব।
Clementia præparat vitam, et sectatio malorum mortem.
20 ২০ কুটিল মনৰ লোক যিহোৱাৰ ঘিণ লগা; কিন্তু যিসকলৰ আচৰণ সিদ্ধ, তেওঁলোকত তেওঁ আনন্দ পায়।
Abominabile Domino cor pravum, et voluntas ejus in iis qui simpliciter ambulant.
21 ২১ নিশ্চিত হোৱা যে, দুষ্ট লোকে শাস্তি নোপোৱাকৈ নাথাকিব; কিন্তু সত্যতাত চলা লোকসকলৰ বংশই উদ্ধাৰ পাব।
Manus in manu non erit innocens malus; semen autem justorum salvabitur.
22 ২২ গাহৰিৰ নাকত সোণৰ নথ যেনে, সুবিবেচনা নথকা সুন্দৰী মহিলাও তেনে।
Circulus aureus in naribus suis, mulier pulchra et fatua.
23 ২৩ সত্যতাত চলা লোকৰ আকাংক্ষাৰ ফল উত্তম; কিন্তু দুষ্টলোকে কেৱল ক্ৰোধৰ আশা কৰে।
Desiderium justorum omne bonum est; præstolatio impiorum furor.
24 ২৪ যি লোকে গুটি সিঁচে, তেওঁ অধিক সংগ্রহ কৰে; আৰু যি লোকে গুটি নিসিঁচে, তেনে লোকলৈ দৰিদ্ৰতাহে আহে।
Alii dividunt propria, et ditiores fiunt; alii rapiunt non sua, et semper in egestate sunt.
25 ২৫ দয়ালু লোকৰ উন্নতি হয়, আৰু যি লোকে আনলোকক পানী দিয়ে, তেওঁ নিজৰ বাবেও পানী পায়।
Anima quæ benedicit impinguabitur, et qui inebriat, ipse quoque inebriabitur.
26 ২৬ যি লোকে শস্য বিক্রী কৰিবলৈ অমান্তি হয়, তেওঁক লোকসকলে শাও দিয়ে; কিন্তু যি লোকে বিক্রী কৰে, তেওঁ মুৰত মুকুট স্বৰূপ আশীৰ্ব্বাদ লাভ কৰে।
Qui abscondit frumenta maledicetur in populis; benedictio autem super caput vendentium.
27 ২৭ যিলোকে আগ্রহেৰে ভাল কৰিবলৈ বিচাৰে, তেওঁ অনুগ্ৰহো বিচাৰে; কিন্তু যি জনে দুষ্টতা বিচাৰে, তেওঁ তাকে পায়।
Bene consurgit diluculo qui quærit bona; qui autem investigator malorum est, opprimetur ab eis.
28 ২৮ যিজনে নিজৰ ধন-সম্পত্তিত নির্ভৰ কৰে, তেওঁ পতিত হয়; কিন্তু সত্যতাত চলা জন পাতৰ দৰে লহপহকৈ বাঢ়ি উঠে।
Qui confidit in divitiis suis corruet: justi autem quasi virens folium germinabunt.
29 ২৯ যিজনে নিজৰ পৰিয়ালক দুখ দিয়ে, তেওঁৰ বায়ুৰূপ আধিপত্য হ’ব; আৰু অজ্ঞানী লোক বুদ্ধিমানৰ দাস হ’ব।
Qui conturbat domum suam possidebit ventos, et qui stultus est serviet sapienti.
30 ৩০ সত্যতাত চলা জন জীৱনদায়ক গছৰ দৰে, কিন্তু হিংস্রতাই জীৱন কাঢ়ি নিয়ে।
Fructus justi lignum vitæ, et qui suscipit animas sapiens est.
31 ৩১ সত্যতাত চলা জনে যদি তেওঁ পাবলগীয়া প্ৰতিফল পায়, তেনেহ’লে কিমান অধিক পৰিমাণে দুষ্টলোক আৰু পাপীয়ে পাব।
Si justus in terra recipit, quanto magis impius et peccator!]